Assam Board Exam

Class 7 Social Science Chapter 17 | মোগলযুগঃ সমাজ আৰু সংস্কৃতি

Class 7 Social Science Chapter 17 | মোগলযুগঃ সমাজ আৰু সংস্কৃতি – সমাধান in Assamese Medium | All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Social Science Chapter 17 মোগলযুগঃ সমাজ আৰু সংস্কৃতি – Complete Question Answer in Assamese Medium


মোগলযুগঃ সমাজ আৰু সংস্কৃতি

অনুশীলনী

অনুশীলনী

(ক) চাচাৰামৰ সমাধি কোনে নিৰ্মাণ কৰিছিল ?

উত্তৰঃ ছেৰচাহে চাচাৰামৰ সমাধি নিৰ্মাণ কৰিছিল।

(খ) আকবৰৰ দিনত অট্টালিকা সঁজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ আকবৰৰ দিনত অট্টালিকা সঁজাওতে বিশেষভাৱে ৰঙা শিলৰ গুৰি ব্যৱহাৰ কৰিছিল।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত ?

উত্তৰঃ তাজমহল যমুনা নদীৰ পাৰত অৱস্থিত।

(ঘ) ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি ?

উত্তৰঃ ময়ূৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম হ’ল- বেবদন খাঁ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায় ?

উত্তৰঃ অসমত ভক্তি আন্দোলনৰ ধাৰাটোক বৈষ্ণৱ আন্দোলন বুলি জনা যায়।

(চ) কি দুটা ভাষাৰ সংমিশ্ৰনত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল ?

উত্তৰঃ হিন্দুস্থানী আৰু পাৰ্ছী ভাষাৰ সংমিশ্ৰনত উৰ্দু ভাষাৰ সৃষ্টি হৈছিল।


২। শুদ্ধ উত্তৰ বাছি উলিওৱা ─

(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নিৰ্মাণ কৰিছিল জাহাংগীৰে/ আকবৰে/ বাবৰে।

উত্তৰঃ আকবৰে।

(খ) তাজমহল নিৰ্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে/ শুধ বগা মাৰ্বলেৰে/ ইটা-চিমেণ্টেৰে।

উত্তৰঃ শুধ বগা মাৰ্বলেৰে।

(গ) অসমৰ ভক্তি আন্দোলনৰ গুৰি ধৰোতা আছিল ৰমানন্দ/ গুৰু নানক/ শংকৰদেৱ।

উত্তৰঃ ৰমানন্দ।

(ঘ) মোগল চিত্ৰশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ/ ছাহজাহানৰ/ ঔৰংগজেৱ শাসন কালত।

উত্তৰঃ জাহাংগীৰৰ।

(ঙ) তুৰ্কী ভাষাৰ ‘তুজুক-ই-বাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ/ আকবৰ/ হুমায়ুন।

উত্তৰঃ বাবৰ।


৩। খালী ঠাই পূৰ কৰা ─

(ক) পণিপতৰ কাবুলবাগ আৰু চম্বলৰ  …………………….…বাবৰে নিৰ্মাণ কৰিছিল।

উত্তৰঃ জমা মছজিদ।

(খ)   ……………………………….  ৰ শাসন কালক মোগল স্থাপত্য় শিল্পৰ স্বৰ্ণযুগ বুলি জনা যায়।

উত্তৰঃ ছাহজাহান।

(গ) জাহাংগীৰৰ দিনত……………………….শিল্পৰ চৰম বিকাশ হৈছিল

উত্তৰঃ মোগল চিত্ৰ।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম …………………………………।

উত্তৰঃ পাৰ্ছী প্ৰকাশ।

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য় প্ৰৱৰ্তক আছিল ……………………………….।

উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱ।


৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা–

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্রকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল?

উত্তৰঃ মোগল চিত্রশিল্পই চৰম উৎকৰ্ষ সাধন কৰিছিল জাহাংগীৰৰ শাসনকালত। জাহাংগীৰ নিজে এজন চিত্রপ্রেমী আছিল। লগতে  জাহাংগীৰ  আছিল এজন অভিজ্ঞ চিত্ৰ সমালোচক ।  কল্পনাৰ পৰিৱৰ্তে বাস্তৱক প্রাধান্য দিবলৈ তেওঁ চিত্ৰকৰ সকলক আহ্বান জনাইছিল। জাহাংগীৰৰ দিনত ক্ষুদ্র চিত্রশিল্পইও এক সুকীয়া আসন দখল কৰিছিল। বিখ্যাত চিত্ৰকৰ মনচুৰ, মুৰাদ, বিষণদাস আদিয়ে জাহাংগীৰৰ ৰাজসভা শুৱনি কৰিছিল। এওঁৰ দিনত ভাৰতৰ বিভিন্ন প্রান্তত বহুতো চিত্রশিল্পৰ বিদ্যালয় গঢ় লৈ উঠিছিল।


(খ) মোগলযুগৰ স্থাপত্য, কলা-সংস্কৃতিলৈ ছাহজাহানৰ অৱদান।

উত্তৰঃ মোগল যুগৰ ভাৰতৰ স্থাপত্য শিল্পত মোগল সম্রাট ছাহজাহান অৱদান আছিল অপৰিসীম। ছাহজাহানৰ  শাসন কালছোৱাক মোগল স্থাপত্যৰ ‘স্বর্ণযুগ’ বুলি কোৱা। তেওঁ স্থাপত্য- ভাস্কর্য নির্মাণত  মুক্তহস্তে খৰচ কৰি শেষৰফালে সর্বস্বান্ত হৈ পৰিছিল। ছাহজাহানে নির্মাণ কৰা তাজমহল তেওঁৰ পত্নী প্ৰেমৰ অমৰ সাক্ষী। ছাহজাহানৰ দিনৰ নিৰ্মাণ কাৰ্যত মাৰ্বলৰ ব্যাপক ব্যৱহাৰ হৈছিল।  আগ্ৰাৰ দুৰ্গৰ ভিতৰতো ছাহজাহানে বহুত অট্টালিকা সজাইছিল। তাৰ ভিতৰত ম’তি মছজিদ আৰু দেৱান-ই-আম বিখ্যাত আছিল। ছাহজাহানাবাদ নামেৰে সম্পূৰ্ণ মাৰ্বলৰ কাৰুকাৰ্যৰে তেওঁ এখন অপূর্ব চহৰো নিৰ্মাণ কৰিছিল। ছাহজাহানাবাদত তেওঁ চালে চকু ৰোৱাকৈ জুমা মছজিদ সজাইছিল।ছাহজাহানে আজমীৰতো ভালেমান স্থাপত্য নিৰ্মাণ কৰি শিল্প প্ৰীতিৰ চিনাকী দিছিল। পৃথিবী বিখ্যাত ময়ুৰ সিংহাসন ছাহজাহানৰ দিনতে সাজি উলিওৱা হৈছিল। দুষ্প্রাপ্য হীৰা, মুকুতা, পান্না আদিৰে সু-সজ্জিত সিংহাসনখন দেখাত এখন খাটৰ দৰে আছিল। অৱশ্যে এই সিংহাসন নাদিৰ ছাহে ভাৰত আক্রমন কৰি মোগলসকলৰ পৰা কাঢ়ি লৈ গৈছিল।

ছাহজাহানে লাহোৰ, কাশ্মীৰ আদি ঠাইতো বহু বিতোপণ অট্টালিকা আৰু মছজিদ নির্মাণ কৰাইছিল। দিল্লীৰ দুৰ্গৰ ভিতৰত সজোৱা দেৱান-ই-আম আৰু দেৱান-ই-খাচ আকৰ্ষণৰ কেন্দ্রবিন্দু আছিল। ছাহজাহানে কেৱল স্থাপত্য-ভাস্কর্য নির্মাণতেই গুৰুত্ব দিয়া নাছিল, এইবোৰক সংৰক্ষণৰ ব্যৱস্থাও কৰিছিল। সেয়েহে তেওঁক মোগল সাম্ৰাজ্যৰ প্ৰকৃত নিৰ্মাতা বুলি কোৱা হয়।


গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগলযুগক কেনেদৰে প্ৰভাৱিত কৰিছিল?

উত্তৰঃ সম্রাট আকবৰ এজন গোড়া মুছলমান হ’লেও ধৰ্মৰ ক্ষেত্ৰত তেওঁ এক উদাৰ নীতি গ্রহণ কৰিছিল। সেয়েহে পাছলৈ এখন বিশাল সাম্ৰাজ্যৰ অধিপতি হোৱাৰ ক্ষেত্ৰত আকবৰৰ ধৰ্ম নীতিয়ে বিশেষভাৱে অৰিহণা যোগাইছিল।

আকবৰে তেওঁৰ ধৰ্মৰ প্ৰতি থকা অনুসন্ধিৎসা দূৰ কৰিবৰ বাবে ইবাদতখানা অর্থাৎ প্রার্থনা গৃহ সজাইছিল। আদিতে এই ইবাদতখানাত সমবেত হোৱা গোড়া মুছলমানসকলক ধৰ্মৰ বিষয়ে আলোচনা কৰিবলৈ দিয়া হৈছিল। পাছলৈ অন্য ধৰ্মৰ পণ্ডিতসকলকো ইয়ালৈ নিমন্ত্রণ কৰা হৈছিল। সম্রাট আকবৰে নিজেও এই আলোচনাত যোগ দিছিল। সকলো ধৰ্মৰ সাৰুৱা কথাবোৰ শুনি আকবৰ মোহিত হৈছিল। সকলো ধৰ্মৰ মূল কথাবোৰ যে একে সেই কথা তেওঁ উপলদ্ধি কৰিছিল। সেয়েহে সকলো ধৰ্মৰ মূল কথাবোৰ লৈ তেওঁ এটি নতুন ধর্মমত উলিয়াইছিল। যাক দীন-ই-ইলাহী নামেৰে জনা যায়। প্রথম অৱস্থাত এই ধর্মমতৰ নাম আছিল তউহিদ-ই-ইলাহী। আকবৰৰ শাসন ব্যৱস্থাত সকলো ধর্মক সমানে চোৱাৰ নীতিৰে তেওঁ দিন-ই-ইলাহীক প্রয়োগ কৰিছিল। আন ধৰ্মৰ মানুহকো ধর্মীয় স্বাধীনতা দিয়াতো তেওঁৰ ধৰ্ম নীতিৰ এক প্রধান বৈশিষ্ট্য আছিল।


(ঘ) মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম লিখা।

উত্তৰঃ মোগলযুগৰ কেইগৰাকীমান উল্লেখযোগ্য মহিলাৰ নাম হ’ল– গুলবেদন বেগম, নুৰজাহান বেগম, জাহানাৰা, ৰৌচনাৰা, মমতাজ মহল, যোধাবাই, মানবাই জগত, গোঁসাই ইত্যাদি।

Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 17 মোগলযুগঃ সমাজ আৰু সংস্কৃতি– Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment