Assam Board Exam

আমাৰ উৎসৱ | Class 4 Chapter 8 | আমি আৰু আমাৰ পৰিৱেশ

Class 4 Chapter 8 আমাৰ উৎসৱ| আমি আৰু আমাৰ পৰিৱেশ – সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | We and Our Environment All Question Answer | SEBA Class 4

📚 পাঠৰ বিৱৰণ (Chapter Details):

  • 📖 Subject: পৰিৱেশ অধ্যয়ন (EVS)
  • 🏫 Class: চতুৰ্থ শ্ৰেণী
  • 📘 Book: আমি আৰু আমাৰ পৰিৱেশ
  • 🔢 Chapter Number:
  • 📄 Chapter Name: আমাৰ উৎসৱ

✍️ অধ্যায়টোৰ পৰিচয় (Chapter Overview):

এই পাঠটোত বিভিন্ন উৎসৱৰ বিষয়ে আলোচনা কৰা হৈছে। উৎসৱ মানে কেৱল আনন্দৰ সময় নহয়; ই এক সামাজিক, সাংস্কৃতিক আৰু ধৰ্মীয় সম্প্ৰতিৰ বাহক। শিশুসকলক উৎসৱৰ দ্বাৰা ভ্ৰাতৃত্ববোধ, সহানুভূতি আৰু একতাৰ পাঠ দিয়া হয়।

Class 4 Chapter 8 আমাৰ উৎসৱ | আমি আৰু আমাৰ পৰিৱেশ | We and Our Environment Complete Question Answer in Assamese Medium


আমাৰ উৎসৱ

চতুৰ্থ শ্ৰেণী

আমি আৰু আমাৰ পৰিৱেশ

১। চমু উত্তৰ লিখা-

(ক) শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম কি ?

উত্তৰঃ শিখ ধৰ্মাৱলম্বী লোকসকলে পালন কৰা উৎসৱটোৰ নাম হ’ল- গুৰুনানক জয়ন্তী। 


(খ) বৰদিন কোন ধৰ্মাৱলম্বী লোকে পালন কৰে ?

উত্তৰঃ বৰদিনখ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে পালন কৰে। 


(গ) অসমৰ কোনটো উৎসৱৰ লগত পোংগল উৎসৱৰ মিল আছে ?

উত্তৰঃ অসমৰ ভোগালীৰ বিহুৰ লগত পোংগল উৎসৱৰ মিল আছে। 


(ঘ) বুদ্ধ পূৰ্ণিমা কেতিয়া পালন কৰা হয় ? 

উত্তৰঃ ব’হাগ মাহৰ পৱিত্ৰ পূৰ্ণিমাৰ দিনটো বুদ্ধ পূৰ্ণিমা পালন কৰা হয়।  


(ঙ) সৰ্বভাৰতীয় ৰঙৰ উৎসৱটোৰ নাম কি ?

উত্তৰঃ সৰ্বভাৰতীয় ৰঙৰ উৎসৱটেৰ নাম হ’ল- ফাঁকুৱা বা হোলী। 


২। শুদ্ধ উত্তৰটোত ‘✔’ চিন দিয়া-

(ক) গুৰুনানক বৌদ্ধধৰ্ম / শিখ ধৰ্ম / খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক

উত্তৰঃ গুৰুনানক শিখ ধৰ্মৰ প্ৰৱৰ্তক ।

(খ) বিহু / হোলী / দেৱালী এক কৃষিভিত্তিক উৎসৱ।

উত্তৰঃ বিহু এক কৃষিভিত্তিক উৎসৱ। 

(গ) ৰঙালী বিহু / কঙালী বিহু / ভোগালী বিহুত ভেলাঘৰ সজা হয়

উত্তৰঃ ভোগালী বিহুত ভেলাঘৰ সজা হয়। 


৩। উৎসৱ বুলিলে কি বুজা লিখা

উত্তৰঃ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে বছৰটোৰ বিশেষ দিন কিছুমানত নীতি-নিয়ম মানি উলহ-মালহৰে কিছুমান কাৰ্য সম্পন্ন কৰা দেখা যায়। নীতি-নিয়মৰ মাজেৰে উলহ-মালহেৰে সম্পন্ন কৰা এনে কাৰ্যকে উৎসৱ বুলি কোৱা হয়। 


৪। আমি উৎসৱমূহ কিয় পালন কৰিব লাগে ?

উত্তৰঃ আমি উৎসৱ পালন কৰিব লাগে কাৰণ উৎসৱসমূহৰ যোগেদি আমাৰ মাজত মিলা-প্ৰীতি আৰু একতাৰ ভাৱ গঢ়ি উঠে। উৎসৱসমূহে সমাজত  চলি অহা সংস্কৃতিও ৰক্ষা কৰে।


৫। তুমি ভালপোৱা যিকোনো এটা উৎসৱৰ বিষয়ে পাচটা বাক্য় লিখা

উত্তৰঃ  মই ভালপোৱা এটা উৎসৱৰ হৈছে – বিহু

  • বিহু হৈছে আমাৰ জাতীয় উৎসৱ। 
  • জাতি, ধর্ম, ভাষা নির্বিশেষে অসমৰ সকলোবে বিহু পালন কৰে।
  • বিহুক কৃষিভিত্তিক উৎসৱ বুলি কোৱা হয়।
  • বিহু তিনিটা ব’হাগ বিহু, কাতি বিহু আৰু মাঘ বিহু। 
  • ব’হাগ বিহুক ৰঙালী বিহু বুলি কোৱা হয়। কাতি বিহুক কঙালী বিহু বুলি কোৱা হয়। মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়। 

৬। ফাঁকুৱা বা হোলী উৎসৱ কেনেদৰে পালন কৰা হয় ?

উত্তৰঃ ফাগুন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ পালন কৰা হয়। বিভিন্ন ধৰ্মাৱলম্বী লোকে এই উৎসৱত ইজনে – সিজনক ৰং লগায় আনন্দ উপভোগ কৰে। ফাঁকুৱা বা হোলী উৎসৱটো প্ৰথমতে শ্ৰীকৃষ্ণ আৰু গোপীসকলৰ উৎসৱ হিচাপে আৰম্ভ হৈছিল যদিও কালক্ৰমত সকলো ধৰ্মৰ লোকেই এই উৎসৱ পালন কৰিবলৈ লয়। এই উৎসৱক অসমত দৌল উৎসৱ বুলি কোৱা হয়।


৭। মাঘ বিহুত কি কি কৰা হয় সেই বিষয়ে পাঁচটা বাক্য় লিখা।

উত্তৰঃ

  • মাঘ বিহুত মানুহে শস্য় চপাই ভঁৰাল ঘৰ ভৰায় তোলে।
  • পথাৰৰ নৰা কাটি মুকলি ঠাইত ৰাইজে ভেলাঘৰ সাজে।
  • সেই ভেলাঘৰতে নিশা ৰাইজে মিলি-জুলি ভোজ ভাত খায়।
  • পাছদিনা ৰাইজে সাজি থোৱা মেজি জ্বলাই অগ্নিক সেৱা কৰে।
  • এই বিহুত অসমীয়া মানুহৰ ঘৰত সান্দহ, দৈ-চিৰা, নানা তৰহৰ পিঠা-পনা প্রস্তুত কৰা হয়।

৮। গৰু বিহুৰ দিনাখন গৰুক গা-ধুওৱাৰ উপৰি আৰু কি কি কৰা হয় ?

উত্তৰঃ গৰু বিহুৰ দিনাখন গৰুক মাহ-হালধি ঘঁহি ধুৱাই-পখলাই দিয়া হয়। গধূলি গৃহস্থই নতুন পঘাৰে গৰুক বান্ধে, ধূনা চাকি জ্বলায় আৰু নতুন বিচনীৰে বিচি গোহালিত গৰুক ধোঁৱা দিয়ে। এনেদৰেই সিহঁতৰ শ্ৰীবৃদ্ধি কামনা কৰা হয়।  


Class 4 Environment All Question Answer- Click Here

📝 সাৰাংশ:

“আমাৰ উৎসৱ” পাঠটোত বিভিন্ন ধৰ্মীয়, সাংস্কৃতিক, আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উৎসৱৰ কথা উল্লেখ কৰা হৈছে। এই পাঠৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে জানিব পাৰে –

  • বিহু, দিৱালী, ঈদ, বৰদিন, গণেশ পূজা, ক্ৰিছমাছ আদিৰ বিষয়ে
  • উৎসৱৰ সময়ত মানুহে কেনেকৈ আনন্দ কৰে
  • উৎসৱই কেনেকৈ সমাজত ঐক্য আৰু ভাতৃত্ব বঢ়ায়
  • আঞ্চলিক আৰু ৰাষ্ট্ৰীয় উৎসৱৰ মাজত পাৰ্থক্য

Class 4 Chapter 8 আমাৰ উৎসৱ | আমি আৰু আমাৰ পৰিৱেশ |We and Our Environment Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

📲 Join Our Class 4 Study Group

📢 Telegram Updates → Follow on Telegram
🌐 Visit: AssamBoardExam.com
📢 Youtube Channel → Watch Now

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment