Assam Board Exam

কালিকা লগা পাট-কাপোৰ | Class 7 Assamese Chapter 2

Class 7 Assamese Chapter 2 | কালিকা লগা পাট-কাপোৰ– সম্পূৰ্ণ প্ৰশ্ন উত্তৰ in Assamese Medium | All Question Answer | SEBA Class 7

Class 7 Assamese Chapter 2 কালিকা লগা পাট-কাপোৰ | Complete Question Answer in Assamese Medium


কালিকা লগা পাট-কাপোৰ

সপ্তম শ্ৰেণী

অসমীয়া

১) উত্তৰ দিয়া।

(ক) চহকী মানুহজন কোন দেশৰ আছিল?

উত্তৰঃ চহকী মানুহজন আচিক দেশৰ আছিল।


(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?

উত্তৰঃ চহকী মানুহজনৰ ছোৱালীজনীৰ এজন দেখনিয়া ডেকাৰ লগত বিয়া হৈছিল।


(গ) ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে আৰু কি দিয়া হৈছিল?

উত্তৰঃ ছোৱালীজনীক আন আন সম্পত্তিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিয়া হৈছিল।



(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?

উত্তৰঃ কালিকালগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল, এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।


(ঙ) আচিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

উত্তৰঃ আচিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।


(চ) ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি ক’লৈ গৈছিল?

উত্তৰঃ ছোৱালীজনীয়ে কাপোৰখন ৰ’দত মেলি দি মাছ মাৰিবলৈ গৈছিল।



(ছ) কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন কিহলৈ ৰূপান্তৰিত হ’ল?

উত্তৰঃ কাপোৰখন চুই দিয়াৰ লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ুৰ চৰাই (চিতৰী) হৈ পৰিল।


৩। চমু উত্তৰ লিখা।

(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশেষত্ব কি আছিল?

উত্তৰঃ বাপেকে ছোৱালীজনীক দিয়া বনকৰা কপোৰখনৰ বিশেষত্ব হ’ল- এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হ’ব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।


(খ) গিৰিয়েকজন কিদৰে সুশোভিত চিতৰী চৰাই লৈ ৰূপান্তৰিত হৈছিল?

উত্তৰঃ কালিকা লগা পাটৰ কাপোৰখন ৰ’দত মেলি দি ছোৱালীজনীয়ে গিৰিয়েকক কোনো কাৰণতে কাপোৰখন নুচুবলৈ কৈ মাছ মাৰিবলৈ গৈছিল। এনেতে ধাৰাসাৰ বৰষুণ অহাত ঘৈণীয়েকক চিঞৰি মতাতো নহাত গিৰিয়েকে সামৰি থ’বলৈ বুলি কাপোৰখনত ধৰোতেই তেওঁ সুশোভিত চিত্ৰৰী চৰাইলৈ ৰূপান্তৰিত হৈছিল।


(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষত তাইৰ কি হ’ল?

উত্তৰঃ গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ’ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে। লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে।


৪) তলৰ শব্দবোৰৰ অৰ্থ বাকচৰ পৰা বাছি উলিয়াই লিখা।

প্ৰচলিত      –  চলি থকা।

দেখনিয়াৰ  –  সুঠাম আৰু দেখিবলৈ ধুনীয়া।

চহকী         –  ধনী।

সুশোভিত  –  সুসজ্জিত।

সৰহ          –  বহুত।


৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওবা।

এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখনত হাত দিলে লগে লগে তায়ো এজনী চৰাইৰ ৰূপ পালে তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই মতাটোৰ পাখি বেছি জকমকীয়া কাৰণ সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

উত্তৰঃ এই কাণ্ড দেখি ঘৈণীয়েকে মন্ত্রষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি ‘কি কৰিলা ঔ ‘বুলি চিঞৰ মাৰি কাপোৰখনতহাত দিলে। লগে লগে তায়োএজনী চৰাইৰ ৰূপ পালে। তেতিয়াৰে পৰা গিৰিয়েকজন হৈ পৰিল মতা ম’ৰা চৰাই,আৰু ঘৈণীয়েকজনী হৈ পৰিল মাইকী ম’ৰা চৰাই। মতাটোৰ পাখি বেছি জকমকীয়া। কাৰণ , সেই কাপোৰখনৰ সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।


৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্রিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।

সমাপিকা ক্ৰিয়াঅসমাপিকা ক্ৰিয়া
(i) আচিক দেশত এজন বৰ চহকী মানুহ আছিল।(i) এদিন ছোৱালীজনীয়ে কাপোৰখন পেৰাৰ পৰা উলিয়াই ৰ’দত মেলি দিলে।
(ii) পৰ্বতীয়া জাতিসমূহৰ ভিতৰত কেতবোৰ মাতৃপ্রধান জাতি আছে৷(ii) কিন্তু তাই আহি পোৱাৰ আগতে শিল – বৰষুণ আহিল।

৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।

মই ঘৰলৈ যাম।

ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।

পুৱা শুই উঠি মই বকুল ফুল বুটলিম।

মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে।

স্কুলৰ পৰা আহি মই কিছুপৰ টি ভি চাওঁ।

উত্তৰঃ 

সমাপিকা ক্ৰিয়াঅসমাপিকা ক্ৰিয়া
মই ঘৰলৈ যাম।পুৱা শুই উঠি মই বকুল ফুল বুটলিম।
ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।স্কুলৰ পৰা আহি মই কিছুপৰ টি ভি চাওঁ।
মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে।

Class 7 Assamese All Question Answer- Click Here


Class 7 Assamese Chapter 2 কালিকা লগা পাট-কাপোৰ  Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

🎥 Class 7 Assamese Video Lessons

Boost your understanding with our visual explanations on YouTube. Watch summary videos, question-answers, and concept breakdowns.

▶️ Watch Now: Class 7 Assamese Playlist by ExamPedia Assam »


🔗 Join Our Class 7 Learning Community

Stay updated with our latest study materials, mock tests, and educational videos.


✅ Also Explore:

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment