Class 6 social science Chapter 17 in assamese medium question answer|| Class 6|| আমাৰ মৌলিক প্ৰয়োজন সমূহ|| Class 6 social science chapter 17 Assamese Medium||
আমাৰ মৌলিক প্ৰয়োজন সমূহ
Class 6 social science assamese medium question answer|| Class 6|| আমাৰ মৌলিক প্ৰয়োজন সমূহ|| Class 6 social science chapter 17 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
আমাৰ মৌলিক প্ৰয়োজনসমূহ
অনুশীলনী:
(১) মানুহৰ মৌলিক প্ৰয়োজনসমূহ কি কি ? এইবোৰক কিয় মৌলিক প্ৰয়োজন বুলি কোৱা হয়?
উত্তৰ:- মানুহৰ মৌলিক প্ৰয়োজনসমূহ হৈছে আহাৰ বা খাদ্য, সাজপাৰ আৰু বাসস্থান।
মানুহৰ জীৱন ধাৰণৰ বাবে আহাৰ, সাজপাৰ আৰু বাসস্থানৰ প্ৰয়োজন আটাইতকৈ বেছি। এই কেইবিধ বস্তুৰ অবিহনে মানুহৰ জীৱন ধাৰণ সম্ভৱ নহয় এইবোৰক মৌলিক প্ৰয়োজন বুলি কোৱা হয়।
(২) পৃথিৱীৰ বিভিন্ন অঞ্চলৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ কি?
উত্তৰ:- পৃথিৱীৰ বিভিন্ন অঞ্চলত মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য গ্ৰহণ কৰাৰ কাৰণ পৃথিৱীৰ যি অঞ্চলত যিবোৰ খাদ্য সামগ্ৰী প্ৰচুৰ পৰিমানে উৎপন্ন হয় সেই অঞ্চলৰ মানুহে সেই খাদ্য সামগ্ৰীকে প্ৰধান খাদ্য হিচাপে গ্ৰহণ কৰে। সেয়ে ভিন ভিন ভৌগলিক পৰিৱেশ,মাটিৰ গুণাগুণ, জলবায়ুৰ প্ৰকাৰ ভেদে মানুহৰ প্ৰধান আহাৰ বেলেগ হয়।
(৩) অসমৰ মানুহে মুখ্য আহাৰ হিচাপে কি কি খাদ্য খায়?
উত্তৰ:- অসমৰ মানুহে মুখ্য আহাৰ হিচাপে বিভিন্ন খাদ্য খায়। যেনে – ভাত,ৰুটি, তৰকাৰী, কোমল চাউল, চিৰা, দৈ, পিঠাগুড়িৰে তৈয়াৰী বিভিন্ন পিঠা-পনা খায়।
(৪) বিভিন্ন অঞ্চলৰ মানুহে কিয় ভিন্ন সাজ – পাৰ পৰিধান কৰে?
উত্তৰ:- জাতীয় পৰম্পৰা, ধৰ্মীয় বিশ্বাস, ভৌগলিক অৱস্থান, জলবায়ু, বৃত্তি, সৌন্দৰ্যবোধ আদিৰ বাবে বিভিন্ন অঞ্চলৰ মানুহে বিভিন্ন সাজপাৰ পৰিধান কৰে।
(৫) মানুহৰ বাসস্থান সমূহ ঠাইভেদে বেলেগ বেলেগ হয়। ইয়াৰ কাৰণসমূহ শিক্ষকৰ লগত আলোচনা কৰি লিখা।
উত্তৰ:- ভৌগলিক আৰু সামাজিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি মানুহৰ বাসস্থান বেলেগ বেলেগ হয়। উদাহৰণস্বৰূপে অসমৰ হাবিত প্ৰচুৰ পৰিমানে বাঁহ, খেৰ, কাঠ, আদি পোৱা যায় বাবে অসমৰ মানুহে এনেবোৰ সামগ্ৰীৰে ঘৰ সাজে। ঠিক তেনেদেৰে বিহাৰ, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ আদি ৰাজ্যত জাৰ আৰু জৰৰ প্ৰকোপ বেছি বাবে সেই ঠাইত মানুহে মাটিৰ ঘৰ সাজে। হ্ৰদ, নৈ বা জলমগ্ন এলেকাত মানুহে নাৱৰ ওপৰত ঘৰ সাজে। তুন্দ্ৰা অঞ্চলৰ মানুহে বতাহৰ পৰা ৰক্ষা পাবলৈ বৰফৰ টুকুৰাৰে ঘৰ সাজে। আৰৱৰ মৰুভূমি অঞ্চলৰ মানুহে বালিৰ বতাহৰ পৰা ৰক্ষা পাবলৈ তম্বুৰে ঘৰ সাজে।
(৬) খালী ঠাই পূৰ কৰা —
(ক) আমাৰ শৰীৰৰ বৃদ্ধি আৰু পুষ্টিৰ বাবে আমি ………….. আৰু …………. গ্ৰহণ কৰোঁ।
উত্তৰ:- খাদ্য, পানী।
(খ) মানুহে জীয়াই থকাৰ বাবে দিনটোত দুবেলা ………….. ভাবে খোৱা আহাৰক………….. আহাৰ বা প্ৰধান আহাৰ বুলি কোৱা হয়।
উত্তৰ:- নিয়মীয়া, মূল।
(গ) শীত, তাপ , ৰ’দ, ধূলি – মাকতি আদিৰ পৰা ৰক্ষা আৰু ………… নিবাৰণৰ বাবে মানুহক …………… ৰ প্ৰয়োজন হয়।
উত্তৰ:- লজ্জা, সাজ – পাৰ।
ঘ) সাজ – পাৰ মানুহৰ…………… আৰু ………….. দাঙি ধৰে।
উত্তৰ:- ৰুচিবোধ, ব্যক্তিত্বক।
(ঙ) বাসস্থান বা ঘৰে মানুহক ……………….. বিপদৰপৰা ৰক্ষা কৰি …………………নিৰাপত্তা আৰু বিশ্ৰাম প্ৰদান কৰে।
উত্তৰ:- প্ৰাকৃতিক, আশ্ৰয়।
(চ) উত্তৰ – পূব ভাৰতৰ পাৰ্বত্য এলেকাৰ লোকসকলে সাধাৰণতে বনৰীয়া জীৱ – জন্তু, …………. আদিৰ পৰা ৰক্ষা পাবলৈ…………….. সাজে।
উত্তৰ:- সৰীসৃপ, চাঙঘৰ।
(৭) শুদ্ধ – অশুদ্ধ নিৰ্ণয় কৰা —
(ক) পৃথিৱীৰ সকলো ঠাইৰে মানুহৰ প্ৰধান আহাৰ ভাত।
উত্তৰ:- অশুদ্ধ।
(খ) দিনটোত দুবেলা নিয়মীয়াভাবে খোৱা আহাৰক উপ আহাৰ বোলে।
উত্তৰ:- অশুদ্ধ।
(গ) সাজ – পাৰ অবিহনে সভ্য জীৱন – যাপন সম্ভৱ নহয় ।
উত্তৰ:- শুদ্ধ।
(ঘ) গ্ৰীষ্মপ্ৰধান অঞ্চলত কপাহী কাপোৰৰ প্ৰচলন কম।
উত্তৰ:- অশুদ্ধ।
(ঙ) মৰুভূমি অঞ্চলৰ মানুহে ঈগ্লু সাজি বসবাস কৰে।
উত্তৰ:- অশুদ্ধ।
(চ) উত্তৰ – পূব ভাৰতৰ পাৰ্বত্য এলেকাত চাংঘৰ দেখা যায়।
উত্তৰ:- শুদ্ধ।
Class 6 Social Science Chapter 17 Question Answer
Class 6 Social Science Chapter 17 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Class 6 Social Science Content
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |