Assam Board Exam

Class 6 Social Science Chapter 8 ভাৰতীয় সভ্যতাৰ আৰম্ভণি

Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6|| ভাৰতীয় সভ্যতাৰ আৰম্ভণি|| Class 6 social science chapter 8 Assamese Medium

Class 6 social science assamese medium question answer|| Class 6| ভাৰতীয় সভ্যতাৰ আৰম্ভণি || Class 6 social science chapter 8 Assamese Medium|| For More Details check our Youtube Channel ExamPedia Assam

১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) সভ্যতা বুলিলে কি বুজা।

উত্তৰ: সভ্যতা হৈছে মানুহৰ সামাজিক, ধৰ্মীয়, অৰ্থনৈতিক, ৰাজনৈতিক, নৈতিক আৰু সাংস্কৃতিক উন্নতিৰ অৱস্থা।


(খ) সভ্যতাৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা।

উত্তৰ: সভ্যতাৰ বৈশিষ্ট্যসমূহ হ’ল-

(ক) শিল, ধাতু, কাঠ আদি কেঁচামাল সুলভ আছিল। এইবোৰৰ পৰা শিল্পজাত সামগ্ৰীৰ উৎপাদন আৰু পৰিচালনাৰ সুব্যৱস্থা আছিল।

(খ) দাঁতি-কাষৰীয়া অঞ্চলবোৰৰ মাজত থকা অর্থনৈতিক সম্পর্ক আছিল। ইয়াৰ ফলত আভ্যন্তৰীণ আৰু বহিঃবাণিজ্যৰ সুব্যৱস্থা গঢ়ি উঠিছিল।

(গ) সেই সভ্যতাৰ সাক্ষী বহন কৰা নিৰ্ভৰযোগ্য তথ্য এতিয়াও মজুত আছে।

(ঘ) সৃষ্টিশীল কাম-কাজ, যেনে, লিখিত সাহিত্য, ফলক, শিলালিপি আদিৰ দ্বাৰা সেই সময়ৰ জীৱনৰ প্ৰতিফলন দেখা যায়।

(ঙ) উপযুক্ত কৃষি ব্যৱস্থাৰ যোগেদি গাঁৱৰ লগতে নগৰতো খাদ্য আৰু অন্যান্য দ্রব্য যোগান ধৰিব পৰাকৈ সমৃদ্ধিশালী গাঁও আছিল।


(গ) নীল নদীৰ পাৰত কোনটো সভ্যতা গঢ়ি উঠিছিল।

উত্তৰ: নীল নদীৰ পাৰত মিছৰীয় সভ্যতা গঢ়ি উঠিছিল।


(ঘ) যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম লিখা।

উত্তৰ: যিকোনো দুটা প্রাচীন সভ্যতাৰ নাম হ’ল-

১. সিন্ধু সভ্যতা।

২. মেছ’পটেমিয়া সভ্যতা।


১. তলৰ প্রশ্নবোৰৰ উত্তৰ দিয়া-

(ক) সিন্ধু সভ্যতাক আন কি কি নামেৰে জনা যায়?

উত্তৰ: সিন্ধু সভ্যতাক হৰপ্পা সভ্যতা আৰু সিন্ধু – সৰস্বতি সভ্যতা নামেৰে জনা যায়।


(খ) হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম লিখা।

উত্তৰ:  হৰপ্পা সভ্যতাৰ উল্লেখযোগ্য যিকোনো দুটা স্থানৰ নাম হ’ল-  লোথাল, ধোলভিৰা।


(গ) হৰপ্পা সভ্যতাৰ নগৰৰ গাঁথনি কেনে আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ  এই দুই  ভাগত ভগাব পাৰি। দুর্গ হ’ল চহৰৰ ওখ অংশ, য’ত ৰাজহুৱা গৃহ, শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল। আনহাতে নামনি চহৰ আছিল সাধাৰণ প্ৰজাৰ বাসস্থান।


২. চমুটোকা লিখা – হৰপ্পা সভ্যতাৰ সময়ৰ

(ক) সৰস্বতী নদী

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ত সৰস্বতী নদীৰ কাষত অসংখ্য ঠাই আছিল, যিবোৰক এতিয়া ভাৰতত ‘ঘগ্নাৰ’ আৰু পাকিস্তানত ‘হকৰা’ বুলি অভিহিত কৰা হৈছে। এই নদীখনত বাৰিষাৰ সময়তহে পানী থাকে। ঋগ্‌বেদত সৰস্বতী নদীৰ প্ৰথম উল্লেখ পোৱা যায়।


(খ) ঘৰ- দুৱাৰ

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ৰ নগৰবোৰক গাঁথনিৰ ফালৰ পৰা দুৰ্গ আৰু নামনি চহৰ এই দুই ভাগত ভগাব পাৰি। দুর্গ হ’ল চহৰৰ ওখ অংশ, য’ত ৰাজহুৱা গৃহ, শস্যৰ ভঁৰাল, ৰাজহুৱা স্নানাগাৰ, সভাগৃহ আদি আছিল। এই অঞ্চলতে শাসক শ্ৰেণীৰ লোকে বাস কৰিছিল। নামনি চহৰত আছিল সাধাৰণ প্ৰজাৰ বাসস্থান | এই ঘৰবোৰ ঘাইপথৰ দুয়োকাষে সজা হৈছিল। ঘাইপথতকৈ কিছু উচ্চতাত ঘৰবোৰ নিৰ্মাণ কৰা হৈছিল। তাত খটখটিৰ ব্যৱস্থা আছিল।প্রত্যেক ঘৰৰ লগত শৌচাগাৰ, চোতাল, ৰান্ধনিঘৰ আৰু একাধিক শোৱা কোঠালীৰ ব্যৱস্থা আছিল। বেছিভাগ ঘৰেই দুমহলীয়া আছিল। ঘৰবোৰ ইটাৰে সজা হৈছিল।


(গ) ৰাস্তা -ঘাট

উত্তৰ:- হৰপ্পা সভ্যতাৰ অন্তৰ্গত চহৰবোৰৰ ৰাস্তা -ঘাটবোৰ আছিল আহল- বহল আৰু সাধাৰণতে ইটো-সিটোৰ সমান্তৰাল। মূল ঘাইপথৰপৰা ওলাই অহা সৰু সৰু আলিবোৰ সমান ব্যৱধানত আন পথত লগ লাগিছিল। সমগ্ৰ চহৰখনৰ বাট -পথবোৰ আয়তাকাৰে বিভক্ত হৈ আছিল। কিছুমান আলিবাট পোৰা ইটাৰে সজাৰ প্ৰমানো পোৱা গৈছে। ৰাস্তাৰ ভাজবোৰ কোণযুক্ত নহৈ ধেনুভিৰীয়াকৈ সঁজা হৈছিল যাতে জন্তুৱে টনা গাড়ী সহজে পাৰ হৈ যাব পাৰে।


(খ) জল – নিষ্কাষণ ব্যৱস্থা

উত্তৰ:- হৰপ্পা সভ্যতাৰ চহৰবোৰৰ জল- নিষ্কাষণ, অর্থাৎ পানী যোৱাৰ ব্যৱস্থা সু- পৰিকল্পিত আছিল। প্রত্যেক ঘৰৰে ব্যবহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল | এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰা বুজিব পাৰি যে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুনকৈ থকাত বিশেষ গুৰুত্ব দিছিল।


৩। “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।”- ব্যাখ্যা কৰা।

উত্তৰঃ “হৰপ্পা সভ্যতাৰ সেই সময়ৰ বাসিন্দাসকলে চাফ-চিকুণকৈ থকাত বিশেষ গুৰুত্ব দিছিল।” —এই বক্তব্যটো হৰপ্পা সভ্যতাৰ নগৰ পৰিকল্পনা আৰু জল-নিষ্কাষণ ব্যৱস্থা পৰ্যালোচনা কৰিলে স্পষ্ট হয়।

হৰপ্পা সভ্যতাৰ চহৰসমূহ সু-পৰিকল্পিত আছিল। প্রত্যেক ঘৰত ব্যৱহৃত পানী ওলাই যাবলৈ বিশেষ ব্যৱস্থা আছিল। প্রত্যেক ঘৰৰে ব্যৱহৃত পানী ওলাই গৈ নলাত পৰাৰ ব্যৱস্থা আছিল। আলিবাটৰ সমান্তৰালকৈ বা কাষে কাষে পানী যোৱা নলা আছিল | এই নলাবোৰ ইটাৰ ঢাকনিৰে ঢাকি থোৱা আছিল। ইয়াৰ পৰা বুজিব পাৰি যে হৰপ্পা সভ্যতাৰ বাসিন্দাসকলে চাফ চিকুনকৈ থকাত বিশেষ গুৰুত্ব দিছিল।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক)হৰপ্পা সভ্যতাৰ লোকসকল কি কি বৃত্তিৰ লগত জড়িত আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লোকসকল কৃষি, পশুপালন আৰু হস্তশিল্পৰ লগত জড়িত আছিল।


(খ) হৰপ্পা সভ্যতাৰ লোকসকলৰ কোন কোন অঞ্চলৰ লগত বাণিজ্যিক সম্পর্ক আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লোকসকলৰ মেছপটেমিয়া আৰু পাৰস্যৰ লোকসকলৰ লগত বাণিজ্যিক সম্পর্ক আছিল।


(গ) বহিজগতৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কি কি প্রমাণ পোৱা যায়?

উত্তৰ:- হৰপ্পা সভ্যতাৰ ছীল- মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছপটেমিয়া আৰু পাৰস্যৰপৰা উদ্ধাৰ কৰা হৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ কথা প্ৰমাণ কৰে।


(ঘ) হৰপ্পা সভ্যতাৰ লোকসকলে কি কি শস্যৰ খেতি কৰিছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বার্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ আদি শস্যৰ খেতি কৰিছিল।


(ঙ) হৰপ্পা সভ্যতাৰ সময়ছোৱাত কোনবোৰ হস্তশিল্পৰ প্ৰচলন আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ছোৱাত পোৰা মাটিৰে নিৰ্মাণ কৰা সামগ্ৰী, সোণৰ আ- অলংকাৰ, তামৰ বাচন- বৰ্তন, ব্ৰঞ্জৰ সঁজুলি, বয়ন সামগ্ৰী, ইটা, কাঠৰ বস্তু, নাওঁ আদি হস্তশিল্পৰ প্ৰচলন আছিল।


চ) কিহৰ ওপৰত ভিত্তি কৰি হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি?

উত্তৰ:- বিভিন্ন খননত পোৱা বিদেশী সামগ্রী, ছীল-মোহৰ, মাটিৰ পাত্ৰ আদিৰ ওপৰত ভিত্তি কৰি আমি ক’ব পাৰো যে হৰপ্পা সভ্যতাৰ লগত মেছ’পটেমিয়া আৰু ৰোমান সভ্যতাৰ সম্পৰ্ক আছিল।


২. চমুটোকা লিখা- হৰপ্পাকালীন (ক) জীৱিকা

উত্তৰ:- হৰপ্পা সভ্যতাৰ সময়ছোৱাত লোকসকল কৃষি, পশুপালন আৰু হস্তশিল্পৰ নিচিনা বৃত্তিৰ লগত জড়িত আছিল। হৰপ্পা সভ্যতাৰ লোকসকলে ঘেঁহু, বার্লি, সৰিয়হ, শাক-পাচলি, ফল-মূল আৰু কপাহ আদিৰ খেতি কৰিছিল। হৰপ্পা সভ্যতাৰ লোকসকলে হাতী, উট, ম’হ, গৰু, ভেড়া আদি পালন কৰিছিল |


(খ) বাণিজ্য

উত্তৰ:- হৰপ্পা সভ্যতাৰ ছীল মোহৰ, মাটিৰ পাত্ৰ আদিৰ অংশবিশেষ মেছপটেমিয়া আৰু পাৰস্যৰপৰা উদ্ধাৰ কৰা হৈছে। সেইদৰে মেছ’ পটেমিয়া ছীল-মোহৰ হৰপ্পাত পোৱা গৈছে। এনেদৰে উদ্ধাৰ হোৱা সামগ্ৰীবোৰে আন আন ঠাইৰ লগত হৰপ্পাবাসীৰ বাণিজ্যিক সম্পৰ্কৰ সাক্ষ্য বহন কৰে। সেই সময়ত স্থলপথ আৰু জলপথ উভয়েদি বেহা- বেপাৰ চলিছিল।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) ‘ইউনিকর্ণ’ কি?

উত্তৰ:- হৰপ্পাৰ ছীল-মোহৰবোৰত এশিঙীয়া জন্তু এবিধৰ প্ৰতিচ্ছবি দেখা যায়, যাক ইউনিকর্ণ বুলি কোৱা হয়।


(খ) ছীল-মোহৰবোৰত কি কি জন্তুৰ প্ৰতিচ্ছবি পোৱা গৈছে?

উত্তৰ:- ছীল-মোহৰবোৰত ষাঁড়গৰু, ভেড়া, বাঘ, আৰু হাতীৰ প্ৰতিচ্ছবি পোৱা গৈছে।


(গ) হৰপ্পাকালীন লিপি কি কি সামগ্ৰীত পোৱা গৈছে?

উত্তৰ:- হৰপ্পাকালীন লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিৰ পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে।


২. চমুটোকা লিখা- হৰপ্পাৰ সময়ৰ

(ক) ধর্মীয় বিশ্বাস

উত্তৰ:- হৰপ্পাকালীন সভ্যতাত ভিন ভিন ঠাইৰপৰা উদ্ধাৰ হোৱা একেধৰণৰ মাটিৰে নিৰ্মিত নাৰী মুৰ্ত্তি এটাক ইতিহাসবিদসকলে ধর্মীয় বিশ্বাসৰ প্ৰতীক বুলি কয়।তদুপৰি ছীল-মোহৰবোৰত খোদিত বহি থকা অৱস্থাত পশুৰে বেষ্টিত পুৰুষৰ প্ৰতিচ্ছবিক পশুপতি শিৱ বুলি অভিহিত কৰা দেখা যায়।


খ) ভাষা আৰু লিপি

উত্তৰ:- হৰপ্পাবাসীয়ে কি ভাষা ব্যৱহাৰ কৰিছিল সেয়া জনা নাযায়। সেয়েহে বিভিন্ন উৎসৰপৰা উদ্ধাৰ হোৱা লিপিসমূহৰ পাঠোদ্ধাৰ এতিয়াও সম্ভৱ হৈ উঠা নাই। কিন্তু ভাষাবিদসকল নিশ্চিত হৈছে যে তেওঁলোকৰ লিপিৰ আখৰবোৰ চিত্রলিপি আছিল। অর্থাৎ, ছবিক আখৰ হিচাপে ব্যৱহাৰ কৰা হৈছিল। এতিয়ালৈ প্রায় ৫০০ চিত্রলিপি উদ্ধাৰ হৈছে। বাক্যবোৰ সোঁফালৰপৰা বাওঁফাললৈ লিখা হৈছিল। এই লিপিবোৰ মোহৰ, তামৰ ফলি, ব্ৰঞ্জৰ ফলি, শিলৰ টুকুৰা, পোৰা মাটিব পাত্ৰৰ টুকুৰা আদিত পোৱা গৈছে।


১. তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া-

(ক) হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ কেনেকুৱা আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ বেছিভাগ ঘৰ দুমহলীয়া আছিল।


(খ) হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ কেনেকুৱা আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ লিপিৰ আখৰবোৰ সোঁফালৰপৰা বাওঁফাললৈ লিখা হৈছিল।


(গ) হৰপ্পা সভ্যতাৰ মোহৰ বোৰত কিহৰ চিত্ৰ খোদিত আছিল?

উত্তৰ:- হৰপ্পা সভ্যতাৰ মোহৰবোৰত বিভিন্ন জন্তু যেনে, ষাঁড়গৰু, ভেড়া, বাঘ, আৰু হাতীৰ চিত্ৰ খোদিত আছিল।


(ঘ) ১৯২১ চনত কাৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল ?

উত্তৰ:- ১৯২১ চনত ৰাখাল দাস বেনাৰ্জীৰ নেতৃত্বত মহেঞ্জোদাৰোত খনন কার্য চলিছিল।


Class 6 social science সমাজ বিচিত্ৰা স্বদেশ – বিদেশৰ সমাজ পৰিচয় assamese medium question answer|| Class 6| ভাৰতীয় সভ্যতাৰ আৰম্ভণি || Class 6 social science chapter 8 Assamese Medium

For More details check our Youtube Channel ExamPedia Assam

Class 6 Social Science All ChapterClick Here

6 Assamese | Class 6 Science | Class 6 Social Science | Class 6 Mathematics |


📲 Stay Connected

Get the latest updates and chapter releases via:

📢 WhatsApp Channel

📢 Telegram Channel

📢 Youtube Channel

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top