Class 6 Assamese Chapter 3 পুথি অধ্যয়ন– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 6
📚 Class & Subject:
- Class: 6
- Subject: Assamese
- Book: উন্মেষ
- Chapter: 3
📝 Chapter Overview:
“পুথি অধ্যয়ন” is an engaging chapter that introduces students to the traditional and cultural significance of book reading in Assamese society. It explores how learning through books preserves values, traditions, and knowledge from generation to generation.
পুথি অধ্যয়ন
Class 6 Assamese Chapter 3 পুথি অধ্যয়ন| Complete Question Answer in Assamese Medium
পুথি অধ্যয়ন
ষষ্ঠ শ্ৰেণী
অসমীয়া
পাঠভিত্তিক
১। তলত দিয়া প্রশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা-
(i) বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি?
(ক) সৎ স্বভাৱ।
(খ) পুথি অধ্যয়ন।
(গ) চঞ্চল মন।
(ঘ) সৎসংগ ।
উত্তৰঃ (খ) পুথি অধ্যয়ন।
(ii) সংসাৰত উদ্গতি কৰিবলৈ কি লাগে?
(ক) ভোটা বুদ্ধি।
(খ) চেলেংপেতেং স্বভাৱ।
(গ) চঞ্চল মন।
(ঘ) মনৰ একাগ্রতা।
উত্তৰঃ (ঘ) মনৰ একাগ্রতা।
২। তলত দিয়া শব্দজালখনত কিছুমান শব্দ দিয়া হৈছে। সেই শব্দবোৰৰ অৰ্থ তলত দিয়া আছে। অর্থ অনুযায়ী সেই শব্দবোৰ চিনাক্ত কৰি গোল চিন দিয়া আৰু খালী বাকচত লিখা। প্রয়োজন হ’লে অভিধান নাইবা শিক্ষকৰ সহায় ল’বা।

১। সুখ বা দুখ পোৱা কাৰ্য ___________।
উত্তৰঃ ভোগ।
২। উন্নত অৱস্থা ___________।
উত্তৰঃ উদ্গতি।
৩। যত্ন ___________।
উত্তৰঃ পুৰুষাৰ্থ।
৪। সাঁচি ৰখা কাৰ্য ___________।
উত্তৰঃ সঞ্চয়।
৫। বিদ্যুৎ ___________।
উত্তৰঃ বিজুলী।
৬। এবিধ বহুমূলীয়া মণি বা বাখৰ __________।
উত্তৰঃ মাণিক।
৭। কোনো বিষয়ত আগ্রহেৰে লগা ___________।
উত্তৰঃ একাগ্ৰতা।
৮। আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা ___________।
উত্তৰঃ একানপতীয়া।
৯। ক্রমান্বয় ___________।
উত্তৰঃ অনুক্ৰম।
১০। প্রক্রিয়া, বিধি ___________।
উত্তৰঃ প্ৰণালী।
৩। তলত দিয়া প্রশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা।
(ক) দূৰৈৰ মাণিক কেনেকৈ হাততে পাব পাৰি?
উত্তৰঃ পঢ়নৰ জৰিয়তে দূৰৈৰ মাণিক হাততে পাব পাৰি।
(খ) পুথি এখনৰ আচল ভাব কেনেদৰে উদ্ধাৰ কৰিব পাৰি?
উত্তৰঃ পুথি এখনৰ আচল ভাব মনপুতি পঢ়িলে উদ্ধাৰ কৰিব পাৰি।
(গ) পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰিছে?
উত্তৰঃ পুথিৰ বিদ্যাক থুপাই থোৱা ধনৰ লগত তুলনা কৰিছে।
(ঘ) পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি?
উত্তৰঃ পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা-বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি।
৪। আর্হিটোত দেখুৱাৰ দৰে তলৰ বাক্যকেইশাৰীৰ ভাব বহলাই লিখা।
(ক) পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।
উত্তৰঃ পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা। আনে থুপাই থোৱা ধন হাতত পৰিলে ধন আৰ্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থুপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা আৰ্জনৰ দুখ-কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। প্রত্যেক পুথি একোজন মানুহৰ থুপাই থোৱা বিদ্যাৰ ভঁৰাল। লিখকে বহুত পুৰুষাৰ্থ কৰি সেই ভঁৰাল বান্ধি থয়, আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ আৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন, মানুহে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন মানুহে কেতিয়াও ইমানখিনি উদ্দ্গতি কৰিব নোৱাৰিলেহেঁতেন।সেয়ে কোৱা হয় যে পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।
(খ) বিদ্যা আৰ্জনৰ প্ৰণালী প্রায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা।
উত্তৰঃ বিদ্যা আৰ্জনৰ প্ৰণালী প্রায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। মূলধন নহ’লে ধন আর্জিবলৈ টান, সেইদৰে মূল বিদ্যা নহ’লেও বিদ্যা আর্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ, সি সৰহকৈ ধন আৰ্জিব পাৰে; সেইদৰে যাৰ মূল বিদ্যা সৰহ, সি সৰহকৈ বিদ্যা আৰ্জিব পাৰে। পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়, সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে, যাৰ দুর্বল সি নোৱাৰে।
(গ) সৎসংগৰপৰা মানুহৰ সৎ স্বভাৱ জন্মে।
উত্তৰঃ সৎসংগৰপৰা মানুহৰ সৎ স্বভাৱ জন্মে কথাষাৰ একে বাৰে সচাঁ কিয়নো যিবিলাক মানুহৰ লগত আমি সদায় উঠা বহা কৰো, সেই বিলাক মানুহৰ স্বভাৱ চৰিত্ৰ গঢ় লয়। ভাল মানুহ সংগত থকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়।
৫। “ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়।” পাঠটোৰ আধাৰত কথাষাৰ বহলাই লিখা।
উত্তৰ পুথি অধ্যয়নে মানুহৰ মন মানসিকতা আৰু স্বভাৱ চৰিত্ৰৰ ওপৰত প্ৰভাৱ পেলায়। যিদৰে মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়, ঠিক তেনেদৰে পুথিৰ সংগৱো আমাৰ স্বভাৱ – চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। কাৰণ পুথি এখনত ৰচোঁতাজনৰ স্বভাৱ চৰিত্ৰ সাহিত্যৰ আধাৰত ফুটি উঠে। গতিকে আমি সকলোৱে পুথি বাচনি কৰি পঢ়াটো অতি জৰুৰী।
৬। উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা।
উপকূল ⇒ উপ + কূল
(i) বেদখল ⇒
উত্তৰঃ বেদখল ⇒ বেদ + খল।
(ii) সুনাম ⇒
উত্তৰঃ সুনাম ⇒ সু + নাম।
(iii) বিখ্যাত ⇒
উত্তৰঃ বিখ্যাত ⇒ বি + খ্যাত।
(iv) আওবাট ⇒
উত্তৰঃ আওবাট ⇒ আও + বাট।
৭। তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা-
(i) থুপাই = পুথিৰ বিদ্যা থুপাই থোৱা ধনৰ নিচিনা।
(ii) পার্গত = অৰ্জুণ ধনু বিদ্যাত পাৰ্গত আছিলে।
(iii) একাগ্রতা =সংসাৰত উদ্গতি কৰিবলৈ মানুহক মনৰ একাগ্রতা লাগে।
(iv) পুৰুষাৰ্থ =পুৰুষাৰ্থ আৰু ধৈৰ্য্য থকা মানুহে জীৱনত সকলো বাধা পাৰ কৰিব পাৰে।
(v) স্বভাৱ = ৰীমা ভাল স্বভাৱৰ এগৰাকী ছোৱালী।
✍️ Chapter Summary in Assamese:
এই পাঠখনত পুথি অধ্যয়নৰ গুৰুত্ব বৰ্ণনা কৰা হৈছে। আগৰ সময়ত জ্ঞান আহৰণৰ প্ৰধান উৎস আছিল পুথি। শৈশৱৰ পৰা পঢ়াৰ প্ৰেৰণা, সংস্কৃতি আৰু নৈতিক শিক্ষাৰ ওপৰত এই পাঠখনে বিশেষ গুৰুত্ব আৰোপ কৰে। শিশুসকলক পুথি পঢ়াৰ আনন্দ, শিক্ষা আৰু সদগুণ আৱিষ্কাৰৰ পথত আগবঢ়াই তোলে।
Class 6 Assamese All Question Answer- Click Here
Class 6 Assamese Chapter 3 পুথি অধ্যয়ন Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam
🎥 Watch Class 6 Assamese Videos
📺 YouTube Playlist for Class 6 Assamese
👉 Watch Now
🔗 Related Study Resources
6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |
📲 Stay Connected
Get the latest updates and chapter releases via: