Class 6 social science Chapter 20 in assamese medium question answer|| Class 6|| Class 6 Social Science Chapter 20 কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ প্ৰযুক্তিৰ প্ৰভাৱ|| Class 6 social science chapter 20 Assamese Medium||
কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ প্ৰযুক্তিৰ প্ৰভাৱ
Class 6 social science assamese medium question answer || Class 6|| কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ প্ৰযুক্তিৰ প্ৰভাৱ|| Class 6 social science chapter 20 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ প্ৰযুক্তিৰ প্ৰভাৱ
অনুশীলনী:
1. প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত কেনেদৰে প্ৰভাৱ পেলাইছে নিজৰ ভাষাত লিখা।
উত্তৰ:- প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ জীৱনত যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাইছে। প্ৰযুক্তিৰ ব্যৱহাৰে মানুহৰ কষ্ট লাঘৱ কৰাৰ লগতে মূল্যৱান সময়ো ৰাহি কৰিছে।
কৃষি , উদ্যোগ আৰু সেৱা খণ্ডত প্ৰযুক্তিয়ে নানা পৰিৱৰ্তন আনিছে। বৰ্তমান কৃষকে ট্ৰেক্টৰ, পাৱাৰ টিলা, উন্নত মানৰ বীজ , ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কম মাটিত আৰু কম সময়ত অধিক ফচল উৎপাদন কৰিব পাৰিছে। জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগৰ ফলত সকলো সময়তে কৃষকে উৎপাদন কৰিব পাৰিছে যাৰ ফলত উৎপাদন বৃদ্ধি হৈছে। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে উৎপাদিত ফচল খিনি বহু দিনলৈ সতেজ কৰি শীতল ভঁৰালত ৰাখিব পাৰি। গৰু ,মহ, হাঁহ, ছাগলী মীন পালনৰ ক্ষেত্ৰতো নানা প্ৰযুক্তি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি হৈছে।
প্ৰযুক্তিৰ সহায়ত উদ্যোগ সমূহত কম খৰচতে অধিক উৎপাদন কৰিব পাৰিছে যাৰ ফলত দেশত নিবনুৱা সমস্যা বহু পৰিমাণে দূৰ হৈছে। মোবাইল ফোন , টেলিভিছন, কম্পিউটাৰ, ইন্টাৰনেট আদি ব্যৱস্থাৰ এতিয়া মানুহে ঘৰতে বহি দেশ বিদেশৰ খা খৱৰ লব পৰা হৈছে।
2. কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত কি কি পৰিৱৰ্তন আহিছে?
উত্তৰ: কৃষি আৰু উদ্যোগ খণ্ডত প্ৰযুক্তিয়ে নানা পৰিৱৰ্তন আনিছে। বৰ্তমান কৃষকে ট্ৰেক্টৰ, পাৱাৰ টিলা, উন্নত মানৰ বীজ , ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কম মাটিত আৰু কম সময়ত অধিক ফচল উৎপাদন কৰিব পাৰিছে। জলসিঞ্চন ব্যৱস্থাৰ প্ৰয়োগৰ ফলত সকলো সময়তে কৃষকে উৎপাদন কৰিব পাৰিছে যাৰ ফলত উৎপাদন বৃদ্ধি হৈছে। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰে উৎপাদিত ফচল খিনি বহু দিনলৈ সতেজ কৰি শীতল ভঁৰালত ৰাখিব পাৰি। গৰু ,মহ, হাঁহ, ছাগলী মীন পালনৰ ক্ষেত্ৰতো নানা প্ৰযুক্তি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি হৈছে।
প্ৰযুক্তিৰ সহায়ত উদ্যোগ সমূহত কম খৰচতে অধিক উৎপাদন কৰিব পাৰিছে যাৰ ফলত দেশত নিবনুৱা সমস্যা বহু পৰিমাণে দূৰ হৈছে।
3. কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজিকালি কৃষকে কি কি ব্যৱস্থা গ্ৰহণ কৰে?
উত্তৰ:- কম সময়ত অধিক ফচল উৎপাদন কৰিবলৈ আজি কালি কৃষকে তলত উল্লেখ কৰা ব্যৱস্থা সমূহ গ্ৰহণ কৰে –
- কৃষকসকলে নাঙলৰ পৰিৱৰ্তে ট্ৰেক্টৰ, পাৱাৰটিলাৰ আদি ব্যৱহাৰ কৰি কম সময়ৰ ভিতৰত অধিক মাটি চহাৱ পৰা হৈছে। যাৰ ফলত উৎপাদন বৃদ্ধি হৈছে।
- জলসিঞ্চনৰ ব্যৱস্থা প্ৰয়োগ কৰি সকলো সময়ত সকলো ধৰণৰ খেতি কৰিব পৰা হৈছে।
- উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰি কম মাটিত অধিক ফচল উৎপাদন কৰিব পৰা হৈছে।
- বন নিৰোৱা, শস্য কটা আৰু মৰণা মৰাৰ যন্ত্ৰ ব্যৱহাৰ ফলত কম সময়তে আৰু কম কষ্টত উৎপাদন কৰিব পৰা হৈছে।
- পোক – পতংগৰ আক্ৰমণৰ পৰা শস্য ৰক্ষা কৰিবলৈ নানা ধৰণৰ কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা ফলত উৎপাদন বৃদ্ধি হৈছে।
4. তুমি জনা অসমৰ কেইটামান উদ্যোগৰ নাম লিখা।
উত্তৰ:- মই জনা অসমৰ কেইটামান উদ্যোগৰ নাম হ’ল – চেনিকল উদ্যোগ,চাহ উদ্যোগ, তেল উদ্যোগ, কাগজ উদ্যোগ, পাট – মূগা উদ্যোগ, কাঁহ পিতল উদ্যোগ, পাট – মুগা শিল্প ইত্যাদি।
5. ইণ্টাৰনেট সেৱাৰ জৰিয়তে কেনেদৰে লাভৱান হ’ব পৰি লিখা।
উত্তৰ:- ইণ্টাৰনেট সেৱাৰ জৰিয়তে গোটেই পৃথিৱী খন গোলকীয় গাঁৱত পৰিণত হৈছে। এতিয়া মানুহে ঘৰতে বহি ইণ্টাৰনেট সহায়ত দেশ – বিদেশৰ বা – বাতৰি গ্ৰহণ কৰিব পৰা হৈছে। ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য – পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি। মনোৰঞ্জনৰ কাৰ্যকলাপবোৰো এই সেৱাৰ জৰিয়তে উপভোগ কৰিব পাৰি। ই – মেইলৰ জৰিয়তে এতিয়া নিমিষতে পৃথিৱীৰ যিকোনো ঠাইলৈ যিকোনো খবৰ, তথ্য, ভিদিও প্ৰেৰণ কৰিব পাৰি।
6. চিকিৎসা সেৱাত ব্যৱহাৰ কৰা কেইবিধমান যন্ত্ৰৰ নাম উল্লেখ কৰা । সেইবোৰৰ সহায়ত কি কৰা হয়? শিক্ষকৰ সহায়ত লিখা।
উত্তৰ-
থাৰ্মোমিটাৰ- শৰীৰৰ উষ্ণতা জোখা হয়।
স্টেথ’স্কোপ- হৃদযন্ত্ৰ স্পন্দন জোখা হয়।
আল্ট্ৰা চাউণ্ড- শৰীৰৰ ভিতৰৰ জীৱন্ত ছবি নীৰিক্ষণ কৰা হয়
এক্স’ ৰে- এবিধ বিশেষ ধৰণৰ ৰশ্মি ব্যৱহাৰ কৰি শৰীৰৰ ভিতৰৰ কঠিন অংশৰ ছবি লোৱা হয়।
7. প্ৰযুক্তিয়ে যাতায়াত ব্যৱস্থালৈ অনা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰঃ- প্ৰযুক্তিৰ ব্যৱহাৰে যাতায়ত ব্যৱস্থা পূৰ্বতকৈ অধিক পৰিমাণে সুচল আৰু খৰকটীয়া কৰি তুলিছে। চকাৰ আৱিষ্কাৰৰ পিছৰে পৰা মানুহে বিভিন্ন ধৰণৰ যান বাহন , চাইকেল , ৰিক্সা, মটৰ গাড়ী, ৰেলগাড়ী আদি প্ৰস্তুত কৰি এঠাইৰ পৰা আন ঠাইলৈ যাব পৰা হৈছে। উৰাজাহাজ, বিদ্যুৎ চালিত ৰে’ল, আদিৰ সহায়ত অতি কম সময়তে পৃথিৱী যি কোনো ঠাইলৈ দিনটোৰ ভিতৰতে যাব পৰা হৈছে। ডাঙৰ ডাঙৰ জাহাজৰ সহায়ত নদী, সাগৰ, মহাসাগৰ আদি জলপথেৰে বহু হাজাৰ টন গধুৰ মালবস্তু পৰিবহন কৰিব পাৰিছে।
8. কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত কেনেদৰে সহায় কৰিছে শিক্ষকৰ সহায়ত আলোচনা কৰি লিখা।
উত্তৰ: কম্পিউটাৰ আৰু প্ৰজেক্টৰে শিক্ষা প্ৰসাৰত আমূল পৰিবৰ্তন আনিছে। ছাত্ৰ ছাত্ৰীয়ে কম্পিউটাৰ আৰু প্ৰজেক্ট সহায়ত কোনো বিষয় ভিডিও বা ছবি যোগেদি চায় শিক্ষকে শিকোৱা কথাবোৰ পুংখানুপুংখ ভাৱে আয়ত্ব কৰাত সুবিধা হৈছে। ছাত্ৰ ছাত্ৰীক কম্পিউটাৰ আৰু প্ৰজেক্টৰে ভিডিও বা ছবি দেখাই শিক্ষকে পৃথিৱীৰ যিকোনো ঠাইৰ শিক্ষা দিব পাৰিছে। ছাত্ৰ ছাত্ৰী য়ে বিভিন্ন ঠাইৰ পুথি সমূহ অধ্যয়ণ কৰিব পৰিছে।
9. খালী ঠাই পূৰ কৰা —
(ক) উন্নত মানৰ __________ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে __________ ফচল উৎপাদন হয়।
উত্তৰ: উন্নত মানৰ বীজ আৰু ৰাসায়নিক সাৰৰ প্ৰয়োগৰ ফলত আজিকালি কম মাটিতে অধিক ফচল উৎপাদন হয়।
(খ) বৰ্তমান সময়ত _________ স্থাপন কৰি ফচলসমূহ বহুদিনলৈ ________ সংৰক্ষণ কৰিব পাৰি।
উত্তৰ: বৰ্তমান সময়ত শীতল ভঁৰাল স্থাপন কৰি ফচলসমূহ বহুদিনলৈ সতেজভাৱে সংৰক্ষণ কৰিব পাৰি।
(গ) ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য – পাতি সহজতে __________. আৰু ___________ কৰিব পাৰি।
উত্তৰ: ইণ্টাৰনেট সেৱাৰ জৰিয়তে বিভিন্ন বিষয়ৰ অলেখ তথ্য-পাতি সহজতে সংগ্ৰহ আৰু সংৰক্ষণ কৰিব পাৰি।
(ঘ) _________ হ’ল পৃথিৱীৰ চাৰিফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত এটা যন্ত্ৰ।
উত্তৰ: কৃত্ৰিম উপগ্ৰহ হ’ল পৃথিৱীৰ চাৰিওফালে কৃত্ৰিমভাৱে প্ৰদক্ষিণ কৰাই ৰখা মহাকাশত স্থাপিত কৰা এটা যন্ত্ৰ।
Class 6 Social Science Chapter 20 Question Answer
Class 6 Social Science Chapter 20 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Class 6 Social Science Content
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |