Class 6 social science Chapter 24 in assamese medium question answer|| Class 6|| স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা|| Class 6 social science chapter 24 Assamese Medium||
স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
Class 6 social science assamese medium question answer|| Class 6|| স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা || Class 6 social science chapter 24 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
অৰ্থনীতি আৰু ৰাজনীতি খণ্ড
স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা
অনুশীলনী
১। উত্তৰ লিখা —
(ক)গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা কেইটা আৰু কি কি ?
উত্তৰ:- গাঁও অঞ্চলত স্থানীয় শাসন ব্যৱস্থা তিনিটা । যেনে – গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, জিলা পৰিষদ।
(খ) গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা কিমান?
উত্তৰ:- গাঁও পঞ্চায়তৰ সদস্যৰ সংখ্যা ১০ জন।
(গ) কোন চনত অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল?
উত্তৰ:- ১৯৯৪ চনত অসমৰ তিনি তৰপীয়া পঞ্চায়ত ব্যৱস্থা সূচনা হৈছিল।
(ঘ) আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল কেইবছৰ?
উত্তৰ:- আঞ্চলিক পঞ্চায়তৰ কাৰ্যকাল ৫ বছৰ।
(ঙ) জিলা পৰিষদৰ সমষ্টিসমূহ কিমান জনসংখ্যাৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হয়?
উত্তৰ:- জিলা পৰিষদৰ সমষ্টিসমূহ ৪০ হাজাৰ জনসংখ্যাৰ ভিত্তিত নিৰ্দ্ধাৰণ কৰা হয়।
(২) শুদ্ধ উত্তৰটো বাছি উলিওৱা —
(ক) জিলা পৰিষদৰ কাৰ্যকাল ২/ ৩/ ৫ বছৰ
উত্তৰ:- ৫ বছৰ।
(খ) গাঁও পঞ্চায়তত অনুসূচিত জাতি, জনজাতি আৰু মহিলাৰ বাবে সংৰক্ষিত আসনৰ ব্যৱস্থা আছে / নাই
উত্তৰ:- আছে।
(গ) অসমত স্বায়ত শাসিত জিলা পৰিষদ ২ / ৩ / ৪ খন
উত্তৰ:- ২ খন।
(ঘ) আঞ্চলিক পঞ্চায়ত (নগৰ সমিতি/ গাঁও পঞ্চায়ত/ জিলা পৰিষদৰ) সদস্যৰে গঠিত।
উত্তৰ:- গাঁও পঞ্চায়তৰ সদস্যৰে গঠিত।
(ঙ) অসমত পৌৰ নিগম ১/ ২ / ৩ খন আছে।
উত্তৰ:- ১ খন আছে।
(৩) খালী ঠাই পূৰ কৰা —
(ক) বড়োলেণ্ড টেৰিটৰিয়েল………………… এখন স্বায়ত্ত শাসিত পৰিষদ।
উত্তৰ:- কাউন্সিল।
(খ) জিলা পৰিষদৰ এটা সমষ্টিত প্ৰায়……………. জনসংখ্যা থাকে।
উত্তৰ:- ৪০ হাজাৰ।
(গ) বি . টি. চি. ……………………. খন জিলাক লৈ গঠন কৰা হৈছে।
উত্তৰ:- ৪ ।
৪) (ক) স্বায়ত শাসিত জিলা পৰষদ গঠনৰ উদ্দেশ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজা নিজা ভাষা, কৃষ্টি, সংস্কৃতি, ৰীতি – নীতি আৰু পৰম্পৰা আছে। এইবোৰৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ বাবে সংবিধানে আমাক বিশেষ সুবিধা দিছে। তাৰে আলম লৈ নিজ নিজ ভাষিক আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষাৰ বাবে অসমৰ পাহাৰীয়া জিলা দুখন ক্ৰমে কাৰ্বি আংলং আৰু ডিমা হাচাও জিলাক সামৰি এখন আৰু ভৈয়াম অঞ্চলৰ বাবে বড়োলেণ্ড টেৰিটেৰিয়েল কাউন্সিল ( বি টি চি ) স্বায়িত্ব শাসিত জিলা পৰিষদ গঠন কৰা হৈছে।
(খ) ভৈয়ামৰ যিকোনো দুখন স্বায়ক্ত শাসিত পৰিষদৰ নাম লিখা।
উত্তৰ:- ভৈয়ামৰ যিকোনো দুখন স্বায়ক্ত শাসিত পৰিষদৰ নাম হ’ল –
(১) মিচিং স্বায়ত শাসিত পৰিষত।
(২) ৰাভা স্বায়ত শাসিত পৰিষদ।
(৫) জিলা পৰিষদৰ কাৰ্যাৱলী লিখা।
উত্তৰ:- জিলা পৰিষদে জিলাখনৰ সামূহিক উন্নতিৰ কাৰণে প্ৰায় ২০ টা ভাগত কামসমূহ ভাগ কৰি লৈছে । তলত জিলা পৰিষদৰ গুৰুত্বপূৰ্ণ বিষয় উল্লেখ কৰা হ’ল –
(১) জিলা পৰিষদ গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ কাম – কাজবোৰ পৰ্যবেক্ষণ কৰে আৰু সমন্বয় স্থাপন কৰে।
(২) গাঁও পঞ্চায়ত আৰু আঞ্চলিক পঞ্চায়তৰ অনুদান আগবঢ়োৱা আঁচনি প্ৰস্তুত আৰু কাৰ্যকৰী কৰে।
(৩) আশ্ৰম, ছাত্ৰাবাস, শিক্ষানুষ্ঠান, সমবায় সমিতি, সংস্কৃতিক বিকাশ কেন্দ্ৰ, হাট – বজাৰ আদি প্ৰতিষ্ঠা কৰিব পাৰে।
৪) জলপথ নাও, ফেৰী আদিৰ ব্যৱস্থা কৰে।
Class 6 Social Science Chapter 24 Question Answer
Class 6 Social Science Chapter 24 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Class 6 Social Science Content
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |