Assam Board Exam

Class 6 Science Chapter 3 | আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ- Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 6 Science Chapter 3, ‘আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ(Part 2) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 6 Science Chapter 3 (Part 2) in Assamese Medium | আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ– Complete Question Answer in Assamese Medium

ষষ্ঠ শ্ৰেণী

বিজ্ঞান 

আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ

১। পানী আৱদ্ধ হৈ থকা ঠাই এটুকুৰাৰ মাজেৰে খোজ কাঢ়িবলৈ তোমালোকে সাধাৰণতে তোমালোকৰ পোচাক কোচাই চুটি কৰি লোৱা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে?

উত্তৰঃ এই পৰিৱৰ্তনক আমি বিপৰীতমুখী কৰিব পাৰো। আমি আৱদ্ধ হৈ থকা পানীখিনি পাৰ হৈ যোৱাৰ পিছত পোছাকযোৰ পুনৰ আগৰ অৱস্থালৈ ঘূৰাই আনিব পাৰো।


২। তোমালোকে হঠাতে তোমালোকৰ প্ৰিয় পুতলাটো পেলাই ভাঙিলা। এই পৰিৱৰ্তনটো তোমালোকে বিচৰা নাছিলা। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে।

উত্তৰঃ এই পৰিবৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি।


৩। তলৰ তালিকাত কিছুমান পৰিৱৰ্তন দিয়া আছে। প্ৰতিটো পৰিৱৰ্তনৰ কাৰণে খালী স্তম্ভত পৰিৱৰ্তনটো বিপৰীতমুখী হ’ব পাৰে নে নোৱাৰে লিখা।

উত্তৰঃ

ক্ৰমিক নংপৰিৱৰ্তনবিপৰীতমুখী হ’ব পাৰে (হয়, নহয়)
কাঠ এটুকুৰা ফলানহয়
বৰফ এটুকুৰা গলাহয়
পানীত চেনী দ্ৰৱীভূত হোৱাহয়
খাদ্য ৰন্ধানহয়
আম এটা পকি যোৱানহয়
গাখীৰ দৈ হোৱানহয়

৪। কাগজ এখনত ছবি আঁকিলে কাগজখনৰ পৰিৱৰ্তন হয়। এই পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিবানে।

উত্তৰঃ এই পৰিবৰ্তনবিপৰীতমুখী কৰিব পাৰি। কাৰণ ৰবৰ এডালে তাক মচি দি বিপৰীতমুখী কৰিব পাৰি।

কিন্তু যদি কাগজখনত ছবি পেন বা ৰঙেৰে অঁকা হয় তেন্তে এই পৰিবৰ্তনবিপৰীতমুখী কৰিব নোৱাৰি।


৫। বিপৰীতমুখী হ’ব আৰু বিপৰীতমুখী হ’ব নোৱাৰা পৰিৱৰ্তনবোৰৰ মাজত থকা পাৰ্থক্য উদাহৰণ সহ বাখ্যা কৰা।

উত্তৰঃ বিপৰীতমুখী হ’ব পৰা আৰু বিপৰীতমুখী হ’ব নোৱাৰা পৰিবৰ্তনৰ মাজত পাৰ্থক্য় হ’ল- 

    বিপৰীতমুখী হ’ব পৰা পৰিবৰ্তনত পৰিবৰ্তন হোৱা বস্তুসমূহ পুনৰ আগৰ ৰূপলৈ ঘূৰাই আনিব পাৰি। উদাহৰণস্বৰূপে- বৰফ এটুকুৰা গলি পানী হোৱা আৰু পানীৰ পৰা বৰফ হোৱা।

    আনহাতে বিপৰীতমুখী হ’ব নোৱাৰা পৰিবৰ্তনত পৰিবৰ্তন পোৱা বস্তুসমূহ পুনৰ আগৰ ৰূপত ঘূৰাই পাব নোৱাৰি। উদাহৰণস্বৰূপে- গাখীৰ দৈ হোৱা। 


৬। ভঙা হাড়ৰ বেণ্ডেজৰ ওপৰত প্লাষ্টাৰ অব পেৰিচৰ এটা ডাঠ প্ৰলেপ দিয়া হয়। ই শুকাই কঠিন হৈ পৰে আৰু ভঙা হাড়ডালক লৰচৰ কৰিব নোৱাৰাকৈ ৰাখে। প্লাষ্টাৰ অব পেৰিচৰ হোৱা পৰিৱৰ্তনক বিপৰীতমুখী কৰিব পাৰিনে?

উত্তৰঃ প্লাষ্টাৰ অৱ পেৰিচত হোৱা এই পৰিবৰ্তনক বিপৰীতমুখী কৰিব নোৱাৰি।


৭। বাহিৰত পৰি থকা এক বস্তা চিমেন্ট ৰাতি বৰষুণ হোৱাৰ বাবে তিতিলে। পিচদিনাখন ভালদৰে ৰ’দ ওলাল। তোমালোকে বাৰু ভাবানে চিমেন্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব পাৰি?

উত্তৰঃ চিমেন্টৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তন বিপৰীতমুখী কৰিব নোৱাৰি।


Complete question-answer guide for Class 6 Science Chapter 3, ‘আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!


Class 6 Science All Question Answer- Click Here


Class 6 Science Chapter 3 আমাৰ চৌপাশৰ পৰিৱৰ্তনবোৰ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment