Complete question-answer guide for Class 6 Science Chapter 2, ‘উদ্ভিদৰ বিষয়ে জানো আহা’ (Part 2) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
উদ্ভিদৰ বিষয়ে জানো আহা
Class 6 Science Chapter 2 (Part 2) in Assamese Medium | উদ্ভিদৰ বিষয়ে জানো আহা Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
উদ্ভিদৰ বিষয়ে জানো আহা
অনুশীলনী
১) তলৰ বাক্যবোৰত থকা ভূল তথ্য শুদ্ধ কৰা আৰু পুনৰ তোমাৰ টোকা বহীত লিখা।
(ক) কাণ্ডই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে।
উত্তৰঃ শিপাই মাটিৰ পৰা পানী আৰু খনিজ পদাৰ্থ শোষণ কৰে।
(খ) পাতে গছক থিয় কৰি ৰাখে।
উত্তৰঃ কাণ্ডই গছক থিয় কৰি ৰাখে।
(গ) শিপাই পাতলৈ পানী পৰিৱহন কৰে।
উত্তৰঃ কাণ্ডই পাতলৈ পানী পৰিৱহন কৰে।
(ঘ) এপাহ ফুলত সদায় সমান সংখ্যক বেটুপাত আৰু পাহি থাকে।
উত্তৰঃ এপাহ ফুলত সদায় সমান সংখ্যক বেটুপাত আৰু পাহি নাথাকে।
(ঙ) যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়াহ’লে পাহিবোৰ সংলগ্ন হৈ থাকে।
উত্তৰঃ যদিহে এপাহ ফুলৰ বেটুপাত সংলগ্ন তেতিয়াহ’লে পাহিবোৰ সংলগ্ন হৈ নাথাকিবও পাৰে।
চ) যদি এপাহ ফুলৰ পাহিবোৰ সংলগ্ন তেতিয়াহ’লে গৰ্ভকেশৰো পাহিৰ সংলগ্ন হৈ থাকে ।
উত্তৰঃ এপাহ ফুলৰ পাহিবোৰ সংলগ্ন হ’লেও গৰ্ভকেশৰ পাহিৰ লগত সংলগ্ন হৈ নাথাকে।
২। তালিকা 2.৩ ত অধ্যয়ন কৰা অনুসৰি অংকণ কৰা-
উত্তৰঃ (ক) এখিলা পাত
খ) এথোপা মুখ্য়মূল
(গ) এপাহ ফুল।
৩) তোমালোকৰ ওচৰে-পাজৰে দীঘল কিন্তু দুৰ্বল কাণ্ড থকা উদ্ভিদ দেখা পাইছানে? ইয়াৰ নাম লিখা তোমালোকে ইয়াক কোন শ্ৰেণীত ভাগ কৰিবা।
উত্তৰঃ আমাৰ ওচৰে পাজৰে দীঘল কিন্তু দুৰ্বল উদ্ভিদ বহুত দেখিবলৈ পোৱা যায়। ইয়াৰ ভিতৰত অপৰাজিতা, লাউ, ভেদাই লতা, কোমোৰা, ভোল, জিকা, কেৰেলা, আঙুৰ আদি প্ৰধান।
আমি এই উদ্ভিদবোৰক লতাজাতীয় উদ্ভিদত অন্তৰ্ভুক্ত কৰো।
৪। উদ্ভিদৰ কাণ্ডৰ কাম কি?
উত্তৰঃ উদ্ভিদৰ শিপাৰ কাম হৈছে –
(ক) মাটিৰ পৰা শোষণ কৰা পানী আৰু খনিজ লৱণ পাতলৈ প্ৰেৰণ কৰে।
(খ) উদ্ভিদজোপাক থিয় কৰি ৰাখে।
(গ) পাতত প্ৰস্তুত খাদ্য কাণ্ডই উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহন কৰে।
৫। তলৰ কোনবোৰ পাতত জাল সিৰাবিন্যাস দেখিবলৈ পোৱা যায়?
ঘেঁহু, তুলসী, গোমধান, ঘাঁহ, ধনীয়া, জৱাফুল।
উত্তৰঃ আমি জাল সিৰাবিন্য়াস তুলসী, ধনীয়া আৰু জৱাফুলত দেখিবলৈ পাঁও।
৬। যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্চমূলযুক্ত হয় তেতিয়াহ’লে তুমি এই উদ্ভিদজোপাৰ সিৰাবিন্যাস কেনেকুৱা দেখিবলৈ পাবা।
উত্তৰঃ যদি এজোপা উদ্ভিদৰ শিপাবোৰ গুচ্ছমূলযুক্ত হয়, তেতিয়াহ’লে আমি এই উদ্ভিদজোপাৰ সমান্তৰাল সিৰাবিন্য়াস দেখিবলৈ পাম।
৭। যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্যাসযুক্ত হয় তেতিয়াহ’লে ইয়াৰ শিপা কোন প্ৰকাৰৰ হ’ব ।
উত্তৰঃ যদি এজোপা উদ্ভিদৰ পাত জাল সিৰাবিন্য়াসযুক্ত হয়, তেতিয়াহ’লে ইয়াৰ শিপা হ’ব মুখ্য়মূল যুক্ত।
৮) এখিলা কাগজত থকা পাতৰ সাঁচ চাই গছজোপাত মূখ্যমূল আছেনে গুচ্ছমূল আছে কোৱাতো তোমাৰ পক্ষে সম্ভৱপৰ হ’বনে ?
উত্তৰঃ এখিলা কাগজত থকা পাতৰ সাঁচ চাই গছজোপাত মূখ্যমূল আছেনে গুচ্ছমূল আছে কোৱাতো সম্ভৱপৰ হ’ব। যদি পাত খিলা জাল সিৰাবিন্য়াসযুক্ত হয়, তেতিয়াহ’লে ইয়াৰ শিপা হ’ব মুখ্য়মূল যুক্ত। আনহাতে যদি পাত খিলা সমান্তৰাল সিৰাবিন্য়াসযুক্ত হয়, তেতিয়াহ’লে ইয়াৰ শিপা হ’ব গুচ্ছমূল যুক্ত।
৯) ফুলৰ বিভিন্ন অংশৰ নাম লিখা ।
উত্তৰঃ এপাহ ফুলৰ বিভিন্ন অংশসমূহ হৈছে- বেতুপাত, পাহি (দল), পুংকেশৰ আৰু গৰ্ভকেশৰ।
১০) তলত দিয়া কোনবোৰ উদ্ভিদ তোমালোকে দেখিছা? তাৰ ভিতৰত কোনবোৰত ফুল আছে?
ঘাঁহ, গুমধান, ঘেঁহু, জলকীয়া, বিলাহী, তুলসী, বট, শিশু, আঁহত, আম, মধুৰিয়াম, ডালিম, জামু, অমিতা, কল, নেমুটেঙা, কুঁহিয়াৰ,আলু, বাদাম।
উত্তৰঃ ওপৰত থকা সকলোবোৰ উদ্ভিদেই মই দেখিছো। ইয়াৰ সকলোবোৰ উদ্ভিদৰেই ফুল আছে।
১১। উদ্ভিদৰ কোন অংশই খাদ্য প্ৰস্তুত কৰে? প্ৰক্ৰিয়াতোৰ নাম লিখা।
উত্তৰঃ উদ্ভিদৰ পাতে খাদ্য প্ৰস্তুত কৰে। এই প্ৰক্ৰিয়াটোৰ নাম হ’ল-সালোক-সংশ্লেষণ।
১২। ফুলৰ কোন অংশত তোমালোকে গৰ্ভাশয় দেখা পোৱা?
উত্তৰঃ ফুলৰ গৰ্ভকেশৰত গৰ্ভাশয় দেখা পোৱা যায়।
১৩। বেটুপাত সংলগ্ন আৰু পৃথককৈ থকা দুবিধ ফুলৰ নাম লিখা।
উত্তৰঃ বেটুপাত সংলগ্ন হৈ থকা ফুলৰ নাম হ’ল- ধতুৰা আৰু জৱাফুল। আৰু বেটুপাত পৃথককৈ থকা ফুলৰ নাম হ’ল- গোলাপ আৰু সৰিয়হ।
Complete question-answer guide for Class 6 Science Chapter 2, ‘উদ্ভিদৰ বিষয়ে জানো আহা,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 2 উদ্ভিদৰ বিষয়ে জানো আহা– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam