Complete question-answer guide for Class 6 Science Chapter 3, ‘সুস্বাস্থ্যৰ বাবে খাদ্য’ (Part 1) | আমাৰ বিজ্ঞান in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
সুস্বাস্থ্যৰ বাবে খাদ্য
Class 6 Science Chapter 3 (Part 1) in Assamese Medium | সুস্বাস্থ্যৰ বাবে খাদ্য– আমাৰ বিজ্ঞান Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
সুস্বাস্থ্যৰ বাবে খাদ্য
অনুশীলনী
1. তলত দিয়া সমূহৰ পৰা অমিল বস্তুবিধ উলিওৱা আৰু ইয়াৰ কাৰণ দর্শোৱা
(a) জোৱাৰ, বজ্ৰা, ৰাগি আৰু বুট
উত্তৰ: বুট
(b) ৰাজমাহ, বুট, ছয়াবিন আৰু চাউল
উত্তৰ: চাউল
2. ভাৰতবৰ্ষৰ পুৰণি আৰু আধুনিক ৰন্ধন প্রণালীৰ তুলনা কৰা।
উত্তৰ: প্রযুক্তিবিদ্যা আৰু পৰিবহণৰ উন্নতি, উন্নত যোগাযোগ আদিৰ বাবে ভাৰতবৰ্ষৰ পুৰণি আৰু আধনিক ৰন্ধন প্ৰণালীত ব্যাপক পৰিৱৰ্তনৰ উত্তৰণ ঘটিছে। আগতে মাটিৰ চৌকাত মাটি বা পিতলৰ পাত্ৰ ব্যৱহাৰ কৰি ৰন্ধন কাৰ্য কৰা হৈছিল। বৰ্তমান সময়ত ৰন্ধনৰ বাবে বিভিন্ন সঁজুলি যেনে-গেছষ্টোভ, অ’ভেন, এয়াৰ ফ্ৰাইয়াৰ আদি ব্যৱহাৰ কৰা হয়। আনহাতে আজি-কালি মাটিৰ পাত্ৰৰ সলনি প্ৰেচাৰ কুকাৰ আদিৰ দৰে কম সময়ত ৰান্ধিব পৰা সঁজুলি ব্যৱহাৰ কৰা হয়। আগৰদিনত খোৱাবস্তু বটিবলৈ শিল-পটা আৰু খুন্দিবলৈ উড়াল আৰু ঢেঁকী ব্যৱহাৰ কৰা হৈছিল আৰু বৰ্তমান আমি বৈদ্যুতিক গ্রাইণ্ডাৰ ব্যৱহাৰ কৰোঁ।
3. সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয় আৰু সকলো পুষ্টিকৰ খাদ্যই সোৱাদ যুক্ত নহয়। আলোচনা কৰা।
উত্তৰ: সকলো সোৱাদযুক্ত খাদ্য পুষ্টিকৰ নহয়। উদাহৰণস্বৰূপে- পিজ্জা,বাৰ্গাৰ, চিপছ, কোল্ড ড্ৰিংক্ছ আৰু মিঠাইবোৰ সোৱাদযুক্ত হয়, কিন্তু এইবোৰত অধিক তেল, চেনি আৰু নিমখ থাকে। এইবোৰ বেছিকৈ খালে অসুস্থ হোৱাৰ সম্ভাৱনা থাকে।
আনহাতে সকলো পুষ্টিকৰ খাদ্যই সোৱাদ যুক্ত নহয়। উদাহৰণস্বৰূপে- তিতা কেৰেলা, পালেং শাক, ব্ৰকোলি আৰু সিদ্ধ শাক-পাচলিৰ খাদ্য খুব পুষ্টিকৰ, কিন্তু বহুত ছাত্ৰ-ছাত্ৰীয়ে এইবোৰৰ সোৱাদ ভাল নাপায়।
4. তলত উল্লেখ কৰা তিনিবিধ খাদ্য সামগ্ৰীৰ তুমি কোনবিধ খাবা আৰু কিয় খাব ইচ্ছা কৰিবা?
(a) বটলত থকা ফলৰ ৰস
(b) সতেজ ফলৰ ৰস
(c) সতেজ ফল
উত্তৰ: মই সতেজ ফল খাই ভাল পাম কাৰণ ই প্ৰাকৃতিক আৰু স্বাস্থ্যকৰ। ইয়াত আঁহ, ভিটামিন, খনিজ পদাৰ্থ অধিক থাকে। লগতে ইয়াত কোনো ধৰণৰ চেনি বা সংৰক্ষক পদাৰ্থ যোগ কৰা নহয়।
5. চেনি এবিধ শৰ্কৰাযুক্ত খাদ্য। চেনিত আয়’ডিন মিলালে নীলা-ক’লা বৰণৰ নহয়। ইয়াৰ সমর্থনত কাৰণ দশোৱা।
উত্তৰ: আয়’ডিন যোগ কৰিলে চেনি ক’লা বা নীলা বৰণৰ নহয় কাৰণ চেনিত শ্বেতসাৰ নাথাকে। আয়’ডিনে শ্বেতসাৰ সৈতে বিক্ৰিয়া কৰিলেহে নীলা-ক’লা ৰং দিয়ে, সাধাৰণ চেনিৰ লগত নহয়। গতিকে, আমি যেতিয়া চেনিত আয়’ডিন যোগ কৰো তেতিয়া ৰং সলনি নহয়।
6. মিলেটবোৰক পুষ্টিকৰ খাদ্য হিচাবে গণ্য কৰা হৈছে। আমি কেৱল মিলেট খালেই শৰীৰত লাগতিয়াল পুষ্টিসমূহ পামনে? আলোচনা কৰা
উত্তৰ: মিলেটবোৰ স্বাস্থ্যকৰ আৰু ই আমাক প্ৰটিন, আঁহ, কেলছিয়াম, লো, পটাছিয়াম, মেগনেছিয়াম, শক্তি প্ৰদান কৰে। কিন্তু কেৱল মিলেট খালেই আমাৰ শৰীৰৰ বাবে লাগতিয়াল পুষ্টিসমূহ নাপাও। আমাৰ শৰীৰক সম্পূৰ্ণ পুষ্টিৰ বাবে ফলমূল, শাক-পাচলি, গাখীৰ, দালি, চাউল, বাদামৰ আদিৰো প্ৰয়োজনো হয়। গতিকে, আমি সুষম খাদ্য গ্ৰহণ কৰা উচিত।
7. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা –
(i) তলত দিয়া কোনটো ভিটামিন D ব অভাৱত হয়?
(a) দৃষ্টিশক্তি কমি যোৱা
(b) বেৰি বেৰি
(c) স্কার্ভি
(d) ৰিকেট
উত্তৰ: (d) ৰিকেট
(ii) তলত দিয়া কোনটো ৰোগ ভিটামিন C ৰ অভাৱত হয়?
(a) দৃষ্টিশক্তি কমি যোৱা
(b) স্কার্ভি
(c) ৰিকেট
(d) ৰক্তহীনতা
উত্তৰ: (b) স্কার্ভি
iii) তলত দিয়া কোনটো ভিটামিন A ৰ অভাৱত হয়?
(a) দৃষ্টিশক্তি কমি যোৱা
(b) হাড় আৰু দাঁত ক্ষয় যোৱা
(C) বেৰি বেৰি
(d) স্কার্ভি
উত্তৰ: (a) দৃষ্টিশক্তি কমি যোৱা
(iv) তলত দিয়া কোনটো ৰোগ লোৰ অভাৱত হয়?
(a) ৰক্তহীনতা
(b) দৃষ্টিশক্তি কমি যোৱা
(C) বেৰি বেৰি
(d) স্কার্ভি
উত্তৰ: (a) ৰক্তহীনতা
৪. তলত দিয়া উপাদান সমৃদ্ধ খাদ্যবোৰৰ প্ৰতিটোৰে দুটাকৈ নাম উল্লেখ কৰা।
(a) স্নেহপদার্থ
উত্তৰ: বাদাম, সৰিয়হৰ তেল
(b) শ্বেতসাৰ
উত্তৰ: আলু, চাউল
(c) আঁহজাতীয় খাদ্য
উত্তৰ: মাহ জাতীয় শস্য, ফল-মূল
(d) প্র’টিন
উত্তৰ: কণী, চয়াবিন
Complete question-answer guide for Class 6 Science Chapter 3, ‘সুস্বাস্থ্যৰ বাবে খাদ্য,’ আমাৰ বিজ্ঞান- in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 3 সুস্বাস্থ্যৰ বাবে খাদ্য– আমাৰ বিজ্ঞান – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam