Class 6 social science Chapter 9 in assamese medium question answer|| Class 6|| প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ || Class 6 social science chapter 9 Assamese Medium||
প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ
class 6 social science assamese medium question answer|| Class 6|| প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ || Class 6 social science chapter 9 Assamese Medium|| For More Details check our Youtube Channel Assam Board Exam||
প্ৰাচীন ভাৰতৰ ৰাজবংশ আৰু সমাজ
অনুশীলনী-১
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্য বংশৰ প্রতিষ্ঠাতা কোন আছিল?
উত্তৰ: মৌর্য বংশৰ প্রতিষ্ঠাতা চন্দ্ৰগুপ্ত মৌর্য আছিল।
(খ) অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক কোন?
উত্তৰ: অর্থশাস্ত্ৰ গ্রন্থখনৰ লেখক চাণক্য বা কৌটিল্য।
(গ) বর্তমান ভাৰতৰ কোন অঞ্চলত মৌর্যসকলৰ ৰাজ্য অৱস্থিত আছিল?
উত্তৰ: মৌৰ্যসকলৰ ৰাজ্য বৰ্তমান ভাৰতৰ উত্তৰ প্ৰদেশ ,বিহাৰ, মধ্য প্ৰদেশ ,গুজৰাট, উৰিষ্যা , বাংলাদেশ,আৰু পাকিস্তান অঞ্চলত বিস্তৃত আছিল।
(ঘ) মৌর্য ৰজাসকলৰ ভিতৰত কাক শ্রেষ্ঠ ৰজা বুলি জনা যায়?
উত্তৰ: মৌর্য ৰজাসকলৰ ভিতৰত অশোকক শ্রেষ্ঠ ৰজা বুলি জনা যায়।
(ঙ) শৃংগ বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: শৃংগ বংশৰ প্রতিষ্ঠাপক আছিল পূষ্যমিত্র শৃংগ।
(চ) পূষ্যমিত্র শৃংগ কোনটো বর্ণৰ লোক আছিল?
উত্তৰ: পূষ্যমিত্র শৃংগ ব্ৰাহ্মণ বৰ্ণৰ লোক আছিল।
(ছ) গুপ্ত বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: গুপ্ত বংশৰ প্রতিষ্ঠাপক আছিল শ্রীগুপ্ত।
(জ) মৌর্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি জনা গৈছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক অমাত্য বুলি জনা গৈছিল।
(ঝ) অশোকৰ শাসনকালত উচ্চ পদবীধাৰী বিষয়াসকলক কি বুলি কোৱা হৈছিল?
উত্তৰ: অশোকৰ সময়ত উচ্চ পদবীধাৰী বিষয়াসকলক মহামন্ত্ৰী বুলি কোৱা হৈছিল।
(ঞ) অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব কি আছিল?
উত্তৰ: অধ্যক্ষ বোলা বিষয়াসকলৰ দায়িত্ব আছিল বিভিন্ন বিভাগৰ তত্ত্বাৱধান কৰা।
(ট) মৌর্যসকলৰ সময়ৰ প্রধান বর্ণকেইটা কি আছিল?
উত্তৰ: মৌৰ্যসকলৰ সময়ত চাৰিটা প্রধান বৰ্ণ আছিল — ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ।
(ঠ) গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন কোন?
উত্তৰ: গুপ্তবংশৰ শ্রেষ্ঠ ৰজাজন হ’ল সমুদ্ৰগুপ্ত
অনুশীলনী-২
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নাম লিখা।
উত্তৰ: মৌর্যবংশৰ সমসাময়িক দক্ষিণ ভাৰতৰ ৰাজবংশ তিনিটাৰ নামহ’ল চোল, চেৰা আৰু পাণ্ড্য।
(খ) পাণ্ড্য বংশৰ ৰাজধানী কি আছিল?
উত্তৰ: পাণ্ড্য বংশৰ ৰাজধানী মাডুৰাই আছিল।
(গ) উৰাইয়ুৰ কোনখন ৰাজ্যৰ শাসনকেন্দ্ৰ আছিল?
উত্তৰ: চোল বংশৰ শাসনকেন্দ্ৰ আছিল উৰাইয়ুৰ।
(ঘ) চেৰাসকলৰ অঞ্চলটোক কি বুলি জনা গৈছিল?
উত্তৰ: চেৰা বংশৰ অঞ্চলটোক কেৰেলা বুলি জনা গৈছিল।
(ঙ) কাক অন্ধ বুলি জনা গৈছিল?
উত্তৰ: সাতবাহন বংশক অন্ধ বুলি জনা গৈছিল।
(চ) চালুক্য বংশৰ প্রতিষ্ঠাপক কোন?
উত্তৰ: চালুক্য বংশৰ প্রতিষ্ঠাপক আছিল প্ৰথম পুলকেশী।
(ছ) পল্লৱ বংশৰ প্ৰথম বজা কোন আছিল?
উত্তৰ: পল্লৱ বংশৰ প্ৰথম ৰজা আছিল সিংহবিষ্ণু।
(জ) কাঞ্চীপুৰম কাৰ ৰাজধানী আছিল?
উত্তৰ: কাঞ্চীপুৰম আছিল পল্লৱসকলৰ ৰাজধানী।
(ঝ) দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি কি আছিল?
উত্তৰ: দক্ষিণ ভাৰতৰ লোকসকলৰ প্রধান বৃত্তি আছিল কৃষিকাৰ্য।
অনুশীলনী-৩
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) প্রাচীন কামৰূপৰ প্রথমটো ঐতিহাসিক বংশৰ নাম কি?
উত্তৰ: প্রাচীন কামৰূপৰ প্ৰথমটো ঐতিহাসিক বংশ বর্মন বংশ।
(খ) কোনজন কামৰূপৰ ৰজাই ভাস্কৰাব্দ নামৰ নতুন চনৰ প্রৱর্তন কৰিছিল?
উত্তৰ: কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে ভাস্কৰাব্দ চনৰ প্ৰৱর্তন কৰিছিল।
(গ) বর্মন বংশৰ শ্রেষ্ঠ ৰজা কোন আছিল?
উত্তৰ: বর্মন বংশৰ শ্রেষ্ঠ ৰজা আছিল ভাস্কৰ বৰ্মন।
(ঘ) চীনা পৰিব্রাজক হিউৱেন চাং কামৰূপলৈ কেতিয়া আহিছিল?
উত্তৰ: চীনা পৰিব্রাজক হিউয়েন চাং ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত কামৰূপলৈ আহিছিল।
(ঙ) বিষয় বুলিলে কি বুজা?
উত্তৰ শাসন সুবিধাৰ বাবে কামৰূপ ৰাজ্য খনক বিভিন্ন প্ৰশাসনিক গোটত বিভক্ত কৰা হৈছিল এনে গোটবোৰক বিষয় বোলা হৈছিল।
(চ) কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম লিখা।
উত্তৰ কামৰূপ ৰাজ্যৰ কেইটামান উল্লেখযোগ্য বৃত্তিৰ নাম হ’ল – কৃষি, কাপোৰ বোৱা, কাঁহ – পিতল বা মাটিৰ পাত্ৰ তৈয়াৰ কৰা।
অনুশীলনী-৪
তলত দিয়া প্রশ্নবোৰৰ উত্তৰ লিখা—
(ক) গুপ্তযুগক কিয় সোনালী যুগ বুলি কোৱা হৈছিল?
উত্তৰ: শিক্ষা, সাহিত্য, কলা আৰু বিজ্ঞানৰ বিকাশৰ বাবে গুপ্তযুগক সোনালী যুগ বুলি কোৱা হৈছিল।
(খ) কালিদাসে লিখা তিনিখন নাটকৰ নাম লিখা।
উত্তৰ: অভিজ্ঞান শকুন্তলম, ৰঘুবংশম, মালাবিকাগ্নিমিত্রম।
(গ) বর্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক কোন আছিল?
উত্তৰ: বর্তমানৰ নাম প্রয়াগৰাজ প্রশস্তিৰ লেখক হৰিসেন আছিল।
(ঘ) দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম কি?
উত্তৰ: দ্বিতীয় চন্দ্রগুপ্তৰ সভাসদ অমৰসিংহই ৰচনা কৰা অভিধানখনৰ নাম হ’ল অমৰকোষ।
(ঙ) দক্ষিণ ভাৰতত কি কি ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল?
উত্তৰ: দক্ষিণ ভাৰতত সংস্কৃত, তামিল, তেলেগু, কানাড়া, মালায়ালাম ভাষাত নাটক, কবিতা আদি ৰচনা কৰা হৈছিল।
Class 6 Social Science Chapter 9 Question Answer
Class 6 Social Science Chapter 9 Asaamese Medium
For More details check our Youtube Channel Assam Board Exam
Class 6 Social Science Content
Sl. No. | Contents |
Chapter 1 | সৌৰজগতত আমাৰ পৃথিৱী |
Chapter 2 | পৃথিৱীৰ আকাৰ আৰু আকৃতি |
Chapter 3 | পৃথিৱীৰ গতি |
Chapter 4 | পৃথিৱীৰ প্ৰধান মণ্ডলসমূহ |
Chapter 5 | ভূগোল অধ্যয়নৰ আহিলাঃ মানচিত্ৰ |
Chapter 6 | পৃথিৱীৰ প্ৰধান ভূ-অৱয়ৱ |
Chapter 7 | অসম – জলবায়ু, প্ৰাকৃতিক উদ্ভিদ বন্যপ্ৰাণী আৰু কৃষি |
Chapter 8 | আমাৰ ভাৰত |
Chapter 9 | কি, ক’ত, কেতিয়া আৰু কেনেকৈ |
Chapter 10 | আদি প্ৰস্তৰ যুগ |
Chapter 11 | আদিম মানুহৰ অৰ্থনৈতিক কাৰ্যকলাপ আৰু স্থায়ী বসবাস |
Chapter 12 | প্ৰাচীন নগৰীয়া সভ্যতা |
Chapter 13 | বৈদিক সভ্যতা |
Chapter 14 | মহাজনপদ |
Chapter 15 | নতুন ভাবৰ উত্থান |
Chapter 16 | মৌৰ্য সাম্ৰাজ্য |
Chapter 17 | আমাৰ মৌলিক প্ৰয়োজনসমূহ |
Chapter 18 | উন্নত জীৱনৰ প্ৰয়োজনসমূহ |
Chapter 19 | জীৱন-ধাৰণৰ মান উন্নয়নত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 20 | কৃষি , উদ্যোগ আৰু সেৱাখণ্ডত প্ৰযুক্তিৰ প্ৰভাৱ |
Chapter 21 | চৰকাৰৰ ধাৰণা আৰু বিভিন্ন প্ৰকাৰৰ চৰকাৰ |
Chapter 22 | গণতন্ত্ৰ আৰু ইয়াৰ নীতিসমূহ |
Chapter 23 | কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ |
Chapter 24 | স্থানীয় স্বায়ত্ব শাসন ব্যৱস্থা |