Class 6 social science Chapter 6 in assamese medium question answer|| Class 6|| ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ|| Class 6 social science chapter 6 Assamese Medium||
ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ
class 6 social science assamese medium question answer|| Class 6|| ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ || Class 6 social science chapter 6 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ
অনুশীলনী – ১
১/ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক কি বুলি জনা যায়?
উত্তৰ:- শংকৰদেৱৰ জন্মৰ চনৰপৰা আৰম্ভ হোৱা বর্ষপঞ্জিখনক শংকৰাব্দ বুলি জনা যায়।
(খ) ভাস্কৰাব্দৰ আৰম্ভণি কোনজন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে?
উত্তৰ:- ভাস্কৰাব্দৰ আৰম্ভণি ভাস্কৰবৰ্মন ৰজাৰ ৰাজ অভিষেকৰ বছৰৰপৰা হৈছে।
(গ) মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম কি?
উত্তৰ:- মুছলমানসকলৰ পৰম্পৰাগত বর্ষপঞ্জিখনৰ নাম হিজৰী।
(ঘ) গ্ৰেগৰিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো কোনজন বিশেষ ব্যক্তিৰ জন্মৰপৰা গণনা কৰা হয়?
উত্তৰ:- গ্ৰেগৰিয়ান বর্ষপঞ্জিৰ আৰম্ভণিৰ বছৰটো যীশুখ্ৰীষ্টৰ জন্ম বছৰৰপৰা গণনা কৰা হয়।
(ঙ) এক দশক বুলিলে কি বুজা?
উত্তৰ:- এক দশক বুলিলে ১০ বছৰীয়া এছোৱা সময়ক বুজোৱা হয়।
(চ) ১০০০ বছৰক একেলগে বুজাবলৈ কোনটো শব্দ ব্যৱহাৰ কৰা হয়?
উত্তৰ:- ১০০০ বছৰক একেলগে বুজাবলৈ সহস্রাব্দ শব্দ ব্যৱহাৰ কৰা হয়
২/ ইতিহাস আৰু কাহিনীৰ মাজত কি পার্থক্য আছে?
উত্তৰ:- ইতিহাস হ’ল অতীতত ঘটা প্রকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী। আনহাতে কাহিনী হ’ল মানুহে কল্পনাৰে সাজি লোৱা এটা সাধুকথা।
৩) ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান কি?
উত্তৰ:- ইতিহাস লিখনৰ ক্ষেত্ৰত সবাতোকৈ গুৰুত্বপূর্ণ উপাদান হ’ল-সত্যতাৰ নিৰূপণৰ কাৰণে উৎস আৰু ধাৰাবাহিকতা।
অনুশীলনী-২
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—
(ক) ইতিহাস অধ্যয়নৰ উৎস বুলিলে কি বুজা?
উত্তৰ: ইতিহাস অধ্যয়নৰ উৎস বুলিলে বুজা হয় সেইবোৰ সামগ্ৰী বা তথ্য যাৰ সহায়ত অতীতৰ ঘটনা জানিব পৰা যায়।
(খ) ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম লিখা।
উত্তৰ:- ইতিহাস অধ্যয়নৰ দুবিধ উৎসৰ নাম হ’ল-
(১) তাম্ৰলিপি
(২) শিলালিপি
গ) এপিগ্রাফিষ্টসকলে কিহৰ বিষয়ে অধ্যয়ন কৰে?
উত্তৰ:- এপিগ্রাফিষ্টসকলে শিলালিপি, তাম্রলিপি, মুদ্রা আদিৰ বিষয়ে অধ্যয়ন কৰে।
(ঘ)জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক কি বুলি জনা যায়?
উত্তৰ:- জীৱাশ্মৰ বিষয়ে অধ্যয়ন কৰা লোকসকলক পুৰাজীৱবিজ্ঞানী বুলি জনা যায়।
(ঙ) নৃতত্ত্ববিদসকলে কোনবোৰ বিষয় অধ্যয়ন কৰে?
উত্তৰ:- নৃতত্ত্ববিদসকলে প্রত্নতাত্ত্বিক স্থানত থকা পুৰণি শিল্পকর্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে।
২) ইতিহাসবিদসকলে উৎসসমূহৰ সত্যতা কিদৰে নিৰূপণ কৰে?
উত্তৰ:- ইতিহাসবিদসকলে বিভিন্ন উৎসৰ পৰা তথ্য সংগ্ৰহ কৰি প্ৰথমে সেইবোৰ তুলনা কৰি চায় কোনটো উৎস অধিক নিৰ্ভৰযোগ্য তাক বিচাৰি উলিয়ায় আনি উৎসসমূহৰ সত্যতা নিৰূপণ কৰে।
৩) ইতিহাস লিখনত আন আন বিষয়ৰ ভূমিকা বর্ণনা কৰা ।
উত্তৰ:- ইতিহাস হৈছে এক বৈজ্ঞানিক প্রক্রিয়া। নানা উৎস ইতিহাসবিদসকলক তথ্যৰ যোগান ধৰি অতীতক পুনৰ উদ্ধাৰ কৰাত সহায় কৰে। প্রত্নতাত্বিকসকলে আদিম লোকসকলৰ বিষয়ে তথ্য উদঘাটন কৰাত আগভাগ লয়।পুৰাজীৱবিজ্ঞানীসকলে জীৱাশ্মৰ অধ্যয়ন কৰে । নৃতত্ববিদসকলে প্রত্নতাত্বিক স্থানত থকা শিল্প-কর্মসমূহ পৰীক্ষা কৰি অতীতৰ মানুহৰ সাংস্কৃতিক আচৰণ পুনৰ অধ্যয়ন কৰে।লিপিবিদসকলে প্রাচীন শিলালিপিৰপৰা তথ্য উদঘাটন কৰে। সাহিত্য আৰু ভাষাৰ বিশেষজ্ঞসকলেও ইতিহাস লিখনত অৰিহণা যোগায়।এইদৰে নানা বিষয়ে ইতিহাস লিখনত সহায় কৰে।
অনুশীলনী-৩
১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া—
ক) সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ কোনটো অঞ্চলক বুজোৱা হৈছিল?
উত্তৰ:- সপ্তসিন্ধু বুলিলে ভাৰত উপমহাদেশৰ উত্তৰ- পশ্চিম অঞ্চলটোক বুজোৱা হৈছিল।
(খ) ভাৰত উপমহাদেশ বুলিলে বর্তমান কোনটো অঞ্চলক বুজায়?
উত্তৰ:- ভাৰত উপমহাদেশৰ বুলিলে বর্তমান ভাৰতকে ধৰি পাকিস্তান, বাংলাদেশ, আফগানিস্তান, ভূটান, আৰু নেপালক বুজায়।
গ) অশোকে ভাৰতক বুজাবলৈ শিলালিপিত কোনটো শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰ:- অশোকে ভাৰতক বুজাবলৈ শিলালিপিত ‘জম্বুদ্বীপ’ শব্দ ব্যৱহাৰ কৰিছিল।
(ঘ) প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ কি শব্দ ব্যৱহাৰ কৰিছিল?
উত্তৰ:- প্রাচীন গ্রীকসকলে ভাৰতক বুজাবলৈ ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ শব্দ ব্যৱহাৰ কৰিছিল।
(ঙ) প্রাচীন চীনাসকলে ভাৰতক কি বুলি কৈছিল?
উত্তৰ:- প্রাচীন চীনাসকলে ভাৰতক ‘য়িন্তু’ বা ‘ য়িন্দু’ বুলি কৈছিল।
চ) ভাৰতৰ কোনটো অঞ্চলক’ ভাৰতম’ বুলি কোৱা হৈছিল?
উত্তৰ:- ভাৰতৰ দক্ষিণ অঞ্চলক’ ভাৰতম’ বুলি কোৱা হৈছিল।
২) ‘ভাৰত’ শব্দটো কিদৰে আহিল বর্ণনা কৰা।
উত্তৰ:- প্ৰাচীন কালত ‘ভৰত’ নামৰ এজন শক্তিশালী ৰজাই ইয়াত ৰাজত্ব কৰিছিল। এইজনা ৰজাৰ নামৰ পৰাই দেশখনৰ নাম ‘ভাৰত’ হৈছে বুলি সকলোৱে বিশ্বাস কৰে।
৩) ইণ্ডিয়া নামটোৰ উৎপত্তি বর্ণনা কৰা।
উত্তৰ:- প্রাচীন গ্রীকসকলে সিন্ধু অঞ্চলটোৰ নাম ‘ইণ্ডই’ বা ‘ইণ্ডাইক’ ৰাখিছিল। ‘হিন্দ’ৰ প্ৰাৰম্ভিক ‘হ’ আখৰটো তেওঁলোকৰ ভাষাত নথকাৰ বাবে বাদ দিছিল। এনেদৰেই ‘ইণ্ডিয়া’ নামৰ উৎপত্তি হৈছিল বুলি ধাৰণা কৰা হয়।
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ইতিহাস লিখনত সময় গণনা, উৎস আৰু ভাৰতবর্ষ|| Class 6 social science chapter 6 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here
🔗 Related Study Resources
6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |
📲 Stay Connected
Get the latest updates and chapter releases via: