Complete question-answer guide for Class 6 Science Chapter 8, ‘আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন’ (Part 2) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন
Class 6 Science Chapter 8 (Part 2) in Assamese Medium | আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন– Complete Question Answer in Assamese Medium
ষষ্ঠ শ্ৰেণী
বিজ্ঞান
আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন
অনুশীলনী
১। (ক) ৰঙা কেচুঁৱে কোনবোৰ আৱৰ্জনা সাৰলৈ ৰূপান্তৰ কৰিব নোৱাৰে?
উত্তৰ— ৰঙা কেচুৱে নিমখ থকা খাদ্যবস্তু, আচাৰ, তেল, ভিনেগাৰ, মাংস আৰু গাখীৰেৰে বনোৱা খাদ্য আদি পেলনীয়া বস্তুবোৰ সাৰলৈ ৰূপান্তৰিত কৰিব নোৱাৰে।
(খ) তোমালোকে গাঁতবোৰত ৰঙা কেচুঁৰ বাহিৰে আন জীৱ দেখিছিলানে? যদি দেখা পাইছা, তেতিয়াহ’লে নামবোৰ বিচাৰি উলিওৱা। সেইবোৰৰ ছবি আঁকা ।
উত্তৰ— গাঁতবোৰত ৰঙা কেচুঁৰ বাহিৰে দেখা আন জীৱবিলাক হৈছে- গুবৰুৱা, কুমটি, বিভিন্ন জাতৰ পৰুৱা, উই পোক আদি।
২। আলোচনা কৰাঃ
(ক) আৱৰ্জনাবোৰ আঁতৰোৱাৰ দায়িত্ব মাথোঁ চৰকাৰৰ নে?
উত্তৰ— আৱৰ্জনাবোৰ আঁতৰোৱাৰ দায়িত্ব মাথোঁ চৰকাৰৰ নহয়। আৱৰ্জনাবোৰ আঁতৰ কৰাৰ দায়িত্ব চৰকাৰৰ লগত সমানে জনসাধাৰণেও দায়িত্ব গ্ৰহণ কৰিব লাগিব। তেতিয়াহে আমি এখন আৱৰ্জনামুক্ত পৃথিৱী গঢ়াৰ সপোন পূৰণ হ’ব। যদি দেশৰ জনসাধাৰণ এই বিষয়ত সজাগ নহয়, তেন্তে অকল চৰকাৰে এই সমস্যাৰ সমাধান কৰিব নোৱাৰে।
(খ) আৱৰ্জনা নিষ্কাশনৰ সমস্যাবোৰ কমাব পৰা সম্ভৱনে?
উত্তৰ— আৱৰ্জনা নিষ্কাশনৰ সমস্যাবোৰ কমাব পৰা সম্ভৱ। তলৰ প্ৰদ্ধতিবোৰ ব্যৱহাৰ কৰিলে আৱৰ্জনা নিষ্কাশনৰ সমস্যাবোৰ কমাব পৰা যাব-
- য’তে ত’তে জাৱৰ নেপেলাই প্ৰকৃত স্থানত পেলাব লাগে।
- পুনৰ ব্যৱহাৰ কৰিব পৰা সামগ্ৰীবোৰ পুনৰ ব্যৱহাৰ কৰিব লাগে।
- জনসাধাৰণক আৱৰ্জনাৰ পৰা হ’ব পৰা বেমাৰ সমূহৰ বিষয়ে সজাগ কৰিব লাগে।
৩। (ক) ঘৰত অৱশিষ্ট হিচাপে ৰৈ যোৱা খাদ্য বস্তুবোৰ তোমালোকে কি কৰা?
উত্তৰ— ঘৰত অৱশিষ্ট হিচাপে ৰৈ যোৱা খাদ্য বস্তুবোৰ আমি পোহনীয়া জন্তু, চৰাই-চিৰিকতিৰ খাদ্য হিচাপে ব্যৱহাৰ কৰো আৰু বাকী অংশ পচনসাৰ প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰো।
(খ) যদি তোমাক আৰু তোমালোকৰ বন্ধুসকলক ভোজমেলত প্লাষ্টিকৰ প্লেট বা কল পাতত খাবলৈ দিয়ে তুমি কোনখনত খাবলৈবিচাৰিবা আৰু কিয় বিচাৰিবা?
উত্তৰ— আমি ভোজমেলত কলপাতত খাবলৈ বিচাৰিম কাৰন খোৱাৰ অন্তত কলপাতখন পেলাই দিলে ই পচি গৈ পচন সাৰলৈ ৰূপান্তৰিত হ’ব। আনহাতে প্লাষ্টিকৰ প্লেটখন কেতিয়াও পচি নাযায় আৰু ই পৰিবেশ প্ৰদূষণ বৃদ্ধি কৰিব।
৪। (ক) বিভিন্ন ধৰণৰ কাগজৰ টুকুৰা সংগ্ৰহ কৰা। এইবোৰৰ কোনবোৰক পুনৰ ব্যৱহাৰৰ উপযোগী কৰি প্ৰস্তুত কৰিব পাৰি বিচাৰি উলিওৱা।
উত্তৰ— আমি সংগ্ৰহ কৰা কাগজৰ টুকুৰাবোৰৰ মাজৰ পৰা বাতৰি কাকত , টোকাবহী , আলোচনী আদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। আনহাতে প্লাষ্টিকৰ অৱৰণযুক্ত আৰু চিকমিকনি থকা কাগজ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি।
(খ) লেন্সৰ সহায়ত ওপৰৰ প্ৰশ্নটোত সংগ্ৰহ কৰা কাগজৰ টুকুৰাবোৰ চোৱা। তোমালোকে পুনৰাবৰ্তিত কাগজৰ আৰু এখিলা নতুন কাগজৰ টুকুৰাৰ মাজত কিবা পাৰ্থক্য দেখাছানে?
উত্তৰ— পুনৰাবৰ্তিত কাগজৰ উপৰিভাগ খহটা কিন্তু নতুন কাগজৰ উপৰিভাগ মিহি।
৫। (ক) বিভিন্ন ধৰনৰ টোপোলা বন্ধা কাগজ বা সামগ্ৰী সংগ্ৰহ কৰা। কোনবিধক কি উদেশ্যত ব্যৱহাৰ কৰা হৈছিল দলত আলোচনা কৰা।
উত্তৰ— (i) থাৰ্ম’কল , কাগজ , কার্ডব’ৰ্ড আদি সামগ্ৰী সুৰক্ষাৰ বাবে টোপোলাও ব্যৱহাৰ কৰা হয়।
(ii) কাঠৰ বাকচ , প্লাষ্টিকৰ কণ্টেইনাৰ আদি সামগ্ৰী পৰিবহনৰ বাবে ব্যৱহাৰ কৰা হয়।
(খ) যিবোৰ বস্তু সাধাৰনতে টোপোলা নাবান্ধিলেও হয় তাৰ উদাহৰণ দিয়া।
উত্তৰ— যিবোৰ বস্তু সাধাৰনতে টোপোলা নাবান্ধিলেও হয় তাৰ উদাহৰণ হ’ল- জোতা, কাপোৰ, পুতলা ইত্যাদি।
(গ) কেনেদৰে টোপোলা বন্ধাৰ বাবে আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি হয় সেই বিষয়ে এটা গল্প লিখা।
উত্তৰ— টোপোলা বন্ধাৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰী বোৰ আমি সাধাৰণতে পেলাই দিও। সামগ্ৰী বোৰ সুৰক্ষা কৰিবলৈ বা দেখনিয়াৰ কৰিবলৈ আমি বিভিন্ন ধৰণৰ কাগজ বা প্লাষ্টিক ব্যৱহাৰ কৰো। পিছত আমি সেইবোৰ ডাষ্টবিনত পেলাই দিও তেনেদৰে এই সামগ্ৰীবোৰে আৱৰ্জনাৰ পৰিমাণ বৃদ্ধি কৰে।
৬। ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম বুলি তোমালোকে ভাবানে? কিয় ভাবা?
উত্তৰ— ৰাসায়নিক সাৰৰ সলনি পচন সাৰ ব্যৱহাৰ কৰাটো উত্তম বুলি ভাবো, কাৰন-
- পচন সাৰ প্ৰস্তুত কৰিবলৈ তেনেই সহজ। ইয়াক কম খৰচত ঘৰতে প্ৰস্তুত কৰিব পাৰি আৰু ই অপকাৰী নহয় ।
- পচন সাৰে মাটিৰ গঠন আৰু উৰ্বৰতা বজাই ৰাখে।
- পচন সাৰে সামগ্ৰীৰ পুনৰ ব্যৱহাৰত আৰু আৱৰ্জনা নিষ্কাষণত সহায় কৰে।
Complete question-answer guide for Class 6 Science Chapter 8, ‘আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন,’ in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!
Class 6 Science All Question Answer- Click Here
Class 6 Science Chapter 8 আৱৰ্জনা সৃষ্টি আৰু আৱৰ্জনা নিষ্কাশন– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam