Assam Board Exam

Class 6 Science Chapter 2 | জীৱ আৰু জৈৱ বৈচিত্ৰ্য- Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 6 Science Chapter 2,‘জীৱ আৰু জৈৱ বৈচিত্ৰ্য(Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

Class 6 Science Chapter 2 (Part 1) in Assamese Medium | জীৱ আৰু জৈৱ বৈচিত্ৰ্য Complete Question Answer in Assamese Medium

ষষ্ঠ শ্ৰেণী

বিজ্ঞান 

জীৱ আৰু জৈৱ বৈচিত্ৰ্য

1. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা

i. উদ্ভিদৰ তলৰ কোনটো প্রক্রিয়াত পখিলাই উদ্ভিদক সহায় কৰে?

(a) অভিযোজন

(b) খাদ্য প্রস্তুতকৰণ

(c) প্রজনন

(d) শ্বাস-প্রশ্বাস

উত্তৰ: (c) প্রজনন


ii. ডালিম গছ এবিধ –

(a) বৃক্ষ

(b) গুল্ম

(c) তৃণ

(d) আৰোহী লতা

উত্তৰ: (b) গুল্ম


iii. তলৰ কোনবিধ জলজ উদ্ভিদ নহয়?

(a) পদুম

(b) খৰিকাজাঁই

(c) পুনি

(d) ভেট

উত্তৰ: (b) খৰিকাজাঁই


iv. চৰাইৰ ডেউকা হ’ল-

(a) পাখিৰ ৰূপান্তৰ

(b) আগঠেঙৰ ৰূপান্তৰ

(c) পিছঠেঙৰ ৰূপান্তৰ

(d) (a) আৰু (b) দুয়োটাই

উত্তৰ: (b) আগঠেঙৰ ৰূপান্তৰ


V. ঠাণ্ডা ঠাইত থকা জন্তুবোৰৰ দেহত দীঘল নোমৰ কাৰ্য কি?

(a) ই দেহক তাপৰ পৰা সুৰক্ষা দিয়ে।

(b) ই দেহক বৰষুণৰ পৰা সুৰক্ষা দিয়ে।

(c) ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে।

(d) ই দেহক আঘাতৰ পৰা সুৰক্ষা দিয়ে।

উত্তৰ: (c) ই দেহক শীতৰ প্ৰকোপৰ পৰা সুৰক্ষা দিয়ে।


2. খালী ঠাই পূৰ কৰা।

(i) বীজপত্র ________ ৰ ভিতৰত থাকে।

উত্তৰ: বীজ

(ii) জালৰ দৰে সিৰাবিন্যাস _________ উদ্ভিদৰ চৰিত্ৰ।

উত্তৰ: দ্বিবীজপত্ৰী

(iii) উটৰ কুঁজটোত _________ জমা হৈ থাকে।

উত্তৰ: খাদ্য

(iv) পৰ্বতীয়া অঞ্চলৰ গছৰ আকৃতি _________ ৰ দৰে।

উত্তৰ: শংকুৰ

(v) ফোপোলা হাড় _________ ৰ এক চৰিত্ৰ।

উত্তৰ: চৰাইৰ


3. চমু উত্তৰ লিখা।

(i) আবাসস্থল কাক বোলে?

উত্তৰ: জীৱ এবিধে স্বাভাবিক ভাবে যি ঠাইত বাস কৰিব পাৰে, সেই ঠাইকে জীৱবিধৰ আবাসস্থলী বুলি কোৱা হয়। আবাসস্থলীৰ পৰাই জীৱই খাদ্য আহৰণ কৰি লয়। এনে ঠাইতে নিজৰ বংশবৃদ্ধি ঘটায়।


(ii) জৈৱ বৈচিত্র্য মানে কি বুজা?

উত্তৰ: আমাৰ পৃথিৱীখনত থকা বিভিন্ন ধৰণৰ জীৱৰ সমষ্টিক আমি জৈৱ বৈচিত্র্য বুলি কোৱা হয়।


(iii) কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ কি দৰে অভিযোজন কৰে?

উত্তৰ: কেকটাছবোৰ কাঁইটীয়া। এই কাঁইটবোৰ পাতৰেই ৰূপান্তৰ। উদ্ভিদজোপাৰ পৰা পানী ওলাই নাযাবৰ বাবে পাতবোৰ কাঁইটলৈ ৰূপান্তৰিত হয়। কেকটাছৰ গা-গছ সেউজীয়া হোৱা বাবে খাদ্য তৈয়াৰ কৰিব পাৰে। কেকটাছৰ কাণ্ড মঙহাল, ইয়াত পানী জমা হৈ থাকে। এনেদৰে কেকটাছে মৰুভূমিত জীয়াই থাকিবলৈ অভিযোজন কৰে।


(iv) জীৱৰ তিনিটা সাধাৰণ বৈশিষ্ট্য লিখা।

উত্তৰ: জীৱৰতিনিটা সাধাৰণ বৈশিষ্ট্য় হ’ল- 

(ক) সকলো জীৱকে খাদ্যৰ প্ৰয়োজন।

(খ) জীৱই বংশ বিস্তাৰ কৰিব পাৰে।

(গ) জীৱই শ্বাস-প্ৰশ্বাস কৰিব পাৰে।


(v) সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ পাতৰ উদাহৰণ দিয়া।

উত্তৰ: সমান্তৰাল সিৰাবিন্যাস থকা তিনিবিধ পাত হ’ল –  কুঁহিয়াৰ, গুমধান, কলপাত।


(vi) জৈৱ বৈচিত্র্যৰ গুৰুত্ব লিখা।

উত্তৰ: জৈৱ বৈচিত্র্য হৈছে আমাৰ পৃথিৱীখনত থকা বিভিন্ন ধৰণৰ জীৱৰ সমষ্টি। জৈৱ বৈচিত্র্যৰ গুৰুত্ব তলত আলোচনা কৰা হ’ল-

  1. জৈৱ বৈচিত্র্যই আমাৰ পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰে।
  2. জৈৱ বৈচিত্র্যই আমাক ফল-মূল তথা খাদ্যৰ যোগান ধৰে।
  3. জৈৱ বৈচিত্র্যই আমাক উশাহ-নিশাহ ল’বলৈ অক্সিজেনৰ যোগান ধৰে।
  4. জৈৱ বৈচিত্র্যই আমাৰ পৰম্পৰা, ৰীতি-নীতি আদিৰ ওপৰত প্ৰভাৱ পেলায়।

(vii) ‘চৰাই জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ’ ব্যাখ্যা কৰা।

উত্তৰ: চৰাই জৈৱ বৈচিত্র্যৰ এক প্রয়োজনীয় অংশ। কিছুমান চৰায়ে গছৰ ফল খায়। ফলৰ গুটিটো মলৰ লগত ওলাই আন ঠাইত পৰে। গুটিৰ পৰা গছ হয়। এইদৰে গছ-গছনিৰ সংখ্যা বাঢ়ে আৰু অৰণ্য বিস্তাৰণত সহায় কৰে।

            আন কিছুমান চৰায়ে শস্য পথাৰত থিতাপি লোৱা অনিষ্টকাৰী পোক-পতংগ খাই শস্যৰ উপকাৰ সাধন কৰে।


4. শুদ্ধ নে অশুদ্ধ লিখা।

(i) সকলোবোৰ পতংগই আমাৰ বাবে অপকাৰী।

উত্তৰ: অশুদ্ধ

(ii) চৰায়ে অৰণ্য বিস্তাৰণত সহায় কৰে।

উত্তৰ: শুদ্ধ

(iii) পৰিৱেশৰ সকলো জীৱৰ মাজত কোনো ধৰণৰ পৰস্পৰ সম্পর্ক নাই।

উত্তৰ: অশুদ্ধ

(iv) জৈৱ বৈচিত্র্যৰ অৱক্ষয়ে পৰিৱেশত প্ৰভাৱ পেলায়।

উত্তৰ: শুদ্ধ

(v) অতিপাত ঠাণ্ডা ঠাইত কোনো জীৱই জীয়াই থাকিব নোৱাৰে।

উত্তৰ: অশুদ্ধ


Complete question-answer guide for Class 6 Science Chapter 2, ‘জীৱ আৰু জৈৱ বৈচিত্ৰ্য,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!


Class 6 Science All Question Answer- Click Here


Class 6 Science Chapter 2 জীৱ আৰু জৈৱ বৈচিত্ৰ্য– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment