Assam Board Exam

Class 7 Science Chapter 5 | অম্ল , ক্ষাৰক আৰু লৱণ-

🧪 Class 7 Science – Chapter 5

Welcome to AssamBoardExam.com – your trusted source for SCERT Assam Class 7 content.
This page provides detailed question and answer notes for Class 7 Science Chapter 5 – “অম্ল, ক্ষাৰক আৰু লৱণ”, strictly based on the SCERT Assam syllabus.

These notes will help you:

  • Understand basic concepts of acids, bases, and salts in Assamese.
  • Prepare effectively for exams with clear and concise answers.
  • Revise the full chapter in question-answer format.

📘 Chapter 5: অম্ল, ক্ষাৰক আৰু লৱণ

(Acids, Bases, and Salts)

🔹 Medium: Assamese
🔹 Class: 7 (SCERT Assam)
🔹 Subject: Science
🔹 Content Type: Chapter-wise Question Answers


📄 প্রশ্ন আৰু উত্তৰ (Questions and Answers)

✅ Below is the complete list of important questions and their answers from Class 7 Science Chapter 5. These are ideal for exam preparation and understanding the topic conceptually.

1. অম্ল আৰু ক্ষাৰৰ মাজত পার্থক্য লিখা।

উত্তৰঃ

অম্লক্ষাৰ
(i) অম্লৰ সোৱাদ টেঙা। (i) ক্ষাৰৰ সোৱাদ তিতা বা কেঁহা।
(ii) অম্লই নীল লিটমাছ ৰঙা কৰে।(ii) ক্ষাৰে ৰঙা লিটমাছ নীলা কৰে।
(iii) অম্ল চুলে হাত খহটা যেন হয়।(iii) ক্ষাৰ চুলে হাত পিছল লাগে।
(iv) অম্লই হাই’ড্রজেন আয়ন মুক্ত কৰে।(iv) ক্ষাৰে হাইড্র’ক্সিল আয়ন মুক্ত কৰে। 

2. খিৰিকী পৰিষ্কাৰকৰ নিচিনা বহুতো ঘৰুৱা বস্তুত এম’নিয়া থাকে। ই ৰঙা লিটমাছ নীলা কৰে। ই কি প্রকৃতিৰ?

উত্তৰঃ ক্ষাৰকে ৰঙা লিটমাছ নীলা কৰে, গতিকে এম’নিয়া ক্ষাৰকীয় প্ৰকৃতিৰ।


3. লিটমাছ দ্ৰৱৰ উৎসটোৰ নাম লিখা। এই দ্ৰৱৰ ব্যৱহাৰ কি?

উত্তৰঃ লিটমাছ দ্ৰৱ উৎপন্ন কৰা উৎসটোৰ নাম হ’ল ছত্ৰক শৈৱাল (লাইকেন)।

লিটমাছ দ্ৰৱৰ দ্বাৰা কোনো প্রদত্ত দ্ৰৱ আম্লিক নে ক্ষাৰকীয় পৰীক্ষা কৰিব পাৰি।


4. পাতিত পানী আম্লিক, ক্ষাৰকীয় নে প্রশম? তুমি এইটো কেনেকৈ প্ৰমাণ কৰিবা?

উত্তৰঃ- পাতিত পানী  প্রশম।

পাতিত পানীত ৰঙা বা নীলা লিটমাছ কাগজ এখন ডুবাই দিলে লিটমাছ কাগজখনৰ ৰঙৰ কোনো পৰিবৰ্তন নহয়। ইয়াৰ পৰা প্ৰমাণ হ’ল যে পাতিত পানী  প্রশম।


5. এটা উদাহৰণসহ প্ৰশমন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰঃ-  অম্ল আৰু ক্ষাৰকৰ মাজত হোৱা বিক্ৰিয়াক প্ৰশমন প্ৰক্ৰিয়া বোলে। এই প্ৰক্ৰিয়াত পানী আৰু লৱণ উৎপন্ন হোৱাৰ লগতে তাপো উৎপন্ন হয়।

উদাহৰণস্বৰূপে,  ছ’ডিয়াম হাইড্র’ক্সাইড (NaOH) ৰ লগত হাইড্র’ক্লৰিক এছিড (HCI)ৰ বিক্রিয়া ঘটি ছ’ডিয়াম ক্ল’ৰাইড (NaCl) আৰু পানী (H₂O) উৎপন্ন হয়। এই বিক্রিয়াটোৰ ৰাসায়নিক সমীকৰণটো তলত দিয়া ধৰণে লিখিব পাৰি-

NaOH + HCI –> NaCl + H₂O + তাপ


6. তলৰ বাক্যটো শুদ্ধ হ’লে ‘শু’ আৰু অশুদ্ধ হ’লে ‘অ’ চিন দিবা।

(a) নাইট্ৰিক এছিডে ৰঙা লিটমাছ কাগজ নীলা কৰে। (শু/অ)

উত্তৰ— অ।

(b) ছ’ডিয়াম হাইড্র’ক্সাইডে নীলা লিটমাছ ৰঙা কৰে। (শু/অ)

উত্তৰ— অ।

(c) ছডিয়াম হাইড্র’ক্সাইড আৰু হাইড্র’ক্লৰিক এছিড পৰস্পৰে পৰস্পৰক প্ৰশমিত কৰে আৰু পানী আৰু লৱণ উৎপন্ন কৰে। (শু/অ)

উত্তৰ— শু।

(d) সূচক হ’ল এটা দ্ৰব্য যিয়ে ক্ষাৰকীয় আৰু আম্লিক দ্ৰৱত বেলেগ বেলেগ বৰণ দেখুৱায়। (শু/অ)

উত্তৰ— শু।

(e) ক্ষাৰকৰ উপস্থিতিৰ বাবে দন্তক্ষয় ৰোগ হয়।

উত্তৰ— অ।


7. ডেকাৰ ৰেষ্টুৰেণ্টত কিছু মৃদু পানীয় বটল আছে । কিন্তু দুর্ভাগ্যবশতঃ এইবোৰত লেবেল নাই। এই পানীয় বিলাক তেওঁ গ্রাহকৰ চাহিদা অনুযায়ী যোগান ধৰিব লাগে। এজন গ্রাহকক আম্লিক, আন এজনক ক্ষাৰকীয় আৰু তৃতীয়জনক প্রশম পানীয় লাগে। কোনজনক কোনটো পানীয় দিব লাগিব কেনেকৈ থিৰাং কৰিবা ?

উত্তৰ— ডেকাই কোনজনক কোনটো পানীয় বটল দিব, সেইটো তলত দিয়া পৰীক্ষাৰ সহায়ত থিৰাং কৰিব পাৰিব-

  1. যিটো বটলৰ পানীয়ই ৰঙা লিটমাছৰ বৰণ নীলা কৰে, সেই বটলবোৰ ক্ষাৰকীয়।
  2. যিটো বটলৰ পানীয়ই নীলা লিটমাছৰ বৰণ ৰঙা কৰে সেইবোৰ আম্লিক পানীয়।
  3. যিটো বটলৰ পানীয়ই ৰঙা বা নীলা লিটমাছৰ বৰণৰ কোনো সাল-সলনি নকৰে সেইবোৰ বটলৰ পানীয় প্রশম হ’ব।

8. কাৰণ ব্যাখ্যা কৰা।

(a) এছিডিটিত ভুগিলে তুমি অম্লনাশক টেবলেট খোৱা।

উত্তৰ— এছিডিটিত ভুগিলে আমি অম্লনাশক টেবলেট খাঁও। অম্লনাশক টেবলেট হৈছে ক্ষাৰকীয় প্ৰকৃতিৰ গতিকে ই অম্লক প্ৰসমিত কৰি আমাৰ এছিডিটি ভাল কৰাত সহায় কৰে।


(b) পৰুৱাই কামুৰিলে কেলামাইন দ্রব ছালত ঘঁহি দিয়া হয় কিয় ?

উত্তৰঃ কেলামাইনত জিংক কাৰ্বনেট থাকে যি এবিধ ক্ষাৰকীয় পদাৰ্থ। পৰুৱাই কামুৰিলে ই আমাৰ ছালত ফৰ্মিক এচিড সুমুৱাই দিয়ে। কেলামাইনে ফৰ্মিক এচিডক প্ৰসমিত কৰে যাৰ ফলত আমাৰ বিষ উপশম হয়।


(c)কাৰখানাৰ আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগতে প্ৰশমিত কৰা হয়।

উত্তৰ— কাৰখানাৰ আৱৰ্জনাবোৰত অম্ল থাকে। এই আৱৰ্জনাবোৰ জলাশয়ত পেলালে জলাশয়ত থকা মাছ তথা অন্য জীৱ-জন্তুৰ মৃত্যু হব। সেইবাবে আৱৰ্জনাবোৰ জলাশয়ত পেলোৱাৰ আগত প্ৰশমিত কৰা হয়।


9. তোমাক তিনিটা জুলীয়া পদার্থ দিয়া হৈছে। এটা হাইড্র’ক্ল’ৰিক এছিড, আনটো ছডিয়াম হাই’ড্রক্সাইড আৰু তৃতীয়টো হ’চেনিৰ দ্ৰৱ। তুমি এইবোৰক কেনেকৈ চিনাক্ত কৰিবা ? তোমাৰ কেবল হালধিৰ সূচকহে আছে।

উত্তৰ— হালধিৰ সূচকেৰে তলত দিয়া ধৰনেৰে দ্ৰৱ তিনিবিধ চিনাক্ত কৰিব পৰা যাব-

  1. ছ’ডিয়াম হাইড্র’ক্সাইড হালধি সূচকত দিলে ইয়াৰ ৰঙ ৰঙা হ’ব।
  2. এতিয়া এই ৰঙা ৰঙৰ ওপৰত যেতিয়া হাইড্র’ক্ল’ৰিক এছিড দিয়া হয় তেতিয়া ইয়াৰ ৰঙ আকৌ হালধীয়া হ’ব।
  3. বাকী থকা জুলীয়া পদাৰ্থটো হ’ব চেনিৰ দ্ৰৱ।

10. এখন নীলা লিটমাছ কাগজ এটা দ্রৱত ডুবাই দিয়া হ’ল । কাগজখন নীলা হৈয়ে থাকিল। দ্ৰৱটোৰ প্রকৃতি কেনেকুৱা ব্যাখ্যা কৰা।

উত্তৰ— অম্লই নীলা লিটমাছ ৰঙা কৰে। যিহেতু দ্ৰৱটোৱে নীলা লিটমাছৰ ৰং সলনি কৰিব নাৱাৰিলে গতিকে দ্ৰৱটো ক্ষাৰকীয় নহ’লে প্ৰশম হ’ব।


11. তলৰ বাক্যকেইটা পঢ়ি চোৱা।

(ক) অম্ল আৰু ক্ষাৰক দুয়োটাই সকলোবোৰ সূচকৰ ৰং সলনি কৰে।

(খ) যদি এটা সূচকৰ ৰং অম্লত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং ক্ষাৰকত সলনি নহয়।

(গ) যদি এটা সূচকৰ ৰং ক্ষাৰকত সলনি হয়, তেনেহ’লে ইয়াৰ ৰং অম্লত সলনি নহয়।

(ঘ) অম্ল আৰু ক্ষাৰকত ৰং সলনি হোৱাটো সূচকৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে ।

উক্তিবোৰৰ কোনবোৰ শুদ্ধ

(i) চাৰিওটা     (ii) ‘ক’ আৰু ‘ঘ’         (iii) ‘খ’ আৰু ‘গ’         (iv) কেৱল ‘ঘ’

উত্তৰ— (iv) কেৱল ‘ঘ’


📌 Why Study from AssamBoardExam.com?

  • ✅ 100% SCERT Assam Syllabus Based
  • ✅ Accurate Assamese Medium Content
  • ✅ Clear and Exam-focused Explanation
  • ✅ Regularly Updated Study Notes

📥 Download PDF (Coming Soon)

We are working on downloadable PDF notes for each chapter. Stay connected with our Telegram and WhatsApp channels for updates.


🔗 Related Links

Class 7 Science Chapter 5 গতি আৰু সময়– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam


  • Pallab Jyoti Bora

    Hi, I’m Pallab Jyoti Bora, an educator with a passion for empowering students. As the founder of Assam Board Exam, I use my years of teaching experience to provide SCERT Assam notes, question papers, and exam resources.

    View all posts

Leave a Comment