Class 4 Chapter 4 শাক-পাচলিৰ বাগিচা | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4
শাক পাচলিৰ বাগিচা – Class 4 EVS Chapter 4
📚 All Question Answers, Summary & Chapter Details (Book: আমি আৰু আমাৰ পৰিৱেশ)
📘 Chapter Info:
- Subject: Environmental Studies (EVS)
- Class: 4
- Chapter: 4
- Chapter Name: শাক পাচলিৰ বাগিচা
- Book: আমি আৰু আমাৰ পৰিৱেশ
- Board: SEBA, Assam
- Medium: Assamese
- Content Includes: Chapter overview, summary, all question answers
Chapter Overview (পাঠ পৰিচয়)
এই পাঠটোৰ জৰিয়তে শিক্ষাৰ্থীসকলে শাক-পাচলি কেনেকৈ উৎপাদন কৰা হয়, কি কি ধৰণৰ শাক-পাচলি আমাৰ খাদ্যত ব্যৱহাৰ হয় সেইবোৰৰ বিষয়ে জানিব। লগতে বাগিচা কৰা প্ৰক্ৰিয়া আৰু পৰিৱেশৰ সৈতে তাৰ সম্পৰ্কৰ ওপৰতো পাঠটোৱে গুৰুত্ব দিয়ে।
শাক-পাচলিৰ বাগিচা
Class 4 Chapter 4 শাক-পাচলিৰ বাগিচা | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
শাক-পাচলিৰ বাগিচা
চতুৰ্থ শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। চমু উত্তৰ দিয়া –
(ক) দুবিধ কেঁচাই খোৱা পাচলিৰ নাম লিখা ।
উত্তৰঃ দুবিধ কেঁচাই খোৱা পাচলিৰনাম হ’ল- অমিতা,গাজৰ।
(খ) দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম লিখা ।
উত্তৰঃ দুবিধ বাৰিষা কালত হোৱা পাচলিৰ নাম হ’ল- কোমোৰা আৰু জিকা।
(গ) দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম লিখা ।
উত্তৰঃ দুবিধ খৰালি কালত হোৱা পাচলিৰ নাম হ’ল- ফুলকবি, বন্ধাকবি।
(ঘ) মাহজাতীয় শস্য দুবিধ নাম লিখা ।
উত্তৰ মাটি মাহ, মচুৰ মাহ।
(ঙ) তেলজাতীয় শস্য দুবিধৰ নাম লিখা ।
উত্তৰ সৰিয়হ, তিল।
(চ) ধান জাতীয় শস্য দুবিধৰ নাম লিখা ।
উত্তৰ আহু আৰু শালি।
(ছ) মছলাজাতীয় শস্য দুবিধৰ নাম লিখা ।
উত্তৰ ধনিয়া আৰু আদা।
(জ) দুবিধ খেতিৰ সঁজুলিৰ নাম লিখা।
উত্তৰ নাঙল আৰু কোৰ।
২। শুদ্ধ নে অশুদ্ধ লিখা –
(ক) খেতি কৰিবলৈ প্ৰথমতে মাটিডৰদা ভালকৈ চাহব লাগে ।
উত্তৰঃ শুদ্ধ।
(খ) ঘেঁহু অসমৰ প্ৰধান শস্য ।
উত্তৰঃ অশুদ্ধ।
(গ) সৰিয়হ এবিধ মাহজাতীয় শস্য ।
উত্তৰঃ অশুদ্ধ।
(ঘ) আজিকালি মাটি চহ কৰিবলৈ ট্ৰেক্টৰ ব্যৱহাৰ কৰা হয় ।
উত্তৰঃ শুদ্ধ।
(ঙ) খেতি-বাতি কৰি বহুলোকে জীৱিকা নিৰ্বাহ কৰে ।
উত্তৰঃ শুদ্ধ।
৩। ধান খেতি কৰিবলৈ হ’লে কি কি কৰিব লাগে ।
উত্তৰ ধান খেতি কৰিবলৈ আগতীয়াকৈ কঠিয়া পাৰিব লাগে। খেতি কৰা মাটি ডৰা ভাল দৰে চহাব লাগে। প্রয়োজনমতে সাৰ আৰু পানী যোগান ধৰিব লাগে। তাৰ পিছত কঠিয়া ৰুব লাগে। তদুপৰি কীট-পতংগৰ পৰা ৰক্ষা কৰিবলৈ খেতিডৰাত প্রয়োজন অনুসৰি কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে।
৪। কি কি উপায়েৰে খেতি পথাৰত পানী যোগান ধৰা হয়। ?
উত্তৰ: খেতি-পথাৰৰ চাৰিওফালে সৰু সৰু আলি দি বৰষুনৰ পানী ধৰি ৰখা হয়। বৰষুনৰ পানীৰ অভাৱ হ’লে বিদ্যুত বা ডিজেল চালিত পাম্পৰ সহায়ত নৈ পুখুৰী আৰু নলীনাদৰ পৰা পানী নি পথাৰত পানী যোগান ধৰা হয়।
৫।শীতল ভঁৰাল কি ? শীতল ভঁৰালত কি কি খাদ্য বস্তু ৰখা হয় ?
উত্তৰঃ সোনকালে নষ্ট হৈ নোযোৱাকৈ শাক-পাচলি, ফল-মূল আদি এক নিৰ্দিষ্ট উষ্ণতাত শীতল কৰি ৰখা হয় এনেদৰে শীতল কৰি ৰাখিব পৰা ভঁৰালেই হৈছে শীতল ভঁৰাল।
শীতল ভঁৰালত শাক – পাচলি, মাছ – মঙহ, ফল –মূল আদি খাদ্য বস্তু ৰখা হয় ।
🎯 Extra Objective (MCQs)
Q1: কোনটো শাকৰ নাম?
A. ধনিয়া ✅
B. কল
C. বেল
D. চাহ
Q2: বাগিচা কৰা সময়ত কোনটো কাম কৰা হয়?
A. ল’ৰা-ছোৱালী খেলোৱা
B. গান গোৱা
C. বীজ ৰোপণ ✅
D. গছ কাটা
Chapter Summary (সাৰাংশ)
“শাক পাচলিৰ বাগিচা” পাঠটোত শাক-পাচলি কেনেকৈ উৎপাদন কৰা হয়, মাটি কন্দা, বীজ ৰোপণ, পানী দিয়া, নিৰু কৰা আদি কামকাজৰ বিষয়ে বিশ্লেষণ কৰা হৈছে। ইয়াৰ উপৰিও শিশুসকলক স্বাস্থ্যকৰ খাদ্যৰ বাবে শাক-পাচলিৰ প্ৰয়োজনীয়তাৰ বিষয়ে শিক্ষা দিয়া হৈছে। পাঠটোৱে পৰিৱেশৰ সংগে কৃষিকাৰ্যৰ সম্পৰ্কৰ বিষয়ে প্ৰাথমিক জ্ঞান দিয়ে।
Class 4 Environment All Question Answer- Click Here
Class 4 Chapter 4 শাক-পাচলিৰ বাগিচা | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
📲 Join Our Class 4 Study Group
📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now