Assam Board Exam

Class 6 Science Chapter 5 | গতি আৰু দূৰত্বৰ জোখ – মাখ- Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 6 Science Chapter 5,‘গতি আৰু দূৰত্বৰ জোখ – মাখ(Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

Class 6 Science Chapter 5 (Part 1) in Assamese Medium | গতি আৰু দূৰত্বৰ জোখ – মাখ Complete Question Answer in Assamese Medium

ষষ্ঠ শ্ৰেণী

বিজ্ঞান 

গতি আৰু দূৰত্বৰ জোখ – মাখ

1) মাটি , পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থাৰ দুটাকৈ উদাহৰণ দিয়া।

উত্তৰঃ মাটি , পানী আৰু বায়ুত ব্যৱহাৰ কৰা পৰিবহণ ব্যৱস্থা হৈছে –

  1. মাটি – বাছ, ৰেল গাড়ী
  2. পানী – নাওঁ, পানী জাহাজ
  3. বায়ু – হেলিকপ্টাৰ, উৰাজাহাজ।

2)  খালী ঠাই পূৰ কৰা:

a) এক মিটাৰ মানে ________ চে : মি : ।

উত্তৰঃ – এক মিটাৰ মানে 100 চে : মি :।

b) পাঁচ কিলোমিটাৰ মানে _______ মি :।

উত্তৰঃ – পাঁচ কিলোমিটাৰ মানে 5000 মি :।

c) দোলনাত শিশু এটাই কৰা গতি হৈছে _______।

উত্তৰঃ – দোলনাত শিশু এটাই কৰা গতি হৈছে পৰ্যাবৃত্ত গতি । 

d) চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে _______।

উত্তৰঃ – চিলাই মেচিনৰ বেজিটোৰ গতি হৈছে পৰ্যাবৃত্ত গতি

e) বাইচাকেলৰ চকাৰ গতি হৈছে ________।

উত্তৰঃ – বাইচাকেলৰ চকাৰ গতি হৈছে বৃত্তীয় গতি


3)  ভৰিৰ জোখ অথবা পদচিহ্ন এটাক কিয় দৈৰ্ঘ্যৰ জোখৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি ?

উত্তৰঃ – ভৰিৰ খোজ বা পদচিহ্ন সকলোৰে সমান জোখৰ নহয়। সেইবাবে ভৰিৰ খোজ বা পদাচিহ্ন এটাক দৈৰ্ঘ্যৰ একক হিচাপে ব্যৱহাৰ কৰিব নোৱাৰি।


৪) বৰ্ধিত ক্ৰমত তলৰ দৈর্ঘবোৰ সজোৱা :

1 মিটাৰ , 1 চেণ্টিমিটাৰ , 1 কিলোমিটাৰ , 1 মিলিমিটাৰ।

উত্তৰঃ  1 মিলিমিটাৰ  < 1  চেণ্টিমিটাৰ  <  1 মিটাৰ  <  1 কিলোমিটাৰ।


5) এজন নানুহৰ উচ্চতা 1.65 মিটাৰ। ইয়াক চেণ্টিমিটাৰ আৰু মিলিমিটাৰত প্ৰকাশ কৰা। 

উত্তৰঃ 1.65 মিটাৰ= 165 চেণ্টিমিটাৰ

1.65 মিটাৰ =1650 মিলিমিটাৰ


6) ৰাধাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 3250 মিটাৰ। ইয়াক কিলোমিটাৰত প্ৰকাশ কৰা।

উত্তৰঃ 3250 মিটাৰ=3.250 কিলোমিটাৰ।


7) ঊণ গুঠা শলা এডালৰ দৈৰ্ঘ্য জোখোতে স্কেলডালৰ এটা মূৰৰ মান 3.0 চেণ্টিমিটাৰ আৰু আনটো মূৰৰ মান 33.1 চেণ্টিমিটাৰ পোৱা গল । শলাডালৰ দৈৰ্ঘ্য কিমান?

উত্তৰঃ   33.1-3.0=30.1

গতিকে শলাডালৰ দৈৰ্ঘ্য হ’ব 30.1 চে মি।


8) চলি থকা বাইচাইকেল আৰু চুইচ অফ কৰা চিলিং ফেন এখনৰ গতিৰ সাদৃশ্য আৰু বৈসাদৃশ্য বোৰ লিখা।

উত্তৰঃ সাদৃশ্য-  চলি থকা চিলিংফেনখনৰ পাংখা আৰু বাইচাইকেলখনৰ চকাই ৰৈখিক গতিত গতি কৰি আছে।

বৈসদৃশ্য- বাইচাইকেলৰ চকা সৰলৰৈখিক ভাৱে গতি কৰে কিন্ত চিলিংফেনখনে সৰল ৰৈখিকভাৱে গতি নকৰে।


9) দূৰত্ব জুখিবলৈ তোমালোকে বাৰু কিয় ইলাষ্টিকৰ মাপক ব্যৱহাৰ কৰিব নোৱাৰা? ইলাষ্টিকৰ ফিটাৰে তুমি জোখা দূৰত্ব এটাৰ বিষয়ে কওঁতে তুমি কি সমস্যাৰ সন্মুখীন হ’বা?

উত্তৰঃ দৰত্ব জুখিবলৈ আমি ইলাষ্টিক মাপক ফিটা ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ ইলাষ্টিকৰ মাপক ব্যৱহাৰ কৰিলে প্ৰয়োগ কৰাৰ বলৰ ওপৰত নিৰ্ভৰ কৰি মাপকডালৰ দৈৰ্ঘ্যৰ সালসলনি ঘটে। ফলত বেলেগ বেলেগ মানুহে একে দূৰত্ব জোখোতে ওলোৱা মাপ বেলেগ বেলেগ হ’ব।


10)  পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ দিয়া।

উত্তৰঃ পৰ্যাবৃত্ত গতিৰ দুটা উদাহৰণ হৈছে- ঘড়ীৰ দোলক, চিলাই মেচিনৰ বেজী।


Complete question-answer guide for Class 6 Science Chapter 2, ‘গতি আৰু দূৰত্বৰ জোখ – মাখ,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!


Class 6 Science All Question Answer- Click Here


Class 6 Science Chapter 5 গতি আৰু দূৰত্বৰ জোখ – মাখ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment