Assam Board Exam

Class 6 Social Science Chapter 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন

Class 6 social science Chapter 13 in assamese medium question answer|| Class 6|| ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন || Class 6 social science chapter 13 Assamese Medium||

Class 6 Social Science chapter 13 New Book
Class 6 Social Science New Book

Class 6 social science assamese medium question answer|| Class 6|| বৈদিক সভ্যতা|| Class 6 social science chapter 13 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) ঘৰ বা বিদ্যালয়ত একো নীতি-নিয়ম নাথাকিলে কি হ’ব?

উত্তৰ: ঘৰ বা বিদ্যালয়ত কোনো নীতি-নিয়ম নাথাকে, তেন্তে শৃঙ্খলা ভংগ হ’ব । সকলোৰে আচৰণ নিয়ন্ত্ৰণৰ অভাৱত বিশৃঙ্খলা, দ্বন্দ্ব আৰু অশান্তি সৃষ্টি হ’ব ।


(খ) শাসন ব্যৱস্থা কি?

উত্তৰ: সামাজিক জীৱনক বিভিন্ন নীতি-নিয়মেৰে পৰিচালিত কৰা আৰু নীতি-নিয়ম বোৰ মানি চলাটো নিশ্চিত কৰাৰ প্ৰক্ৰিয়াটোকে শাসন ব্যবস্থা  বুলিব পাৰি।


(গ) চৰকাৰ কি?

উত্তৰ: যি ব্যৱস্থাই সেই নীতি-নিয়মবোৰ গঢ় দিয়ে আৰু সেইবোৰ মানি চলিবলৈ বাধ্য কৰে সেয়াই হৈছে চৰকাৰ।


২. তুমি বাস কৰা অঞ্চলটোত কি স্থানীয় প্রশাসন আছে আৰু তেওঁলোকে কি কি কাম কৰে?

উত্তৰ: আমাৰ অঞ্চলটোত গাওঁ পঞ্চায়ত আছে।

তেওঁলোকৰ কামসমূহ হৈছে-

ক) ৰাস্তা – ঘাট উন্নয়নৰ কাম কৰে।

খ) কৃষকসকলক সহায় কৰে।

গ)  স্থানীয় পৰ্যায়ত আইন-শৃঙ্খলা ৰক্ষা কৰে।

ঘ)  স্বাস্থ্য আৰু শিক্ষা ক্ষেত্ৰত সহায় কৰে।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) এখন চৰকাৰৰ প্রধান অংগকেইটা কি কি?

উত্তৰ:-  এখন চৰকাৰৰ প্রধান অংগকেইটা হ’ল –

বিধান পৰিষদ, কাৰ্যপালিকা, আৰু ন্যায়পালিকা


(খ) চৰকাৰ এখনৰ তিনিওটা অংগই কেনেধৰণে কাৰ্য সম্পাদন কৰে?

উত্তৰ:-  বিধানপালিকাই সদায় নতুন আইন প্রণয়ন কৰে। বিধানপালিকাই প্রস্তুত কৰা আইনসমূহ কাৰ্যপালিকাই কার্যকৰী কৰে।ন্যায়পালিকাই আইনৰ ভিত্তি আৰু তাক সঠিকভাৱে কার্যকৰী কৰা হৈছেনে নাই বিচাৰ কৰে।


(গ) কেন্দ্ৰীয় আৰু ৰাজ্যিক স্তৰত চৰকাৰ এখনৰ তিনিওটা অংগৰ গঠন কেনেধৰণৰ হয়?

উত্তৰ:-  


(ঘ) ক্ষমতাৰ পৃথকীকৰণ বুলিলে কি বুজা?

উত্তৰ:-  ভাৰত চৰকাৰৰ কাৰ্যপালিকা, বিধানপালিকা আৰু ন্যায়পলিকা এই তিনিওটা অংগৰে ক্ষমতা আৰু কার্যাৱলী সংবিধানে পৃথক পৃথক কৰি দিছে। বিধান পালিকাই যদি আইন প্রণয়ন কৰে, সেই আইন কেৱল কার্যপালিকাইহে কার্যকৰী কৰিব পাৰে। সেই আইন কার্যকৰী হোৱাৰ পিছত কিবা সমস্যা হ’লে, তাৰ আইনগত সমাধান কেৱল ন্যায়পালিকাইহে দিব পাৰে।ক্ষমতাৰ পৃথকীকৰণত প্রতিটো অংগৰে ক্ষমতা বেলেগ বেলেগ যদিও প্রকৃতাৰ্থত তেওঁলোকে নিজৰ নিজৰ কাৰ্যাৱলীকহে বিভক্ত কৰে।


(ঙ) ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে কি?

উত্তৰ:- ক্ষমতাৰ নিয়ন্ত্ৰণ আৰু ভাৰসাম্য মানে হ’ল  চৰকাৰৰ অংগ তিনিটাৰ কোনোবাটোৱে যদি প্রয়োজনতকৈ অধিক বা সংবিধান বহির্ভূত কার্য কৰে, অন্য দুটা অগেই তাক বিচাৰ কৰি সন্তলিত কৰে।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া:

(ক) গণতন্ত্র শব্দটো কোন ভাষাৰ পৰা আহিছে?

উত্তৰ: গণতন্ত্র শব্দটো গ্ৰীক ভাষাৰ পৰা আহিছে।


(খ) গণতন্ত্রৰ শব্দগত অৰ্থ কি?

উত্তৰ: গণতন্ত্রৰ শব্দগত অৰ্থ হৈছে “জনসাধাৰণৰ দ্বাৰা শাসন”।


(গ) ভাৰতৰ বাহিৰেও গণতান্ত্ৰিক শাসন ব্যৱস্থা থকা দুখন দেশৰ নাম আৰু ৰাজধানী:

উত্তৰ:  ক) জাপান – ট’কিও।

খ) ফান্স- পেৰিছ।


(ঘ) প্ৰতিনিধিত্বমূলক গণতন্ত্র কি?

উত্তৰ:  আধুনিক কালত জনসংখ্যা বৃদ্ধিৰ লগে লগে জনসাধাৰণে নিজেই নিজক শাসন কৰিব নোৱাৰি কিছুমান প্ৰতিনিধিৰ জৰিয়তে চৰকাৰ চলায়। ইয়াক আমি প্রতিনিধিত্বমূলক গণতন্ত্র বুলি কওঁ


(ঙ) প্রত্যক্ষ গণতন্ত্র আৰু পৰোক্ষ গণতন্ত্র কি?

উত্তৰ:  যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকসকলে আইন নিৰ্মাণ বা সিদ্বান্ত গ্ৰহণত অংশ লয়, তাক প্রত্যক্ষ গণতন্ত্র বোলে।

আনহাতে যি ৰাজনৈতিক ব্যৱস্থাত নাগৰিকে নিৰ্বাচন কৰা প্ৰতিনিধিৰ জৰিয়তে  চৰকাৰ চলায় আৰু সিদ্বান্ত গ্ৰহণ কৰে ,তাক পৰোক্ষ গণতন্ত্র বোলে।


(চ) তৃণমূল গণতন্ত্র কি?

উত্তৰ তৃণমূল গণতন্ত্র ব্যৱস্থাত গাওঁ বা স্থানীয় পৰ্যায়ত জনগনে স্থানীয় শাসনত অংশ গ্ৰহন কৰে। যেনে গাওঁ পঞ্চায়ত।


Class 6 Social Science Chapter 13 Question Answer

Class 6 Social Science Chapter 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

1 thought on “Class 6 Social Science Chapter 13 ভাৰতৰ শাসন ব্যৱস্থাৰ গঠন”

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top