Assam Board Exam

Class 7 Social Science Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবর্ষ

Class 7 Social Science Chapter 16 | মোগল ৰাজত্ব কালত ভাৰতবর্ষ – সমাধান in Assamese Medium | All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Social Science Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবর্ষ – Complete Question Answer in Assamese Medium


মোগল ৰাজত্ব কালত ভাৰতবর্ষ

অনুশীলনী

১। উত্তৰ দিয়া:

(ক) ভাৰতবৰ্ষত মুছলমানসকলে কেতিয়াৰ পৰা শাসনকাৰ্য আৰম্ভ কৰিছিল?

উত্তৰঃ ভাৰতবৰ্ষত মুছলমানসকলে ১২০৬ খ্ৰীঃৰপৰা শাসনকাৰ্য আৰম্ভ কৰিছিল।

(খ) পাণিপতৰ প্ৰথম যুদ্ধ কিমান চনত সংঘটিত হৈছিল?

উত্তৰঃ পাণিপতৰ প্ৰথম যুদ্ধ ১৫২৬ চনত সংঘটিত হৈছিল।

(গ) ঔৰংগজেৱে কাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল?

উত্তৰঃ ঔৰংগজেৱে বংগৰ চুবেদাৰ মিৰজুমলাক অসম আক্ৰমণ কৰিবলৈ পঠিয়াইছিল।

(ঘ) মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা কাৰ হাতত ন্যস্ত আছিল?

উত্তৰঃ মোগলৰ শাসন ব্যৱস্থাত শাসনৰ সৰ্বোচ্চ ক্ষমতা মোগল সম্রাটসকলৰ হাতত ন্যস্ত আছিল।

(ঙ) মনচবদাৰী প্রথা কোনে প্রৱর্তন কৰিছিল?

উত্তৰঃ মনচবদাৰী প্রথা মহামতি অকবৰ মোগলে প্রৱর্তন কৰিছিল।


২। শুদ্ধ/অশুদ্ধ নির্ণয় কৰা–

(ক) ভাৰতবৰ্ষত মোগলসকলে ১২০৬ খ্রীঃৰপৰা ১৮৫৭ খ্রীঃলৈ ৰাজত্ব কৰিছিল।

উত্তৰঃ অশুদ্ধ।

(খ) মোগল সাম্রাজ্যৰ অন্তৰ্গত প্রদেশবোৰৰ চুবেদাৰসকলৰ বিচাৰ ক্ষমতা অসীম আছিল।

উত্তৰঃ অশুদ্ধ।

(গ) বাবৰৰ ৰাজ্য বংগৰপৰা গোৱালিয়ৰলৈকে বিস্তৃত আছিল।

উত্তৰঃ শুদ্ধ।

(ঘ) মিৰজুমলাৰ আক্ৰমণৰ সময়ত অসমৰ ৰজা আছিল জয়ধ্বজ সিংহ।

উত্তৰঃ শুদ্ধ।

(ঙ) মনচবদাৰ শব্দটোৱে মাটিৰ গৰাকীক বুজায়।

উত্তৰঃ অশুদ্ধ।


৩। খালি ঠাই পূৰণ কৰা–

(ক) _________________ মোগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।

উত্তৰঃ আকবৰ মোগলসকলৰ তৃতীয় আৰু শ্রেষ্ঠ সম্রাট।

(খ) মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল ____________________ নীতি-নিৰ্দেশনা মতে।

উত্তৰঃ মোগলৰ বিচাৰ ব্যৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি-নিৰ্দেশনা মতে।

(গ) মোগলসকলে কৰ-কাটলৰ বাবে মাটিক _________________ ভাগত ভাগ কৰিছিল।

উত্তৰঃ মোগলসকলে কৰ-কাটলৰ বাবে মাটিক চাৰি ভাগত ভাগ কৰিছিল।

(ঘ) _______ খ্ৰীঃত মহামতি ‘আকবৰে’ মোগল শাসন ব্যৱস্থাত মনচবদাৰী প্ৰথাৰ প্ৰচলন কৰে।

উত্তৰঃ ১৫৭৭।

(ঙ) আকবৰৰ শাসনকালত মনচবদাৰ আছিল________ জন।

উত্তৰঃ ২৯।


৪। চমু উত্তৰ লিখা–

(ক) একত্ৰিত ভাৰতবৰ্ষৰ সপোন আশিংকভাৱে কার্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন কোন কোন আছিল?

উত্তৰঃ একত্ৰিত ভাৰতবৰ্ষৰ সপোন আশিংকভাৱে কার্যকৰী কৰিবলৈ সক্ষম হোৱা সম্রাট দুজন আছিল মহামতি অশোক আৰু আকবৰ।


(খ) ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি ক’ৰপৰা ক’লৈ আছিল?

উত্তৰঃ ঔৰংগজেৱৰ সাম্ৰাজ্যৰ বিস্তৃতি পূবে বংগৰ পৰা পশ্চিমে গুজৰাটলৈ আৰু উত্তৰে কাবুলৰ পৰা দক্ষিণে কৰ্ণাটকলৈ আছিল।


(গ) মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ কোন কোন?

উত্তৰঃ মোগলৰ প্ৰাদেশিক শাসন ব্যৱস্থাত চুবেদাৰৰ তলৰ বিষয়াবোৰ হ’ল– দিৱান, ফৌজদাৰ আৰু ফটোৱাল।


(ঘ) মোগলসকলৰ শাসন কালত মাটিক কেই ভাগত ভাগোৱা হৈছিল আৰু ভাগবোৰ কি কি?

উত্তৰঃ মোগলসকলৰ শাসন কালত মাটিক চাৰি ভাগত ভাগোৱা হৈছিল।

সেইকেইটা হৈছে–

১। পোলাজ (যি বিলাক মাটিত প্রতিবছৰে খেতি হয়)।

২। পাৰাউটি (যি বিলাক মাটিত মাজে- সময়ে খেতি বন্ধ কৰি মাটিখিনি উৰ্বৰ কৰা হয়)।

৩। চাচ্চাৰ (যি মাটিত ৩/৪ বছৰ খেতি কৰা নহয়)। আৰু

৪। বানজাৰ (যি মাটি ৫ বছৰ বা তাতোধিক কাল খেতি নোহোৱাকৈ পৰি থাকে)।


(ঙ) মনচবদাৰসকলক কিদৰে পাৰিতোষিক দিয়া হৈছিল?

উত্তৰঃ মনচবদাৰসকলক পদমৰ্যাদা অনুসৰি পাৰিতোষিক দিয়া হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জায়গীৰৰপৰা মনচবদাৰসকলে নির্দিষ্ট পৰিমাণৰ পাৰিতোষিক ল’ব পাৰিছিল।


(চ) মোগল সাম্রাজ্যত কৰ সংগ্ৰহৰ বাবে কি কি পদ্ধতিৰ প্ৰচলন আছিল।

উত্তৰঃ মোগল সাম্রাজ্যত কৰ সংগ্ৰহৰ বাবে চাৰিটা পদ্ধতিৰ প্ৰচলন আছিল।

সেইকেইটা হৈছে–

১। দহচাল বা দহবছৰীয়া পদ্ধতি।

২। জাবটি পদ্ধতি।

৩। ঘালা বকচী। আৰু

৪। নাচাক বা কাণকূট পদ্ধতি।


৫।৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা —

(ক) মোগলসকলৰ বিচাৰ ব্যৱস্থা।

উত্তৰ মোগল ৰাজত্ব কালত বিচাৰ ব্যৱস্থাৰ সু- শৃংখল নীতি নাছিল। সুকীয়া বিচাৰালয়ো নাছিল। সম্রাটেই আছিল শাসন আৰু বিচাৰৰ কেন্দ্ৰ। বিচাৰ বৱস্থা পৰিচালিত হৈছিল কোৰাণৰ নীতি-নির্দেশনা মতে। প্রদেশবোৰৰ শাসনকর্তা চুবেদাৰসকলৰ বিচাৰৰ ক্ষমতা আছিল অতি কম। বেছি ভাগ ক্ষেত্রতে চুবেদাৰসকলে যিকোনো বিচাৰ নিষ্পত্তিৰ বাবে সম্ৰাটৰ ওচৰলৈ পঠিয়াইছিল। গাঁও পর্যায়ত মোকর্দমা নিষ্পত্তি হৈছিল। গাঁও পঞ্চায়ত পর্যায়ত পঞ্চায়তে বাছি দিয়া লোকৰ দ্বাৰা বিচাৰ কাৰ্য সমাপন কৰা হৈছিল।


(খ) মনচবদাৰী প্রথা।

উত্তৰঃ মোগল প্রশাসনৰ এক উল্লেখযোগ্য ব্যৱস্থা হৈছে মনচবদাৰী প্ৰথা। মনচবদাৰ শব্দটোৰে পদ মর্যাদা বা উপাধি বুজোৱা হৈছিল। ইতিহাসবিদসকলৰ মতে ১৫৭৭ খ্রীঃত মহামতি আকবৰ মোগল শাসন ব্যৱস্থাত এই প্ৰথাৰ প্ৰচলন কৰিছিল। সম্ভৱত আকবৰে সামৰিক বাহিনীটো শক্তিশালী কৰা, সকলো জাতি-জনজাতিক শাসনত জড়িত কৰা তথা তেওঁলোকক সন্তুষ্ট কৰি ৰখাৰ প্রয়াসেৰে এই প্রথাৰ প্ৰৱৰ্তন কৰিছিল। মনচবদাৰসকলে সামৰিক আৰু অসামৰিক দুয়ো ক্ষেত্রতে প্রয়োজন সাপেক্ষে সেৱা আগবঢ়াবলগীয়া হৈছিল। উল্লেখ্য যে উত্তৰাধিকাৰ সূত্রে কোনেও মনচবদাৰ হ’ব নোৱাৰিছিল।

মনচবদাৰসকলৰ নিয়োগ আৰু পদোন্নতি সম্পূর্ণৰূপে সম্ৰাটৰ ইচ্ছা-অনিচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিছিল। পদমর্যাদা অনুসৰি মনচবদাৰসকলৰ পাৰিতোষিক নির্দিষ্ট কৰা হৈছিল। এই পাৰিতোষিক নগদ ধনৰ পৰিৱৰ্তে জায়গীৰ প্ৰদানৰ দ্বাৰা কৰা হৈছিল। এই জায়গীৰৰপৰা মনচবদাৰসকলে নির্দিষ্ট পৰিমাণৰ পাৰিতোষিক লব পাৰিছিল।

Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 16 মোগল ৰাজত্ব কালত ভাৰতবর্ষ– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment