Complete question-answer guide for Class 6 Science Chapter 5, ‘বিদ্যুৎ আৰু বৰ্তনী’ (Part 2) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
বিদ্যুৎ আৰু বৰ্তনী
Class 6 Science Chapter 5 (Part 2) in Assamese Medium | বিদ্যুৎ আৰু বৰ্তনী -Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
বিদ্যুৎ আৰু বৰ্তনী
অনুশীলনী
১। খালী ঠাই পূৰণ কৰা:
(ক) বৈদ্যুতিক বৰ্তনী এটা বিছিন্ন কৰিবলৈ যি আঁহিলা ব্যৱহাৰ কৰা হয় তাক _________ বোলে।
উত্তৰ: বৈদ্যুতিক বৰ্তনী এটা বিছিন্ন কৰিবলৈ যি আঁহিলা ব্যৱহাৰ কৰা হয় তাক চুইছ বোলে।
(খ) এটা বিদ্যুৎ কোষত ___________ মেৰু থাকে।
উত্তৰ: এটা বিদ্যুৎ কোষত দুটা মেৰু থাকে।
২। তলৰ বাক্যসমূহক ‘শুদ্ধ’ বা ‘অশুদ্ধ’ হিচাপে চিহ্নিত কৰা ঃ
(ক) ধাতুৰ মাজেৰে বিদ্য়ুৎ প্ৰৱাহিত হ’ব পাৰে।
উত্তৰঃ শুদ্ধ।
(খ) বৈদ্য়ুতিক বৰ্তনী এটা সাজিবলৈ এডাল ধাতুৰ সলনি এডাল মৰপাতৰ ৰচীও ব্য়ৱহাৰ কৰিব পাৰা।
উত্তৰঃ অশুদ্ধ।
(গ) এডোখৰ থাৰ্মকলৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হ’ব পাৰে।
উত্তৰঃ অশুদ্ধ।
৩। চিত্ৰ ৫.১৩ ত দেখুওৱা সজ্জাটোত কিয় বাল্বটো নজ্বলে ব্যাখ্যা কৰা।
উত্তৰ— উক্ত বিদ্যুৎ বৰ্তনীটো তৈয়াৰ কৰোঁতে স্ক্ৰু-ড্ৰাইভাৰ ব্যৱহাৰ কৰা হৈছে আৰু ইয়াৰ এটা মূৰ বিদ্যুৎৰ অপৰিবাহী। গতিকে সজ্জাটোত থকা বাল্বটো নজ্বলে।
৪। চিত্ৰ ৫.১৪ত বাল্বটো জ্বলিবলৈ তাঁৰ দুডালৰ মুক্ত মূৰ দুটা ক’ত সংযোগ কৰিব লাগিব দেখুৱাবলৈ চিত্ৰ ৫.১৪টো সম্পূৰ্ণকৈ আঁকা।
উত্তৰ—
৫। বৈদ্য়ুতিক ছুইচ এটা ব্য়ৱহাৰ কৰাৰ কাৰণ কি? কিছুমান বাদ্য়ুতিক সঁজুলিৰ নাম লিখা য’ত ছুইচ সংযোগ কৰি থোৱা থাকে।
উত্তৰঃ কোনো এটা বৈদ্য়ুতিক বৰ্তনী বিচ্ছিন্ন বা সংযোগ কৰিবলৈ ছুইচ ব্য়ৱহাৰ কৰা হয়।
ছুইচ সংযোগ কৰি থোৱা কিছুমান বৈদ্য়ুতিক সঁজুলিৰ নাম হ’ল- টৰ্চ, ইস্ত্ৰি, টেবুল ফেন, ৰেডিঅ’, টেলিভিচন, টেপ ৰেকৰ্ডাৰ আদি।
৬। ছেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মচা ৰবৰ এডাল ব্যৱহাৰ কৰি চিত্ৰ ১২.১৪ত দিয়া বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো জ্বলি উঠিবনে?
উত্তৰ— চেফটি পিনৰ সলনি পেঞ্চিলৰ দাগ মচা ৰবৰ ব্যৱহাৰ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিলে বাল্বটো পুনৰ জ্বলি নুঠিব। কাৰণ, পেঞ্চিলৰ দাগ মচা ৰবৰ এডাল বিদ্যুৎৰ অপৰিবাহী।
৭। চিত্ৰ ৫.১৫ ত দেখুওৱা বাল্বটো জ্বলিবনে?
উত্তৰ— জ্বলিব, কাৰন বাল্বত সংযোজিত তাঁৰডাল বেটাৰীৰ ধনাত্মক আৰু ঋণাত্মক দুয়ো মেৰুত সংযোজিত হৈ আছে।
৮। এটা বস্তুৰ ক্ষেত্ৰত ‘পৰিবাহীতা টেষ্টাৰ’ ব্যৱহাৰ কৰাত বাল্বটো জ্বলি উঠা দেখা গ’ল। সেই বস্তুটো পৰিবাহী নে অপৰিবাহী পদাৰ্থ ব্যাখ্যা কৰা।
উত্তৰ— যিহেতু ‘পৰিবাহীতা টেষ্টাৰৰ’বাল্বটো জ্বলি উঠিছে ইয়াৰ অৰ্থ হৈছে বস্তুটো বিদ্যুৎ পৰিবাহী।
৯। এজন ইলেক্ট্ৰিচিয়ানে তোমাৰ ঘৰৰ ছুইচ এটা মেৰামতি কৰাৰ সময়ত তেওঁ হাতত কিয় ৰবৰৰ হাতমোজা পিন্ধি লোৱা উচিত? ব্য়াখ্য়া কৰা।
উত্তৰঃ ৰবৰৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত নহয়। সেইবাবে ইলেক্ট্ৰিচিয়ানজনে ঘৰৰ ছুইচ আদি মেৰামতি কৰাৰ সময়ত হাতমোজা পিন্ধি ল’ব লাগে। কাৰণ অসাৱধানবশত তেওঁৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হ’লে মৃত্যু মুখতো পৰিব পাৰে।
১০। মেৰামতি কামত ইলেক্ট্ৰিচিয়ানে ব্য়ৱহাৰ কৰা স্ক্ৰু-ড্ৰাইভাৰ আৰু চেপেনা আদিৰ নিচিনা আঁহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিকৰ আৱৰণ থাকে। কিয় এই আৱৰণ দিয়া হয় তুমি ব্য়াখ্য়া কৰিব পাৰিবানে?
উত্তৰঃ ৰবৰ বা প্লাষ্টিক জাতীয় দ্ৰব্য়ৰ মাজেৰে বিদ্য়ুৎ প্ৰবাহিত হ’ব নোৱাৰে। সেইবাবে মেৰামতি কামত ইলেক্ট্ৰিচিয়ানে ব্য়ৱহাৰ কৰা স্ক্ৰু-ড্ৰাইভাৰ আৰু চেপেনা আদিৰ নিচিনা আঁহিলাৰ নালবোৰত সাধাৰণতে প্লাষ্টিকৰ আৱৰণ থাকে।
Complete question-answer guide for Class 6 Science Chapter 5, ‘বিদ্যুৎ আৰু বৰ্তনী,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 5 বিদ্যুৎ আৰু বৰ্তনী– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam