Assam Board Exam

Class 6 Social Science Chapter 18 উন্নত জীৱনৰ প্ৰয়োজন সমূহ

Class 6 social science Chapter 18 in assamese medium question answer|| Class 6|| উন্নত জীৱনৰ প্ৰয়োজন সমূহ || Class 6 social science chapter 18 Assamese Medium||

Class 6 social science Chapter 18

Class 6 social science assamese medium question answer|| Class 6|| উন্নত জীৱনৰ প্ৰয়োজন সমূহ || Class 6 social science chapter 18 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam|

অৰ্থনীতি আৰু ৰাজনীতি খণ্ড

উন্নত জীৱনৰ প্ৰয়োজনসমূহ

অনুশীলনী:

() মানুহৰ প্ৰয়োজনসমূহক প্ৰধানকৈ কেইভাগত ভগাব পাৰি আৰু কি কি? উদাহৰণসহ লিখা।

উত্তৰ:- মানুহৰ প্ৰয়োজনসমূহক দুটা ভাগত ভগাব পাৰি। যেনে – i)ব্যক্তিগত প্ৰয়োজন আৰু ii)সামাজিক প্ৰয়োজন।

(i) ব্যক্তিগত প্ৰয়োজনমানুহে ব্যক্তিগতভাৱে জীৱন অতিবাহিত কৰিবলৈ যিবিলাক সামগ্ৰীৰ প্ৰয়োজন অনুভৱ কৰে , সেইবোৰকে ব্যক্তিগত প্ৰয়োজন বুলি কোৱা হয়। যেনে ঘৰ, কাপোৰ, চাকৰি, টিভি আদি।

(ii) সামাজিক প্ৰয়োজন: সমাজত সুস্থ, সবল আৰু শান্তিপূৰ্ণভাৱে জীয়াই থাকিবলৈ মানুহক যিবোৰ ব্যৱস্থা বা সামগ্ৰীৰ প্ৰয়োজন হয়, সেইবোৰকেই  সামাজিক প্ৰয়োজন বুলি কোৱা হয়। যেনে ৰাস্তা ঘাট, চিকিৎসালয় আদি।

() মানুহৰ জীৱনধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে কেনেদৰে সহায় কৰে? শিক্ষকৰ সৈতে আলোচনা কৰি লিখা।

উত্তৰ:- মানুহৰ জীৱন ধাৰণৰ মান উন্নয়নত ব্যক্তিগত সামগ্ৰীসমূহে বহুতো সহায় কৰে। উদাহৰণস্বৰূপে এজন কৃষকে নাঙল, কোৰ আদি খেতি কৰা সঁজুলিবোৰৰ সহায়ত খেতি বাতি কৰি পৰিয়ালটোক পোহ-পাল দিয়ে, খৰিকটিয়া এজনৰ বাবে কুঠাৰ বা অন্য খৰি কটাৰ সা – সামগ্ৰীৰ সহায়ত খৰি কাটি পৰিয়ালটোক পোহ-পাল দিয়ে। ইয়াৰ পৰা ইয়াকে কব পাৰো যে ব্যক্তিগত সামগীবোৰ নহলে ব্যক্তি এজনৰ স্বাভাৱিক জীৱন যাত্ৰাত বহুখিনি বাধা আহি পৰিব।

() প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে তুমি কি কি ব্যৱস্থা হাতত বা?

উত্তৰ:- প্ৰদূষণ মুক্ত পৰিৱেশৰ বাবে আমি বৃক্ষ ৰোপণ, প্ৰাকৃতিক সংৰক্ষণ, চাফ – চিকুণ আদিৰ ব্যৱস্থা হাতত ল’ব পাৰোঁ।

() শিক্ষানুষ্ঠানৰপৰা তোমালোকে কেনেদৰে উপকৃত পৰিছা বহলাই লিখা।

উত্তৰ:- শিক্ষানুষ্ঠানৰপৰা আমি আনুষ্ঠানিক শিক্ষা লাভ কৰিব পাৰিছো। শিক্ষক-শিক্ষয়িত্ৰীৰ পৰা আমি সজ গুণ, সজ আদৰ্শ, মানৱীয় গুণৰ বিষয়ে শিক্ষা লাভ কৰিব পাৰিছো। শিক্ষক-শিক্ষয়িত্ৰীৰ পাঠদানৰ পৰা  পুথিগত জ্ঞান আহৰণ কৰাৰ উপৰিও বিদ্যালয়ৰ পুথিভৰালৰ পৰা দেশ-বিদেশৰ জ্ঞান লাভ কৰিব পাৰো। শিক্ষক শিক্ষয়িত্ৰীয়ে দিয়া গৃহ কৰ্ম আৰু প্ৰকল্পবোৰৰ জৰিয়তে সৃষ্টিশীলতা বিকাশ ঘটাব পাৰো। পৰীক্ষাৰ মাধ্যমেৰে আমি প্ৰতিযোগিতামূলক মনোভাৱৰ বিকাশ ঘটাব পাৰো। শিক্ষানুষ্ঠানত অনুষ্ঠিত খেলা-ধূলা, নৃত্য গীতৰ অনুশীলন, সাহিত্য চৰ্চা আদিয়ে শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশ ঘটাব পাৰো।

() শুদ্ধঅশুদ্ধ নিৰ্ণয় কৰা

(ক) সুখ, সমৃদ্ধি আৰু সুস্থ জীৱনৰ বাবে মৌলিক প্ৰয়োজনীয় বস্তুৰ বাহিৰে আন কোনো বস্তুৰ প্ৰয়োজন নহয়।

উত্তৰ:- অশুদ্ধ।

() আদিম যুগৰ মানুহে সূতাৰে তৈয়াৰী সাজপাৰ পৰিধান কৰিছিল।

উত্তৰ:- অশুদ্ধ।

() জীৱনধাৰণৰ প্ৰণালীক উন্নত কৰাৰ বাবে মানুহৰ প্ৰয়োজনৰ সীমা দিনক দিনে বৃদ্ধি হয়।

উত্তৰ:- শুদ্ধ।

() পুথিভঁৰাল জনস্বাস্থ্য বিভাগৰ অন্তৰ্গত বিষয়।

উত্তৰ:- অশুদ্ধ।

(ঙ) প্ৰদূষণমুক্ত পৰিৱেশৰ বাবে বৃক্ষৰোপণৰ প্ৰয়োজনীয়তা আছে।

উত্তৰ:- শুদ্ধ।

() সামাজিক প্ৰায়োজন হিচাপে মানৱীয় গুণৰাজিৰ কোনো অৱশ্যকতা নাই।

উত্তৰ:- অশুদ্ধ।


Class 6 Social Science Chapter 18 Question Answer

Class 6 Social Science Chapter 18 Asaamese Medium

For More details check our Youtube Channel Assam Board Exam


Class 6 Social Science Content

Sl. No.Contents
Chapter 1সৌৰজগতত আমাৰ পৃথিৱী
Chapter 2পৃথিৱীৰ আকাৰ আৰু আকৃতি
Chapter 3পৃথিৱীৰ গতি
Chapter 4পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ
Chapter 5ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
Chapter 6পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ
Chapter 7অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি 
Chapter 8আমাৰ ভাৰত
Chapter 9কি, ক’ত, কেতিয়া আৰু কেনেকৈ
Chapter 10আদি প্ৰস্তৰ যুগ
Chapter 11আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস
Chapter 12প্ৰাচীন নগৰীয়া সভ্যতা 
Chapter 13বৈদিক সভ্যতা 
Chapter 14মহাজনপদ
Chapter 15নতুন ভাবৰ উত্থান 
Chapter 16মৌৰ্য সাম্ৰাজ্য
Chapter 17আমাৰ মৌলিক প্ৰয়োজনসমূহ
Chapter 18উন্নত জীৱনৰ প্ৰয়োজনসমূহ
Chapter 19জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 20কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ
Chapter 21চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ
Chapter 22গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Chapter 23কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ
Chapter 24স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts
WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Leave a Comment