Class 6 social science Chapter 12 in assamese medium question answer|| Class 6|| সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ|| Class 6 social science chapter 12 Assamese Medium||

সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ
Class 6 social science assamese medium question answer || Class 6|| সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ || Class 6 social science chapter 12 Assamese Medium || For More Details check our Youtube Channel Assam Board Exam||
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা:
(ক) পৰিয়াল বুলিলে কি বুজা?
উত্তৰ:- পৰিয়াল হ’ল সমাজৰ প্রাথমিক গোট, যত সদস্যসকলে শাৰীৰিক, মানসিক আৰু আৱেগিকভাবে সহায় কৰে।
(খ) পৰিয়াল এটাত সদস্য কি কি প্রকাৰে যোগ হয়।
উত্তৰ:- পৰিয়াল এটাত সদস্য জন্ম সূত্ৰে, বিবাহ সূত্ৰে, দত্তক সূত্তে।
(গ) পৰিয়াল এটা সুচাৰুৰূপে পৰিচালনা কৰিবলৈ সদস্যসকলে কি কৰিব লাগে।
উত্তৰ:- শাৰীৰিক, মানসিক আৰু আৱেগিকভাবে ইজনে সিজনক সহায়-সহযোগ কৰিব লাগে, জন্মৰ পৰা আদৰ-যত্ন কৰি সন্তানক প্রয়োজনীয় শিক্ষা প্রদান কৰিব লাগে, সামাজিক প্রাণী হিচাপে গঢ় দিব লাগে, আৰু জ্যেষ্ঠজনৰ বেমাৰ-আজাৰত কনিষ্ঠসকলে যতন লব লাগে।
(ঘ) ভাৰতীয় পৰম্পৰাত পৰিয়াল সম্বন্ধে কি কোৱা হৈছে?
উত্তৰ:- আমি পালন কৰা উৎসৱ-পার্বণ, ৰীতি-নীতি, কাম-কাজ আদিৰ যোগেদি পৰিয়ালৰ এটা প্রজন্মই আনটো প্রজন্মলৈ সামাজিক আদর্শ, মূল্যবোধ, জীৱন-প্রণালী আদি প্রবাহিত কৰে। এনেদৰেই আমাৰ পৰিয়ালসমূহে কর্মই ধর্ম, ত্যাগ, সেৱা, দান আদি আদর্শসমূহ অতীজৰে পৰা গ্ৰহণ কৰি আহিছে। এনেবোৰ কাৰণতেই ভাৰতীয় পৰম্পৰাত পৰিয়ালৰ ভূমিকাক অতি উচ্চ স্থান দিয়া হৈছে। ইয়াত গোটেই বিশ্বকে এটা পৰিয়াল হিচাপে বিবেচনা কৰা হয়। উপনিষদ আৰু হিতোপদেশত এনে ধাৰণাকেই ‘বসুদৈর কুটুম্বকম্’ বুলি কোৱা আছে।
২. পৰিয়ালৰ পৰা আমি কি কি পাওঁ।
উত্তৰ: পৰিয়ালৰ পৰা আমি আদৰ-স্নেহ, মৰম, শিক্ষা, সহানুভূতি, সহায়-সহযোগিতা, দায়িত্ববোধ আদি মূল্যৱান মানৱীয় গুণবোৰ পাওঁ।
অনুশীলনী – ২
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া:
(ক) প্রতিবেশী মানে কি?
উত্তৰ: আমাৰ ওচৰে-পাজৰে বসবাস কৰা পৰিয়ালসমূহকে আমি প্রতিবেশী বুলি কওঁ।
(খ) ৰাইজ বুলিলে কি বুজা।
উত্তৰ: ৰাইজ বুলি ক’লে আমাৰ প্রতিবেশীসকল, গাঁৱৰ বাসিন্দাসকল বা দুই-তিনিখন গাঁৱৰ লোকসকলক একেলগেও বুজাব পাৰি।
বা
এখন গাঁৱৰ বা চহৰৰ মানুহবোৰ মিলি এটা সমাজ গঠন কৰে, এই সমাজত থকা সকলো মানুহক ৰাইজ বোলা হয়।
(গ) ৰাইজে সহযোগিতাৰে পালন কৰা যিকোনো দুটা উৎসব উল্লেখ কৰা।
উত্তৰ: ভোগালী বিহুৰ উৰুকাত ভেলাঘৰ সাজি ৰাজহুৱা ভোজভাত খোৱা, জোনবিল মেলাৰ সময়ত একেলগে মাছধৰা ইত্যাদি।
(ঘ) সামুহিক গোটৰ এটা উদাহৰণ দিয়া।
উত্তৰ: চহৰৰ আৱাসিক অঞ্চলবোৰ ভালদৰে পৰিচালনাৰ কাৰণে গঠন হোৱা আবাসিক কল্যাণ সমিতিবোৰ এটাসামুহিক গোটৰ উদাহৰণ।
(২) সমাজ এখন সুচাৰুৰূপে চলাত প্রতিবেশীৰ ভূমিকা সম্বন্ধে চমুকৈ লিখা।
উত্তৰ: সমাজ এখন পৰিচালিত হবলৈ প্রতিবেশীসকলৰ মাজত সুস্থ সম্পর্ক থকা আৱশ্যক। পৰিয়ালৰ পিছত প্রতিৱেশীসকলেই দ্বিতীয় সামাজিক গোটৰ সৃষ্টি কৰে। কোনো গাঁও বা একোটা অঞ্চলৰ সমূহীয়া সম্পত্তি, যেনে, ৰাস্তা-ঘাট, পুখুৰী, ৰাজহুৱা উপাসনা গৃহ, শিক্ষানুষ্ঠান আদি কেৱল এটা পৰিয়ালৰে নহয়, সেই ঠাইত থকা সমাজৰ প্ৰতিগৰাকী সদস্যৰ উমৈহতীয় সম্পদ। তেনে ক্ষেত্রত সমূহীয়া সিদ্ধান্ত লোৱা বা পৰিচালনা কৰা আদি কামত সকলোৰে সহযোগিতা থকাটো দৰকাৰ। প্ৰতিৱেশীসকলৰ মাজত থকা সমতা, একতা, উদাৰতা আৰু সহযোগিতাৰ মনোভাবে সমাজখন সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে।
(৩)অসমৰ জনজীৱনত ৰাইজৰ ভূমিকা বৰ্ণনা কৰা।
উত্তৰ: অসমৰ সমাজ জীৱনত ‘ৰাইজ’ এক গুৰুত্বপূর্ণ উপাদান। চৰকাৰ বা আইন- ব্যৱস্থাৰ আৰম্ভণিৰ আগৰেপৰা ৰাইজে অসমৰ সমাজৰ ৰীতি-নীতিৰ অভিভাৱক হিচাপে দায়িত্ব লৈ আহিছে। এখন গাঁৱৰ উমৈহতীয়া সম্পদৰ ৰক্ষণাবেক্ষণ, উৎসৱ-পার্বণ উদ্যাপন, আপদ-বিপদ আৰু সুখৰ সময়ত গাঁৱৰ মানুহক ৰাইজে সহযোগিতা আগবঢ়োৱাৰ পৰম্পৰা অতীতৰে পৰা চলি আহিছে।
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| সমাজঃ পৰিয়াল, প্ৰতিৱেশী আৰু ৰাইজ || Class 6 social science chapter 10 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here
🔗 Related Study Resources
6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |
📲 Stay Connected
Get the latest updates and chapter releases via: