Class 6 social science Chapter 7 in assamese medium question answer|| Class 6|| মানুহৰ জীৱন প্ৰণালীত বিকাশ|| Class 6 social science chapter 7 Assamese Medium||
মানুহৰ জীৱন প্ৰণালীত বিকাশ
class 6 social science assamese medium question answer|| Class 6|| মানুহৰ জীৱন প্ৰণালীত বিকাশ || Class 6 social science chapter 7 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
মানুহৰ জীৱন প্ৰণালীত বিকাশ
অনুশীলনী – ১
১. (ক) আদিম মানুহে কি কি বস্তু খাদ্য হিচাপে গ্রহণ কৰিছিল?
উত্তৰ:- আদিম মানুহে গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি খাদ্য হিচাপে গ্রহণ কৰিছিল।
খ) আদিম মানুহৰ আশ্রয়স্থলবোৰ কেনে আছিল?
উত্তৰ:- শিলৰ গুহা আৰু গছৰ খোৰোং আদিম মানুহৰ আশ্রয়স্থল আছিল।
(গ) আদিম যুগৰ সঁজুলিবোৰ কি আছিল? সেইবোৰ কেনেকৈ প্ৰস্তুত কৰি লৈছিল?
উত্তৰ:- শিল, গছৰ ডাল, ডাঙৰ জন্তুৰ হাড় আদি আদিম যুগৰ সঁজুলি আছিল। সেইবোৰ তেওঁলোকে শিলৰ ওপৰত ঘঁহি ঘঁহি প্ৰস্তুত কৰি লৈছিল।
ঘ) জুইৰ আৱিষ্কাৰ কিদৰে হৈছিল?
উত্তৰঃ জুইৰ আৱিষ্কাৰ মানৱ সভ্যতাৰ এটা উল্লেখযোগ্য ঘটনা। আদিম মানুহে লক্ষ্য কৰিছিল শিলে শিলে জোৰকৈ ঘহঁনি খালেও জুইৰ ফিৰিঙতি ওলায়। এনেদৰে সৃষ্টি হোৱা জুই দেখি আদিম মানুহে প্রথমতে ভয় খাইছিল। তেতিয়াও কিন্তু তেওঁলোকে জুইৰ ব্যৱহাৰ জনা নাছিল। তেওঁলোকে দেখিছিল যে বেছি বেগেৰে বাগৰি অহা শিল এটাই আন শিলৰ গাত ঘহঁনি খালে জুইৰ শিখা ওলায় আৰু সেই শিখা শুকান ঘাঁহ গছৰ পাত আদিত লাগিলে জুই জ্বলি উঠে। তাৰ পিছৰপৰা তেওঁলোকে শিল ঘঁহি দুই জ্বলাবলৈ শিকিছিল। এইদৰে জুইৰ আৱিষ্কাৰ হৈছিল, যি মানৱ সভ্যতাৰ বাবে এটা গুৰুত্বপূর্ণ আৱিষ্কাৰ আছিল।
২. চমুটোকা লিখা-
(ক) আদিম মানুহৰ খাদ্যাভ্যাস
উত্তৰ:- আদিম মানুহে জীয়াই থকাৰ বাবে জীৱ-জন্ত চিকাৰ কৰাৰ লগতে উদ্ভিদৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল | গছৰ সৰি থকা ফল, বীজ, পাত, পোক-পতংগ আদি সংগ্ৰহ কৰি কেচাই খাইছিল।
খ)আদিম মানুহৰ আশ্রয়স্থল
উত্তৰ:- আদিম যুগত মানুহ বহুতো প্রাকৃতিক প্ৰত্যাহ্বানৰ সন্মূখীন হৈছিল। নিজৰ সুৰক্ষা আৰু মৌলিক প্রয়োজন পূৰ কৰিবলৈ তেতিয়া লোকসকলে গোট বা দল বান্ধি যাযাবৰী জীৱন – যাপন কৰিছিল। যি সময়ত তেওঁলোকে এনেধৰণৰ কষ্টকৰ জীৱন- যাপন কৰিছিল, সেই সময়ত ৰ’দ, বৰষুণ, বতাহ আদিৰ পৰা হাত সাৰি থকাৰ লগতে বনৰীয়া জীৱ-জন্তুৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ শিলৰ গুহা আৰু গছৰ খোৰোং আদিকে আশ্ৰয় হিচাপে বাচনি কৰি লৈছিল।
৩। জুইৰ আৱিষ্কাৰে আদিম মানুহৰ জীৱনলৈ কিদৰে পৰিৱৰ্তন আনিছিল বহলাই লিখা।
উত্তৰঃ জুইৰ আৱিষ্কাৰ আছিল আদিম মানুহৰ জীৱনত এক বৈপ্লৱিক পৰিৱৰ্তন। প্রাথমিকভাৱে তেওঁলোকে শিল ঘঁহি বা দুটা শিলৰ সংঘৰ্ষৰ ফলত জুইৰ ফিৰিঙতি গুলাই আহে বুলি গম পাইছিল। যদিও প্রথমে তেওঁলোকে জুই দেখি ভয় খাইছিল, পিছত জুইৰ গুৰুত্ব উপলব্ধি কৰি ইয়াক নিজৰ জীৱনলৈ অন্তর্ভুক্ত কৰিছিল।
জুইৰ আৱিষ্কাৰে আদিম মানুহৰ খাদ্যাভ্যাসত গভীৰ প্ৰভাৱ পেলাইছিল। তেওঁলোকে খাদ্য ৰান্ধিবলৈ শিকিলে, যাৰ ফলত খাদ্য অধিক পুষ্টিকৰ আৰু হজমযোগ্য হ’ল। আনহাতে, জুইৰ সহায়ত ঠাণ্ডা পৰিস্থিতিত শৰীৰৰ উষ্ণতা বজাই ৰাখিবলৈ সক্ষম হ’ল।
জুইয়ে মানুহৰ আশ্রয়স্থল ৰক্ষাতো গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। ইয়াৰ সহাত তেওঁলোকে বনৰীয়া জন্তুৰ আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ সক্ষম হ’ল। জুইৰ পোহৰে আন্ধাৰ আঁতৰাই আনিলে, যাৰ ফলত নিশাও কিছু কার্যক্ষম হ’ব পাৰিছিল।
ইয়াৰ উপৰিও জুইৰ সহায়ত তেওঁলোকে নতুন নতুন সজুঁলি আৰু অস্ত্র তৈয়াৰ কৰিবলৈ শকিলে। ইয়াৰে ফলত মানৱ সভ্যতাৰ উন্নতি আৰু যান্ত্রিক অগ্ৰগতিৰ বাট মুকলি হ’ল।
জুইৰ আৱিষ্কাৰে আদিম মানুহক প্ৰাকৃতিক বিপদৰ পৰা ৰক্ষা কৰাৰ লগতে তেওঁলোকৰ দৈনন্দিন জীৱন, খাদ্যাভ্যাস, আশ্ৰয় আৰু সজুঁলি ব্যৱস্থাত এক নতুন দিগন্ত আনিছিল। এই আবিষ্কাৰেই মানৱ সভ্যতাৰ অগ্ৰগতিত এটা দীপস্তম্ভ হিচাপে বিবেচিত।
অনুশীলনী-২
১। তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) মানুহে পোহা প্রথম জন্তবিধ কি আছিল?
উত্তৰ:- মানুহে পোহা প্রথম জন্তবিধ আছিল কুকুৰ।
(খ) পশুপালনৰ যুগ কেনেদৰে আৰম্ভ হৈছিল?
উত্তৰ:- বহুতো পণ্ডিতৰ মতে মানুহে পোহ মনোৱা প্ৰথম জন্তুবিধ আছিল কুকুৰ। সময় আগবঢ়াৰ লগে লগে তেওঁলোকে গৰু, ছাগলী, ঘোঁৰা আদি জীৱ জন্তুকো পোহপাল দিবলৈ শিকিছিল। এনেদৰেই পশুপালন যুগৰ আৰম্ভ হৈছিল।
২।কৃষিৰ আৰম্ভণি আৰু বিকাশ কিদৰে হৈছিল?
উত্তৰ:- মানুহে যাযাবৰী জীৱন কটাই থকা কালত পুৰুষসকলে চিকাৰ কৰিছিল আৰু মহিলাসকলে ফল-মূল, শিপা, ঘাঁহ আদি গোটাইছিল। তেওঁলোকে বহুদিন ধৰি লক্ষ্য কৰিছিল যে ফল-মূলৰ গুটিবোৰ য’ত পেলাই দিয়া হয় তাতেই পুনৰ একেই গছ গজে আৰু ফলো ধৰে। খাদ্য বিচাৰি এঠাইৰপৰা আন এঠাইলৈ যাওঁতে তেওঁলোকে এই কথাবোৰলৈ লক্ষ্য কৰিছিল। গুটিৰপৰা গছ গজা কথাটো জনাৰ পিছত তেওঁলোকে নিজৰ প্ৰয়োজন পূৰ কৰিবলৈ গছৰ গুটি সিঁচিবলৈ লৈছিল। এইদৰে কৃষিৰ আৰম্ভণি আৰু বিকাশ হৈছিল।
অনুশীলনী-৩
১।তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
(ক) আদিম মানুহে কেতিয়াৰপৰা স্থায়ীভাৱে বসবাস কৰিবলৈ ল’লে?
উত্তৰ:- আদিম মানুহে জীৱ-জন্তুৰপৰা খেতি ৰক্ষা কৰিবলৈ ওচৰতে স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল।
(খ) বর্তমান সময়তো খাদ্য-সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম লিখা।
উত্তৰ:- বৰ্তমান সময়তো খাদ্য-সংগ্ৰহ আৰু চিকাৰ কৰি জীৱন নিৰ্বাহ কৰা জনগোষ্ঠী এটাৰ নাম হ’ল জাৰোৱা জনগোষ্ঠী।
(গ) গাঁৱৰ আৰম্ভণি কিদৰে হৈছিল?
উত্তৰ:- জীৱ-জন্তুৰ লগতে শস্য আদিৰ কাৰণে পানী অপৰিহাৰ্য। তেতিয়া আজিৰ দৰে পানী কঢ়িওৱাৰ সুবিধাও নাছিল। সেয়েহে, সকলোৱে পানীৰ উৎসৰ ওচৰতে বসতি স্থাপন কৰিছিল। এইদৰে নৈ-নিজৰা আদিৰ সমীপতে গাওঁবোৰ গঢ়ি উঠিছিল।
ঘ) মানুহে প্রথমে কেনে ধৰণৰ পাত্ৰ ব্যৱহাৰ কৰিছিল?
উত্তৰ:- মানুহে প্রথমে মাটিৰ পাত্ৰ ব্যৱহাৰ কৰিছিল।
(ঙ) চকাৰ ব্যৱহাৰে আদিম মানুহৰ জীৱনত কেনে প্ৰভাৱ পেলাইছিল?
উত্তৰ:- চকাৰ আবিষ্কাৰৰ পাছৰেপৰা মানুহে বস্তুৰ আদান প্ৰদান আৰু পাছলৈ যাতায়তৰ বাবে চকাৰ ব্যৱহাৰ কৰিবলৈ শিকে। ফলত বস্তু বাহানিৰ আদান – প্ৰদানৰ ক্ষেত্ৰত মানুহৰ কষ্ট লাঘৱ হোৱাৰ লগতে সময়ো ৰাহি হ’বলৈ ধৰে।
অনুশীলনী-৪
তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-
১। আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি কেনেদৰে হৈছিল?
উত্তৰ:- আদিম মানুহে লাহে লাহে তেওঁলোকৰ প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ ধৰে। বহু লোক খেতিৰ উপৰি বিভিন্ন পাত্ৰ তৈয়াৰ কৰা, পশুপালন কৰা আদি কামতো নিয়োজিত হয়। লাহে লাহে গাওঁৰ মানুহৰ মাজতো বিভিন্ন সামগ্ৰীৰ আদান প্রদান, অহা যোৱা চলিবলৈ ধৰে। বেছিকৈ উৎপাদন কৰা শস্যবোৰ তেওঁলোকে আন সা-সামগ্রী প্রস্তুত কৰা লোকৰ লগত বিনিময় কৰাব সুযোগ ওলাল।এইদৰে আদিম লোকৰ মাজত বিনিময়ৰ আৰম্ভণি হৈছিল।
২. অতীতত প্রথম বাণিজ্য কেন্দ্ৰবোৰ কিদৰে গঢ়ি উঠিছিল?
উত্তৰ:- আদিম মানুহবোৰে তেওঁলোকৰ সামগ্ৰীবোৰ বিনিময়ৰ কাৰণে কেতবোৰ সুচল ঠাই বাছি লয়। সেই ঠাইবোৰেই পাছলৈ ব্যৱসায়ৰ কেন্দ্ৰ হিচাপে গঢ়ি উঠে।
৩. আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰ কেইখনমান ঠাইৰ নাম উল্লেখ কৰা |
উত্তৰ:- আদিম যুগৰ অৱশিষ্ট উদ্ধাৰ হোৱা ভাৰতৰকেইখনমান ঠাইৰ নাম হ’ল- বেলান উপত্যকা, মির্জাপুৰ, বাগোৰ, বুর্জহোম আদি।
Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|মানুহৰ জীৱন প্ৰণালীত বিকাশ|| Class 6 social science chapter 7 Assamese Medium
For More details check our Youtube Channel ExamPedia Assam
Class 6 Social Science All Chapter – Click Here
🔗 Related Study Resources
6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |
📲 Stay Connected
Get the latest updates and chapter releases via: