class 6 social science Chapter 5 in assamese medium question answer|| Class 6|| ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ || Class 6 social science chapter 5 Assamese Medium||
ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
class 6 social science assamese medium question answer|| Class 6|| ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ || Class 6 social science chapter 5 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
অনুশীলনী
ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ
(১) তলৰ প্ৰশ্নবোৰৰ চমু উত্তৰ দিয়া —
(ক) মানচিত্ৰৰ উপাদান কেইবিধ আৰু কি কি ?
উত্তৰ:- মানচিত্ৰৰ উপাদান তিনি বিধ – দূৰত্ব, দিশ আৰু সাংকেতিক চিহ্ন।
(খ) প্ৰধান দিশ চাৰিটা কি কি ?
উত্তৰ:- উত্তৰ, দক্ষিণ, পূব আৰু পশ্চিম।
(গ) মানচিত্ৰৰ মাপনী বুলিলে কি বুজা?
উত্তৰ:- ধৰাপৃষ্ঠত দুখন ঠাইৰ প্ৰকৃত দূৰত্ব আৰু মানচিত্ৰত একে ঠাই দুখনৰ দূৰত্বৰ অনুপাতেই হ’ল মানচিত্ৰ খনৰ মাপনী।
(ঘ) কিছু ক্ষেত্ৰত গোলকতকৈ মানচিত্ৰ কিয় বেছি সুবিধাজনক ?
উত্তৰ:- গোলকৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু সীমাবদ্ধতা আছে, গোটেই পৃথিৱী খনৰ বিষয়ে একেলগে অধ্যয়ন কৰাৰ ক্ষেত্ৰতহে গোলকটো ব্যৱহাৰ কৰিব পাৰি কিন্তু মানচিত্ৰত পৃথিৱীৰ কোনো এটা অংশৰ বিষয়ে বিত্ংকৈ অধ্যয়ন কৰিবলৈ গোলকতকৈ বেছি সুবিধাজনক ।
(ঙ) মানচিত্ৰ আৰু নক্সাৰ মাজৰ পাৰ্থক্য কি?
উত্তৰ:-গোটেই পৃথিৱীখনৰ কোনো এটা অংশ সৰু আকাৰলৈ পৰিৱৰ্তন কৰি কোনো সমতল পৃষ্ঠত দিশ আৰু দূৰত্বৰ অনুপাত ঠিক ৰাখি অংকন কৰা চিত্ৰই হ’ল মানচিত্ৰ ।
আনহাতে ডাঙৰ মাপনীৰ সহায় লৈ অংকন কৰা সৰু ঠাই এখনৰ চিত্ৰই হ’ল নক্সা ।
(চ) মানচিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত সাংকেতিক চিহ্ন বোৰে কি দৰে সহায় কৰে?
উত্তৰ:- মানচিত্ৰত কোনো এখন ঠাইৰ ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, দলং, গছ-গছনি, ৰেলপথ, পুখুৰি, কুৱা, খেতি-পথাৰ আদিৰ তথ্যবোৰ প্ৰকৃত আকাৰ আৰু আকৃতিত আঁকি দেখুৱাৱ নোৱাৰি । গতিকে এই তথ্যবোৰ বিভিন্ন আখৰ, ৰং, ৰেখা, চিহ্ন আদিৰে দেখুওৱা হয় ।এই চিহ্নবোৰে এখন নিৰ্দিষ্ট ঠাইৰ বিভিন্ন ধৰণৰ তথ্য সম্পৰ্কে আমাক জনাব পাৰে । মানচিত্ৰত ব্যৱহাৰ হোৱা এই সাংকেতিক চিহ্নবোৰ অধ্যয়ন কৰি পৃথিৱীৰ যিকোনো ঠাইৰ বিষয়ে বিতংকৈ জানিব পাৰো ।
(২) শুদ্ধ উত্তৰটোত (✓) চিহ্ন দিয়া —
(ক) উদ্ভিদৰ বিতৰণ দেখুওৱা মানচিত্ৰবিধ হ’ল –
(১) বতৰৰ মানচিত্ৰ।
(২) বিষয় ভিত্তিক মানচিত্ৰ।
(৩) ৰাজনৈতিক মানচিত্ৰ।
উত্তৰ:- (২) বিষয় ভিত্তিক মানচিত্ৰ ।
(খ) তলৰ কোনটো দেখুৱাবলৈ মানচিত্ৰত নীলা ৰং ব্যৱহাৰ কৰা হয়?
(১) পানী ভাগ।
(২) পৰ্বত।
(৩) সমভূমি।
উত্তৰ:- (১) পানী ভাগ ।
(গ) কম্পাছ ব্যৱহাৰ কৰা হয় —
(১) সাংকেতিক চিহ্ন দেখুৱাবলৈ।
(২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ।
(৩) দূৰত্ব জুখিবলৈ।
উত্তৰ:- (২) প্ৰধান দিশ নিৰ্ণয় কৰিবলৈ ।
(ঘ) তলৰ কোনটোৰ বাবে মাপনীৰ প্ৰয়োজন?
(১) মানচিত্ৰ অংকন।
(২) আৰ্হি চিত্ৰ।
(৩) চিহ্ন।
উত্তৰ:- (১) মানচিত্ৰ অংকন ।
Class 6 Social Science
Class 6 Social Science Chapter 5 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |