Class 7 Social Science Chapter 10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ– সমাধান in Assamese Medium | All Question Answer
মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
Class 7 Social Science Chapter 10 মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ – Complete Question Answer in Assamese Medium
মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ
অনুশীলনী
পাঠঃ ১০
১। উত্তৰ দিয়াঃ
(ক) শুঙ্গবংশৰ পিছত উত্তৰ ভাৰতত কোন বংশৰ ৰজাই ৰাজত্ব কৰিছিল?
উত্তৰঃ শুঙ্গবংশৰ পিছত কান্ব নামৰ এটা ৰাজবংশৰ ৰজাই উত্তৰ ভাৰতত ৰাজত্ব কৰিছিল।
(খ) সাতবাহনসকলে ভাৰতৰ কোন অংশত ৰাজত্ব কৰিছিল?
উত্তৰঃ সাতবাহনসকলে ভাৰতৰ দক্ষিণ অংশত ৰাজত্ব কৰিছিল।
(গ) কলিংগ ৰাজ্যক বর্তমান কি নামেৰে জনা যায়?
উত্তৰঃ কলিংগ ৰাজ্যক বর্তমান উৰিষ্যা নামেৰে জনা যায়।
(ঘ) ‘ত্রিৰাজ্য’ বুলিলে কোন কেইখন ৰাজ্যক বুজায়?
উত্তৰঃ ‘ত্রিৰাজ্য’ বুলিলে তাত চোল, চেৰা আৰু পাণ্ড্য ৰাজ্যক বুজায়।
(ঙ) কুষাণ বংশৰ সৰ্বশ্রেষ্ঠ ৰজা কোন আছিল?
উত্তৰঃ কুষাণ বংশৰ সৰ্বশ্রেষ্ঠ ৰজা আছিল কণিস্কৰ।
২। উত্তৰ লিখাঃ
(ক) সাতবাহনসকলৰ ৰাজত্বকালত কাৰ কাৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন হৈছিল?
উত্তৰঃ সাতবাহনসকলৰ ৰাজত্বকালত ৰোমান সাম্ৰাজ্য আৰু দক্ষিণ-পূব এছিয়াৰ লগত ভাৰতৰ বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল।
(খ) কণিষ্কৰ শাসনকালত বৌদ্ধ ধর্ম কেইটা ভাগত ভাগ হৈছিল? নাম দুটা উল্লেখ কৰা।
উত্তৰঃ কণিষ্কৰ শাসনকালত বৌদ্ধ ধর্ম দুটা ভাগত ভাগ হৈছিল। ভাগকেইটা হ’ল– হীনযান আৰু মহাযান।
(গ) সংগম সাহিত্য কেই প্ৰকাৰৰ আৰু কি কি?
উত্তৰঃ সংগম সাহিত্য দুই প্ৰকাৰৰ আৰু সেইকেইটা হ’ল– বৰ্ণনাত্মক আৰু নীতিশিক্ষামূলক।
(ঘ) কুষাণ যুগৰ দুটা শিল্প-কলাৰ নাম।
উত্তৰঃ কুষাণ যুগৰ দুটা শিল্প-কলাৰ নাম হ’ল– মথুৰা শিল্পকলা আৰু অমৰাৱতী শিল্পকলা।
(ঙ) মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম।
উত্তৰঃ মৌৰ্যৰ পৰৱৰ্তী যুগত জলসিঞ্চনৰ বাবে ব্যৱহৃত দুটা ব্যৱস্থাৰ নাম হ’ল-
(i) পুখুৰী। আৰু
(ii) কৃত্ৰিম জলাশয় আদি।
(চ) মৌৰ্যসকলৰ পৰৱৰ্তী যুগৰ গাঁওবিলাকত কি কি বৃত্তিজীৱি লোক বাস কৰিছিল? দুটা বৃত্তিৰ নাম উল্লেখ কৰা।
উত্তৰঃ কৃষক , ব্যৱসায়ী,মৃৎশিল্পী, কমাৰ, বাঢ়ৈ, শিপিনী আদি।
৩। ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলাই চোৱা–
(ক) মহামেঘ বাহন। | (ঙ) কলিংগ। |
(খ) অন্ধ্রৰ আন এটা নাম। | (ঘ) সাতবাহন। |
(গ) ইন্দো-গ্ৰীকসকলৰ বিখ্যাত ৰজা। | (ক) মিনাণ্ডাৰ। |
(ঘ) কণিস্কৰ দৃষ্টি আকৰ্ষণ কৰিছিল। | (খ) গান্ধাৰ শিল্পই। |
(ঙ) সংগম সাহিত্য। | গ) তামিল কবি সম্মিলনৰ সাহিত্য আছিল। |
৪। শুদ্ধ উত্তৰ বাছি উলিওৱা–
(ক) সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল জয়দ্রথে/সিমুকে/ বাসুদেৱে।
উত্তৰঃ সাতবাহন ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সিমুকে।
(খ) যৱন বুলি শুঙ্গ/ইন্দো-গ্রীক/কাম্বসকলক কোৱা হৈছিল।
উত্তৰঃ যৱন বুলি ইন্দো-গ্রীকসকলক কোৱা হৈছিল।
(গ) গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল হিন্দুধর্ম/বৌদ্ধধর্ম/ জৈনধর্ম।
উত্তৰঃ গান্ধাৰ শিল্পৰ মূল বিষয়-বস্তু আছিল বৌদ্ধধর্ম
(ঘ) গণ্ডোফর্ণিছ কুষাণ/পহ্লৱ/শক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।
উত্তৰঃ পহ্লৱ ক বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।
(ঙ) জাতক হৈছে গল্প/কবিতা/উপন্যাস।
উত্তৰঃ জাতক হৈছে গল্প।
৫। সত্য নে অসত্য বাছি উলিওৱা–
(ক) কাতন্ত্র আছিল সাতবাহনসকলৰ দিনৰ এখন উল্লেখযোগ্য গ্রন্থ।
উত্তৰঃ সত্য।
(খ) অশ্বঘোষ শক ৰাজসভাৰ এজন পণ্ডিত আছিল।
উত্তৰঃ অসত্য।
(গ) সংগম সাহিত্য সংস্কৃত ভাষাত ৰচনা কৰা হৈছিল।
উত্তৰঃ অসত্য।
(ঘ) মিনাণ্ডাৰে হিন্দু ধর্ম গ্রহণ কৰিছিল।
উত্তৰঃ অসত্য।
(ঙ) প্রাচীন ভাৰতলৈ ৰোমান সাম্ৰাজ্যৰপৰা সোণ আমদানি কৰা হৈছিল।
উত্তৰঃ সত্য।
৬। তলত দিয়া বিষয়বোৰৰ ওপৰত চমু টোকা লিখা। (৫০ টা শব্দৰ ভিতৰত )
(ক) অৰ্থনীতি, সমাজনীতি আৰু সংস্কৃতিৰ ওপৰত আলোকপাত কৰি কণিষ্কৰ ৰাজত্বকাল বৰ্ণনা কৰা।
উত্তৰ কুষাণ বংশৰ সৰ্বশ্রেষ্ঠ ৰজা কণিষ্কই সাহিত্য-সংস্কৃতিলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰতৰ ইতিহাসত কণিষ্কই এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। অশ্বঘোষ, নাগার্জুন, বসুমিত্ৰ আৰু চৰক নামৰ বিদগ্ধ পণ্ডিতসকলে কণিষ্কৰ ৰাজসভা অলংকৃত কৰিছিল। চৰক সংহিতা আৰু পতঞ্জলিৰ ‘মহাভাষ্য এইযুগৰ দুখন উল্লেখযোগ্য পুথি। কণিষ্কৰ ৰাজত্ব কালত মথুৰা আৰু অমৰাৱতীৰ শিল্পকলায়ো উন্নতিৰ চৰম সীমাত উপনীত হৈছিল। কণিষ্কই বৌদ্ধধর্ম গ্রহণ কৰি এই ধৰ্মৰ বহুল প্ৰসাৰৰ বাবে ব্যৱস্থা গ্রহণ কৰিছিল। তেওঁৰ দিনতে বৌদ্ধ ধর্ম হীনযান আৰু মহাযান নামৰ দুটা ভাগত বিভক্ত হয়। বৌদ্ধধৰ্ম গ্ৰহণ কৰিলেও কণিষ্কই অন্যান্য ধৰ্মৰ প্ৰতিও শ্রদ্ধাশীল আছিল।
অর্থনৈতিক ক্ষেত্রতত আন্তঃ বাণিজ্য আৰু বহিঃ বাণিজ্য উভয় ক্ষেত্রতে কণিষ্কৰ যুগে উন্নতিৰ উচ্চ শিখৰ পাইছিল। ভাৰতীয় মচলা জলকীয়া, চন্দন, হাতী-দাঁত, হীৰা আদি বিদেশলৈ ৰপ্তানি কৰা হৈছিল। আনহাতে, ৰোমান সাম্ৰাজ্যৰ পৰা সোণ আমদানি কৰা হৈছিল। আন্তর্জাতিক বাণিজ্যৰ লেনদেন বৃদ্ধি কৰিবৰ বাবে কণিষ্কই সিন্ধু অঞ্চলত উচ্চ পৰ্যায়ৰ ৰূপৰ মুদ্রা প্রচলন কৰাইছিল।
এইদৰে শৌর্য-বীর্য, শিল্প-কলা সংস্কৃতিলৈ অৱদান আৰু প্রজাবৎসল স্বভাৱৰ বাবে বহু দিনলৈকে কণিষ্ক ৰাজত্ব কাল ভাৰতবাসীৰ স্মৃতিত সতেজ হৈ আছে।
(খ) মৌৰ্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ মানুহৰ জীৱন ধাৰণ প্ৰণালী কেনেকুৱা আছিল বৰ্ণনা কৰা।
উত্তৰঃ মৌর্য যুগৰ পৰৱৰ্তী সময়ত সাধাৰণ প্ৰজাৰ জীৱন ধাৰণ প্ৰণালীত আমূল পৰিৱৰ্তন আহিছিল। তাৰ ভিতৰত কৃষি কৰ্মৰ প্ৰসাৰ, নতুন নগৰ গঠন, শিল্প উৎপাদন আৰু বেহা-বেপাৰ আদিৰ ব্যাপক পৰিৱর্তনেই উল্লেখনীয়।
সমৃদ্ধিশালী গাঁওবোৰেই আছিল সেই কালৰ অর্থনীতি আৰু কলা-সংস্কৃতিৰ মূল ভেটি। গাঁৱৰ সাধাৰণ প্ৰজাসকলেহে কৃষি কর্মৰ লগত জড়িত হৈ থাকে।সেই সময়ৰ কৃষকে নতুন সঁজুলিৰ ব্যৱহাৰ, উন্নত ৰোপণ পদ্ধতি আৰু জলসিঞ্চনৰ দ্বাৰা শস্যৰ উৎপাদন বৃদ্ধি কৰিছিল। তাৰোপৰি জলসিঞ্চনৰ বাবে নলা, কুঁৱা, পুখুৰী আৰু কৃত্রিম জলাশয় আদি ব্যৱহাৰ কৰিছিল।জমিদাৰসকলে গাঁৱৰ বিচাৰক আৰু শান্তি ৰক্ষকৰ ভূমিকা পালন কৰিছিল । গাঁৱৰ ৰাজহ আদায়ৰ দায়িত্বও তেঁৱেই লাভ কৰিছিল।প্ৰায়বোৰ গাঁৱতেই কুমাৰ , কমাৰ, বাঢ়ৈ ,শিপিনী আদি বৃত্তিজীৱি লোকে বাস কৰিছিল।
সেই সময়ৰ নগৰবোৰৰ প্ৰায় ভাগ ২৫০০ বছৰ আগতে উত্থান হোৱা জনপদবিলাকৰ ৰাজধানী আছিল। ইয়াৰে কিছুমান নগৰ প্ৰাচীৰেৰে আৱৰা আছিল। ওচৰ-পাজৰৰ কৃষক আৰু পশুপালকসকলে নগৰৰ মানুহৰ বাবে খাদ্যৰ যোগান ধৰিছিল।
Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 10 | মৌৰ্য যুগৰ পৰৱৰ্তী ভাৰতবৰ্ষ – Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam