পূৰ্ণ সংখ্যা ( whole Number) | Chapter 4 | Exercise 4(d)| Class 6 Maths Solution Assam | Class 6 (Part -1) Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6 | ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution
অনুশীলনী 4(d)
পাঠ 4
পূৰ্ণ সংখ্যা
1. খালী ঠাই পূৰ কৰা-
(a) এটা পূৰ্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল ________________ হয়।
উত্তৰঃ সেই সংখ্যাটোৱেই হয়।
(b) এটা পূৰ্ণ সংখ্যাক 0 ৰে হৰণ কৰিলে হৰণফল ________________ হয়।
উত্তৰঃ অনিৰ্ণেয়।
(c) এটা পূৰ্ণ সংখ্যাক 1 ৰে পূৰণ কৰিলে পূৰণফল _________________ হয়।
উত্তৰঃ সেই সংখ্যাটোৱেই হয়।
(d) এটা পূর্ণ সংখ্যাক 0 ৰে পূৰণ কৰিলে পূৰণফল __________________ হয়।
উত্তৰঃ 0
(e) এটা পূৰ্ণ সংখ্যাক 1 ৰে হৰণ কৰিলে হৰণফল _________________ হয়।
উত্তৰঃ সেই সংখ্যাটোৱেই হয়।
2. তলৰ কোনটো শুদ্ধ।
(a) 4 ÷ 2 = 2 ÷ 4
(b) 99 × 77 = 77 × 99
(c) 9 – 8 = 8 – 9
(d) 0 ÷ 3 = 3 ÷ 3
উত্তৰঃ (b) 99 × 77 = 77 × 99
3. তলৰ কোনটো মান অনির্ণেয়?
(a) 0 ÷ 9999
(b) 0 × 0
(c) 1 ÷ 100000
(d) 1 ÷ 0
উত্তৰঃ (d) 1 ÷ 0 মান অনির্ণেয়।
4. তলৰ কোনটো শুদ্ধ আৰু ব্যৱহাৰ হোৱা বিধিটোৰ নাম কি?
(a) 2 × (3 + 5) = 2 × 3 + 5
(b) 4 × (7 × 0) = 4 × 7
(c) 3 + (1 + 2) = (3 + 1) + (3 + 2)
(d) 123 × (500 + 123) = 123 × 500 + 123 × 123
উত্তৰঃ (d) 123 × (500 + 123) = 123 × 500 + 123 × 123; শুদ্ধ
ব্যৱহাৰ হোৱা বিধিটোৰ হৈছে বিতৰণ বিধি।
5. উপযুক্ত বিধি প্রয়োগ আৰু উল্লেখ কৰি সহজ উপায়েৰে সমাধান কৰা।
(a) 737 + 263 + 234
উত্তৰঃ 737 + 263 + 234
= (737 + 263) + 234
= 1000 + 234 (সহযোগ বিধি)
= 1234
(b) 968 × 5 × 200
উত্তৰঃ 968 × 5 × 200
= 968 × (5 × 200)
= 968 × 1000 (সহযোগ বিধি)
= 96800
(c) 45 × 85 + 45 × 15
উত্তৰঃ 45 × 85 + 45 × 15
= 45 × (85 + 15) (বিতৰণ বিধি)
= 45 × 100
= 4500
(d) 999 + 876 + 1
উত্তৰঃ 999 + 876 + 1
= (999 + 1) + 876 ( ক্ৰম বিনিময় বিধি)
= 1000 + 876 (সহযোগ বিধি)
= 1876
(e) 125 × 576 × 8
উত্তৰঃ 125 × 576 × 8
= (125 × 8) × 576 ( ক্ৰম বিনিময় বিধি)
= 1000 × 576 (সহযোগ বিধি)
= 576000
(f) 397 × 75 + 25 × 397
উত্তৰঃ 397 × 75 + 25 × 397
= 397 × (75 + 25) (বিতৰণ বিধি)
= 397 + 100
= 39700
6. (a) পূর্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।
উত্তৰঃ পূর্ণ সংখ্যাবোৰ যোগ প্ৰক্ৰিয়াত আৱদ্ধ হয়।
উদাহৰণস্বৰূপে, 5 + 3 = 8
এটা পূর্ণ সংখ্যা।
(b) পূর্ণ সংখ্যাবোৰ বিয়োগ প্রক্রিয়াত আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।
উত্তৰঃ পূৰ্ণ সংখ্যাবোৰ বিয়োগ প্ৰক্ৰিয়াত আৱদ্ধ নহয়।
কাৰণ 4 – 9= -5, যিটো পূৰ্ণ সংখ্যা নহয়।
7.(a) পূৰ্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আবদ্ধ হয়নে? এটা উদাহৰণ দিয়া।
উত্তৰঃ পূর্ণ সংখ্যাবোৰ পূৰণ প্ৰক্ৰিয়াৰ সাপেক্ষে আৱদ্ধ হয়।
উদাহৰণস্বৰূপে 7 × 2 = 14 এটা পূৰ্ণ সংখ্যা।
(b) পূর্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ হয়নে? এটা উদাহৰণ দিয়া।
উত্তৰঃ পূর্ণ সংখ্যাবোৰ হৰণ প্ৰক্ৰিয়া সাপেক্ষে আৱদ্ধ নহয়।
কাৰণ 5 ÷ 0 ৰ উত্তৰটো পূর্ণসংখ্যা নহয়।
8. পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো 0 কাৰণ (শুদ্ধ / অশুদ্ধ লিখা)
(a) যিকোনো পূর্ণ সংখ্যাক 0 ৰে পূৰণ কৰিলে পূৰ্ণফল 0 হয়।
উত্তৰ অশুদ্ধ
(b) যিকোনো পূর্ণ সংখ্যাৰ লগত 0 যোগ কৰিলে যোগফল পুনৰ সেই পূৰ্ণ সংখ্যাটো হয়।
উত্তৰঃ শুদ্ধ
(c) এটা পূৰ্ণ সংখ্যাক 0 ৰে হৰণ কৰিলে হৰণফল অনির্ণেয় হয়।
উত্তৰঃ অশুদ্ধ
9. এখন বহীত যদি 178 পৃষ্ঠা থাকে তেলেহ’লে 150 খন বহীত কিমান পৃষ্ঠা থাকিব? ( বিতৰণ বিধি ব্যৱহাৰ কৰিবা)
উত্তৰঃ
এখন বহীত পৃষ্ঠা আছে = 178 টা
মুঠ বহী= 150
মুঠ পৃষ্ঠা হ’ব =150 × 178
= 150 × (100+78)
=15000+11700
=26700 টা
Class 6 Mathematics Complete Solution- Click Here
Class 6 Mathematics Exercise 4(d) (Part -1) Assamese Medium
পূৰ্ণসংখ্যা ( Whole Number) | Lesson 4 | Exercise 4(d) | Class 6 Maths Solution Assam | Class 6 Mathematics Solution Assamese Medium | SCERT Maths Solution Class 6| ষষ্ঠ শ্ৰেণীৰ গণিতৰ প্ৰশ্ন উত্তৰ | Complete Solution | Class 6 Mathematics Exercise 4(d) (Part -1) Assamese Medium
For More details check our Youtube Channel Assam Board Exam