Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| সময় মণ্ডল আৰু মানচিত্ৰ || Class 6 social science chapter 2 Assamese Medium
সময় মণ্ডল আৰু মানচিত্ৰ
Class 6 social science assamese medium question answer|| Class 6| সময় মণ্ডল আৰু মানচিত্ৰ|| Class 6 social science chapter 2 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান কিমান?
উত্তৰ:- দুটা সময় মণ্ডলৰ মাজৰ সময়ৰ ব্যৱধান হৈছে ১ ঘণ্টা।
(খ) পৃথিৱীখনক কেইটা সময় মণ্ডলত ভাগ কৰা হৈছে?
উত্তৰ:-পৃথিৱীখনক ২৪ টা সময় মণ্ডলত ভাগ কৰা হৈছে।
(গ) ভাৰতৰ মাজেৰে যোৱা কোনডাল দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে?
উত্তৰ:- ভাৰতৰ মাজেৰে যোৱা ৮২০৩০’ পূব দ্রাঘিমাৰেখাৰ সময়ক দেশখনৰ মান সময় হিচাপে গণ্য কৰা হৈছে।
২. সময় মণ্ডল কেনেকৈ গণনা কৰা হয়?
উত্তৰ:- পৃথিৱীৰ মাজেৰে কল্পনা কৰা মূখ্য দ্ৰাঘিমাৰেখাডাল (০০) গ্ৰীণউইচ চহৰৰ মান মন্দিৰৰ ওপৰেদি গৈছে। মূখ্য দ্ৰাঘিমাৰেখাডালৰ পূব আৰু পশ্চিমলৈ যোৱা প্ৰত্যেকডাল দ্ৰাঘিমাৰেখাৰ সময়ৰ পাৰ্থক্য হৈছে 4 মিনিট। এনেদৰে 15 ডাল দ্ৰাঘিমাৰেখা অতিক্ৰম কৰোতে সময় লাগে 1 ঘণ্টা। যিহেতু পৃথিৱীখন পশ্চিমৰ পৰা পূবলৈ ঘূৰে সেয়ে মূখ্য দ্ৰাঘিমাৰেখাৰ পূবৰ ঠাইখিনিত পশ্চিমৰ ঠাই খিনিকৈ সময় আগবাঢ়ি থাকে। উদাহৰণস্বৰূপে গ্ৰীণউইচৰ মান মন্দিৰত (০০) যেতিয়া দুপৰীয়া 12 বাজিব তেতিয়া গ্ৰীণউইচৰ পূবৰ 15০ পূব দ্ৰাঘিমাৰেখাত দুপৰীয়া 1 বাজিব আৰু গ্ৰীণউইচৰ পশ্চিমৰ 15০ দ্ৰাঘিমাৰেখাত ৰাতিপুৱা 11 বজিব। অৰ্থাৎ পূবলৈ গ’লে 1 যোগ দিব লাগিব আৰু পশ্চিমলৈ গ’লে 1 বিয়োগ কৰিব লাগিব।
তলত এখন চিত্ৰ অংকণ কৰা হ’ল-

অনুশীলনী – ২
তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি?
উত্তৰ:- মানচিত্ৰৰ উপাদান 4 টা । সেইকেইটা হ’ল- দিশ, দূৰত্ব, অৱস্থান আৰু সাংকেতিক চিহ্ন।
(খ) প্রধান দিশ চাৰিটা কি কি?
উত্তৰ:- প্রধান দিশ চাৰিটা- উত্তৰ , দক্ষিণ , পূব আৰু পশ্চিম (West)।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ:- ভূ-পৃষ্ঠৰ ওপৰৰ প্ৰকৃত দূৰত্বক মানচিত্ৰত যি অনুপাতত হ্রাস কৰি দেখুওৱা হয় তাকেই স্কেল বা মাপনী বোলে।
বা
ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতেই হ’ল মানচিত্ৰ খনৰ মাপনী।
২. কিছু ক্ষেত্রত গোলকতকৈ মানচিত্র কিয় বেছি সুবিধাজনক?
উত্তৰ:- গোলকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে, গোটেই পৃথিৱী খনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো ব্যৱহাৰ কৰিব পাৰি কিন্তু মানচিত্ৰত পৃথিৱীৰ কোনো এটা অংশৰ বিষয়ে বিত্ংকৈ অধ্যয়ন কৰিবলৈ গোলকতকৈ বেছি সুবিধাজনক ।
৩. মানচিত্র আৰু নক্সাৰ মাজত পার্থক্য কি?
উত্তৰ:- গোটেই পৃথিৱীখনৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ ।
আনহাতে ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ’ল নক্সা ।
৪. মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্নবোৰে কিদৰে সহয় কৰে?
উত্তৰ:- মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰি, কুৱা, খেতি-পথাৰ আদিৰ তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাৱ নোৱাৰি । গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয় ।এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে । সাধাৰণতে মানচিত্ৰত ব্যৱহাৰ হোৱা সাংকেতিক চিহ্নবোৰ গোটেই পৃথিৱীতে একে। মানচিত্ৰত ব্যৱহাৰ হোৱা এই সাংকেতিক চিহ্নবোৰ অধ্যয়ন কৰি পৃথিৱীৰ যিকোনো ঠাইৰ বিষয়ে বিতংকৈ জানিব পাৰো ।
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| সময় মণ্ডল আৰু মানচিত্ৰ || Class 6 social science chapter 2 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here
Class 6 Social Science Chapter 2 in Assamese Medium Complete Answer