Assam Board Exam

Class 7 Science Chapter 4 | গতি আৰু সময়- Complete Question-Answer Guide (Assamese Medium)

Complete question-answer guide for Class 7 Science Chapter 4, ‘গতি আৰু সময়(Part 1) in Assamese medium. Find textbook solutions, important questions, and exam-focused answers to help students excel in Assam board exams. Perfect resource for mastering environmental science topics!

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Science Chapter 4 (Part 1) in Assamese Medium | গতি আৰু সময় Complete Question Answer in Assamese Medium

সপ্তম শ্ৰেণী

বিজ্ঞান 

গতি আৰু সময়

1. তলৰ গতিসমূহ সৰল ৰৈখিক, বৃত্তীয় বা দোলন গতিত শ্ৰেণীভুক্ত কৰা।

(a)  দৌৰি থকা অৱস্থাত তোমাৰ হাতৰ গতি।

উত্তৰ— দোলন গতি।

(b) এটা পোণ ৰাস্তাৰে বাগী টানি থকা ঘোঁৰাৰ গতি।

উত্তৰ— সৰল ৰৈখিক গতি।

(c) ঘূৰণ-দোলনাত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।

উত্তৰ— বৃত্তীয় গতি।

(d) ঢেঁকী পাতত উঠি থকা অৱস্থাত শিশু এটাৰ গতি।

উত্তৰ— দোলন গতি ।

(e) বৈদ্যুতিক ঘন্টাৰ হাতুৰিৰ গতি।

উত্তৰ— দোলন গতি।

(f) এখন পোণ দলঙত ৰেলৰ গতি।

উত্তৰ— সৰল ৰৈখিক গতি।


2. তলৰ কোনবোৰ উক্তি শুদ্ধ নহয়?

(a) সময়ৰ মৌলিক একক ছেকেণ্ড।

উত্তৰ— শুদ্ধ

(b) প্ৰত্যেক বস্তুৱে ধ্ৰুৱক দ্ৰুতিৰে গতি কৰে।

উত্তৰ— অশুদ্ধ

(c) দুখন চহৰৰ মাজৰ দূৰত্ব কিলোমিটাৰত জোখা হয়।

উত্তৰ— শুদ্ধ ।

(d) এটা প্ৰদত্ত দোলকৰ পৰ্যায়কাল ধ্ৰুৱক নহয়।

উত্তৰ— অশুদ্ধ

(e) এখন ৰে’লৰ দ্ৰুতি মি/ঘত প্ৰকাশ কৰা হয়।

উত্তৰ— অশুদ্ধ


3.  এটা সৰল দোলকে 20 বাৰ দুলিবলৈ 32 ছেকেণ্ড সময় লয়। দোলকটোৰ পৰ্যায়কাল নিৰ্ণয় কৰা।

উত্তৰ—  দিয়া আছে ,

          দোলকৰ দোলন সংখ্যা = 20

          মুঠ সময় = 32 ছে . 

          আমি জানো যে ,

পর্যায় কাল = মুঠ সময়/ মুঠ দোলন সংখ্যা

            এতেকে নির্ণেয় পর্যায় কাল = 32/20

                                           = 1.6 ছেকেণ্ড

⸫ দোলকটোৰ পৰ্যায়কাল হ’ব = 1.6 ছেকেণ্ড


4. দুটা ষ্টেচনৰ মাজৰ দূৰত্ব 240 কি.মি.। ট্রেইন এখনৰ এই দূৰত্ব অতিক্রম কৰিবলৈ 4 ঘণ্টা সময় লাগে। ট্ৰেইনখনৰ দ্ৰুতি কিমান? 

উত্তৰঃ দিয়া আছে , 

 ষ্টেচন দুটাৰ মাজৰ দূৰত্ব = 240 কি.মি .

                                   সময় = 4 ঘণ্টা 

      আমি জানো যে, দ্রুতি = দূৰত্ব/ সময় 

       এতেকে  নির্ণেয় দ্রুতি =240/4  কি.মি. /ঘণ্টা

                                             = 60 কি.মি. / ঘণ্টা

⸫ ট্ৰেইনখনৰ দ্ৰুতি = 60 কি.মি. / ঘণ্টা


5. ঘড়ীয়ে পুৱা 08:30 বজা সময় দেখুওৱা মুহূৰ্তত এখন গাড়ীৰ দূৰত্বমেতাই 57321.0 কি মি পাঠ দেখুৱায়। যদি পুৱা 08.50 বজাত দূৰত্বমেতাৰ পাঠ 57336.0 কি মিলৈ পৰিৱৰ্তন হয় তেন্তে গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব নিৰ্ণয় কৰা। এইখিনি সময়ৰ ভিতৰত কি মি/ মিনিট এককত গাড়ীখনৰ দ্ৰুতি গণনা কৰা। দ্ৰুতি কি মি/ঘ এককতো প্ৰকাশ কৰা।

উত্তৰঃ  দিয়া আছে,

দূৰত্বমেতাৰ আদি পাঠ = 57321.0 কি.মি.

দূৰত্বমেতাৰ শেষ পাঠ = 57336.0 কি.মি.

গাড়ীখনে অতিক্ৰম কৰা  মুঠ দূৰত্ব = ( 57336.0 –57321.0 ) কি.মি. = 15.0 কি.মি.

ঘড়ীৰ আদি পাঠ = 08:30 AM

ঘড়ীৰ অন্তিম পাঠ = 08:50 AM

মুঠ সময় = (08.50 – 08.30) মিনিট = 20 মিনিট

∴ নির্ণেয় দ্রুতি = 15/20 কি.মি. / মিনিট

          = 0.75 কি.মি. / মিনিট 

আকৌ, 1 ঘণ্টা = 60 মিনিট 

কি মি/ঘ এককত গাড়ীখনৰ দ্ৰুতি = 0.75 x 60 = 45 কি.মি. / ঘণ্টা

∴  গাড়ীখনে অতিক্ৰম কৰা দূৰত্ব = 15.0 কি.মি.

কি মি/ মিনিট এককত গাড়ীখনৰ দ্ৰুতি = 0.75 কি.মি. / মিনিট 

কি মি/ঘ এককত গাড়ীখনৰ দ্ৰুতি = 45 কি.মি. / ঘণ্টা


6. চালমাই চাইকেলেৰে ঘৰৰপৰা বিদ্যালয়লৈ যাবলৈ 15 মিনিট সময় লয়। যদি চাইকেলখনৰ দ্ৰুতি 2 মি/ছে হয়, তেন্তে ঘৰৰপৰা বিদ্যালয়খনৰ দূৰত্ব নিৰ্ণয় কৰা ।

উত্তৰঃ  দিয়া আছে,

চাইকেলৰ দ্রুতি = 2 মি/ছে

সময় = 15 মিনিট = 15 x 60 ছে = 900 ছে

আমি জানো যে,

অতিক্রম কৰা দূৰত্ব = দ্রুতি x সময়

       = 2 x 900 মি

                               = 1800 মি .

∴  ঘৰৰপৰা বিদ্যালয়খনৰ দূৰত্ব = 1800 মি .


7. তলত উল্লেখ কৰা অৱস্থাবোৰত গতিৰ দূৰত্ব-সময় লেখৰ আকৃতি দেখুৱা- 

(a) ধ্ৰুৱক দ্ৰুতিৰে গতিশীল এখন গাড়ী 

উত্তৰঃ 

Class 7 Science Chapter 4 Distance vs Time Graph

(b) ৰাস্তাৰ কাষত ৰৈ থকা এখন গাড়ী 

উত্তৰঃ 

Class 7 Science Chapter 4 Distance vs Time Graph 1

8. তলৰ সমন্ধবোৰৰ কোনটো শুদ্ধ?

Class 7 Science Chapter 4

উত্তৰঃ  (b)


9. দ্ৰুতিৰ মূল  একক হ’ল 

 a)কি.মি          b) মি/মিনিট               c)কি মি/ঘ       d) মি/ছে

উত্তৰঃ d) মি/ছে


10. এখন গাড়ীয়ে 15 মিনিট সময় 40 কি মি/ঘ দ্রুতিৰে আৰু পিছৰ 15 মিনিট 60 কিমি/ঘ দ্রুতিৰে গতি কৰে। গাড়ীখনে অতিক্রম কৰা মুঠ দূৰত্ব হ’ল

(a) 100 কি মি (b) 25 কিমি    (c) 15 কি মি   (d) 10 কি মি

উত্তৰঃ (b) 25 কিমি


12. চিত্ৰ 4.15 ত A আৰু B দুখন গাড়ী ৰ গতিৰ দূৰত্ব-সময়ৰ লেখ দেখুওৱা হৈছে। কোনখন গাড়ী দ্ৰুততৰ?

Class 7 Science Chapter 4

উত্তৰঃ A গাড়ীখন দ্ৰুততৰ


13. তলৰ কোনডাল দূৰত্ব-সময়ৰ লেখে বিষম দ্ৰুতিৰে গতিশীল লৰী এখন সূচায়?

Class 7 Science Chapter 4 Distance vs Time Graph 2
Class 7 Science Chapter 4 Distance vs Time Graph 3

উত্তৰঃ (c)


Class 7 Science All Question Answer- Click Here

Class 7 Science Chapter 4 গতি আৰু সময় (Part 1) in Assamese Medium | Complete Question Answer in Assamese Medium


Class 7 Science Chapter 4 গতি আৰু সময়– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment