Class 6 social science Chapter 11 in assamese medium question answer|| Class 6|| আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস || Class 6 social science chapter 11 Assamese Medium||
আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Class 6 social science assamese medium question answer|| Class 6|| আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস || Class 6 social science chapter 11 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
অনুশীলনী
আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
(১) উত্তৰ লিখা:
(ক) সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন কিহৰ বিষয়ে বুজাইছিল?
উত্তৰ:- সুমনৰ স্কুলৰ বাইদেৱে আগদিনাখন আদিম মানুহৰ বিষয়ে বুজাইছিল।
(খ) আদিম মানুহে হাবিত পোৱা ফল – মূলৰ গছবোৰৰ বিষয়ে কি লক্ষ্য কৰিছিল?
উত্তৰ:- কেনেকৈ গুটিৰ পৰা নতুন গছ গজে, ফল-মূল হোৱা গছ-গছনিবোৰ ক’ত বেছিকৈ গজে আদি কথাবোৰ আদিম মানুহে লক্ষ কৰিছিল ।
(গ) খেতি কৰাৰ বাবে আদিম মানুহে কিহেৰে সঁজুলি তৈয়াৰ কৰিছিল?
উত্তৰ:- খেতি কৰাৰ বাবে আদিম মানুহে প্ৰথমে শিলেৰে নিৰ্মিত কুঠাৰৰ দৰে অস্ত্ৰ ব্যৱহাৰ কৰিছিল । পিছলৈ শিলৰ অস্ত্ৰবোৰ শিলত ঘঁহি মিহি, চকচকীয়া আৰু জোঙা কৰি লৈছিল । তাৰোপৰি জীৱ-জন্তুৰ হাঁড়, দাঁতৰ মাঁড়ি কাঠৰ বিভিন্ন আঁহিলা খেতিৰ উপযোগীকৈ তৈয়াৰ কৰি লৈছিল ।
(ঘ) আদিম মানুহে কি কি কাৰণে জীৱ-জন্তু পুহিছিল?
উত্তৰ:- আদিম মানুহে মঙহ, গাখীৰ আদি খাদ্য হিচাপে পাবলৈ জীৱ-জন্তু পুহিছিল, লগতে তেঁওলোকে কৃষি আৰু যাতায়তৰ সুবিধাৰ বাবেও জীৱ-জন্তু পুহিছিল ।
(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহক কি কি কামত সহায় কৰিছিল?
উত্তৰ:- চকাৰ ব্যৱহাৰে আদিম মানুহক এঠাইৰ পৰা আন ঠাইলৈ খোজ কাঢ়ি যোৱাৰ কষ্ট দূৰ কৰাৰ লগতে গধুৰ বোজা কঢ়িয়াবলৈ, চকাৰে জন্তুয়ে টনা গাড়ী তৈয়াৰ কৰিছিল, মাটিৰ পাত্ৰ বনাবলৈ চকাৰ ব্যৱহাৰ কৰিছিল ।
(চ) গাঁৱত দলবদ্ধভাৱে বসবাস কৰা পৰা আদিম মানুহৰ কি কি সুবিধা হৈছিল?
উত্তৰ:- গাঁৱত দলবদ্ধভাৱে বসবাস কৰাৰ পৰা আদিম মানুহৰ বহুত সুবিধা হৈছিল । তেঁওলোকে দলবদ্ধভাৱে বসবাস কৰাৰ ফলত তেঁওলোকৰ নিৰাপত্তা আৰু সহায় সহযোগিতা নিশ্চিত হ’ল ।
(ছ) আদিম মানুহে কি কি কাৰণত মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?
উত্তৰ:- আদিম মানুহে মাটিৰ পাত্ৰ ৰন্ধা – বঢ়া আৰু খাদ্য মজুত ৰাখিবলৈ ব্যৱহাৰ কৰিছিল।
Class 6 Social Science Chapter 11 Question Answer
Class 6 Social Science Chapter 11 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Class 6 Social Science Content
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |