Class 6 social science Chapter 22 in assamese medium question answer|| Class 6|| গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ|| Class 6 social science chapter 22 Assamese Medium||
গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
Class 6 social science assamese medium question answer|| Class 6|| গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ|| Class 6 social science chapter 22 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ
অনুশীলনী
(১) চমু উত্তৰ লিখা —
(ক) গণতন্ত্ৰৰ এটা নীতিৰ নাম লিখা।
উত্তৰ:- স্বাধীনতা।
(খ) যুগলহঁতে পূজাৰ বন্ধত কি ক্লাব খুলিলে?
উত্তৰ:- ক্ৰিকেট ক্লাব খুলিলে।
(গ) মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত কি আন্দোলন কৰিছিল?
উত্তৰ:- মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত সত্যাগ্ৰহ আন্দোলন কৰিছিল।
(২) উত্তৰ দিয়া —
(ক) গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ কি ?
উত্তৰ:- গণতন্ত্ৰ জনপ্ৰিয় হোৱাৰ কাৰণ হ’ল – গণতন্ত্ৰত সকলো লোকে পোনপটীয়াকৈ দেশৰ শাসন ব্যৱস্থাত অংশ গ্ৰহন কৰিবলৈ সুবিধা পায়।
(খ) নাগৰিকৰ অধিকাৰ কেইটা মান লিখা ।
উত্তৰ:- নাগৰিকৰ অধিকাৰ কেইটা মান হ’ল — সমতাৰ অধিকাৰ, স্বাধীনতাৰ অধিকাৰ, শোষণৰ বিৰুদ্ধে অধিকাৰ, ধৰ্মীয় অধিকাৰ, সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ, সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ ইত্যাদি।
(গ) তুমি দেশৰ কাৰণে কৰিব পৰা দুটা কৰ্তব্যৰ বিষয়ে লিখা।
উত্তৰ:- মই দেশৰ বাবে কৰিব পৰা দুটা কৰ্তব্য হ’ল–
(১) গণতান্ত্ৰিক দৃষ্টিভংগীৰ বিকাশ সাধন কৰা।
(2) বৃক্ষ ৰোপন কৰি পৰিৱেশ বিশুদ্ধ কৰি ৰখা।
(ঘ) প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ তোমালোকে কি কি কাম কৰিবা উল্লেখ কৰা।
উত্তৰ:- প্ৰাকৃতিক পৰিৱেশ সুৰক্ষিত কৰিবলৈ আমি তলত উল্লেখ কৰা কামবোৰ কৰিম যেনে –
(১) বৃক্ষ ৰোপন কৰিম।
(২) প্লাষ্টিক, পলিথিন জাতীয় সামগ্ৰী ব্যৱহাৰৰ পৰা বিৰত থাকিম।
(৩) বিনা কাৰনত গছ কটা বন্ধ কৰিম।
(৪) বনৰীয়া জীৱ-জন্তু অপকাৰ কৰাৰ বন্ধ কৰিম।
(ঙ) আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ উল্লেখ কৰা।
উত্তৰ:- আমি আমাৰ দেশত উপভোগ কৰিব পৰা দুটা অধিকাৰ হ’ল–
(১) নিজৰ মনৰ ভাৱ প্ৰকাশ কৰিব পাৰোঁ।
(২) আমি সকলোৱে নিজৰ নিজৰ ধৰ্ম পালন কৰিব পাৰো।
(৩) খালী ঠাই পূৰ কৰা —
(ক) আমি নিজৰ ৰাজ্যৰ বাহিৰে আমাৰ দেশৰ আন ………………….. মাটি কিনি ঘৰ সাজি থাকিব পাৰোঁ।
উত্তৰ:- ৰাজ্যতো।
(খ) শিশুৰ প্ৰধামিক শিক্ষাৰ আইনখন ……………… চনত কাৰ্যকৰী কৰা হয়।
উত্তৰ:- ২০১০।
(গ) ভাৰত এখন ………………………. দেশ।
উত্তৰ:- গণতান্ত্ৰিক।
(ঘ) ভাৰতৰ…………………… আৰু সংহতি ৰক্ষা কৰা আমাৰ মৌলিক কৰ্তব্য।
উত্তৰ:- ঐক্য।
(৪) দলগত কাৰ্য — আমি মৌলিক কৰ্তব্য কিয় পালন কৰিব লাগে আলোচনা কৰা। ( শিক্ষক – শিক্ষত্রীয়ে আলোচনাৰ আঁত ধৰিব)
উত্তৰ:- গণতান্ত্ৰিক শাসন ব্যৱস্থাত নাগৰিকসকলে ৰাষ্ট্ৰৰ পৰা ভালেমান সুবিধা বা অধিকাৰ পোৱাৰ সমান্তৰালকৈ কিছু দায়িত্ব আৰু কৰ্তব্যও সম্পাদন কৰিব লাগে। এই মৌলিক কৰ্তব্যসমূহ পালনৰ জৰিয়তে জনগণে দেশৰ প্ৰতি একাত্মবোধ তথা স্বদেশপ্ৰেম প্ৰকাশ কৰাৰ সুবিধা পায়। ইয়াৰ উপৰিও আমাৰ ভাষা, কলা-সংস্কৃতি, বিজ্ঞান, ইতিহাস আৰু পৰিবেশ পৰিস্থিতিতন্ত্ৰৰ প্ৰতি থকা দায়িত্ববোধৰ প্ৰতিও সোঁৱৰাই দিয়ে। মৌলিক কৰ্তব্যসমূহ পালন কৰোতে নাগৰিক সকলে নিজৰ বিবেক বুদ্ধি প্ৰয়োগ কৰিব লাগে যাতে কৰ্তব্য পালনৰ সময়ত আনৰ স্বাৰ্থ ব্যাহত নহয়। এই ক্ষেত্ৰত সদায় সচেতন হৈ নিজৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে মৌলিক কৰ্তব্যসমূহ পালন কৰিব লাগে।
Class 6 Social Science Chapter 22 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Class 6 Social Science Content
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |