Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| দেশ-মহাদেশৰ কথা: জাপান || Class 6 social science chapter 4 Assamese Medium
দেশ-মহাদেশৰ কথা: জাপান
Class 6 social science assamese medium question answer|| Class 6| দেশ-মহাদেশৰ কথা: জাপান|| Class 6 social science chapter 4 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam
অনুশীলনী – ১
১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) পৃথিৱীৰ মহাদেশবোৰৰ নাম কি কি?
উত্তৰ:- পৃথিৱীৰ মহাদেশবোৰৰ নাম হৈছে- এছিয়া, ইউৰোপ, আফ্রিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ওচেনিয়া আৰু এন্টার্কটিকা বা কুমেৰু মহাদেশ।
(খ) সম্পূর্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম কি?
উত্তৰ:- সম্পূর্ণৰূপে দক্ষিণ গোলার্ধত পৰা মহাদেশখনৰ নাম হৈছে- ওচেনিয়া।
(গ) পৃথিৱীৰ দীর্ঘতম পর্বতমালাৰ নাম কি?
উত্তৰ:- পৃথিৱীৰ দীর্ঘতম পর্বতমালাৰ নাম হৈছে – এণ্ডিজ পর্বতমালা
(ঘ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন?
উত্তৰ:-পৃথিৱীৰ আটাইতকৈ ডাঙৰ মৰুভূমি হৈছে ছাহাৰা।
(ঙ) পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি?
উত্তৰ:- পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম হৈছে- নীলনদী।
(চ) পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম কি?
উত্তৰ:- পৃথিৱীৰ আটাইতকৈ বহল নদীখনৰ নাম হৈছে আমাজন।
(ছ) পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি?
উত্তৰ:- পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম হৈছে – এছিয়া
২. চমুটোকা লিখা-
(ক) এছিয়া মহাদেশ
উত্তৰ:- এছিয়া হ’ল পৃথিৱীৰ বৃহত্তম মহাদেশ। পৃথিৱীৰ মুঠ মাটিভাগৰ ১/৩ অংশ এই মহাদেশখনে সামৰি আছে। এই মহাদেশখনৰ অধিক অংশই উত্তৰ গোলার্ধত পৰে। মহাদেশখনৰ দক্ষিণ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ কর্কট-ক্রান্তি ৰেখা গৈছে। এছিয়া মহদেশখনৰ উত্তৰে হিমালয় পর্বতমালা অবস্থিত। ইয়াৰ উত্তৰ-পশ্চিম অংশত উত্তৰা-দক্ষিণাকৈ আছে উৰাল পর্বতমালা। উৰাল পর্বতমালাই এছিয়া মহাদেশ আৰু ইউৰোপমহাদেশক পৃথক কৰিছে।
(খ) ইউৰোপ মহাদেশ
উত্তৰ:- ইউৰোপ মহাদেশখন এছিয়া মহাদেশৰ পশ্চিমে অৱস্থিত। মহাদেশখনৰ উত্তৰ অংশৰ মাজেৰে পূবা-পশ্চিমাকৈ গৈছে সুমেৰু বৃত্ত। মহাদেশখনৰ তিনিওফাল পানীৰে আগুৰা। আল্পস হ’ল ইউৰোপ মহাদেশৰ সৰ্বোচ্চ পর্বতমালা।
(গ) আফ্রিকা মহাদেশ
উত্তৰ:- পৃথিৱীৰ দ্বিতীয় সর্ববৃহৎ মহাদেশ হ’ল আফ্রিকা। বিষুৱৰেখা মহাদেশখনৰ প্ৰায় সোঁমাজেদি গৈছে। গতিকে এই মহাদেশখনৰ উত্তৰ আৰু দক্ষিণ অংশ দুয়োটা গোলার্ধতে প্রায় সমানভাৱে বিস্তৃত হৈ আছে। এইখনেই একমাত্র মহাদেশ যাৰ মাজেৰে কৰ্কট-ক্রান্তি, মকৰ-ক্রান্তি আৰু বিষুৱৰেখা পাৰ হৈ গৈছে। বিষুবীয় অঞ্চলত অৱস্থিত হোৱা বাবে আফ্রিকা মহাদেশৰ জলবায়ু তুলনামূলকভাবে অধিক উষ্ণ। পৃথিৱীৰ সৰ্ববৃহৎ উষ্ণ মৰুভূমি ছাহাৰা এই মহাদেশতেই অৱস্থিত। আফ্রিকা মহাদেশক চাৰিওফালে কেইবাখনো সাগৰ-মহাসাগৰে আগুৰি আছে। চুয়েজ খালে আফ্রিকা মহাদেশক এছিয়া মহাদেশৰপৰা আৰু জিৱাল্টৰ প্ৰণালীয়ে ইউৰোপ মহাদেশৰপৰা পৃথক কৰিছে। পৃথিৱীৰ আটাইতকৈ দীঘল নীলনদী আফ্রিকা মহাদেশতে আছে।
(ঘ) উত্তৰ আমেৰিকা
উত্তৰ:- পৃথিৱীৰ তৃতীয় বৃহত্তম মহাদেশ হ’ল উত্তৰ আমেৰিকা। এক ঠেক ভূ-খণ্ডৰে মহাদেশখন দক্ষিণ আমেৰিকাৰ লগত লগ-লাগি আছে। এই ঠেক ভূ-খণ্ডক পানামা যোজক বুলি কোৱা হয়। এই মহাদেশখন সম্পূর্ণৰূপে উত্তৰ গোলার্ধত অৱস্থিত। ৰকি উত্তৰ আমেৰিকাৰ উল্লেখযোগ্য পর্বতমালা। মহাদেশখনক তিনিখন মহাসাগৰে আগুৰি আছে। কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ দেশ দুখনে উত্তৰ আমেৰিকাৰ প্ৰায় ৭৫% আগুৰি আছে। ইয়াত অৱস্থিত কেৰিবিয়ান দ্বীপপুঞ্জক ৱেষ্ট-ইণ্ডিজ বুলিও কোৱা হয়। এই মহাদেশখনৰ ভিতৰত মৰুভূমি, নাতিশীতোষ্ণ অৰণ্য, টাইগা হাবি আৰু ওখ ঘাঁহনি অঞ্চল আছে।
অনুশীলনী-২
১. তলত দিয়া প্রশ্নবোৰৰ উত্তৰ দিয়া-
(ক) জাপান দেশখনৰ দুটা প্রধান বিশেষত্ব উল্লেখ কৰা।
উত্তৰ:- জাপান দেশখনৰ দুটা প্রধান বিশেষত্ব উল্লেখ কৰা হ’ল-
১) ই এখন সম্পূর্ণভাৱে দ্বীপ-দেশ । প্রায় ১৪,০০০ দ্বীপৰ সমষ্টি জাপান। ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে।
২. বহুতো দ্বীপৰ সমষ্টি হোৱাৰ কাৰণে দেশখনৰ উপকূলৰ দৈর্ঘ্য প্রায় ২৯,৭৫১ কিলোমিটাৰ। কেউদিশে সাগৰ-মহাসাগৰ থকাৰ কাৰণে জাপান সামুদ্রিক সম্পদত চহকী।
(খ) জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ?
উত্তৰ:- জাপান দেশখন গঠিত হোৱা দ্বীপবোৰৰ ভিতৰত হন্ছুৱেই আটাইতকৈ ডাঙৰ।
(গ) জাপানৰ এখন সমতলভূমিৰ নাম লিখা।
উত্তৰ:- জাপানৰ এখন সমতলভূমিৰ নাম হ’ল- কান্টো
(ঘ) জাপানত অনুভূত ঋতুকেইটা কি কি?
উত্তৰ:- জাপানত অনুভূত ঋতুকেইটা হ’ল- শীত, বসন্ত, গ্রীষ্ম আৰু শৰৎ।
(ঙ) কোনটো ঋতুক ‘ফল’ বুলি কোৱা হয়?
উত্তৰ:- শৰৎ ঋতুক ‘ফল’ বুলি কোৱা হয়।
(চ) জাপানৰ ক’ত ক’ত সৰলবর্গীয় গছ পোৱা যায়?
উত্তৰ:- জাপানৰ পাহাৰীয়া শীতল ঠাইবোৰত সৰলবর্গীয় গছ পোৱা যায়।
(ছ) জাপানৰ বেছিভাগ মানুহে কি ধর্ম পালন কৰে?
উত্তৰ:- জাপানৰ বেছিভাগ মানুহে ছিন্ত ধর্ম পালন কৰে।
(জ) জাপানত শিক্ষিতৰ হাৰ কিমান?
উত্তৰ:- জাপানত শিক্ষিতৰ হাৰ হ’ল ৯৯%
২. জাপানক কিয় ‘দ্বীপ-দেশ’ বুলি কোৱা হয়?
উত্তৰ:- জাপান দেশ খন প্রায় ১৪,০০০ দ্বীপ আছে ।ইয়াৰে প্রায় ২৫০ টা দ্বীপত জনবসতি আছে। জাপান দেশ খন বহুতো দ্বীপৰ সমষ্টি হোৱাৰ বাবে ইয়াক দ্বীপ-দেশ বুলি কোৱা হয়।
৩. জাপানৰ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ:- জাপান এখন উদ্যোগৰ ক্ষেত্রত আগবঢ়া ৰাষ্ট্র। দেশখনৰ অর্থনীতি উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। জাপানৰ প্রধান উদ্যোগ অঞ্চল ৰাজধানী ট’কিঅ’ মহানগৰৰপৰা কিউছুৰ উত্তৰ অংশ পর্যন্ত প্রায় ১,০০০ কিলোমিটাৰ জুৰি আছে। ইয়াৰ ভিতৰত (ক) ট’কিঅ’-ইয়োক’হামা, (খ) ওছাকা-কোবে- কিয়ট’, (গ) নগ’য়া আৰু (ঘ) উত্তৰ-কিউছু- এই চাৰিটা ঔদ্যোগিক অঞ্চল পৰে।। জাপানৰ উদ্যোগবোৰৰ ভিতৰত লো-তীখাৰ উদ্যোগ, জাহাজ, উৰাজাহাজ আৰু মটৰ নিৰ্মাণ উদ্যোগ,ৰাসায়নিক উদ্যোগ, যন্ত্র-পাতি নির্মাণ উদ্যোগ আৰু বয়ন উদ্যোগেই প্রধান। জাপান দেশখন যদিও উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া, কেঁচামালৰ ক্ষেত্ৰত কিন্তু দেশখন সিমান চহকী নহয়। প্রয়োজনীয় বেছিভাগ কেঁচামালেই জাপানে অন্য দেশৰপৰা আমদানি কৰে।
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| দেশ-মহাদেশৰ কথা: জাপান || Class 6 social science chapter 4 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here
