Assam Board Exam

Class 6 Science Chapter 7 | দেহৰ চলন- Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 6 Science Chapter 7, ‘দেহৰ চলন(Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

Class 6 Science Chapter 7 (Part 1) in Assamese Medium | দেহৰ চলন Complete Question Answer in Assamese Medium

ষষ্ঠ শ্ৰেণী

বিজ্ঞান 

দেহৰ চলন

1। খালী ঠাই পূৰ কৰা :

(a) হাড়ৰ সন্ধিয়ে দেহৰ ——— ত সহায় কৰে।

উত্তৰ— হাড়ৰ সন্ধিয়ে দেহৰ চলনত সহায় কৰে।

(b) হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ ——— গঠন কৰে।

উত্তৰ— হাড় বা অস্থি আৰু উপাস্থি একেলগ হৈ দেহৰ জঁকা গঠন কৰে।

(c) কিলাকুটিৰ হাড় ——— সন্ধিৰ দ্বাৰা যোৰা লাগি আছে।

উত্তৰ— কিলাকুটিৰ হাড় কব্জা সন্ধিৰ দ্বাৰা যোৰা লাগি আছে।

(d) ——— সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে।

উত্তৰ—  পেশীয়ে  সংকোচনৰ বাবে হাড়ক চলনৰ সময়ত টানে।


2। তলৰ বাক্যসমূহৰ মাজৰ পৰা সত্য আৰু অসত্য চিহ্নিত কৰা।

(a) সকলো প্ৰাণীৰে চলাচল আৰু গমন প্ৰায়ে একে ǀ

উত্তৰ— অসত্যǀ

(b) কোমলাস্থিবোৰ হাড়তকৈ টানǀ

উত্তৰ— অসত্যǀ

(c) আঙুলিৰ হাড়ত গাঠি নাথাকে।

উত্তৰ— অসত্যǀ

(d) আগবাহুত দুডাল হাড় থাকে।

উত্তৰ— সত্যǀ

(e) পইতাচোৰাৰ শৰীৰৰ বাহিৰটো ডাঠ জঁকাৰে আৱৰা।

উত্তৰ— অসত্যǀ


3) স্তম্ভ 1 ৰ কথাৰ লগত স্তম্ভ 2 ৰ এক বা অধিক কথাৰ লগত মিলোৱা

স্তম্ভ 1স্তম্ভ 2
উৰ্দ্ধ হনু মাছ কামিহাড় কুমজেলেকুৱা পঁইতাচোৰাশৰীৰত পাখি আছে বহিঃ জকা আছে বতাহত উৰিব পাৰে লৰচৰ কৰিব নোৱাৰা সন্ধি কলিজাক ৰক্ষণাবেক্ষণ দিয়ে ধীৰ গতিত চলন দেখায় ধাৰা অপ্ৰতিৰোধী শৰীৰ

উত্তৰ:

উৰ্দ্ধ হনু –            লৰচৰ কৰিব নোৱাৰা সন্ধি

মাছ –                    ধাৰা অপ্ৰতিৰোধী শৰীৰ

কামিহাড় –          কলিজাক ৰক্ষণাবেক্ষণ দিয়ে

শামুক –                ধীৰ গতিত চলন দেখায়

পঁইতাচোৰা –      শৰীৰত পাখি আছে

                                        – বতাহত উৰিব পাৰে

                                        – বহিঃ জকা আছে


4। তলৰ প্ৰশ্নকেইটাৰ উত্তৰ দিয়া-

(a) বল আৰু চকেট সন্ধি কি?

উত্তৰ— এডাল হাড়ৰ ঘূৰণীয়া মূৰটো আন এডাল হাড়ৰ গোলাকৃতিৰ গাঁতত সোমাই যি সন্ধি গঠন কৰে তাক বল আৰু চকেট সন্ধি বোলা হয় । এনেকুৱা সন্ধিত হাড়ডাল চাৰিওফালে ঘূৰিব পাৰে।

(b) লাওখোলাৰ কোনবোৰ হাড় লৰচৰ কৰে?

উত্তৰঃ লাওখোলাৰ নিম্ন হনুৰে গঠিত হোৱা অংশবোৰ লৰচৰ কৰে।

(c) আমি কিলাকুটিবোৰ কিয় পিছফালে ঘূৰাব নোৱাৰোঁ?

উত্তৰঃ আমাৰ কিলাকুটিত কব্জা সন্ধি থকা বাবে আমি কিলাকুটিবোৰ পিছফালে ঘূৰাব নোৱাৰোঁ।


Class 6 Science All Question Answer- Click Here


Class 6 Science Chapter 7 দেহৰ চলন– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment