Assam Board Exam

শহা আৰু সিংহ | Class 6 Assamese Chapter 2

Class 6 Assamese Chapter 2 শহা আৰু সিংহ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 6

📖 অধ্যায়ৰ নাম:

শহা আৰু সিংহ

📚 শ্ৰেণী আৰু পাঠ্যবিষয়:

  • শ্ৰেণী:
  • বিষয়: অসমীয়া
  • পাঠ: অধ্যায় ২

🔍 অধ্যায়ৰ সংক্ষিপ্ত পৰিচয় (Chapter Overview):

“শহা আৰু সিংহ” নামৰ এই পাঠখনে এটা উপদেশমুলক কাহিনীৰ জৰিয়তে সাহস, ধৈৰ্য আৰু বুদ্ধিমত্তাৰ প্ৰয়োজনীয়তা বুজাই দিয়ে। কাহিনীখনত এটি সৰুকাই আকাৰৰ জন্তু শহাই নিজৰ বুদ্ধিৰে সিংহক পৰাস্ত কৰে। এই পাঠই শিশুসকলক শিক্ষা দিয়ে যে শাৰীৰিক শক্তি নহয়, বুদ্ধিও এক অমূল্য শক্তি।

Class 6 Assamese Chapter 2 শহা আৰু সিংহ| Complete Question Answer in Assamese Medium


শহা আৰু সিংহ

ষষ্ঠ শ্ৰেণী

অসমীয়া

পাঠভিত্তিক

১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-

জীৱ-জন্তুবোৰে অৰণ্যৰপৰা সিহঁত নোহোৱা হৈ যাব বুলি কিয় ভয় কৰিছিল?

(ক) অৰণ্যখনত মন্দমতি নামৰ সিংহটো থকাৰ বাবে

(খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে

(গ) সিংহটোৱে শহাটোৰ বংশ নাশ কৰিম বুলি কোৱাৰ বাবে

(ঘ) হাবিখনলৈ অন্য এটা সিংহ অহা বুলি ভবাৰ বাবে

উত্তৰ:- (খ) মন্দমতিয়ে জধে-মধে জন্তুবোৰ বধ কৰাৰ বাবে


মন্দমতিয়ে কুঁৱাটোৰ ভিতৰলৈ কিয় জাঁপ দিছিল?

(ক) কুঁৱাটো ফটফটীয়া পানীৰে ভৰি থকাৰ বাবে

(খ) কুঁৱাটোৰ ভিতৰত আন চাৰিটা শহা থকা বুলি ভবাৰ বাবে

(গ) ভোকত মন্দমতিৰ পেটে কাঁও-কাঁও কৰাৰ বাবে

(ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে

উত্তৰ:- (ঘ) কুঁৱাটোৰ ভিতৰত অন্য এটা সিংহ থকা বুলি ভবাৰ বাবে


 ২। তুমি ওপৰৰ উত্তৰকেইটা কিয় শুদ্ধ বুলি বাছি ল’লা? সহপাঠীৰ লগত আলোচনা কৰি কোৱা।

উত্তৰ:- মন্দমতিৰ নামৰ সিংহটোৱে প্ৰতিদিনে অনাহকত অৰণ্যৰ জীৱ- জন্তুবোৰ বধ কৰিছিল। যাৰ বাবে অনান্য জীৱ – জন্তুবোৰে ভয় খাইছিল।

মন্দমতিৰ নামৰ সিংহটোৱে শহাটোৰ বুদ্ধিত পতিয়ন গৈ নিজৰ ছাঁটোকে অন্য সিংহ বুলি ভাবি যুদ্ধ কৰিবলৈ গৈ কুঁৱাটোত জাপ দিলে।

সেইবাবেই ওপৰৰ দুয়োটা উত্তৰে শুদ্ধ বুলি বাছি ল’লো।


৪. তলত দিয়া শব্দবোৰৰ অৰ্থ আঁচ টানি মিলাওঁ আহা:

উত্তৰ:-

শব্দঅর্থ
ক্ষুধাভোক
নিবাৰণবাধাকৰণ, গুচোৱা কার্য
প্রতিবিম্বছাঁ, আৰ্চী বা পানীত ওলোৱা মানুহ বা বস্তুৰ আকৃতি
হাজিৰউপস্থিত
বন্ধকঅইনৰ ওচৰত কোনো বস্তু থৈ ধাৰ লোৱা কার্য  
কেশৰসিংহৰ ডিঙিৰ দীঘল নোম
নিস্তাৰৰক্ষা, উদ্ধাৰ  

৫. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ কোৱা আৰু লিখা।

(ক) অৰণ্যৰ জীৱ-জন্তুবোৰ কোনে জধে-মধে বধ কৰিছিল?

উত্তৰ:- অৰণ্যৰ জীৱ-জন্তুবোৰ মন্দমতিৰ নামৰ সিংহটোৱে জধে-মধে বধ কৰিছিল।


(খ) শহাটোৱে মন্দমতিৰ ওচৰলৈ মুঠ পাঁচটা শহা অহা বুলি কৈছিল। দৰাচলতে কেইটা শহা আহিছিল?

উত্তৰ:- দৰাচলতে এটা শহা আহিছিল।


(গ) কুঁৱাৰ পানীত প্ৰতিবিম্বটো দেখি মন্দমতিয়ে কি কৰিছিল?

উত্তৰ:- কুঁৱাৰ পানীত নিজৰ প্ৰতিবিম্বটোদেখি তাক আন সিংহ বুলি ভাবি, মন্দমতিয়ে খঙতে কুঁৱাটোত জাঁপ মাৰিছিল।


৬. তলত দিয়া প্রশ্নকেইটাৰ উত্তৰ দলত আলোচনা কৰি উত্তৰ লিখা।

(ক) অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি কি সিদ্ধান্ত লৈছিল? সেইমতে কাম কৰিলে তেওঁলোকৰ কি লাভ হ’ব বুলি ভাবিছিল?

উত্তৰ:- অৰণ্যৰ জীৱ-জন্তুবোৰে আলোচনা কৰি সিদ্ধান্ত লৈছিল যে মন্দমতিয়ে অৰণ্যৰ জীৱ- জন্তুবোৰ জধে – মধে বধ কৰিব নালাগে তাৰ পৰিবৰ্তে সিহঁতে প্রতিদিনে এটাকৈ জন্তু পাল পাতি মন্দমতিৰ ওচৰত পঠিয়াই থাকিব।

সেই মতে কাম কৰিলে অৰণ্যৰ  জীৱ-জন্তুবোৰক সিংহটোৱে জধে – মধে বধ কৰা বন্ধ হ’ব বুলি তেওঁলোকে ভাবিছিল।


(খ) কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি কি বুদ্ধি পাঙিছিল?

উত্তৰ:- কুঁৱাৰ পানীত শহাটোৱে তাৰ প্ৰতিবিম্বটো দেখি যিকোনো উপায়েৰে সিংহটোক কুঁৱাটোৰ ভিতৰত পেলোৱাৰ বুদ্ধি পাঙিছিল ।


(গ) সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কি কথা কৈছিল?

উত্তৰঃ সিংহক পতিয়ন নিয়াবলৈ ভয়তে শহাই ইনাই-বিনাই কৈছিল “সৰু জীৱ এটাৰে মহাৰাজৰ ভোক নপলাব বুলি ভাবিছিলোঁ। সেয়ে আমি পাঁচটা শহা একেলগে আপোনাৰ ওচৰলৈ আহি আছিলোঁ। বাটতে আন এটা সিংহই আমাক বাট ভেটি ধৰি সুধিলে- ‘তহঁত ক’লৈ যাৱা?’ তেতিয়া আমি ভয়ে ভয়ে কৈছিলোঁ- মহাৰাজৰ ভোজনার্থে আজি আমাৰ পাল পৰিছে। গতিকে আমি তেওঁৰ ওচৰলৈ গৈ আছোঁ। তেতিয়া সেই সিংহটোৱে তর্জন গর্জন কৰি কৈছিল-‘এই বনৰ ময়েই ৰজা। তহঁতৰ অন্য ৰজা আকৌ ক’ৰ পৰা ওলাল? এতিয়াই তাক মোৰ ওচৰলৈ মাতি আন। মই তাৰ লগত যুঁজি চাম। যদি সি মোতকৈ বলী হয়, তেন্তে সিয়েই তহঁতৰ ৰজা হ’ব।’ তেতিয়া আমি আমাৰ ৰজাক মাতি আনোগৈ বুলি কোৱাত সিংহটোৱে খঙেৰে কৈছিল- ‘সেই কথা হ’ব নোবাৰে। তহঁতে ছল কৰি মোৰ পৰা সাৰি যাব নোৱাৰ। তহঁতৰ পাঁচটাৰ চাৰিটা মোৰ ওচৰত বন্ধকত থাক। এটাই গৈ তাক মোৰ ওচৰত হাজিৰ কৰহি।’ গতিকে মহাৰাজ, এতিয়া আপুনিয়েই ইয়াৰ এটা বিহিত ব্যৱস্থা লওক।”


(ঘ) কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই আছিলনে?

উত্তৰঃ কুঁৱাটোৰ ভিতৰত সঁচাকৈয়ে আন এটা সিংহ লুকাই নাছিল।

মন্দমতিয়ে কুঁৱাৰ পানীত নিজৰ ছাঁটোকে অন্য সিংহ বুলি ভাবি যুদ্ধ কৰিবলৈ কুঁৱাটোত জাঁপ মাৰিছিল।


৭। কোনে, কাক আৰু কিয় কৈছিল লিখা।

(ক) “এনে কৰিলে আপুনি চিকাৰ ধৰিবলৈ একো কষ্ট কৰিব নালাগে আৰু অনায়াসে খাই-বই থাকিব পাৰিব।”

উত্তৰঃ উক্ত কথাষাৰ অৰণ্যৰ জীৱ-জন্তুবোৰে মন্দমতিৰ নামৰ সিংহটোক কৈছিল।

কাৰণ সিংহটোৱে অনাহকতে অৰণ্যৰ জীৱ-জন্তুবোৰ চিকাৰ কৰি বধ কৰিছিল।


(খ) “কি! তাৰ ইমান সাহ্! এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল। আজি মোৰ হাতৰপৰা সি কোনোমতেই নিস্তাৰ নাপাব।”

উত্তৰঃ উক্ত কথাষাৰ মন্দমতিৰ নামৰ সিংহটোৱে চতুৰ শহাটোক কৈছিল।

কাৰণ শহাটোৱে নিজৰ বুদ্ধিৰে  সিংহটোক কৈছিল যে অন্য এটা সিংহ বনৰ ৰজা। শহাটোৰ এনে কথা শুনি সিংহই উক্ত কথাষাৰ কৈছিল।


৮। বিপৰীত অর্থ বুজোৱা শব্দবোৰ পাঠৰপৰা বিচাৰি উলিয়াই লিখা

নির্বলী – বলী

সুখ – দুখ

স্থিৰ – অস্থিৰ

দূৰ – ওচৰ

বর্জন – গ্ৰহণ

অসন্মত -সন্মত

চঞ্চল – ধীৰ

প্রজা – ৰজা


৯। বাক্য ৰচনা কৰা-

ৰাজত্ব- আহোমে অসমত ছশ বছৰ ৰাজত্ব কৰিছিল।

প্রস্তাৱ- তুমি দিয়া প্রস্তাৱটো মই সাদৰেৰে গ্ৰহণ কৰিছোঁ।

প্রতিবিম্ব : মন্দমতিয়ে নামৰ সিংহটোৱে কুঁৱাৰ পানীত নিজৰ প্রতিবিম্বটোক  অন্য সিংহ বুলি ভাবি যুদ্ধ কৰিবলৈ কুঁৱাটোত জাঁপ মাৰিছিল।

প্রতিধ্বনি : বস্তু নথকা কোঠাত আমাৰ মাতটো প্রতিধ্বনি  হয়।

অনায়াসে : ভালদৰে পঢ়াৰ কাৰণে ৰীমাই অনায়াসে পৰীক্ষাটোত পাছ কৰিব পাৰিলে।


১০। দলত আলোচনা কৰি ফুলপাহৰ পাহিবোৰত থকা শব্দ ব্যৱহাৰ কৰি তলৰ দফাটো সম্পূর্ণ কৰা-

জুমণিহতঁৰ ঘৰৰ কাষেৰে এটি নিজৰা কুলুকুলু কৈ বৈ গৈছে। ফুলনিখনত ফুলবোৰ  জক্‌মক্‌ কৈ ফুলি আছে। ফুলবোৰত ভোমোৰাই গুণ্‌গুণ্‌ কৈ উৰি ফুৰিছে। নিয়ৰৰ টোপালবোৰ টোপ্‌টোপ্‌ কৈ সৰিছে। ৰিব্ ৰিব্  কৈ বতাহ বলিছে। গোলাপৰ পুলিটো লহ্‌পহ্‌ কৈ বাঢ়ি আহিছে। তাকে দেখি জুমণিয়ে খিল্‌খিল্‌ কৈ হাঁহিছে।


১১। দুজনীয়া দলত বিভক্ত হৈ উদাহৰণ চাই অন্ত্যমিল থকা আন আন শব্দ গঠন কৰা-

গল্‌গলীয়া- সল্‌সলীয়া- চল্‌চলীয়া – মল্‌মলীয়া

টিক্‌টিকীয়া – চিক্চিকীয়া- টক্‌টকীয়া- মিট্‌মিটীয়া

জক্মক – চক্‌মক্‌, টক্ টক্ , চক্‌চক্‌

টিক্ টিক্‌ – মিক্‌মিক্‌- চিক্‌মিক্‌, চিক্চিক্‌


১২। তলত দিয়া দফাটোৰ উপযুক্ত স্থানত যতি-চিহ্ন ব্যৱহাৰ কৰা –

শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গলগলীয়া  মাতেৰে ক’লে কি তাৰ ইমান সাহ এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল আজি মোৰ হাতৰপৰা সি কোনোমতেই নিস্তাৰ নাপাব

উত্তৰঃ শহাটোৰ কথাখিনি শুনাৰ লগে লগে মন্দমতিয়ে কেশৰ ফুলাই গল্‌গ্‌লীয়া মাতেৰে ক’লে- “কি! তাৰ ইমান সাহ্! এতিয়াই মোক তাৰ ওচৰলৈ লৈ ব’ল। আজি মোৰ হাতৰপৰা সি কোনোমতেই নিস্তাৰ নাপাব”।


১৪। শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিলনে? দলত আলোচনা কৰি নিজৰ মতামত প্রকাশ কৰা।

উত্তৰঃ শহাটোৰ মনত খেলোৱা বুদ্ধিটো সঠিক আছিল।

কাৰণ শহাটোৰ বুদ্ধিৰ ফলত মন্দ্মতি নামৰ সিংহটো কুঁৱাৰ ভিতৰত জাপ দি মৰিলে, যদি শহাটোৱে তেনে বুদ্ধি নকৰিলে হয় সিংহটোৰ উৎপাতত অৰণ্য এটাও জীৱ – জন্তু নাথকিল হয়।


১৫। সাধুটোত শহাটোৱে বুদ্ধিৰে অৰণ্যৰ জীৱ-জন্তুবোৰৰ প্ৰাণ ৰক্ষা কৰিলে। তোমাৰ অঞ্চলত যদি এটা গঁড় বা হাতী হঠাৎ আহি ওলায়, তেতিয়া তুমি কি কৰিবা? ভাবি কোৱা আৰু লিখা।

উত্তৰঃ আমাৰ  অঞ্চলত যদি এটা গঁড় বা হাতী হঠাৎ আহি ওলায়, তেতিয়া নিজৰ ঘৰৰ মানুহ আৰু ওচৰ চুবুৰীয়া যাকে পাওঁ তাৰ আগতেই এই বিষয়ে অৱগত কৰিম, সকলোকে প্ৰাণ ৰক্ষাৰ বাবে পৰামৰ্শ দিম আৰু বনৰক্ষা কৰ্মীক খবৰ দিম।

✍️ পাঠটোৰ সাৰাংশ (Chapter Summary in Assamese):

এই পাঠখনত দেখুওৱা হৈছে যে শহা যদিও সৰু, তেওঁ সিংহৰ দৰে শক্তিশালী জন্তুৰ সৈতে সাহসেৰে লড়াই কৰি জয় লাভ কৰে। ই আমাৰ জীৱনত উৎসাহ যোগায় যে, সৰু হ’লেও বুদ্ধি, সাহস আৰু আত্মবিশ্বাস থাকিলে কোনো বিপদৰ সমাধান কৰা যায়। ই এটি মনোৰম আৰু শিক্ষণীয় পাঠ।


Class 6 Assamese All Question Answer- Click Here


Class 6 Assamese Chapter 2 শহা আৰু সিংহ Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


🎥 Watch Class 6 Assamese Videos

📺 YouTube Playlist for Class 6 Assamese
👉 Watch Now


6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment