Assam Board Exam

Class 6 Social Science Chapter 10 ভাৰতীয় সংস্কৃতিৰ ভেটি

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| ভাৰতীয় সংস্কৃতিৰ ভেটি || Class 6 social science chapter 10 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| ভাৰতীয় সংস্কৃতিৰ ভেটি || Class 6 social science chapter 10 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

() ‘বেদমানে কি?

উত্তৰ:- বেদ হৈছে সংস্কৃত ভাষাত ৰচিত ভাৰতৰ প্ৰাচীন আৰু পবিত্র গ্রন্থ। সংস্কৃত ভাষাত ‘বেদ’ মানে হ’ল ‘জ্ঞান’। সেয়ে বেদক জ্ঞান আৰু প্রজ্ঞাৰ উৎস বুলি গণ্য কৰা হয়।


() গ্রাম কি?

উত্তৰ:- গ্রাম’ হ’ল কেইটামান ‘কুল’ বা পৰিয়ালৰ সমষ্টি।


() বৈদিক যুগৰ উল্লেখযোগ্য নাৰী কেইগৰীকীমানৰ নাম লিখা।

উত্তৰ:- বৈদিক যুগৰ কেইগৰাকীমান উল্লেখযোগ্য নাৰী হ’ল- বিশ্বৱাৰা, লোপামুদ্রা, ঘোষ, অপলা আদি।


) বৈদিক যুগৰ সমাজ ব্যৱস্থাৰ বিষয়ে এটি টোকা লিখা।

উত্তৰ:-বৈদিক যুগৰ সমাজ পিতৃপ্রধান আছিল। পিতৃ আছিল পৰিয়ালৰ মুৰব্বী। পৰিয়াল আছিল আটাইতকৈ সৰু গোট যাক ‘কুল’ বা ‘গৃহ’ বুলি জনা গৈছিল। গৃহ বা পৰিয়ালৰ মুৰব্বীজনক গৃহপতি বোলা হৈছিল। কেইটামান ‘কুল’ বা পৰিয়ালৰ সমষ্টিক ‘গ্রাম’বোলা হৈছিল।। ‘গ্রাম’ৰ মুৰব্বীজনক ‘গ্রামণী’ বোলা হৈছিল। কেইবাখনো ‘গ্রাম’ বা গাঁও লগ লাগি একোখন ‘বিশ’ গঠিত হৈছিল আৰু বিশৰ মুৰব্বীজনক ‘বিশপতি’ বোলা হৈছিল। আনহাতে কেইবাখনো বিশ লগ লাগি একোখন ‘জন’ গঠিত হৈছিল। ‘জন’ আছিল আটাইতকৈ ডাঙৰ ৰাজনৈতিক আৰু প্ৰশাসনীয় গোট যাৰ মুৰব্বীজনক ৰাজন’ বোলা হৈছিল। সেনানী আৰু পুৰোহিতে ৰাজনক কাম-কাজত সহায় কৰিছিল। ইয়াৰ উপৰি ৰাজনক সহায় কৰিবলৈ সভা আৰু সমিতিও আছিল। যদিও এই সমাজখন পুৰুষপ্রধান আছিল, ধর্মীয় আৰু ৰাজনৈতিক কাম-কাজত মহিলাসকলেও সমানেই অংশ গ্রহণ কৰিছিল।


) বেদত উল্লেখ থকা মূল ধাৰণাকেইটা কি কি?

উত্তৰ:- বেদত উল্লেখ থকা মূল ধাৰণাকেইটা হ’ল-

ধর্ম, অর্থাৎ সৎ পথত থাকি নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন করা।

কর্ম, অর্থাৎ সৎ বা ভাল কৰ্মৰ ফল সদায় ভাল আৰু অসৎ বা বেয়া কৰ্মৰ ফল সদায় বেয়া।

মোক্ষ, অর্থাৎ আধ্যাত্মিক চিন্তা-চৰ্চাৰ জৰিয়তে জন্ম আৰু মৃত্যুৰ চক্ৰৰপৰা মুক্তি লাভ কৰা।


১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

() জড়বাদৰ প্ৰচাৰক কোন আছিল?

উত্তৰ:-জড়বাদৰ প্ৰচাৰক আছিল চার্বাক।


() লোকায়ত বুলিলে কি বুজা?

উত্তৰ:-জড়বাদৰ প্ৰচাৰক আছিল চার্বাক।চার্বাক তথা তেওঁৰ অনুগামীসকলে জড়বস্তুকে পৰমসত্তা বুলি স্বীকাৰ কৰে। সেয়েহে এই মতবাদক জড়বাদ বোলা হয়। সাধাৰণ মানুহৰ মাজত লোকপ্রিয় হোৱা কাৰণে ইয়াক লোকায়ত বুলিও জনা যায়।


() কোনে প্রথম জড়বাদৰ ধাৰণা প্ৰকাশ কৰিছিল?

উত্তৰ:-দার্শনিক বৃহস্পতিয়ে প্রথম জড়বাদৰ ধাৰণা প্রকাশ কৰিছিল।


() জড়বাদৰ মতে জগতৰ সকলো বস্তু কোনকেইটা উপাদানৰ সমষ্টি?

উত্তৰ:- জড়বাদৰ মতে জগতৰ সকলো বস্তু মাটি, পানী, অগ্নি আৰু বায়ুৰ সমষ্টি।


১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) মহাবীৰ কোন আছিল?

উত্তৰ:-মহাবীৰ আছিল জৈন মতবাদৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক।


(খ) জৈনধর্মত মুঠ কিমানগৰাকী তীর্থংকৰ আছে? প্রথমজন তীর্থংকৰ কোন আছিল?

উত্তৰ:- জৈন ধৰ্মত মুঠ ২৪ জন তীৰ্থংকৰ আছে। প্ৰথমজন তীৰ্থংকৰ ঋষভনাথ আছিল।


(গ) জৈন ধৰ্মৰ নীতি পাঁচটা কি কি?

উত্তৰ:-উত্তৰঃ জৈন ধৰ্মৰ নীতি পাঁচটা হ’ল-

(i) অহিংসা: কোনো জীৱিত বস্তুৰ অনিষ্ট সাধন নকৰা।

(ii) সত্য: সদায় সঁচা কথা কোৱা।

(iii) অস্তেয়: চুৰি নকৰা।

(iv) ত্যাগ: সম্পত্তি নৰখা।

v) ব্ৰহ্মচার্য: ব্ৰহ্মচাৰী জীৱন-যাপন কৰা।


(ঘ) জৈন ধর্ম গ্রহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম লিখা।

উত্তৰ:-জৈন ধৰ্ম গ্ৰহণ কৰা প্ৰাচীন ভাৰতৰ দুগৰাকী ৰজাৰ নাম হ’ল- বিম্বিসাৰ আৰু অজাতশত্রু।

(ঙ) জৈন ধৰ্মৰ অনুগামীসকলক কি কি দুটা ভাগত ভাগ কৰিব পাৰি?

উত্তৰ:-জৈন ধৰ্মৰ অনুগামীসকলক দিগম্বৰ আৰু শ্বেতাম্বৰ এই দুটা ভাগত ভাগ কৰিব পাৰি।


(চ) মহাবীৰৰ শিকনিসমূহ প্রাকৃত ভাষাত কি নামেৰে সন্নিৱিষ্ট কৰা হৈছে?

উত্তৰ:-মহাবীৰৰ শিকনিসমূহ প্রাকৃত ভাষাত ‘অংগ’ নামেৰে সন্নিৱিষ্ট কৰা হৈছে।


২) ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰাৰ উন্মেষ ঘটাৰ কাৰণ কি আছিল?

উত্তৰঃ সামাজিক আৰু ধর্মীয় সংকটৰ ফলত আত্মিক সন্ধানৰ বাবে ভাৰতবৰ্ষৰ আধ্যাত্মিকতাৰ দিশত নতুন চিন্তাধাৰা জন্ম লৈছিল।


৩) বর্ধমান মহাবীৰে সন্ন্যাসী জীৱন-যাপন কৰিবলৈ কিয় মতপোষণ কৰিছিল?

উত্তৰঃ বর্ধমান মহাবীৰে আত্ম-শুদ্ধি আৰু মোক্ষ লাভৰ বাবে সন্ন্যাসী জীৱন-যাপন কৰিবলৈ কিয় মতপোষণ কৰিছিল।


১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

ক) বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক কোন আছিল?

উত্তৰঃ বৌদ্ধধৰ্মৰ প্ৰৱৰ্তক গৌতম বুদ্ধ আছিল।


(খ) গৌতমবুদ্ধৰ পিতৃপ্রদত্ত নাম কি আছিল?

উত্তৰঃ গৌতমবুদ্ধৰ পিতৃপ্রদত্ত নাম সিদ্ধার্থ আছিল।


(গ) গৌতমবুদ্ধই কোন ঠাইত তপস্যাত বহিছিল?

উত্তৰঃ গৌতমবুদ্ধই বোধগয়া ঠাইত তপস্যাত বহিছিল।


(ঘ) ‘বোধিদ্রুম’ বুলি কোনজোপা গছক কোৱা হয়?

উত্তৰঃ যিজোপা আঁহত গছৰ তলত গৌতম বৌদ্ধই দিব্যজ্ঞান লাভ কৰিছিল সেই গছজোপাক ‘বোধিদ্রুম’ বুলি জনা যায়।


(ঙ) বৌদ্ধ মতবাদৰ মূল চাৰিটা মহৎ সত্য কি?

উত্তৰঃ বৌদ্ধ মতবাদৰ মূল চাৰিটা মহৎ সত্য হ’ল-

(i) পৃথিৱীখন দুখময়।

(ii) মানুহৰ আশা-আকাংক্ষাৰপৰা দুখৰ উৎপত্তি হয়।

(iii) আশা-আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয়। আৰু

iv) সেই মুক্তিৰ বাবে অষ্ট মার্গ বা আঠটা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে।


(চ) বৌদ্ধধৰ্মৰ মূল গ্ৰন্থখনৰ নাম কি?

উত্তৰঃ বৌদ্ধধৰ্মৰ মূল গ্ৰন্থখনৰ নাম হ’ল- ত্রিপিটক।


(ছ) বৌদ্ধধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা কি আছিল?

উত্তৰঃ বৌদ্ধধৰ্মৰ গণশিক্ষাৰ কেন্দ্ৰ তিনিটা নালন্দা, বিক্রমশীলা আৰু তক্ষশীলা আছিল।


২। বৌদ্ধ ধৰ্মৰ মূল মতবাদকেইটা বৰ্ণনা কৰা।

উত্তৰঃ বৌদ্ধ ধৰ্মৰ মূল মতবাদকেইটা  হ’ল-

(i) পৃথিৱীখন দুখময়।

(ii) মানুহৰ আশা-আকাংক্ষাৰপৰা দুখৰ উৎপত্তি হয়।

(iii) আশা-আকাংক্ষা দমন কৰি ৰাখিলে মুক্তি সম্ভৱ হয়। আৰু

iv) সেই মুক্তিৰ বাবে অষ্ট মার্গ বা আঠটা পথ অনুসৰণ কৰাৰ প্ৰয়োজন আছে। সেই অষ্ট মার্গ কেইটা হ’ল- সৎ চিন্তা, সৎ সিদ্ধান্ত, সৎ বাক্য, সৎ আচৰণ, সৎ কর্ম, সৎ চেষ্টা, সৎ স্মৃতি আৰু সৎ ধ্যান।


৩) ভাৰতৰ সভ্যতা-সংস্কৃতিৰ প্রতি বৌদ্ধ ধৰ্মৰ অৱদানৰ বিষয়ে লিখা।

উত্তৰঃ ভাৰতৰ সভ্যতা-সংস্কৃতিলৈ বৌদ্ধ ধর্মৰ অৱদান অসীম। পালি ভাষাত লিখা ত্রিপিটকৰ উপৰি বৃদ্ধ দেৱৰ পূর্বজন্মৰ কাহিনীৰ আধাৰত ৰচিত জাতক কথা আজিও সমাদৃত। সাঁচী, বল্লভী, নালন্দা আদি স্তুপসমূহ বৌদ্ধ ধৰ্মৰে অৱদান। এই স্তুপসমূহ ভাৰতৰ ঐতিহ্যৰ এক গৌৰৱময় উপাদানৰ লগতে পর্যটকৰ আকৰ্ষণৰ কেন্দ্র। গান্ধাৰ চিত্রশিল্প, অজন্তা-ইলোৰাৰ গুহাচিত্রসমূহ বৌদ্ধ কলাৰ উৎকৃষ্ট নিদর্শন। বৌদ্ধসকলে স্তূপৰ উপৰি চৈত (প্রার্থনা গৃহ) আৰু বিহাৰ নির্মাণ কৰি ভাৰতৰ স্থাপত্যৰ ক্ষেত্ৰখনলৈ বৰঙণি আগবঢ়াই থৈ গৈছে।


১) তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) জনজাতি বুলিলে কি বুজা?

উত্তৰঃ সাধাৰণতে একোটা অঞ্চলত আদিম কালৰে পৰা বাস কৰি থকা একোটা সামাজিক গোটক জনজাতি বোলা হয়। জনজাতীয় লোকসকলৰ তেওঁলোকৰ নিজা ভাষা , ৰীতি-নীতি আৰু সংস্কৃতি আছে। তেওঁলোকৰ জীৱন – নির্বাহৰ পদ্ধতি , সামাজিক ব্যৱস্থা আৰু পৰম্পৰাবোৰো সুকীয়া ।


(খ) জনজাতিবোৰৰ অতীতৰ বিষয়ে কোনবোৰ উৎসৰপৰা জানিব পাৰো?

উত্তৰঃ জনজাতিবোৰৰ অতীতৰ বিষয়ে আমি সাধাৰণ মানুহৰ মুখে মুখে চলি অহা লোক-পৰম্পৰা (লোককথা, লোকাচাৰ) আদিৰপৰা জানিব পাৰো।


(গ) ড’নিপ’ল’ ৰ উপাসনা কোন জনগোষ্ঠীৰ লোকে কৰে?

উত্তৰঃড’নিপ’ল’ৰ উপাসনা অৰুণাচলৰ আদি আৰু অসমৰ মিচিং জনগোষ্ঠীৰ লোকে কৰে।


(ঘ) জনজাতীয় বিশ্বাসে মূলতঃ কাক ঈশ্ববব স্থান দিয়ে?

উত্তৰঃ জনজাতীয় বিশ্বাসে মূলতঃ প্রকৃতিক পৱিত্ৰ বুলি গণ্য কৰি ঈশ্বৰৰ স্থান দিয়ে।


(ঙ) মুণ্ডা আৰু চাঁওতাল আদিবাসীসকলে কাক উপাসনা কৰে?

উত্তৰঃমুণ্ডা আৰু চাঁওতাল আদিবাসীসকলে সমগ্র পৃথিৱীখনৰ সৃষ্টি-কর্তা হিচাপে চিংবংগাক উপাসনা কৰে।


২) ভাৰতৰ জনজাতীয় বিশ্বাসসমূহৰ বিষয়ে চমুকৈ বর্ণনা কৰা।

উত্তৰঃ ভাৰতৰ জনজাতি জনগোষ্ঠীবোৰে সাধাৰণতে প্ৰকৃতি পূজা কৰে আৰু প্ৰকৃতিত থকা বিভিন্ন উপাদান যেনে গছ-গছনি, নদী, পাহাৰ, পশুপক্ষী আদি কেৱল প্ৰাকৃতিক বস্তু হিচাপে নহয়, ঈশ্বৰ ৰূপে আৰু পৱিত্ৰ শক্তি হিচাপে গণ্য কৰে। এই জনজাতি সকলে প্রকৃতিৰ সৈতে এক গভীৰ সম্পৰ্ক গঢ়ি উঠাইছে, যি তেওঁলোকৰ জীৱনধাৰাৰ মূল ভিত্তি। তেওঁলোকৰ বিশ্বাস আৰু পৰম্পৰা মূলত মৌখিক কাহিনী, গাথা, আৰু উৎসৱৰ জৰিয়তে প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰৱাহিত হৈ থাকে।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ভাৰতীয় সংস্কৃতিৰ ভেটি || Class 6 social science chapter 10 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top