চুম্বকৰ সৈতে খেলোঁ আহা | Class 6 Science Chapter 4 | SEBA 2025 New Book Notes
📚 Chapter Details
- 📖 Chapter Name: চুম্বকৰ সৈতে খেলোঁ আহা
- 📘 Class: 6
- 🔬 Subject: Science
- 📓 Textbook: আমাৰ বিজ্ঞান (Amar Bigyan) – New 2025 Edition
- 🏫 Board: SEBA (Assam Board)
- 🌐 Medium: Assamese Medium
- 🗓 Academic Year: 2025
Get Class 6 Science Chapter 4 “চুম্বকৰ সৈতে খেলোঁ আহা” complete explanation, summary, and textbook Q&A from SEBA 2025’s new book “আমাৰ বিজ্ঞান”. Ideal for Assamese medium students.
🔍 Chapter Overview (পাঠ পৰিচয়)
এই পাঠখনত চুম্বকৰ আচৰণ, গুণ আৰু ব্যৱহাৰ সম্পৰ্কে আলোচনা কৰা হৈছে। শিশুসকলক চুম্বকৰ সাহাৰ্যৰে কৰা মজাদাৰ অভিজ্ঞতা আৰু প্ৰয়োগৰ জৰিয়তে বিজ্ঞানৰ গুৰুত্বপূৰ্ণ ধাৰণাসমূহ বুজাবলৈ চেষ্টা কৰা হৈছে।
Complete question-answer guide for Class 6 Science Chapter 4, ‘চুম্বকৰ সৈতে খেলোঁ আহা’ (Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
চুম্বকৰ সৈতে খেলোঁ আহা
Class 6 Science Chapter 4 (Part 1) in Assamese Medium | চুম্বকৰ সৈতে খেলোঁ আহা– Complete Question Answer in Assamese Medium
অনুশীলনী
Chapter 4
চুম্বকৰ সৈতে খেলোঁ আহা
1. খালী ঠাই পূৰণ কৰা
(a) চুম্বকে আকর্ষণ কৰা পদাৰ্থবোৰক _________পদার্থ বোলে।
উত্তৰ: চুম্বকে আকর্ষণ কৰা পদাৰ্থবোৰক চুম্বকীয় পদার্থ বোলে।
(b) বিভিন্ন কামৰ বাবে কৃত্রিম ভাবে তৈয়াৰ কৰা চুম্বকক _________ চুম্বক বুলি কোৱা হয়।
উত্তৰ: (b) বিভিন্ন কামৰ বাবে কৃত্রিম ভাবে তৈয়াৰ কৰা চুম্বকক কৃত্রিম চুম্বক বুলি কোৱা হয়।
(c) ৰবৰ _________ পদার্থ নহয়।
উত্তৰ: ৰবৰ চুম্বকীয় পদার্থ নহয়।
(d) এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ __________ দণ্ড চুম্বক পাম।
উত্তৰ: এডাল দণ্ড চুম্বকক দুটুকুৰা কৰিলে আমি একেধৰণৰ দুটুকুৰা দণ্ড চুম্বক পাম।
(e) দুডাল চুম্বকৰ একে মেৰুৱে ________ কৰে।
উত্তৰ: দুডাল চুম্বকৰ একে মেৰুৱে বিকৰ্ষণ কৰে।
(f) চুম্বকৰ সদায় ________ টা মেৰু থাকে।
উত্তৰ: চুম্বকৰ সদায় দুটা মেৰু থাকে।
2. সত্য উক্তিবোৰত (✔ ) চিন দিয়া।
(a) চুম্বকে সকলো ধৰণৰ পদাৰ্থক আকৰ্ষণ কৰে।
উত্তৰ: অসত্য
(b) চুম্বকৰ বিপৰীত মূৰ দুটাৰ মাজত আকর্ষণ হয়।
উত্তৰ: সত্য
(c) ক’বাল্ট এবিধ চুম্বকীয় পদার্থ।
উত্তৰ: সত্য
(d) দণ্ড চুম্বকে সদায় উত্তৰ-দক্ষিণ দিশত মুখ কৰি থাকে।
উত্তৰ: সত্য
(e) গৰম কৰিলে চুম্বকৰ চুম্বকত্ব গুণ হেৰায়।
উত্তৰ: সত্য
3. ‘ক’ স্তম্ভৰ লগত ‘খ’ স্তম্ভ মিলোৱা
‘ক’ স্তম্ভ | ‘খ’ স্তম্ভ |
1. কম্পাছ যন্ত্ৰৰ শলা | (a) প্রথমে আৱিষ্কাৰ হোৱা চুম্বক |
2. লোৰ গজাল | (b) চুম্বকত্ব গুণ দীর্ঘসময়ৰ বাবে থাকে |
3. মেগনেটাইট | (c) চুম্বকৰ দ্বাৰা আকর্ষিত হয় |
4. স্থায়ী চুম্বক | (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে। |
উত্তৰ:
‘ক’ স্তম্ভ | ‘খ’ স্তম্ভ |
1. কম্পাছ যন্ত্ৰৰ শলা | (d) স্থিৰ অৱস্থাত উত্তৰ-দক্ষিণ দিশত অৱস্থান কৰে। |
2. লোৰ গজাল | (c) চুম্বকৰ দ্বাৰা আকর্ষিত হয় |
3. মেগনেটাইট | (a) প্রথমে আৱিষ্কাৰ হোৱা চুম্বক |
4. স্থায়ী চুম্বক | (b) চুম্বকত্ব গুণ দীর্ঘসময়ৰ বাবে থাকে |
4. স্তম্ভ-1 ত চুম্বকৰ এটা মূৰৰ অৱস্থিতি দেখুওৱা হৈছে। স্তম্ভ-2 ত প্রত্যেক ক্ষেত্রত কেনে ধৰণৰ ক্ৰিয়া হয় দেখুওৱা হৈছে। এতিয়া খালী ঠাইবোৰ পূৰণ কৰা।
স্তম্ভ-1 | স্তম্ভ-2 |
উত্তৰ-উত্তৰ উত্তৰ- _______ দক্ষিণ-উত্তৰ ______-দক্ষিণ | __________ আকর্ষণ __________ বিকর্ষণ |
উত্তৰ:
স্তম্ভ-1 | স্তম্ভ-2 |
উত্তৰ-উত্তৰ উত্তৰ-দক্ষিণ দক্ষিণ-উত্তৰ দক্ষিণ-দক্ষিণ | বিকর্ষণ আকর্ষণ আকর্ষণ বিকর্ষণ |
5. শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা।
i) তলৰ কোনবিধ চুম্বকীয় পদার্থ?
(a) আলপিন
(b) ৰবৰ
(c) প্লাষ্টিকৰ খাৰু
(d) কাঠৰ স্কেল
উত্তৰ: (a) আলপিন
ii) তলৰ কোনবিধ অচুম্বকীয় পদার্থ?
(a) লোৰ গজাল
(b) ৰাবাৰ বেণ্ড
(c) ছেফ্টিপি
(d) আলপিন
উত্তৰ: (b) ৰাবাৰ বেণ্ড
iii) চুম্বকৰ কেইটা মেৰু থাকে?
(a) দুটা
(b) এটা
(c) তিনিটা
(d) চাৰিটা
উত্তৰ: (a) দুটা
6. দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ কোনটো অংশত লোৰগুড়ি আটাইতকৈ কমকৈ লাগি ধৰিব?
উত্তৰ: দণ্ড চুম্বক এডাল লোৰ গুড়িৰ ওচৰলৈ নিলে চুম্বকডালৰ মাজ অংশত লোৰগুড়ি আটাইতকৈ কমকৈ লাগি ধৰিব।
7. এডাল দণ্ড চুম্বকৰ মেৰু দুটা চিহ্নিত কৰা হোৱা নাই। ইয়াৰ উত্তৰ মেৰু কোনটো কিদৰে উলিয়াবা?
উত্তৰ: দণ্ড চুম্বকডালৰ সোঁমাজত এডাল সূতাৰে বান্ধি মুক্তভাৱে উলমিবলৈ দিয়া হ’ল। এতিয়া চুম্বকডাল স্থিৰ অৱস্থাত অহাৰ পিছত চুম্বকডাল উত্তৰা দক্ষিণাকৈ মূৰ কৰো থাকিব। যিটো মূৰ উত্তৰ দিশলৈ মূৰ কৰি থাকিব সেইটো মূৰ উত্তৰ মেৰু আনহাতে যিটো মূৰ দক্ষিণ দিশলৈ মূৰ কৰি থাকিব সেইটো মূৰ হ’ব দক্ষিণ মেৰু।
8. একক মেৰুযুক্ত চুম্বক পাব পাৰোঁনে?
উত্তৰ: একক মেৰুযুক্ত চুম্বক পাব নোৱাৰো।
9. চুম্বকৰ যিকোনো দুটা ধর্ম লিখা।
উত্তৰ: চুম্বকৰ যিকোনো দুটা ধর্ম হ’ল –
- প্রত্যেক চুম্বকৰ দুটা মেৰু থাকে- উত্তৰ মেৰু আৰু দক্ষিণ মেৰু।
- দুডাল চুম্বকৰ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে আৰু একেজাতীয় মেৰুৱে বিকৰ্ষণ কৰে।
10. লোৰ গজাল এটা কিদৰে চুম্বকলৈ পৰিণত কৰিবা?
উত্তৰ: এটা লোৰ গজালএডাল চুম্বকেৰে ৩০-৪০ বাৰ মান ঘঁহাই থকিলে লোৰ গজালটো চুম্বকলৈ পৰিবৰ্তিত হ’ব । এই কাৰ্য কৰোতে আমি মন দিব লাগিব যাতে চুম্বকৰ মেৰু আৰু ঘঁহাই নিয়া দিশ কেতিয়াও সলনি নহয়। লোৰ গজালটো চুম্বকলৈ পৰিবৰ্তিত হৈছেনে নাই চাবৰ বাবে এখন ব্লেড লোৰ গজালটোত লগাই চাম। যদি চুম্বকলৈ পৰিণত হোৱা নাই প্ৰক্ৰিয়াতো একেৰাহে কিছুসময়লৈ চলাই যাম।

11. মুক্তভাবে ওলোমাই থলে দণ্ড চুম্বক এডালে কিয় উত্তৰ-দক্ষিণাকৈ থাকে?
উত্তৰ: আমাৰ পৃথিৱীখন এডাল প্রকাণ্ড দণ্ড চুম্বকৰ দৰে। ইয়াক ভূ-চুম্বক বোলে। উত্তৰ দিশে ভূ-চুম্বকৰ দক্ষিণ মেৰু আৰু দক্ষিণ দিশে ভূ-চুম্বকৰ উত্তৰ মেৰু থাকে। সেয়ে মুক্তভাবে ওলোমাই থলে দণ্ড চুম্বক এডালে উত্তৰ-দক্ষিণাকৈ থাকে।
12. কম্পাছ যন্ত্ৰৰ সহায়ত কিদৰে দিশ নির্ণয় কৰা হয়?
উত্তৰ: কম্পাছ হৈছে কাঁচৰ ঢাকনিযুক্ত এটা সৰু বাকচ। ইয়াৰ সোমাজত এডাল সৰু শলা আকৃতিৰ চুম্বক থাকে। এই শলাডাল অনায়াসে ঘূৰিব পাৰে। স্থিৰ অৱস্থাত চুম্বকডালৰ মূৰ দুটা সদায় উত্তৰা-দক্ষিণা হৈ থাকে। সুবিধাৰ বাবে চুম্বকডালৰ উত্তৰ মেৰুটো ৰঙা ৰঙেৰে বোলোৱা হয়। এনেদৰে কম্পাছৰ চুম্বক শলাডালৰ পৰা উত্তৰ আৰু দক্ষিণ দিশ জানিব পাৰি। লগে লগে আন দিশো (পূব আৰু পশ্চিম) ঠাৱৰ কৰিব পাৰি।
13. অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু দুটা কিদৰে চিনাক্ত কৰিবা?
উত্তৰ: অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰু চিনাক্তকৰণ কৰিবলৈ আমি দণ্ড চুম্বক ব্যৱহাৰ কৰিব পাৰোঁ। দণ্ড চুম্বকৰ উত্তৰ মেৰুক আকৰ্ষণ কৰা অশ্বখুৰাকৃতি চুম্বকৰ মেৰুটো হব দক্ষিণ মেৰু আৰু আনহাতে দক্ষিণ মেৰুক আকৰ্ষণ কৰা অশ্বখুৰাকৃতিৰ চুম্বকৰ মেৰুটো হব উত্তৰ মেৰু।
14. তোমাক এডাল দণ্ড চুম্বক, সক এডাল প্লাষ্টিকৰ সৰু স্কেল, এটা কাঠৰ টুকুৰা আৰু লোৰ গজাল এটা দিয়া হ’ল। ইয়াৰে কোনবিধক তুমি চুম্বকত পৰিণত কৰিব পাৰিবা আৰু কেনেকৈ? চুম্বকত পৰিণত হোৱাটো কেনেদৰে গম পাবা?
উত্তৰ: ইয়াৰে লোৰ গজালক দণ্ড চুম্বকৰ ওপৰত বাৰে বাৰে ঘঁহি ঘঁহি চুম্বকত পৰিণত কৰিব পাৰি।
যদি লোৰ গজালক মুক্তভাৱে ওলোমাই থলে গজালটো উত্তৰ – দক্ষিণ দিশে মুখ কৰি থাকে তেতিয়া আমি কব পাৰিম যে লোৰ গজালটো চুম্বকত পৰিণত হৈছে।
15. তোমাক এডাল দণ্ড চুম্বক আৰু কিছুমান আলপিন দিয়া হ’ল। দণ্ড চুম্বকডালৰ মেৰু দুটা কেনেকৈ উলিয়াবা?
উত্তৰ: দণ্ড চুম্বক ডাল সূতাৰ সহায়ত ওলোমাই দিলে উত্তৰ ফালে মূৰ কৰি থকা মেৰুতো হব উত্তৰ মেৰু আৰু আনটো মূৰ হব দক্ষিণ মেৰু। কেৱল আলপিনৰ সহায়ত মেৰু নিৰ্ধাৰণ কৰিব পৰা নাযায়।
16. তোমাক এডাল দণ্ড চুম্বক আৰু এটা কম্পাছ যন্ত্র দিয়া হ’ল। চুম্বকডালত মেৰু চিহ্নিত কৰা হোৱা নাই। কম্পাছ যন্ত্ৰটোৰ সহায়ত কিদৰে চুম্বকডালৰ মেৰু দুটা চিহ্নিত কৰিবা?
উত্তৰ: দুডাল চুম্বকৰ বিপৰীত মেৰুৱে আকৰ্ষণ কৰে আৰু একেজাতীয় মেৰুৱে বিকৰ্ষণ কৰে। গতিকে দণ্ড চুম্বক ডালৰ যিটো মেৰুৰ ওচৰত নিলে কম্পাছ যন্ত্ৰৰ কাটাডালে দক্ষিণ দিশ দেখুৱাই সেই মেৰুটো হব দণ্ড চুম্বকৰ উত্তৰ মেৰু আৰু আনটো মেৰু হব দক্ষিণ মেৰু।
17. ষ্টীলৰ বেজি এটা মজিয়াত পৰি গ’ল, তুমি হাতেৰে উঠাব পৰা নাই। বেজিটো কি উপায়েৰে উঠাব পাৰিবা?
উত্তৰ: এডাল চুম্বক ৰচিৰ সহায়ত বান্ধি লৈ চুম্বকডাল মজিয়াত কিছু সময় চুচুৰালে বেজিটো চুম্বকত লাগি ধৰিব আৰু এনেদৰে আমি ষ্টিলৰ বেজী উঠাব পাৰোঁ।
18. ধৰা হ’ল, তুমি এখন নতুন ঠাইলৈ ফুৰিব গ’লা। তোমাৰ লগত এটা কম্পাছযন্ত্র আছে। তুমি কিদৰে ঠাইখনৰ দিশবোৰ নিৰ্ণয় কৰিবা?
উত্তৰ: কম্পাছডালৰ কাটাডাল চালে যিটো মূৰত N লিখা থাকে সেই দিশটো হব উত্তৰ দিশ আৰু বিপৰীত দিশটো হ’ব দক্ষিণ দিশ। এনেদৰে আমি এখন নতুন ঠাইলৈ ফুৰিব গ’লে আমি দিশ নিৰ্ণয় কৰিব পাৰো।
✍️ Chapter Summary (সাৰাংশ)
চুম্বকৰ সৈতে খেলোঁ আহা | Class 6 Science Chapter 4 পাঠখন চুম্বকৰ গুণাগুণ, চুম্বক ক’ত ক’ত ব্যৱহাৰ হয় আৰু ইয়াৰ সাহায্যে কেনেকৈ বস্তুক আকৰ্ষণ বা বিকর্ষণ কৰা যায়, সেইবোৰ আলোচনা কৰে। পাঠখনত বিভিন্ন অভিজ্ঞতাৰ জৰিয়তে চুম্বকৰ আচৰণ বুজাব পৰা যায়।
চুম্বক ধাতু, মাটিত পোৱা চুম্বক (natural magnets), কৃত্ৰিম চুম্বক (artificial magnets), চুম্বকৰ মুগ্ধকাৰী ক্ষমতা, আৰু চুম্বকৰ দুটা মুৰ (north আৰু south pole) সম্পৰ্কে বুজোৱা হৈছে।
📌 Key Points to Remember
- চুম্বকৰ আকৰ্ষণ শক্তি চুম্বকৰ মুখত সৰ্বাধিক।
- চুম্বক প্ৰাকৃতিক (natural) আৰু কৃত্ৰিম (artificial) হয়।
- সমমুখ (north-north / south-south) বিকর্ষণ কৰে, আৰু বিপৰীত মুখ (north-south) আকৰ্ষণ কৰে।
- চুম্বকৰ চিৰদিন শক্তি নাথাকে – চুম্বকৰ শক্তি হ্ৰাস হ’ব পাৰে।
🧠 Learning Outcomes
- চুম্বকৰ ব্যৱহাৰ আৰু ব্যৱহাৰযোগ্য স্থান চিনাক্ত কৰিব পাৰে।
- চুম্বকৰ আকৰ্ষণ আৰু বিকর্ষণ ধাৰণা বুজিব।
- পৰীক্ষাৰ বাবে বিজ্ঞানৰ মূল মৌলিক ধাৰণা আয়ত্ত কৰিব।
🧲 Real-life Applications of Magnets
- 💽 হাৰ্ড ডিস্ক আৰু মেম’ৰী ড্ৰাইভ
- 🧲 ইলেকট্ৰিক মটৰ
- 🧲 চিকিত্সাত MRI মেছিন
- 🧲 খেলনা, চিপকোৱা ফাইল, বেল্ট, ব্যাগ
📥 PDF Downloads
We are working on adding PDF downloads for each chapter. Stay tuned!
🔗 Explore Other Class 6 Subjects
| Class 6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |
📲 Stay Connected
Get the latest updates and chapter releases via: