Class 7 Social Science Chapter 1 | ভূ-পৃষ্ঠত সময় গণনা – সমাধান in Assamese Medium|| All Question Answer
ভূ-পৃষ্ঠত সময় গণনা
Class 7 Social Science Chapter 1 ভূ-পৃষ্ঠত সময় গণনা – Complete Question Answer in Assamese Medium
ভূ-পৃষ্ঠত সময় গণনা
অনুশীলনী
পাঠঃ ১
১। চমু উত্তৰ দিয়া-
(ক) দ্ৰাঘিমা ৰেখাৰ সৰ্বমুঠ সংখ্যা কিমান?
উত্তৰঃ দ্ৰাঘিমাৰেখাৰ সৰ্বমুঠ সংখ্যা হ’ল- ৩৬০ ডাল।
(খ) ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ কিমান?
উত্তৰঃ ভাৰতীয় মান সময়ৰ দ্ৰাঘিমাংশ হ’ল ৮২°৩০′ পূব দ্ৰাঘিমাৰেখা।
(গ) পৃথিৱীক নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ কিমান ঘণ্টা সময়ৰ প্ৰয়োজন?
উত্তৰঃ পৃথিৱীৰ নিজ মেৰুদণ্ডত একপাক ঘূৰিবলৈ ২৪ ঘন্টা সময়ৰ প্ৰয়োজন।
(ঘ) গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক কি বোলে?
উত্তৰঃ গ্ৰীনিজৰ ওপৰেৰে কল্পনা কৰা প্ৰাথমিক দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ক গ্ৰীনিজ মান সময় বোলে।
(ঙ) কৌণিক দূৰত্বৰ জোখৰ একক কি?
উত্তৰঃ কৌণিক দূৰত্ৱৰ জোখৰ একক হ’ল ডিগ্ৰী।
২। খালী ঠাই পূৰ কৰা–
(ক) পৃথিৱীৰ পৰিধিয়ে কেন্দ্রত ___________________ কোণ কৰি থাকে।
উত্তৰঃ পৃথিৱীৰ পৰিধিয়ে কেন্দ্রত ৩৬০ ডিগ্ৰী কোণ কৰি থাকে।
(খ) দ্রাঘিমাৰেখাৰ মান বা জোখক _________________ বোলে।
উত্তৰঃ দ্রাঘিমাৰেখাৰ মান বা জোখক দ্ৰাঘিমাংশ বোলে।
(গ) প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব ___________________ দ্ৰাঘিমাংশ।
উত্তৰঃ প্রাথমিক দ্রাঘিমাৰেখাৰ কৌণিক দূৰত্ব 0° দ্ৰাঘিমাংশ।
(ঘ) মধ্যাহ্ন সূৰ্যৰ পৰা পুৱফালে ১৫° আঁতৰত থকা ঠাইখনত ___________________ বাজিব।
উত্তৰঃ মধ্যাহ্ন সূৰ্যৰপৰা পুৱফালে ১৫° আঁতৰত থকা ঠাইখনত ১ টা বাজিব।
৩। সঁচা-মিছা নিৰ্ণয় কৰা一
(ক) পৃথিৱীৰ আহ্নিক গতিৰ ফলত পশ্চিমৰ ঠাইসমূহ পূবতকৈ আগতে সূৰ্যৰ সন্মুখীন হয়।
উত্তৰঃ মিছা।
(খ) ভ্ৰমণকাৰীয়ে পূব দিশৰ পৰা ১৮০॰ অতিক্ৰম কৰাৰ সময়ত ১ দিন যোগ দিব লাগে ।
উত্তৰঃ মিছা।
(গ) কোনো এখন ঠাইত নিশা ১২ বাজিলে ঠাইখনত এটা দিন শেষ হয় আৰু অন্য এটা দিন আৰম্ভ হয়।
উত্তৰঃ সঁচা।
(ঘ) ১৮০॰ দ্ৰাঘিমাংশত সময়ৰ ব্যৱধান ১২ ঘণ্টা।
উত্তৰঃ সঁচা।
(ঙ) গ্ৰীনিজতকৈ পিছত সন্ধিয়া হোৱা ঠাই এখন পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰঃ সঁচা।
৪। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।
(ক) ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ/লোকচান হোৱা বুলি অনুভৱ কৰে।
উত্তৰঃ ভ্ৰমণকাৰীয়ে গ্ৰীনিজৰ মান সময় অনুসাৰে গ্ৰীনিজৰ পশ্চিমে গ’লে সময় লাভ হোৱা বুলি অনুভৱ কৰে।
(খ) গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাই পূব / পশ্চিম দ্ৰাঘিমাংশত অৱস্থিত।
উত্তৰঃ গ্ৰীনিজতকৈ মুম্বাইত আগতে সূৰ্যোদয় হয়। গতিকে মুম্বাইত পূব দ্ৰাঘিমাংশত অৱস্থিত।
(গ) প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া / পিছপৰা।
উত্তৰঃ প্ৰাথমিক দ্ৰাঘিমাৰেখাৰ পূবৰ প্ৰতি ডিগ্ৰী দ্ৰাঘিমাৰেখাত ৪ মিনিটকৈ সময় আগবঢ়া।
(ঘ) ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮৩°২০/২০/৯০°/৮২°৩০ পূর্ব দ্রাঘিমাৰেখাডালক গ্রহণ কৰা হৈছে।
উত্তৰঃ ভাৰতীয় মান দ্রাঘিমাৰেখা হিচাপে ৮২°৩০ পূর্ব দ্রাঘিমাৰেখাডালক গ্রহণ কৰা হৈছে।
(ঙ) আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ স্থানীয় সময়/গ্রীনিজ মান সময়/ভাৰতীয় মান সময় মতে চলে।
উত্তৰঃ আমি পিন্ধা সাধাৰণ হাতঘড়ীবোৰ ভাৰতীয় মান সময় মতে চলে।
৫। পার্থক্য লিখা–
(ক) অক্ষৰেখা আৰু দ্রাঘিমাৰেখা।
বিষুৱৰেখাৰ সমান্তৰালকৈ উত্তৰ আৰু দক্ষিণলৈ পূৱা-পশ্চিমাকৈ যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক অক্ষৰেখা বোলে।
প্ৰাথমিক দ্রাঘিমাৰ পূৱ আৰু পশ্চিমে দুই মেৰু বিন্দুক সংযোগ কৰি পৃথিৱীৰ ওপৰেৰে যিবোৰ ৰেখা কল্পনা কৰা হৈছে তাক দ্রাঘিমাৰেখা বোলা হয়।
(খ) স্থানীয় সময় আৰু মান সময়।
কোনো এখন ঠাইৰ মধ্যাহ্ন সূৰ্যৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি যি সময় গণনা কৰা হয়, তাকে ঠাইখনৰ স্থানীয় সময় বোলে।
দেশ এখনৰ সোমাজৰে পাৰ হৈ যোৱা দ্ৰাঘিমা ৰেখা এডালৰ স্থানীয় সময়ক সমগ্ৰ দেশ খনৰ সময় গণনাৰ বাবে গ্ৰহণ কৰা হয়। এনে দ্ৰাঘিমা ৰেখাৰ স্থানীয় সময়ৰ ভিত্তিত সমগ্ৰ দেশ খনৰ বাবে যি সময় গগনা কৰা হয় তাকে দেশ খনৰ মান সময় বোলে।
৬। সমাধান কৰা–
(ক) গ্রীনিজত মান সময়মতে ৭ বাজিলে কোনো এখন ঠাইত দুপবীয়া ১২ বাজে। ঠাইখনৰ দ্রাঘিমাংশ নির্ণয় কৰা।
উত্তৰঃ ঠাইখন আৰু গ্ৰীনিজৰ সময়ৰ পাৰ্থক্য হ’ব,
১২-৭ = ৫ ঘণ্টা।
এতেকে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ ব্যৱধান হ’ব,
১৫°× ৫ = ৭৫°।
ঠাই দুখনৰ দ্ৰাঘিমাংশৰ ব্যৱধান হ’ব, ৭৫°।
যিহেতু, ঠাইখন গ্ৰীনিজতকৈ আগতে দুপৰীয়া হয়, সেয়েহে ঠাইখন গ্ৰীনিজৰ পূবত অৱস্থিত।
এতেকে ঠাইখন ৭৫° পূব দ্ৰাঘিমাত অৱস্থিত।
(খ) দুপৰীয়া ১২ বজাত নিউয়র্ক (৭৫° প.) চহৰৰপৰা লচএঞ্জেল্স (১১৮°প.) লৈ এটি অনাতাঁৰ বাৰ্তা প্ৰেৰণ কৰিলে। লচএঞ্জেল্ডৰ স্থানীয় সময় মতে কেই বজাত বার্তাটি প্রেৰণ কৰিছিল।
উত্তৰঃ দুয়োখন ঠাই গ্ৰীনিজৰ পশ্চিমত অৱস্থিত। এতেকে ঠাই দুখনৰ দ্ৰাঘিমাংশৰ পার্থক্য হব ১১৮° – ৭৫° = ৪৩° এতেকে ঠাই দুখনৰ সময়ৰ পাৰ্থক্য হব ৪৩° × ৪ মিনিট
= ১৭২ মিনিট
= ১৭২ ÷ ৬০ মিনিট
= ২ ঘণ্টা ৫২ মিনিট
যিহেতু নিউইয়ৰ্কতকৈ লচ এঞ্জেলচ বেছি পশ্চিমত অৱস্থিত, গতিকে নিউইয়ৰ্কত দুপৰীয়া ১২ বাজিলে লচ এঞ্জেলচত স্থানীয় সময় হব–
= ১২-২ ঘণ্টা ৫২ মিনিট।
= পুৱা ৯ বাজি ৮ মিনিট।
(গ) নতুন দিল্লীৰ (৭৭°পৃ.) স্থানীয় সময় মতে দিনৰ ৯ বজাত অনুষ্ঠিত হ’বলগীয়া খেলখন ধুবুৰী (৯০ পৃ.) চহৰৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হব?
উত্তৰঃ সমগ্ৰ ভাৰতৰ বাবে ৮২ 1/2 °পূৱ দ্ৰাঘিমাৰেখাডালক ভাৰতীয় মান সময় বুলি গণ্য কৰা হয়।
এতেকে, নতুন দিল্লীৰ (৭৭°পৃ.) স্থানীয় সময়মতে দিনৰ ৯ বজাত অনুষ্ঠিত হবলগীয়া খেলখন ধুবুৰী (৯০ পৃ.) চহৰৰ স্থানীয় সময় মতে দিনৰ ৯ বজাতে অনুষ্ঠিত হব।
Class 7 Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 1 ভূ-পৃষ্ঠত সময় গণনা– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam