Class 4 Chapter 5 স্বাস্থ্য় আৰু সুৰক্ষা | আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4
স্বাস্থ্য় আৰু সুৰক্ষা
Class 4 Chapter 5 স্বাস্থ্য় আৰু সুৰক্ষা | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium
স্বাস্থ্য় আৰু সুৰক্ষা
চতুৰ্থ শ্ৰেণী
আমি আৰু আমাৰ পৰিৱেশ
১। চমু প্ৰশ্ন উত্তৰ দিয়া-
(ক) প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু ৰাখিব লাগে ?
উত্তৰঃ বিশুদ্ধ কপাহ, বেণ্ডেজ বা চাফা কাপোৰ, গ্ল ‘ভছ, থাৰ্ম’মিটাৰ, জুলীয়া এণ্টিচেপ্টিক, বীজাণুনাশক মলম, বিষ নিৰাময়ৰ বাবে ব্য়ৱহাৰ কৰা মলম আৰু এখন সৰু কেঁচী।
খ) আলিবাটত খোজ কাঢ়োঁতে কি কি নিয়ম মানিব লাগে ?
উত্তৰঃ আলিবাটত খোজ কাঢ়োঁতে সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে। আলিবাট পাৰ হওঁতে প্ৰয়োজন সাপেক্ষ আগলৈ-পাছলৈ, সোঁফালে আৰু বাওঁফালে চাই লৈ কোনো ধৰণৰ যান-বাহন নাহিলেহে পাৰ হোৱা উচিত। আলিবাটত সদায় ‘ট্ৰেফিক’ৰ সংকেত মানি চলা অতি প্ৰয়োজন।
(গ) যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়?
উত্তৰঃ যোগাসন আৰু প্ৰাণায়াম কৰিলে আমাৰ দেহ-মন ভালে থাকে। একাগ্ৰতা বৃদ্ধি কৰাত সহায় কৰে। খেলা-ধূলা, পঢ়া-শুনাত মনোযোগ বৃদ্ধি হয়।
(ঘ) খেলোঁতে কি কি সাৱধানতা লোৱা উচিত ?
উত্তৰঃ খেলোঁতে ল’বলগীয়া সাৱধানতা সমূহ হ’ল-
(ক) শিল, আইনাৰ টুকুৰা, গজাল আদি পৰি থকা ঠাইত খেলিব নালাগে।
(খ) ওখোৰা-মোখোৰা ঠাইত খেলিব নালাগে।
(গ) নদীৰ পাৰত, জুইৰ কাষত, পানী পৰি পিছল হোৱা ঠাইত আৰু বেছি হাবি-বন থকা ঠাইত খেলিব নালাগে।
(ঘ)লাঠি, দা, কটাৰী, জুই আদি হাতত লৈ খেলিব নালাগে।
(ঙ) খেলি থাকোতে ইজনে-সিজনৰ গালৈ দুখ পাব পৰা কোনো বস্তু দলিয়াব নালাগে।
(চ) খেলোঁতে অযথা ঠেলা-হেঁচা কৰিব নালাগে।
২। খালী ঠাই পূৰ কৰা –
(ক) শৰীৰত কম পৰিমান পোৱা আঘাত_______ চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি ।
উত্তৰঃ প্ৰাথমিক।
(খ) বেমাৰ – আজাৰ হ,লে আমাৰ শৰীৰটো _____ হৈ পৰে ।
উত্তৰঃ দুৰ্বল।
(গ) অকস্মাতে হোৱা দুৰ্ঘটনাই হ’ল _____দুৰ্ঘটনা।
উত্তৰঃ আকস্মিক।
(ঘ) তিতা হাতেৰে ____ আৰু___ চুব নালাগে ।
উত্তৰঃ বৈদ্য়ুতিক সৰঞ্জাম, ছুইচ।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা –
(ক) চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক / প্ৰাথমিক চিকিৎসা বোলে।
উত্তৰঃ চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক চিকিৎসা বোলে।
(খ) ওখোৰা –মোখোৰা ঠাইত খেলিব লাগে /নালাগে ।
উত্তৰঃ ওখোৰা-মোখোৰা ঠাইত খেলি নালাগে।
(গ) আলিবাটত সদায় নিজৰ বাওঁহাতে / সোহাঁতে খোজ খাঢ়িব লাগে ।
উত্তৰঃ আলিবাটত সদায় নিজৰ বাওঁহাতে খোজ কাঢ়িব লাগে।
(ঘ) জুইৰ কাষত/আঁতৰত বহিব লাগে।
উত্তৰঃ জুইৰ আঁতৰত বহিব লাগে।
৪। স্বাস্থ্য় ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে ?
উত্তৰঃ স্বাস্থ্য় ভালে ৰাখিবলৈ তলত দিয়া নিয়ম বোৰ পালন কৰিব লাগে –
- স্বাস্থ্য় ভালে ৰাখিবলৈ আমি ৰাতিপুৱা সোনকালে উঠি দৌৰিব লাগে।
- ৰাতি আৰু ৰাতিপুৱা দাঁত ভালদৰে ব্ৰাছ কৰিব লাগে।
- বিশুদ্ধ খোৱাপানী খাব লাগে।
- ভালদৰে যোগাসান কৰিব লাগে।
- ভালদৰে সেউজীয়া শাক-পাচলি খাব লাগে।
- খেলা-ধূলা কৰিব লাগে।
Class 4 Environment All Question Answer- Click Here
Class 4 Chapter 5 স্বাস্থ্য় আৰু সুৰক্ষা | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam