Assam Board Exam

Class 7 Science Chapter 3 | তাপ- Complete Question-Answer (Assamese Medium)

Complete question-answer guide for Class 7 Science Chapter 3, ‘তাপ(Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Science Chapter 3 (Part 1) in Assamese Medium | তাপ Complete Question Answer in Assamese Medium

সপ্তম শ্ৰেণী

বিজ্ঞান 

তাপ

1. পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ সাদৃশ্য আৰু পার্থক্যসমূহ উল্লেখ কৰা।

উত্তৰঃ পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ মাজৰ সাদৃশ্য হ’

  1. দুয়োটা তাপমেতাতে তৰল পদার্থ হিচাপে পাৰা ব্যৱহাৰ কৰা হয়।
  2. দুয়োটা তাপমেতাতে এমূৰত এটাকৈ পাৰা জমা থকা বাল্ব আছে।
  3. দুয়োটা তাপমেতাতে ছেলছিয়াছ স্কেলৰ দাগ কটা থাকে।

পৰীক্ষাগাৰৰ তাপমেতা আৰু জ্বৰ জোখা তাপমেতাৰ মাজৰ পার্থক্য হ’ল –

  1. জ্বৰ জোখা তাপমেতাৰ উষ্ণতাৰ পৰিসৰ হৈছে 35C ৰ পৰা 42 C আনহাতে পৰীক্ষাগাৰৰ তাপমেতাৰ উষ্ণতাৰ পৰিসৰ হৈছে -10 C ৰ পৰা 110 C লৈ।
  2. পৰীক্ষাগাৰৰ তাপমেতাৰ ডালেৰে উষ্ণতা জোখোতে থিয় কৰি ৰাখিব লাগে কিন্তু জ্বৰজোখা তাপমেতাৰ ডালেৰে জোখোতে হেলনীয়া কৰি ধৰি ৰাখিব লাগে।
  3. জ্বৰজোখা তাপমেতাত ভাঁজ থাকে আনহাতে পৰীক্ষাগাৰৰ তাপমেতাত ভাঁজ নাথাকে।

2. তাপৰ পৰিবাহী আৰু অপৰিবাহী বস্তুৰ দুটাকৈ উদাহৰণ দিয়া। 

উত্তৰঃ তাপৰ পৰিবাহী  হ’ল-  লো, তাম।

তাপৰ অপৰিবাহী  হ’ল-   কাগজ, কাঠ।


3. খালী ঠাই পূৰ কৰা :

(a) কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ __________ দ্বাৰা নির্ণয় কৰা হয় ।

উত্তৰ— কোনো এটা বস্তুৰ উত্তাপ ইয়াৰ উষ্ণতাৰ দ্বাৰা নিৰ্ণয় কৰা হয় ।

(b) উতলা পানীৰ উষ্ণতা __________  তাপমেতাৰে জুখিব নোৱাৰি।

উত্তৰ— উতলা পানীৰ উষ্ণতা জ্বৰ জোখা তাপমেতাৰে জুখিব নোৱাৰি।

(c) ডিগ্ৰী _________ এককত উষ্ণতা জোখা হয় ।

উত্তৰ— ডিগ্ৰী ছেলছিয়াছ এককত উষ্ণতা জোখা হয় ।

(d) _________ প্রক্রিয়াৰে তাপৰ সঞ্চালনত মাধ্যমৰ প্ৰয়োজন নহয়।

উত্তৰ— বিকিৰণ প্ৰক্ৰিয়াৰে তাপৰ সঞ্চালনত মাধ্য়মৰ প্ৰয়োজন নহয়।

(e) এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই _________ প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

উত্তৰ— এখন চেঁচা ষ্টীলৰ চামুচ গৰম গাখীৰৰ পিয়লাত ডুবাই ৰখা হৈছে। ই পৰিবহণ প্রক্রিয়াৰে আনটো মূৰলৈ তাপ সঞ্চালিত কৰে।

(f) পাতল ৰঙৰ বস্ত্ৰতকৈ ________ ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে।

উত্তৰ— পাতল ৰঙৰ বস্ত্ৰতকৈ গাঢ় ৰঙৰ বস্ত্ৰই অধিক তাপ শোষণ কৰে।


4. তলৰ বাক্যবোৰ মিলোৱা :

(i) স্থলবতাহ বলে(e) গ্ৰীষ্মকালত
(ii) জলবতাহ বলে(f) শীতকালত
(iii) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়(g) দিনত
(iv) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়(h) ৰাতি

উত্তৰ—

(i) স্থলবতাহ বলে(g) দিনত
(ii) জলবতাহ বলে(h) ৰাতি
(iii) গাঢ় ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়(f) শীতকালত
(iv) পাতল ৰঙৰ বস্ত্ৰ পচন্দ কৰা হয়(e) গ্ৰীষ্মকালত

5. শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধিলে আমাৰ শৰীৰ কিয় বেছি গৰম হৈ থাকে আলোচনা কৰা।

উত্তৰ— একাধিক তৰপৰ কাপোৰৰ মাজত বায়ু আৱদ্ধ হৈ থাকে। আমি সকলোৱে জানো যে বায়ু তাপৰ কুপৰিবাহী। ফলত শৰীৰৰ উত্তাপ বাহিৰলৈ ওলাই যাব নোৱাৰে আৰু আমাৰ শৰীৰ গৰম হৈ থাকে। সেইবাবে শীতকালত মাত্ৰ এখন ডাঠ কাপোৰৰ সলনি একাধিক তৰপৰ কাপোৰ পিন্ধা হয়।


6. তলৰ চিত্ৰ 3.13 টো লক্ষ্য় কৰা। পৰিবহণ, পৰিচলন আৰু বিকিৰণ প্ৰক্ৰিয়াৰে তাপ সঞ্চালিত হোৱা স্থানবোৰ চিহ্নিত কৰা।

Class 7 Science Chapter 3 Q6

উত্তৰ—

Class 7 Science Chapter 3 Q6 Ans

চিত্ৰত তাপ পৰিবহনৰ পদ্ধতিবোৰ হ’

(a) বিকিৰণ :-  বার্ণাৰৰ পৰা চচপেনৰ তলিলৈ ।

(b) পৰিবহন :- পাত্ৰৰ তলিৰ পৰা পাত্ৰৰ ওপৰলৈ।

(c) পৰিচলন :- পাত্ৰৰ তলিৰ পৰা পানীৰ ওপৰ পৃষ্ঠলৈ।


7. উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামর্শ দিয়া হয়। ব্যাখ্যা কৰা।

উত্তৰ—  বগা ৰঙে তাপ শোষণ নকৰে ওলোটাই তাক প্ৰতিফলিতহে কৰে ফলত ঘৰৰ ভিতৰলৈ তাপ সঞ্চালনৰ পৰিমাণ কম হয় বাবে ঘৰৰ ভিতৰত গৰম কম হয়। সেইবাবে উষ্ণ জলবায়ুৰ অঞ্চলৰ ঘৰবোৰৰ বহিঃবেৰত বগা ৰং দিবলৈ পৰামৰ্শ দিয়া হয়।


8. 30° C ত থকা এক লিটাৰ পানী 50° C ত থকা এক লিটাৰ পানীৰ লগত মিহলি কৰা হ’ল। মিশ্রণৰ উষ্ণতা হ’ব-

(a) 80° C               (b) 50° C ত কৈ বেছি কিন্তু 80° C তকৈ কম

(c) 20° C                (d) 30° C আৰু 50° C ৰ মাজত

উত্তৰ— (d) 30° C আৰু 50° C ৰ মাজত


9.  মগ এটাত থকা 40° C উষ্ণতাৰ পানীত 40° C উষ্ণতাৰ লোৰ বল এটা ডুবাই দিয়া হ’ল। তাপ-

(a) লোৰ বলৰপৰা পানীলৈ সঞ্চালিত হ’ব।

(b) লোৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয়।

(c) পানীৰ পৰা লোৰ বললৈ সঞ্চালিত হ’ব।

(d) দুয়োৰে উষ্ণতা বৃদ্ধি হ’ব।

উত্তৰ— (b) লোৰ বলৰপৰা পানীলৈ সঞ্চালিত নহয় বা পানীৰ পৰাও লোৰ বললৈ সঞ্চালিত নহয়।


10. আইছ ক্ৰীমেৰে পূৰ্ণ কাপ এটাত কাঠৰ চামুচ এখন ভৰাই থোৱা হৈছে। চামুচখনৰ আনটো মূৰ

(a) পৰিবহণ প্ৰক্ৰিয়াৰে চেঁচা হ’ব।

(b) পৰিচলন প্ৰক্ৰিয়াৰে চেঁচা হ’ব।

(c) বিকিৰণ প্ৰক্ৰিয়াৰে চেঁচা হয়।

(d) চেঁচা নহয়।

উত্তৰ— (d) চেঁচা নহয়।


11. নিষ্কলংক তীখা ৰ কেৰাহীৰ তলিভাগ সাধাৰণতে তামেৰে নিৰ্মিত হয়। ইয়াৰ কাৰণ হৈছে-

(a) তামৰ তলিয়ে কেৰাহীৰ আয়ুস বঢ়ায়।

(b) কেৰাহীটো দেখাত ৰং বিৰঙৰ হয়।

(c) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।

(d) নিষ্কলংক তীখাতকৈ তাম চাফা কৰা সুবিধাজনক।

উত্তৰ— (c) নিষ্কলংক তীখাতকৈ তাম অধিক পৰিবাহী।


Class 7 Science All Question Answer- Click Here

Class 7 Science Chapter 3 তাপ (Part 1) in Assamese Medium | Complete Question Answer in Assamese Medium


Class 7 Science Chapter 3 তাপ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment