Complete question-answer guide for Class 6 Science Chapter 1, ‘বিজ্ঞানৰ বিচিত্ৰ জগতখন’ (Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
বিজ্ঞানৰ বিচিত্ৰ জগতখন
Class 6 Science Chapter 1 (Part 1) in Assamese Medium | বিজ্ঞানৰ বিচিত্ৰ জগতখন– Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
বিজ্ঞানৰ বিচিত্ৰ জগতখন
অনুশীলনী
1. খালী ঠাই পূৰ কৰা-
(a) বিজ্ঞান হ’ল _________ আৰু _________ৰ জৰিয়তে লাভ কৰা জ্ঞান।
উত্তৰ: পৰ্যৱেক্ষণ আৰু পৰীক্ষাৰ
(b) পর্যবেক্ষণ, _________ আৰু পৰীক্ষা এই পর্যায়কেইটাৰ সমষ্টিয়েই হ’ব বিজ্ঞানসম্মত পদ্ধতি।
উত্তৰ: আনুমানিক সিদ্ধান্ত
(c) _________ ৰ বাবে আমি খাদ্য খাওঁ।
উত্তৰ: বৃদ্ধিৰ
(d) পঞ্জাবত মানুহে প্রধানকৈ __________ খায়।
উত্তৰ: ৰুটী
(e) কম্পাছত __________ থাকে।
উত্তৰ: চুম্বক
2. শুদ্ধ উক্তিটোত (✔ ) চিন দিয়া-
(a) আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্যহে খাব লাগে।
উত্তৰ: শুদ্ধ
(b) পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰো।
উত্তৰ: অশুদ্ধ
(c) বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে।
উত্তৰ: শুদ্ধ
(d) ওলোমাই ৰখা চুম্বক এডাল সদায় পূবা-পশ্চিমা হৈ থাকে।
উত্তৰ: অশুদ্ধ
(e) হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে।
উত্তৰ: শুদ্ধ
3. চমু উত্তৰ দিয়া-
(a) মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক কিহৰ নিচিনা দেখে?
উত্তৰ: মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক এটা নীলা মাৰ্বলৰ নিচিনা দেখে।
(b) কম্পাছৰ মূলবস্তু কি?
উত্তৰ: কম্পাছৰ মূলবস্তু হৈছে চুম্বক।
(c) ওলোমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে?
উত্তৰ: ওলোমাই ৰখা চুম্বক এডালৰ এটা মূৰ উত্তৰ আৰু আনটো মূৰ দক্ষিণ দিশত মুখ কৰি থাকে।
(d) নাৱিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে?
উত্তৰ: নাৱিকসকলে সাগৰত কম্পাচৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে।
(e) বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি?
উত্তৰ: বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হৈছে- পর্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা।
4. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা-
(i) উইলবাৰ ৰাইট আৰু অৰভিলি ৰাইটে তলৰ কোনবিধ আৱিষ্কাৰ কৰিছিল?
(a) উৰাজাহাজ
(b) ছাবমেৰিন
(c) ৰেল’গাড়ী
(d) মটৰগাড়ী
উত্তৰ: (a) উৰাজাহাজ
(ii) তলৰ কোনটো কামত কম্পাছ যন্ত্র ব্যৱহাৰ কৰা হয়?
(a) দিশ নিৰ্ণয়ৰ কামত
(b) গধুৰ বস্তু দাঙোতে
(c) বস্তুৰ ওজন জুখিবৰ বাবে
(d) বতাহৰ গতি জুখিবৰ বাবে
উত্তৰ: (a) দিশ নিৰ্ণয়ৰ কামত
Complete question-answer guide for Class 6 Science Chapter 1, ‘বিজ্ঞানৰ বিচিত্ৰ জগতখন,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 1 বিজ্ঞানৰ বিচিত্ৰ জগতখন– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel ExamPedia Assam