আমাৰ দেশ (Amar Desh) হৈছে Class 6 Assamese Textbook উন্মেষৰ প্ৰথম অধ্যায়। ইয়াত আমি দেশৰ প্ৰকৃতি, লোকসংখ্যা, বিভিন্ন জাতি-জনগোষ্ঠী, ভাষা আৰু সংস্কৃতিৰ বিষয়ে শিকো। এই পাঠৰ সকলো প্ৰশ্ন-উত্তৰ (Question Answer) তলত দিয়া হৈছে যাতে ছাত্ৰ-ছাত্ৰীয়ে সহজে বুজি লৈ পৰীক্ষাত ভাল নম্বৰ লাভ কৰিব পাৰে।
Class 6 Assamese Chapter 1 আমাৰ দেশ Complete Question Answer in Assamese Medium
📚 অধ্যায়ৰ নাম: আমাৰ দেশ
🔹 শ্ৰেণী: Class 6
🔹 বিষয়: Assamese
🔹 পাঠ্যপুথি: উন্মেষ (UNMESH)
🔹 Board: SCERT Assam
🔹 Medium: Assamese
✍️ আমাৰ দেশ – সম্পূৰ্ণ প্ৰশ্ন-উত্তৰ | All Question Answers
আমাৰ দেশ
আমাৰ দেশ
ষষ্ঠ শ্ৰেণী
অসমীয়া
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা
কবিতাটোত আমাৰ দেশৰ ‘মূৰৰ মুকুট’ বুলি কাৰ কথা কৈছে?
(ক) লুইতৰ
(খ) দেৱভূমিৰ
(গ) হিমালয়ৰ
(ঘ) পাটকাইৰ
উত্তৰ (গ) হিমালয়ৰ
কবিয়ে আমাৰ দেশক দেৱভূমিৰ লগত কিয় তুলনা কৰিছে?
(ক) হিমালয় পর্বত আমাৰ দেশৰ শিৰত মুকুট হিচাপে থকাৰ বাবে।
(খ) আমাৰ দেশখন ধনে-ধানে, ৰূপে – ৰসে-গীতে ভৰি থকাৰ বাবে।
(গ) পুৰাণ, মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বর্ণনা কৰাৰ বাবে।
(ঘ) আমাৰ দেশখন পাহাৰ-পৰ্বত, নদ-নদী আদিৰে ভৰি থকাৰ বাবে।
উত্তৰ (গ) পুৰাণ, মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বর্ণনা কৰাৰ বাবে।
২) তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।
উত্তৰ। আমাৰ দেশক কবিয়ে দেৱভূমিৰ লগত তুলনা কৰিছে কাৰণ পুৰাণ, মহাভাৰতত আমাৰ দেশখনক দেৱভূমিৰূপে বর্ণনা কৰিছে। ইয়াৰ বাবে কবিয়ে কবিতাটোত উল্লেখ কৰিছে যে-
নানা গুণ-গান সুমধুৰ নাম
পুৰাণত ভাৰতত
দেৱভূমি বুলি আমাৰ দেশেই
জিলিকিছে জগতত।
৩। তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
(ক) কবিয়ে কোন ঠাইত অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে?
উত্তৰ কবিয়ে পাটকাই পৰ্বতক অৰুণ উদয় হয় বুলি উল্লেখ কৰিছে।
(খ) কবিয়ে অমৃতধাৰা ক’ত বৈছে বুলি কৈছে?
উত্তৰ কবিয়ে অমৃতধাৰা খাছীয়া পৰ্বতত বৈছে বুলি কৈছে।
(গ) কিহে অসমী আইৰ গাৰ জেউতি চৰায়?
উত্তৰ শুকুলা পাটৰ ৰিহা-মেখেলাই অসমী আইৰ গাৰ জেউতি চৰায়।
(ঘ) দেৱভূমি বুলি কবিয়ে কোনখন ঠাইৰ কথা কৈছে?
উত্তৰ দেৱভূমি বুলি কবিয়ে আমাৰ দেশ অসমৰ কথা কৈছে।
(ঙ) কবিয়ে অসমী আয়ে কিহৰ সাতসৰী পিন্ধা বুলি কৈছে?
উত্তৰ কবিয়ে জান – জুৰিয়ে অসমী আয়ে সাতসৰী পিন্ধা বুলি কৈছে।
৪। কবিয়ে আমাৰ দেশখনক কি কি কাৰণত স্বর্গতকৈও অধিক বুলি কৈছে-আলোচনা কৰি বহলাই লিখা।
উত্তৰ আমাৰ দেশখনৰ প্রাকৃতিক সৌন্দৰ্য অতি মনোৰম। আমাৰ দেশৰ এটা প্রান্তত আছে হিমালয় পর্বতশৃংখলা, আন ফালে আছে পাটকাই পাহাৰ লগতে বিস্তীর্ণ অৰণ্য আৰু বহু প্রকাৰৰ গছ-গছনি, সুগন্ধি ফল- ফুল । এই সকলো উপাদানে পৰিপুৰ্ণ আমাৰ দেশখন সেয়ে কবিয়ে আমৰ দেশ খনক স্বর্গতকৈও অধিক বুলি কৈছে।
৫। কবিতাফাকিৰপৰা তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ লিখা।
-“পাটকায়ে মেলে ক’লা চুলিটাৰি
অৰুণ উদয় তাত-
লুইতে পখালি চৰণ দুখনি
দিয়ে ৰিহাখনি গাত।”
(ক) ‘ক’লা চুলিটাৰি’ কোনে মেলে বুলি কৈছে?
উত্তৰ ক’লা চুলিটাৰি’ পাটকাই পৰ্বতে মেলে বুলি কৈছে।
(খ) লুইতে কাৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে?
উত্তৰ লুইতে অসমৰ চৰণ দুখনি পখালি দিয়ে বুলি কৈছে।
(গ) ‘ৰিহাখনি’ বুলি কিহৰ কথা কৈছে?
উত্তৰ ৰিহাখনি’ বুলি লুইত নদীৰ কথা কৈছে।
৬। কবিতাটিৰ ভাবৰ লগত সংগতি ৰাখি ‘ক’ অংশৰ সৈতে ‘খ’ অংশ আঁচ টানি মিলোৱা
‘ক’ অংশ | ‘খ’ অংশ |
আৰু কত গিৰি আছে শোভা কৰি আঁচলত নাচে তৰা। | বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি প্রাচীন গ্রন্থসমূহত আমাৰ দেশখন দেৱতাই নির্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি। প্রাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে। |
অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। | পর্বত-পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ। ইয়াত প্রৱাহিত হৈ থকা নৈ-নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোন-বেলি-তৰাই তিৰ বিৰণি তুলি অপূর্ব শোভাৰ সৃষ্টি কৰে। |
দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। | পর্বত-পাহাৰ, নদ-নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। জ্ঞানীলোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে। |
উত্তৰ
‘ক’ অংশ | ‘খ’ অংশ |
আৰু কত গিৰি আছে শোভা কৰি আঁচলত নাচে তৰা। | পর্বত-পাহাৰ আদি দেশমাতৃৰ অলংকাৰ স্বৰূপ। ইয়াত প্রৱাহিত হৈ থকা নৈ-নিজৰাসমূহক মাতৃৰ চাদৰৰ আঁচলৰ লগত তুলনা কৰিব পাৰি। ইয়াত জোন-বেলি-তৰাই তিৰ বিৰণি তুলি অপূর্ব শোভাৰ সৃষ্টি কৰে। |
অসমা সুষমা মুনি মনোৰমা আমাৰ চেনেহী আই। | পর্বত-পাহাৰ, নদ-নদীৰে সমৃদ্ধ অসম এখন মনোৰম ঠাই। জ্ঞানীলোকসকলৰ বিভিন্ন অৱদানেৰে অসম মাতৃ সমৃদ্ধ হৈ আছে। |
দেৱভূমি বুলি আমাৰ দেশেই জিলিকিছে জগতত। | বেদ, পুৰাণ, ৰামায়ণ, মহাভাৰত আদি প্রাচীন গ্রন্থসমূহত আমাৰ দেশখন দেৱতাই নির্মাণ কৰিছিল বুলি উল্লেখ আছে। সেয়ে ই দেৱভূমি। প্রাচীন সভ্যতা হিচাপে আমাৰ দেশখন বিশ্বৰ বুকুত জিলিকি আছে। |
৭। ‘আমাৰ দেশ’ কবিতাটিত দেশমাতৃৰ সৌন্দর্য বৃদ্ধিত তলত দিয়া উপাদানসমূহে কেনেদৰে অৰিহণা যোগাইছে তাৰ এখন তালিকা প্রস্তুত কৰা-
উদাহৰণ-
গিৰিৰাজ হিমালয়ে মূৰৰ মুকুট হৈ জেউতি চৰাইছে।
পাটকাই পর্বতে কলা চুলি টাৰি মেলে
লুইতে চৰণ দুখনি পখালি দিয়ে।
জান-জুৰিয়ে সাতশৰী হাৰ লৈ আহে
পর্বত-পাহাৰে আছে শোভা কৰি আঁচলত নাচে তৰা
৮। তলত দিয়া শব্দবোৰৰ লগত ছন্দৰ মিল থকা শব্দবে খালী ঘৰবোৰ পূৰ কৰা-
বেশ – কেশ – দেশ – ভেশ
ভবা – তৰা – ধৰা – কৰা
হাৰ – পাৰ – তাৰ – বাৰ
গাত – মাত – পাত – তাত
৯। শব্দৰ খেল খেলোঁ আহা-
(ক) পদ্যটোত এনেকুৱা এটি ছয় আখৰীয়া শব্দ আছে, যিটোৰ-
প্রথম আখৰ তিনিটা মিলি পৃথিৱী বুজায়।
শেষৰ তিনিটা মিলি সুন্দৰী বুজায়।
তৃতীয় আৰু ষষ্ঠ আখৰ মিলি মাখন বুজায়। পাঠটিৰপৰা শব্দটো বিচাৰি উলিয়াই লিখা।
উত্তৰ ভূৱন মোহনী
এতিয়া শব্দটোৰ প্ৰথম আখৰটোৰপৰা উ-কাৰ আঁতৰাই দিলে-
প্ৰথম আৰু দ্বিতীয় আখৰ মিলি জগৎ বুজোৱা শব্দটো হ’ব- ভৱ
প্রথম, দ্বিতীয় আৰু তৃতীয় আখৰ মিলি ঘৰ বুজোৱা শব্দটো হ’ব- ভৱন
প্ৰথম আৰু শেষৰ আখৰ মিলি ভগ্নী বুজোৱা শব্দটো হ’ব- ভনী
১০। কবিতাটিত থকা যুৰীয়া শব্দবোৰ বিচাৰি উলিয়াই লিখা।
উত্তৰ:- ৰিহা – মেখেলা, জান – জুৰি , গুণ – গান , মন – চিত্তে , ৰূপ –ৰসে, ধন- ধানে , মুনি – মনোৰমা
১১। শিক্ষকৰ সহায় লৈ অথবা অভিধান, সমার্থক শব্দকোষ আদি ব্যৱহাৰ কৰি তলৰ শব্দবে৷ সমার্থক শব্দ লিখা।
উত্তৰ:- অৰুণ – সূৰ্য্যোদয়- আৰণ্য- উষা
গিৰি – পৰ্বত – পাহাৰ – শৈল্য
জননী – মা – আই – মাতৃ
ভৱন – ঘৰ – গৃহ – আলয়
সাজ – পোছাক – বেশ- ভূষণ
১২। বাক্য ৰচনা কৰা-
উত্তৰ:- অপূর্ব – কাশ্মীৰৰ অপূর্ব সৌন্দৰ্যই সকলোৰে মন প্ৰাণ ভৰাই তোলে।
উদয় – সূৰ্য পূবফালে উদয় হয়।
মনোহৰ – মেঘালয় মালভূমি অতি মনোহৰ ঠাই।
জেউতি –
চেনেহী – চিৰ চেনেহী মোৰ ভাষা জননী।
আলফুল
১৩। কবিতাটোত ওচৰা-ওচৰিকৈ থকা বিশেষণ আৰু বিশেষ্য পদবোৰ বিচাৰি উলিয়াই তলৰ তালিকাত ভৰোৱা-
উত্তৰ:-
বিশেষণ বিশেষ্য
অপূর্ব সাজ
চেনেহী আই
সোণৰ অসম
পখালি লুইত
মনোহৰ আমাৰ দেশ
দুই চৰণ
১৪। ‘সাজ’ শব্দ প্রয়োগ কৰি বিভিন্ন অর্থ প্রকাশক বাক্য ৰচনা কৰা-
উত্তৰ:- সাজ (পোচাক) – বহাগ বিহুত আমি নতুন সাজ পৰিধান কৰে।
সাজ (বাচন) – আমি কাঁহৰ সাজত খাদ্য খোৱাতো স্বাস্ত্যবানে
সাজ (নির্মাণ কৰ): ঘৰ সাজোতে ইটা বালি ব্যবহাৰ কৰা হয়।
১৫। পদ্যটোত পোৱা স্ত্রীলিংগ বুজোৱা ‘অসমা’ শব্দটোৰ আৰ্হিত আন শব্দ গঠন কৰোঁ আহা-
উত্তৰ:-
পুংলিংগ স্ত্রীলিংগ
অসম অসমা
সৰল সৰলা
অচল অচলা
বৃদ্ধ বৃদ্ধা
সুষম সুষমা
১৬। তলত দিয়া শব্দকেইটাৰ সৰলীকৃত ৰূপটো লিখা।
উত্তৰ:- দুর্ব্বল – দুৰ্বল
কৰ্দ্দৈ – কৰ্দৈ
কীৰ্ত্তন – কীৰ্তন
অৰ্জ্জুন- অৰ্জুন
পৰ্ব্বত – পৰ্বত
শৰ্ম্মা – শৰ্মা
১৭। ভৌগোলিক চিত্রখনত অসমী আইৰ মুকুট, চুলিটাৰি আৰু চৰণ বুজোৱা অংশবোৰ চিনাক্ত কৰা।
উত্তৰ:-

১৮। তোমালোকে কবিতাটোত সাতেশৰী (সাতসৰী) নামৰ অলংকাৰবিধৰ নাম পাইছা। এতিয়া তলত দিয়া শব্দজালৰপৰা আন কেইবিধমান অসমীয়া অলংকাৰৰ নাম বাছি উলিয়াই ছবিসমূহৰ উপযুক্ত স্থানত লিখা।

ডুগডুগী – আঙঠি – কেৰু- গামখাৰু – নূপূৰ – জোনবিৰি- কপালী – ঢোল
১৯। কবিয়ে অসমৰ মনোমোহা প্রাকৃতিক সৌন্দৰ্য বৰ্ণনাৰ মাধ্যমেৰে মাতৃভূমিৰ প্ৰতি ভালপোৱা ভাব প্রকাশ কৰিছে। তোমাৰ ওপজা ঠাইখনৰ কোনবোৰ দিশে তোমাৰ মনত ঠাইখনৰ প্ৰতি ভালপোৱাৰ ভাব জগাই তোলে লিখা।
উত্তৰঃ মোৰ ওপজা ঠাইখন অতি মোনোমোহা। সেউজীয়া গছ – বন, সোণোৱালী ধাননি পথাৰ, নদ- নদী , জান – জুৰি, মোৰ ওপজা ঠাই খন অতি শুৱনি কৰি তুলিছে।চৰাই – চিৰিকটি শুৱলা মাতে আমাৰ মন প্ৰাণ আনন্দৰে ভৰাই তুলে। মোৰ ওপজা ঠাইখনৰ মানুহবোৰ বৰ সহজ সৰল আৰু বৰ মৰমিয়াল। সকলোৱে মিলা প্ৰীতিয়ে থাকোঁ। এই সকলোবোৰ দেখি মই মোৰ ঠাইখনক প্ৰাণতকৈও বেছি ভাল পাওঁ।
২০। লাচিত বৰফুকন, কনকলতা বৰুৱা, কুশল কোঁৱৰ, মণিৰাম দেৱান আদি ব্যক্তিসকলে অসমক ভালপোৱাৰ নিদৰ্শন দেখুৱাই গৈছে। তেওঁলোকৰ দেশপ্ৰেমৰ বিষয়ে দলত বা শিক্ষকৰ লগত আলোচনা কৰি আৰু ইণ্টাৰনেটৰপৰা তথ্য সংগ্ৰহ কৰি লিখা।
উত্তৰঃ লাচিত বৰফুকন: লাচিত বৰফুকন আছিল আহোমৰ প্ৰথম জন বৰবৰুৱা মোমাই তামুলি বৰবৰুৱা পুত্ৰ।তেওঁ মোগলসকলৰ বিৰুদ্ধে যুঁজ কৰি অসমক ৰক্ষা কৰিছিল। তেওঁ আহোম সেনাৰ এজন সাহসী সেনাপতি আছিল। প্ৰতি বছৰে 24 নৱেম্বৰ দিনা অসমত লাচিত বৰফুকনক সোঁৱৰি লাচিত দিৱস পালন কৰা হয়।
কনকলতা বৰুৱা: কনকলতা বৰুৱা এজনী সাহসিনী যুদ্ধা আছিল। তেখেতৰ জন্ম হৈছিল ১৯২৪ চনৰ ২২ ডিচেম্বৰত দৰং জিলাৰ গহপুৰত। ভাৰত স্বাধীন কৰাৰ সময়ত তেওঁ কণ্ঠতে “বন্দে মাতৰম্” বুলি ক’ই আন্দোলনত প্রাণ দিছিল।
কুশল কোঁৱৰ: কুশল কোঁৱৰ হ’ল ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰি ফাঁচি বৰণ কৰা অসমৰ শেষৰজন শ্বহীদ তথা ৪২’ৰ ভাৰত ত্যাগ আন্দোলনৰ ফাঁচি বৰণ কৰা একমাত্ৰ শ্বহীদ ।
মণিৰাম দেৱান:- মণিৰাম দেৱানৰ প্ৰকৃত নাম আছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱা।ঐতিহাসিক শিৱসাগৰ জিলাৰ চাৰিঙত ১৮০৬ চনৰ ২৭ এপ্ৰিলত এটা কায়স্থ’জাতৰ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল মণিৰাম দত্ত বৰভাণ্ডাৰ বৰুৱাই। মণিৰাম দেৱান আছিল একেধাৰে এজন প্ৰকাশক, সাহিত্যিক, উদ্যোগপতি তথা বিপ্লৱী। আহোম ৰাজবিষয়াৰ পৰা ব্ৰিটিছৰ বিষয়া হোৱা শিক্ষিত মণিৰাম দেৱানেই অসমৰ প্ৰথমজন অসমীয়া ব্যক্তি হিচাপে চাহ খেতি আৰম্ভ কৰি অসমৰ প্ৰথম উদ্যোগপতি সকলৰ ভিতৰত এজন হিচাপে পৰিগণিত হৈছিল।মণিৰাম দেৱান, অসম বুৰঞ্জীৰ এটা অতি পৰিচিত নাম। চিপাহী বিদ্ৰোহ অৰ্থাৎ ১৮৫৭ চনৰ বিদ্রোহত অসমৰ প্ৰথম শ্বহীদ আছিল মণিৰাম দেৱান।
📝 এই পাঠৰ পৰা কি শিকিব?
- আমাৰ দেশৰ ভৌগলিক বৈশিষ্ট্য
- লোকসকলৰ জীৱনধাৰা
- জাতি, ভাষা আৰু সংস্কৃতিৰ বৈচিত্র্য
- গৰিমাময় ঐতিহ্য আৰু একতা
🔗 অন্যান্য সহায়ক লিংক
📲 AssamBoardExam Community
- 📌 Telegram Channel: Join Now
- 📌 WhatsApp Channel: Join Now
- 🌐 Visit Website: https://assamboardexam.co
✅ Final Note
এই প্ৰশ্ন-উত্তৰবোৰ Class 6 Assamese SCERT পাঠ্যপুথিৰ ওপৰত আধাৰিত। ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ বাবে সহজ ভাষাত দিয়া হৈছে। পৰীক্ষাৰ বাবে খুব সহায়ক।
Class 6 Assamese All Question Answer- Click Here
Class 6 Assamese Chapter 1 আমাৰ দেশ Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
🎥 Watch Class 6 Assamese Videos
📺 YouTube Playlist for Class 6 Assamese
👉 Watch Now
🔗 Related Study Resources
6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |
📲 Stay Connected
Get the latest updates and chapter releases via: