Complete question-answer guide for Class 6 Science Chapter 8,‘পানী’ (Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
পানী
Class 6 Science Chapter 8 (Part 1) in Assamese Medium | পানী Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
পানী
অনুশীলনী
1) তলৰ খালী ঠাইবোৰ পূৰ কৰা:
ক) পানী বাষ্প অৱস্থালৈ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোক _______ বোলা হয়।
উত্তৰঃ – পানী বাষ্প অৱস্থালৈ পৰিৱৰ্তন ঘটা প্ৰক্ৰিয়াটোক বাষ্পীভৱন বোলা হয়।
খ) বাষ্প অৱস্থাৰ পৰা পানী জুলীয়া অৱস্থালৈ অহা প্ৰক্ৰিয়াটোক _______ বোলা হয়।
উত্তৰঃ – বাষ্প অৱস্থাৰ পৰা পানী জুলীয়া অৱস্থালৈ অহা প্ৰক্ৰিয়াটোক ঘনীভৱন বোলা হয়।
গ) কোনো অঞ্চলত এবছৰ বা তাতকৈ বেছি সময় বৰষুণ নহলে অঞ্চলটোত ________ ৰ সৃষ্টি কৰিব।
উত্তৰঃ – কোনো অঞ্চলত এবছৰ বা তাতকৈ বেছি সময় বৰষুণ নহলে অঞ্চলটোত খৰাং ৰ সৃষ্টি কৰিব।
ঘ) অধিক বৰষুণে ________ ৰ সৃষ্টি কৰিব।
উত্তৰঃ – অধিক বৰষুণে বানপানী ৰ সৃষ্টি কৰিব।
2) তলত দিয়াবোৰৰ বাষ্পীভৱন নে ঘনীভৱনৰ কাৰণে হয়।
ক) ঠাণ্ডা পানী থকা গিলাচৰ বাহিৰৰ পিঠিত পানীৰ টোপোলা জমা হয়।
উত্তৰঃ – ঘনীভৱন।
খ) তিতা কাপোৰ ইস্ত্রি কৰোতে ওলোৱা ভাপ।
উত্তৰঃ – বাষ্পীভৱন।
গ) শীতকালিৰ ৰাতিপুৱা ওলোৱা কুঁৱলী।
উত্তৰঃ – ঘনীভৱন।
ঘ) মচাৰ পাছত ব্লেক বৰ্ড শুকাই যায়।
উত্তৰঃ – বাষ্পীভৱন।
ঙ) পানী ছটিয়ালে গৰম টাৱাৰৰ পৰা ওলোৱা ভাপ।
উত্তৰঃ – বাষ্পীভৱন।
3) তলৰ কোনবোৰ উক্তি শুদ্ধ ?
ক) মৌচুমী ঋতুৰ সময়তহে বায়ুত জলীয় ভাপ থাকে।
উত্তৰঃ – অশুদ্ধ।
খ) পানী মহাসাগৰ, নদী আৰু হ্ৰদৰ পৰাহে বাষ্পীভৱন হয়, মাটিৰ পৰা নহয়।
উত্তৰঃ – অশুদ্ধ।
গ) পানী জলীয় ভাপলৈ পৰিৱৰ্তন হোৱা প্ৰক্ৰিয়াক বাষ্পীভৱন বোলে।
উত্তৰঃ – শুদ্ধ ।
ঘ) কেৱল সূৰ্যৰ পোহৰতহে পানীৰ বাষ্পীভৱন হয়।
উত্তৰঃ – অশুদ্ধ।
ঙ) বায়ুৰ ওপৰৰ স্তৰত, য’ত ই অধিক চেঁচা তাত জলীয় ভাপ ঘনীভূত হৈ অতিশয় ক্ষুদ্ৰ ক্ষুদ্ৰ পানীৰ টোপোলাৰ সৃষ্টি কৰে।
উত্তৰঃ – শুদ্ধ ।
4) ধৰা হওক তুমি তোমাৰ বিদ্যালয়ৰ ইউনিফৰ্ম সোনকালে শুকুৱাব বিচাৰিছা। আঙঠাৰ চুলা বা হিটাৰৰ ওপৰত ইউনিফৰ্মযোৰ মেলি দিয়াটোৱে সহায় কৰিবনে? যদি কৰে, কেনেকৈ?
উত্তৰঃ অঙঠাৰ চুলা বা হিটাৰৰ ওচৰত ইউনিফৰ্মযোৰ মেলি দিলে ইউনিফৰ্মযোৰ সোনকালে শুকাব। কাৰণ অঙঠাৰ চুলা বা হিটাৰৰ পৰা উৎপন্ন হোৱা তাপে কাপোৰযোৰৰ পৰা পানী অধিক বাস্পীভৱন কৰিব, ফলত কাপোৰযোৰ সোনকালে শুকাব।
5) ৰেফ্ৰিজাৰেটৰৰ পৰা এটা ঠাণ্ডা পানীৰ বটল উলিওৱা আৰু এইটো মেজ এখনৰ ওপৰত ৰাখা। কিছু সময়ৰ পাছত ইয়াৰ চাৰিওফালে কিছুমান পানীৰ টোপোলা তুমি দেখা পাবা। কিয় বাৰু?
উত্তৰঃ ৰেফ্ৰিজাৰেটৰৰ পৰা উলিওৱা ঠাণ্ডা পানীৰ বটলৰ চেঁচা পৃষ্ঠই ইয়াৰ চাৰিওফালৰ বায়ু চেঁচা কৰে আৰু বায়ুখিনিত থকা পানীৰ ভাপ বটলৰ পৃষ্ঠত ঘনীভূত হৈ পৰে। ফলত ইয়াৰ চাৰিওফালে কিছুমান পানীৰ টোপাল দেখা পোৱা যায়।
6) চশমা চাফা কৰোতে মানুহে প্ৰায়েই ইয়াৰ কাঁচখন সেমেকাবলৈ কাঁচৰ ওপৰত নিশাহ এৰি দিয়ে। কাঁচ দুখন কিয় সেমেকি উঠে ব্যাখ্যা কৰা।
উত্তৰঃ নিশাহত আমাৰ শৰীৰৰ পৰা এৰি দিয়া গেছত বাষ্প অৱস্থাত পানীৰ কণিকা থাকে। এই বাষ্পৰ কনাবোৰে চশমাৰ কাঁচ সেমেকাই পেলায়।
7) ডাৱৰ কেনেকৈ সৃষ্টি হয়?
উত্তৰঃ বায়ু যেতিয়া ওপৰলৈ গৈ থাকে ই ঠাণ্ডা হৈ গৈ থাকে। বেছি উচ্চতাত বায়ু ইমান ঠাণ্ডা হয় যে ইয়াত থকা জলীয় ভাপখিনি ঘনীভূত হৈ ক্ষুদ্র ক্ষুদ্ৰ পানীৰ টোপালৰ সৃষ্টি হয়। এই ক্ষুদ্ৰ টোপালবোৰ বতাহত ভাঁহি থাকে। ইয়াক আমি ডাৱৰ বুলি কও।
8) কেতিয়া খৰাং হয়?
উত্তৰঃ দীৰ্ঘ সময় অথবা বহু বছৰ ধৰি কোনো অঞ্চলত বৰষুণ নহলে অঞ্চলটোত খৰাং ৰ সৃষ্টি হয়।
Complete question-answer guide for Class 6 Science Chapter 8, ‘পানী,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 8 পানী– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam