Assam Board Exam

Class 6 Social Science Chapter 16 মৌৰ্য সাম্ৰাজ্য

Class 6 social science Chapter 16 in assamese medium question answer|| Class 6|| মৌৰ্য সাম্ৰাজ্য || Class 6 social science chapter 16 Assamese Medium||

Class 6 social science Chapter 16

Class 6 social science assamese medium question answer|| Class 6|| মৌৰ্য সাম্ৰাজ্য || Class 6 social science chapter 16 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

অনুশীলনী

মৌৰ্য সাম্ৰাজ্য


(১) উত্তৰ লিখা:

(ক) চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি ?

উত্তৰ:- চন্দ্ৰগুপ্তই প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ’ল – মৌৰ্য বংশ।

(খ) মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কি কি সমলৰ পৰা জানিব পাৰোঁ?

উত্তৰ:- মৌৰ্য সাম্ৰাজ্যৰ উত্থানৰ বিষয়ে আমি কৌটিল্য ৰচিত অৰ্থশাস্ত্ৰ, মেগাস্থিনিচৰ ইণ্ডিকা নামৰ পুথি, বৌদ্ধ আৰু জৈন সাহিত্য, মুদ্ৰা আদিৰ পৰা জানিব পাৰোঁ।

(গ) চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাহিতকৰ কামসমূহ কি কি আছিল?

উত্তৰ:- চন্দ্ৰগুপ্ত মৌৰ্যৰ প্ৰজাৰ হিতৰ বাবে তক্ষশীলাৰ পৰা পাটলিপুত্ৰলৈ এটা আলিবাট বন্ধাইছিল। বিভিন্ন ঠাইত হ্ৰদ, জলাশয় খন্দাই কৃষিৰ বাবে জলসিঞ্চন ব্যৱস্থা কৰিছিল।

(ঘ) চাণক্য‌ কোন? তেওঁ চন্দ্ৰগুপ্তক কিদৰে সহায় কৰিছিল?

উত্তৰ:- চাণক্য আছিল এজন ব্ৰাহ্মণ পণ্ডিত। তেওঁ অৰ্থশাস্ত্ৰৰ নামৰ পুথিখন লিখিছিল।

তেওঁ চন্দ্ৰগুপ্তক মৌৰ্য সাম্ৰাজ্য প্রতিষ্ঠা কৰাত অৰিহনা যোগাইছিল।

(ঙ) সম্ৰাট অশোকক কিয় ‘ ৰাজৰ্ষি  অশোক ‘ বোলা হৈছিল?

উত্তৰ:- এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হৈয়ো সম্ৰাট অশোকে এজন সন্যাসীৰ দৰে নিজ জীৱন যাপন কৰিছিল বাবে তেওঁক ‘ ৰাজৰ্ষি অশোক ‘ বোলা হৈছিল।

(চ) সম্ৰাট অশোকে শিলালিপি সমূহ কি কি ভাষাত লিখিছিল?

উত্তৰ:- সম্ৰাট অশোকে শিলালিপি সমূহ পালি আৰু প্ৰাকৃত ভাষাত লিখিছিল।

(ছ) মৌৰ্য শিল্পকলাৰ নিৰ্দেশনসমূহ ক’ত ক’ত দেখিবলৈ পোৱা যায়?

উত্তৰ:- মৌৰ্য শিল্পকলাৰ নিৰ্দশনসমূহ অশোকৰ শিলৰ স্তম্ভ, তাত খোদিত কৰা লিপি সমূহ,‌ স্তূপ, বৌদ্ধ বিহাৰসমূহ, সাৰনাথৰ অশোক স্তম্ভ আদিত দেখিবলৈ পোৱা যায়।

(জ) মৌৰ্য যুগত সমাজ ব্যৱস্থা কেনে আছিল?

উত্তৰ:- মেগাস্থিনিচৰ ইণ্ডিকা আৰু কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ পৰা মৌৰ্য যুগৰ সামাজিক অৱস্থাৰ কথা জানিব পাৰি। সমাজত ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ এই চাৰি বৰ্ণৰ ব্যৱস্থা আছিল যদিও মৌৰ্য যুগত ক্ষত্ৰিয় আৰু বৈশ্যসকলৰ প্ৰভাৱ বৃদ্ধি পাইছিল। বণিক শ্ৰেণীয়ে ধন সম্পত্তি দান কৰাৰ কথা অশোকৰ সাচীৰ স্তূপৰ লিপিত উল্লেখ আছে। অশোকৰ শিলালিপিৰ পৰা মৌৰ্য যুগত দাস প্ৰথা প্ৰচলন আছিল বুলি জনা যায়। মৌৰ্যযুগৰ সমাজত মহিলাৰ স্থান উচ্চ নাছিল।

(২) শুদ্ধ/ অশুদ্ধ বিচাৰ কৰা —

(ক) কৌটিল্যৰ আন এটা নাম চাণক্য আছিল।

উত্তৰ:- শুদ্ধ।

(খ) মেগাস্থিনিচে ‘অৰ্থশাস্ত্ৰ ‘ লিখিছিল।

উত্তৰ:- অশুদ্ধ।

(গ) সম্ৰাট অশোকে নিজ সন্তানক বিদেশলৈ বৌদ্ধধৰ্ম প্ৰচাৰৰ বাবে পঠাইছিল।

উত্তৰ:- শুদ্ধ।

(ঘ) তৃতীয় বৌদ্ধ মহামেলা চন্দ্ৰগুপ্তৰ দিনত অনুষ্ঠিত হৈছিল।

উত্তৰ:- অশুদ্ধ।

(ঙ) উপগুপ্ত সম্ৰাট অশোকৰ ধৰ্মগুৰু আছিল।

উত্তৰ:- শুদ্ধ।

(৪) পাঠত থকা মানচিত্ৰ পৰ্য্যবেক্ষণ কৰি তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা —

(ক) চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য ক’ৰপৰা ক’লৈ বিস্তৃত আছিল?

উত্তৰ:- চন্দ্ৰগুপ্ত মৌৰ্যৰ সাম্ৰাজ্য উত্তৰ–পশ্চিম দিশত ইৰানৰ পৰা দক্ষিণত বৰ্তমান কৰ্ণাটক ৰাজ্যলৈ পূবৰ ফালে মগধৰ পৰা পশ্চিমৰ সৌৰাষ্ট্ৰ লৈক বিস্তৃত আছিল।

(খ) কলিংগ, উজ্জয়িনী আৰু পাটলিপুত্ৰ বৰ্তমান ভাৰতৰ কোন কোন ৰাজ্যৰ অন্তৰ্ভুক্ত?

উত্তৰ:- কলিংগ – উৰিষ্যা, উজ্জয়িনী – মধ্য প্ৰদেশ আৰু পাটলিপুত্ৰ – বিহাৰ ৰাজ্যৰ অন্তৰ্ভুক্ত । 

(গ) অতীতত মগধ ৰাজ্যৰ অন্তৰ্ভু্ক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম লিখা।

উত্তৰ:- অতীত মগধ ৰাজ্যৰ অন্তৰ্ভুক্ত নোহোৱা বৰ্তমান ভাৰতৰ দুখন ৰাজ্যৰ নাম হ’ল- অসম আৰু কেৰেলা।


Class 6 Social Science Chapter 16 Question Answer

Class 6 Social Science Chapter 16 Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science Content

Sl. No.Contents
Chapter 1সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3পৃথিৱীৰ গতি
Chapter 4পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Chapter 6পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 7অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি 
Chapter 8আমাৰ ভাৰত
Chapter 9কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10আদি প্ৰস্তৰ যুগ
Chapter 11আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12প্ৰাচীন নগৰীয়া সভ্যতা 
Chapter 13বৈদিক সভ্যতা 
Chapter 14মহাজনপদ
Chapter 15নতুন ভাবৰ উত্থান 
Chapter 16মৌৰ্য সাম্ৰাজ্য
Chapter 17আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter 23কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment