Complete question-answer guide for Class 6 Science Chapter 7, ‘আমাৰ চাৰিওফালৰ বায়ু’ (Part 2) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
আমাৰ চাৰিওফালৰ বায়ু
Class 6 Science Chapter 7 in Assamese Medium | আমাৰ চাৰিওফালৰ বায়ু– Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
আমাৰ চাৰিওফালৰ বায়ু
অনুশীলনী
ষষ্ঠ শ্ৰেণী বিজ্ঞান
Chapter 7 (Part-2)
আমাৰ চাৰিওফালৰ বায়ু
১) বায়ুৰ উপদানসমূহ কি?
উত্তৰঃ – বায়ুৰ উপাদান সমূহ হৈছে নাইট্ৰজেন , অক্সিজেন , কাৰ্বন – ডাই – অক্সাইড , জলীয় ভাপ, অন্য গেছ আৰু ধূলিকণা।জলীয় ভাপ, অন্য গেছ আৰু ধূলিকণা।
২) বায়ুমণ্ডলৰ কোনটো গেছ শ্বসনৰ বাবে আৱশ্যক?
উত্তৰঃ – অক্সিজেন গেছ।
৩) বায়ুৱে যে জুই জ্বলোৱাত সহায় কৰে সেয়া কেনেকৈ প্ৰমাণ কৰিবা?
উত্তৰঃ – এডাল জ্বলি থকা মমবাতি লোৱা হ’ল। মমবাতিডাল এটা কাঁচৰ জাৰৰ ভিতৰত সুমুৱাই দিয়া হ’ল। কিছু সময়ৰ পাছত দেখা গল যে মমডাল নুমাই গল। ইয়াৰ কাৰণ হ’ল জাৰটোৰ ভিতৰত বায়ু শেষ হৈ গল ফলত মমডাল নুমাই গল। ইয়ে প্ৰমাণ কৰে যে জুই জ্বলোৱাত বায়ুৰ প্ৰয়োজন হয়।
৪) পানীত যে বায়ু দ্ৰৱীভূত হৈ থাকে তাক কেনেকৈ প্ৰমাণ কৰিবা?
উত্তৰঃ – এটা গিলাচ অথবা বিকাৰত অলপমান পানী লোৱা হ’ল। এটা ষ্টেণ্ডত ইয়াক লাহে লাহে গৰম কৰা হ’ল। এতিয়া পাত্ৰটো ভালদৰে চালে পানী উতলাৰ পূৰ্বে পাত্ৰটোৰ উপৰিভাগত কিছুমান বোৰবোৰণী উঠা দেখা যাব। পানী গৰম কৰিলে পানীত দ্ৰৱীভূত হৈ থকা বায়ু বোৰবোৰণী আকাৰে বাহিৰলৈ ওলাই যায়। ইয়াৰ পৰা বুজা যায় যে পানীত বায়ু দ্ৰৱীভূত হৈ থাকে।
৫। কপাহৰ জোলা বা থূপ এটা পানীত কিয় কোচ খাই?
উত্তৰ— কপাহৰ জোলা বা থূপ এটাৰ মাজত থকা খালী ঠাইবোৰ বায়ুৰে পূৰ্ণ হৈ থাকেǀ যেতিয়া কপাহখিনি পানীত তিয়াই দিয়া হয় তেতিয়া তাৰ মাজত থকা বায়ুপূৰ্ণ ঠাইবোৰত পানী সোমাই পৰে আৰু তাত থকা বায়ুখিনি ওলাই যায়ǀ সেইবাবেই কপাহৰ জোলা বা থূপ এটা পানীত তিয়াই দিলে তাৰ আকাৰ কোচ খাই পৰে ǀ
৬। ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক _________ বোলে।
উত্তৰ— ভূ-পৃষ্ঠক আগুৰি থকা বায়ুৰ আৱৰণটোক বায়ুমণ্ডল বোলে।
৭। সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো হৈছে __________।
উত্তৰ— সেউজীয়া উদ্ভিদে সিঁহতৰ খাদ্য প্ৰস্তুত কৰিবৰ বাবে ব্যৱহাৰ কৰা বায়ুৰ উপাদান টো হৈছে কাৰ্বন ডাই অক্সাইড।
৮) বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা ক্ৰিয়া – কলাপৰ তালিকা প্ৰস্তুত কৰা।
উত্তৰঃ – বায়ুৰ উপস্থিতিৰ বাবে কৰিব পৰা পাঁচটা কাৰ্য হৈছে ―
- বিভিন্ন প্ৰকাৰৰ চকৰিবোৰ ঘোৰে।
- বতাহৰ দিশ নিৰ্দেশক যন্ত্ৰৰ সহায়ত বতাহৰ দিশ জানিব পাৰি।
- বায়ুৰ সহায়ত শ্বাস- প্ৰশ্বাস লোৱা হয়।
- পেৰাচুটৰ সহায়ত আকাশত উৰিবলৈ বায়ু লাগে।
- পালতৰা নাও বায়ুৰ উপস্থিতিতে গতি কৰে।
৯) বায়ুমণ্ডলৰ গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক কেনেদৰে সহায় কৰে?
উত্তৰঃ – বায়ুমণ্ডলৰ পৰা প্ৰাণী সমূহে অক্সিজেন গেছ গ্ৰহণ কৰে আৰু কাৰ্বন- ডাই- অক্সাইড গেছ এৰি দিয়ে। আনহাতে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবৰ বাবে বায়ুৰ পৰা কাৰ্বন- ডাই- অক্সাইড গেছ গ্ৰহণ কৰে আৰু অক্সিজেন গেছ এৰি দিয়ে। এনেদৰে বায়ুমণ্ডলৰ গেছৰ বিনিময়ৰ ক্ষেত্ৰত প্ৰাণী আৰু উদ্ভিদে ইটোৱে সিটোক সহায় কৰে।
Complete question-answer guide for Class 6 Science Chapter 7, ‘আমাৰ চাৰিওফালৰ বায়ু,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 7 আমাৰ চাৰিওফালৰ বায়ু– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam