Complete question-answer guide for Class 6 Science Chapter 1, ‘জীৱ আৰু ইয়াৰ চৌপাশ
’ (Part 2) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
জীৱ আৰু ইয়াৰ চৌপাশ
Class 6 Science Chapter 1 in Assamese Medium | জীৱ আৰু ইয়াৰ চৌপাশ- Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
জীৱ আৰু ইয়াৰ চৌপাশ
অনুশীলনী
১। আৱাসস্থলী কি?
উত্তৰঃ উদ্ভিদ বা জীৱই যি পৰিৱেশত বাস কৰে, তাকেই সিঁহতৰ আৱাসস্থলী বোলে।
২। মৰুভূমিত জীয়াই থাকিবলৈ কেকটাছে কেনেকৈ অভিযোজন কৰে?
উত্তৰঃ কেটকাছৰ ক্ষেত্ৰত দেখা পাতৰ নিচিনা আকৃতিবোৰ আচলতে উদ্ভিদ জোপাৰ কাণ্ডৰ অংশহে। ইয়াৰ দ্বাৰাই কেকটাছে সালোক- সংশ্লেষণ প্ৰক্ৰিয়া কৰে। কাণ্ড অংশ মমজাতীয় ডাঠ আৱৰণেৰে ঢকা, যি পানী ধৰি ৰখাত সহায় কৰে। মৰুভূমিত থকা আন উদ্ভিদৰ দৰে কেকটাছৰ শিপাও পানী শোষণ কৰিবলৈ মাটিৰ বহু তললৈ সোমাই থাকে।
৩ | তলৰ খালী ঠাইবোৰ পূৰ কৰা :
ক) যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক _________ বোলে।
উত্তৰঃ – যিবিলাক বিশেষ ধৰণৰ লক্ষণৰ উপস্থিতিয়ে উদ্ভিদ অথবা প্ৰাণীক কোনো এটা আবাসস্থলীত বাচি থাকিবলৈ উপযুক্ত কৰি তোলে , তাক অভিযোজন বোলে।
খ) উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক __________ আবাসস্থলী বোলে।
উত্তৰঃ উদ্ভিদ আৰু প্ৰাণীৰ স্থলভাগৰ আবাসস্থলীক স্থলজ আবাসস্থলী বোলে।
গ) পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক __________ আবাসস্থলী বোলে।
উত্তৰঃ – পানীত বাস কৰা উদ্ভিদ আৰু প্ৰাণীক আবাসস্থলীক জলজ আবাসস্থলী বোলে।
ঘ) মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ _________ কাষৰ।
উত্তৰঃ – মাটি , পানী , আৰু বায়ু আবাসস্থলীৰ অজৈৱিক কাষৰ।
ঙ) চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক ― বোলে।
উত্তৰঃ – চৌপাশৰ পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনোৱাটোক উদ্দীপনা বোলে।
৪। তলৰ তালিকাৰ কোনবিলাক জড়?
নাঙল, কাঠফুলা, চিলাই মেচিন, ৰেডিঅ, নাও, পানী, মেটেকা, কেঁচু।
উত্তৰঃ নাঙল, চিলাই মেচিন, ৰেডিঅ, আৰু নাও।
৫। জীৱৰ যিকোনো দুটা বৈশিষ্ট্য দেখুওৱা। এবিধ জড় পদাৰ্থৰ নাম লিখা।
উত্তৰঃ জীৱৰ দুটা বৈশিষ্ট্য় হ’ল-
(ক) সকলো জীৱকে খাদ্যৰ প্ৰয়োজন।
(খ) জীৱই বংশ বিস্তাৰ কৰিব পাৰে।
এবিধ জড় পদাৰ্থ- কিতাপ।
৬। তলৰ তালিকাৰ কোনবোৰ জড় পদাৰ্থ এটা সময়ত জীৱৰ অংশ আছিল?
মাখন, চামৰা, মাটি, ঊণ, বৈদ্যুতিক বাল্ব, ৰন্ধন তেল, নিমখ, আপেল, ৰবৰ।
উত্তৰঃ মাখন, চামৰা, ঊণ, ৰন্ধন তেল, আপেল আৰু ৰবৰ।
৭। জীৱৰ সাধাৰণ বৈশিষ্ট্যসমূহ তালিকাভুক্ত কৰা
উত্তৰঃ জীৱৰ সাধাৰণ বৈশিষ্ট্য সমূহ হৈছে-
(ক) জীৱক খাদ্যৰ প্ৰয়োজন হয়।
(খ) জীৱই শ্বসন আৰু ৰেচন কাৰ্য কৰে।
(গ) জীৱই প্ৰজনন কৰে।
(ঘ) জীৱই পৰিবেশৰ প্ৰতি সঁহাৰি জনায়।
(ঙ) জীৱৰ বৃদ্ধি আৰু মৃত্যু হয়।
(চ) জীৱই চলাচল কৰিব পাৰে।
৮। তৃণভূমিত বাস কৰা প্ৰাণীবিলাক বাচি থকাৰ কাৰণে গতি বৰ প্ৰয়োজনীয় কিয়, বাখ্যা কৰা।
উত্তৰঃ তৃণভূমিত জীৱ-জন্তু লুকাই থাকিবলৈ গছ বা ঠাই কম। যেতিয়া প্ৰাণীবোৰৰ শত্ৰুৱে আক্ৰমণ কৰে তেতিয়া প্ৰাণীবোৰ বেছি বেগেৰে দৌৰিব লাগে যাতে নিৰাপদ স্থানত উপনীত হয়। যদি প্ৰাণীবোৰ বিফল হয় তেন্তে তেওঁলোকে প্ৰাণ হেৰুৱাই পেলায়। গতিকে, তৃণভূমিত জীৱ-জন্তু জীয়াই থকাৰ বাবে গতি অতি গুৰুত্বপূৰ্ণ।
Complete question-answer guide for Class 6 Science Chapter 1, ‘জীৱ আৰু ইয়াৰ চৌপাশ,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 1 জীৱ আৰু ইয়াৰ চৌপাশ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam