Assam Board Exam

Class 6 Social Science Chapter 3 ভূ- অৱয়ব আৰু মানুহ

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| ভূ- অৱয়ব আৰু মানুহ || Class 6 social science chapter 3 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| ভূ- অৱয়ব আৰু মানুহ || Class 6 social science chapter 3 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) পৃথিৱীৰ কোন অংশত প্রধান ভূ-অবয়ববোৰ দেখা যায়?

উত্তৰ:- পৃথিৱীৰ প্রধান ভূ-অবয়ববোৰ মূলত : জলভাগ আৰু স্থলভাগত দেখা যায়।


(খ) স্থলভাগত পোৱা প্রধান ভূ-অবয়ববোৰৰ নাম লিখা।

উত্তৰ:- স্থলভাগত পোৱা প্রধান ভূ-অবয়ববোৰ হৈছে- পৰ্বত-পাহাৰ, মালভূমি, সমভূমি আৰু উপত্যকা।


(গ) পর্বত আৰু মালভূমিৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।

উত্তৰ:- পৰ্বতৰ লগত মালভূমিৰ পাৰ্থক্য হ’ল – পৰ্বতত ঠিয় শিখৰ থাকে, আনহাতে মালভূমিত শিখৰৰ পৰিবৰ্তে ওপৰিভাগ বহল আৰু সমতল ।


(ঘ) সমভূমি কেনেকৈ গঠিত হয়?

উত্তৰ:- নৈ, জান – জুৰিৰ বোৱতী পানীয়ে উচ্চ ভূমিৰপৰা শিল, বালি, মাটি আদি উটুৱাই নি নিম্নভূমি অঞ্চলত জমা কৰে, যুগ যুগ বছৰ জুৰি চলি থকা এই কাৰ্যৰ ফলত উচ্চ ভূমিসমূহ ক্ষয়প্ৰাপ্ত হৈ উচ্চতা কমি যায় সমভূমিৰ সৃষ্টি কৰে ।


(ঙ) মালভূমি অঞ্চলৰ বৈশিষ্ট্য কি?

উত্তৰ:- মালভূমি অঞ্চলৰ বৈশিষ্ট্য হ’ল –

(ক) মালভূমিসমূহ খনিজ পদাৰ্থৰ ভঁৰাল। মালভূমি অঞ্চলত লোৰ আকৰ, কয়লা, মেংগানিজ, সোণ আদি খনিজ সম্পদ পোৱা যায়।

(খ) আগ্নেয়গিৰিৰপৰা নিৰ্গত লাভাৰে গঠিত মালভূমি অঞ্চলত উৎকৃষ্ট কপাহ খেতি হয়।


(চ) পার্বত্য অঞ্চলত জনবসতি কিয় সেৰেঙা?

উত্তৰ:- পাৰ্বত্য অঞ্চলসমূহৰ উচ্চভূমিসমূহ সাধাৰণতে শিলাময় আৰু থিয় ঢালযুক্ত হয়। পাৰ্বত্য অঞ্চলসমূহত কৃষিকার্য আৰু গৃহ নিৰ্মাণৰ বাবে সমান ঠাইৰ অভাৱ। সেয়েহে এনে অঞ্চলবোৰত জনবসতি সেৰেঙা।


২. পর্বত-পাহাৰে মানুহক কিদৰে সহায় কৰে, বহলাই লিখা।

উত্তৰ:- পৰ্বত – পাহাৰ মানুহক বিভিন্ন ধৰণে সহায় কৰে সেইবোৰ হৈছে-

(১) পৰ্বত-পাহাৰ সমূহত খনিজ সম্পদ পোৱা যায় সেইবোৰ মানুহে নানা কামত ব্যৱহাৰ কৰে ।

(২) পৰ্বত-পাহাৰৰ পৰা উৎপত্তি হোৱা নদীৰ পানীভাগ মানুহে বিভিন্ন কামত ব্যৱহাৰ কৰাৰ উপৰিও জলবিদুৎ শক্তি উৎপাদনত ব্যৱহাৰ কৰে ।

(৩) পাহাৰৰ এঢলীয়া ঢালত মানুহে খেতি বাতি কৰে ।

(৪) পৰ্বত-পাহাৰ সমূহত পোৱা ঔষধি উদ্ভিদ সমূহে মানুহক যথেষ্ঠ উপকাৰ কৰে ।


৩. নদী, পাহাৰ আদি ভূ-অবয়ব দেখুৱাই এখন ছবি আঁকা।

উত্তৰ:-

Class 6 Social Science Chapter 3

১) তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) জলমণ্ডল কাক বোলে?

উত্তৰ:- সাগৰ-মহাসাগৰ, উপসাগৰ, নদ-নদী, হ্রদ আদি সকলোকে একেলগে জলভাগ বা জলমণ্ডল বুলি কোৱা হয়।


(খ) পৃথিৱীৰ গভীৰতম অংশৰ নাম কি?

উত্তৰ:- পৃথিৱীৰ গভীৰতম অংশৰ নাম হ’ল মেৰিয়ানা খাত।


(গ) সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম লিখা।

উত্তৰ:- সম্পূৰ্ণকৈ মহাদেশৰ মাজত অৱস্থিত এখন সাগৰৰ নাম হৈছে-  কাস্পিয়ান সাগৰ।


(ঘ) নদীৰ উৎস বুলিলে কি বুজা?

উত্তৰ:- যি ঠাইৰ পৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস বোলে।


(ঙ) শাখা নৈ কি?

উত্তৰ:-  এখন নদীৰপৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখন নদীতে পৰিলে তাক শাখা নৈ বোলে।


২) চমু টোকা লিখা-

(ক) সাগৰ-মহাসাগৰ

উত্তৰ:- পৃথিৱীৰ উপৰিভাগৰ বিশাল পানীভাগৰ একো একোটা বৃহৎ খণ্ডক মহাসাগৰ বুলি কোৱা হয়। আমাৰ  পৃথিৱীত ৫ খন মহাসাগৰ আছে। তাৰ ভিতৰত  প্রশান্ত মহাসাগৰ পৃথিৱীৰ  বৃহত্তম আৰু গভীৰতম মহাসাগৰ। আনহাতে উত্তৰ মহাসাগৰ হৈছে পৃথিৱীৰ ভিতৰত ক্ষূদ্ৰতম মহাসাগৰ। মহাসাগৰবোৰৰ কিছুমান বিশেষ অংশক আকৌ সাগৰ বা উপসাগৰ বুলি কোৱা হয়। এই অংশবোৰ সাধাৰণতে মহাদেশৰ গাতে লাগি থাকে, উদাহৰণস্বৰূপে, আৰৱ সাগৰ, বংগোপসাগৰ। কিছুমান সাগৰ আকৌ সম্পূর্ণ মহাদেশৰ ভিতৰভাগত অৱস্থিত, যেনে, ‘কাস্পিয়ান সাগৰ, আৰল সাগৰ । সাগৰ-মহাসাগৰবোৰ নানা প্রজাতিৰ উদ্ভিদ আৰু প্ৰাণীৰ ভঁৰাল। সাগৰ-মহাসাগৰত থকা প্ৰাণীবোৰৰ ভিতৰত তিমি মাছেই সর্ববৃহৎ।


(খ) নদ-নদী

উত্তৰ:- ভূ-পৃষ্ঠত উচ্চভূমিৰপৰা নিম্নভূমিলৈ বিশেষ পথেৰে প্রবাহিত হৈ থকা জলধাৰাক নদী বুলি কোৱা হয়। সাধাৰণতে বৰষুণ, বৰফগলা পানী আৰু ভূ-গর্ভৰপৰা নিগৰি অহা পানীয়ে নৈৰ সৃষ্টি কবে। নদীৰ উৎস পর্বত-পাহাৰ, মালভূমিৰ দৰে উচ্চভূমি হ’ব পাৰে। যি ঠাইৰপৰা নদীৰ জলধাৰা আৰম্ভ হয় তাকে নদীৰ উৎস  বোলে। কোনো এখন নদীলৈ যিমান ঠাইৰপৰা পানী আহে সেই গোটেইখিনি ঠাইকে নদীখনৰ অৱবাহিকা  বোলে। আনহাতে এখন সৰু নৈ বৈ আহি এখন ডাঙৰ নদীত মিলিলে সৰু নৈখনক উপনৈ  বোলা হয় । আকৌ এখন নদীৰপৰা এভাগ জলধাৰা ওলাই গৈ সেই একেখননদীতে পৰিলে তাক শাখা নৈ  বোলে। উৎসৰপৰা নানা ঠাইৰ মাজেৰে বৈ গৈ নদী কোনো হ্রদ বা সাগৰত পৰে। এনেদৰে নদী গৈ সাগৰ বা হৃদত মিলিত হোৱা অংশক মোহনা বোলে।


(গ) সিক্তভূমি বা আর্দ্রভূমি

উত্তৰ:- নদী উপত্যকা, পর্বত-পাহাৰ, মালভূমি আদিত সৰু-ডাঙৰ জলাশয় দেখা যায়। এইবোৰক আর্দ্রভূমি বা সিক্তভূমি বুলি কোৱা হয়। সাধাৰণতে যিকোনো নদী উপত্যকাৰ সমতলভূমিবোৰত থকা জলাশয়, যেনে, বিল, জলাহ, ডোৱা, হোলা পুখুৰী, দলনি, পিটনি আদি একো একোটা আর্দ্রভূমি। সাগৰৰ পাৰতো এনে আর্দ্রভূমি দেখা যায়। প্রাকৃতিকভাৱে সৃষ্টি হোৱাৰ উপৰি মানুহে খান্দি বা নৈ আদিত বান্ধ দিও আর্দ্রভূমিৰ সৃষ্টি কৰিব পাৰে। আর্দ্রভূমিবোৰ বছৰটোৰ বেছিভাগ সময় সিক্ত বা জলমগ্ন হৈ থাকে। এইবোৰত জলজ উদ্ভিদ আৰু মাছ-কাছ প্ৰচুৰ পৰিমাণে দেখা যায়। আর্দ্রভুভূমিবোৰলৈ পৰিভ্ৰমি চৰাই আহে। সেয়েহে এইবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে।


(ঘ) হ্রদ

উত্তৰ:- স্বাভাৱিকতে চাৰিওফালে স্থলভাগে আগুৰা জলভাগকে হ্রদ বোলা হয়। পৃথিৱীৰ বিভিন্ন ঠাইত বিভিন্ন আকৃতিৰ হ্রদ দেখা যায়। ৰাছিয়াৰ বৈকাল হ্রদ হ’ল পৃথিৱীৰ আটাইতকৈ গভীৰ হ্রদ। আকাৰত বিশাল হ্রদক সাগৰ বুলিও অভিহিত কৰা হয়। উদাহৰণস্বৰূপে, কাস্পিয়ান হ্রদ, যাক সাগৰ বুলিও কোৱা হয়। বৰষুণ, হিমবাহ, নৈ, ভূ-গর্ভৰ পানী আদি বিভিন্ন উৎসৰপৰা হ্ৰদলৈ পানীভাগ আহে। কিছুমান হ্ৰদৰ পানী সুস্বাদু বা নির্মল আৰু আন কিছুমানৰ পানী লুণীয়া। ভাৰতত থকা উল্লেখযোগ্য হ্রদ হ’ল সম্বৰ, পুস্কৰ, ল’কটক আদি।


৩) মানুহৰ ওপৰত ভূ-অৱয়বৰ প্ৰভাৱ বৰ্ণনা কৰা।

উত্তৰ:-  ভু-অৱয়বে মানুহৰ বসতি, আর্থিক কাম-কাজ, বিচৰণ আদি বহু পৰিমাণে নিয়ন্ত্রণ কৰে। কোনো এটা অঞ্চলৰ জনবসতি ঘন বা সেৰেঙা হোৱাটো মূলতঃ ভূ-প্রকৃতি আৰু ভূ-অৱয়বৰ ওপৰত নিৰ্ভৰ কৰে। তদুপৰি খনিজাত দ্রব্যৰ অৱস্থিতি, যাতায়াতৰ প্ৰসাৰ, ব্যৱসায়-বাণিজ্যৰ বিস্তৰ আদিও বহু পৰিমাণে ভূ-অৱয়বৰ ওপৰতে নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে, যিবোৰ অঞ্চলৰ  ভূ-প্রকৃতি  অনুকূল লগতে সমতল ভূমি আছে, খনিজাত দ্রব্যৰ অৱস্থিতি আছে, নদ – নদী আছে সেইবোৰ অঞ্চলৰ জনবসতি ঘন আনহাতে  যিবোৰ অঞ্চলৰ  ভূ-প্রকৃতি  প্ৰতিকূল লগতে সমতল ভূমি নাই, পানী সহজে উপলব্ধ নহয় সেইবোৰ অঞ্চলৰ জনবসতি সেৰেঙা। এইদৰে মানুহে প্রাকৃতিক অৱয়বসমূহৰ লগতে খাপ খুৱাই জীৱন-নির্বাহ কৰি আহিছে।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ভূ- অৱয়ব আৰু মানুহ|| Class 6 social science chapter 3 Assamese Medium


For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here


Class 6 Social Science Chapter 3

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment