Class 7 Social Science Chapter 18 | আমাৰ চৌপাশৰ বজাৰ– সমাধান in Assamese Medium | All Question Answer
আমাৰ চৌপাশৰ বজাৰ
Class 7 Social Science Chapter 18 আমাৰ চৌপাশৰ বজাৰ – Complete Question Answer in Assamese Medium
আমাৰ চৌপাশৰ বজাৰ
অনুশীলনী
পাঠঃ ১৮
১। চমু উত্তৰ লিখা:
(ক) বিনিময় প্রথা কাক বোলে?
উত্তৰঃ এজনৰ সামগ্ৰী আন এজনৰ লগত সলনি কৰা বা আদান-প্ৰদান কৰা বা বিনিময় কৰা প্ৰথাটোক বিনিময় প্ৰথা বুলি কোৱা হয়।
(খ) বজাৰ মানে কি?
উত্তৰঃ বজাৰ বুলিলে সাধাৰণতে এটুকুৰা নিৰ্দিষ্ট ঠাইত, য’ত গ্ৰাহক আৰু বিক্ৰেতা পৰস্পৰ মখামুখি হয় আৰু টকা-পইচা বা মুদ্ৰাৰ বিনিময়ত বস্তু বা সামগ্ৰীৰ কিনা-বেচা কৰা হয় সেই ব্যৱস্থাটোক বজাৰ বোলে।
(গ) দৈনিক বজাৰ সুবিধাসমূহ কি কি?
উত্তৰ: দৈনিক বজাৰ সুবিধাসমূহ হ’ল –
i) দৈনিক বজাৰসমূহ নিতৌ খোলা থাকে বাবে প্রয়োজন অনুসৰি বস্তু সংগ্ৰহ কৰিব পাৰি।
ii) দৈনিক বজাৰত দোকানসমূহত বিজ্ঞানসন্মত জোখ মাখপদ্ধতি ব্যৱহাৰ কৰা হয় বাবে ইয়াত গ্ৰাহকৰ কোনো অসুবিধা নহয়। লগতে প্ৰত্যেক সামগ্রীৰ নিদিষ্ট দৰ থাকে।
(ঘ) বস্তুৰ দাম বা দৰ মানে কি?
উত্তৰঃ বস্তু এটা ক্ৰয় কৰাৰ বাবে মুদ্ৰাৰ মাধ্যমত যি মূল্য প্রদান কৰা হয় তাকে বস্তুটোৰ দাম বা দৰ বুলি কোৱা হয়।
(ঙ) সাপ্তাহিক বজাৰত বস্তুৰ দাম কিয় কম হয়?
উত্তৰঃ সাপ্তাহিক বজাৰত একেজাতীয় সামগ্ৰীৰ বা বস্তু কেইবাখনো দোকানত থকা বাবে দামটো কম হয়।
(চ) জোন-বিল মেলা কিহৰ বাবে বিখ্যাত?
উত্তৰঃ জোন-বিল মেলা বিনিময় প্ৰথাৰ বাবে বিখ্যাত।
২। উত্তৰ লিখা–
(ক) দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত কি কি পার্থক্য আছে?
উত্তৰঃ দৈনিক বজাৰ আৰু সাপ্তাহিক বজাৰৰ মাজত থকা পার্থক্য সমুহ হ’ল –
ক) দৈনিক বজাৰ নিতৌ খোলা থাকে । আনহাতে সাপ্তাহিক বজাৰ সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট বাৰত খোলা থাকে।
খ) দৈনিক বজাৰ সমূহ স্থায়ী ঘৰত বহে । কিন্তু সাপ্তাহিক বজাৰত স্থায়ী ঘৰৰ প্ৰয়োজন নাথাকে।
(গ ) দৈনিক বজাৰ সমূহৰ পৰা আমি কোনো বস্তু প্রয়োজন হ’লে তাৎক্ষণিকভাৱে কিনি আনিব পাৰো
আনহাতে সাপ্তাহিক বজাৰ সমূহ সপ্তাহৰ এটা বা দুটা নিৰ্দিষ্ট দিনত, কোনো নির্দিষ্ট ঠাইত অস্থায়ীভাৱে বহা কাৰণে কোনো প্রয়োজনীয় সামগ্রী তাৎক্ষণিকভাৱে কিনিব নোৱাৰো।
(ঘ)দৈনিক বজাৰত সাপ্তাহিক বজাৰৰ তুলনাত বস্তুৰ দাম বেছি হয়।
আনহাতে সাপ্তাহিক বজাৰত দৈনিক বজাৰৰ তুলনাত বস্তুৰ দাম কম হয়।
(খ) বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্ৰয়োজনবোৰ কি দৰে পূৰ কৰে?
উত্তৰঃ আমাৰ চাৰিওফালে থকা বিভিন্ন প্ৰকাৰৰ বজাৰবোৰে আমাৰ সামাজিক প্রয়োজনবোৰ তাৎক্ষণিকভাৱে পূৰ কৰে। বজাৰবিলাক আমাৰ দৈনন্দিন জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। এই বজাৰবোৰ মানুহৰ তাক্ষণিক প্ৰয়োজন সমূহৰ ওপৰত ভিত্তি কৰি গঢ়ি ওঠে। উদাহৰণস্বৰূপে আমাৰ দিনটো যদি কিবা সামগ্রিৰ প্ৰয়োজন হয় তাৎক্ষণিকভাৱে দৈনিক বজাৰৰ পৰা বস্তুটো লৈ আহিব পাৰো আনহাতে সাপ্তাহিক বজাৰৰ পৰা আমি প্রয়োজনীয় সামগ্রীসমূহ একে ঠাইৰ পৰা একেলগে কিনিব পাৰোঁ ।
(গ) পাইকাৰী বিক্রেতাৰ প্রয়োজনীয়তা সম্পর্কে আলোচনা কৰা।
উত্তৰঃ উৎপাদনকাৰী আৰু খুচুৰা ব্যৱসায় সকলৰ বাবে পাইকাৰী বিক্রেতাৰ প্ৰয়োজন অধিক। খুচুৰা ব্যৱসায় সকলে পাইকাৰী বিক্রেতাৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকৰ ব্যৱসায় আৰম্ভ কৰে। পাইকাৰী বিক্রেতাই উৎপাদনকাৰীৰপৰা সামগ্ৰীসমূহ বৃহৎ পৰিমাণে কিনি লয়। সৰহ সামগ্রী একেলগে কিনাৰ বাবে পাইকাৰী বজাৰত বস্তুৰ দাম কিছু কম হয়। খুচুৰা বিক্রেতা বা ফেৰিৱালাবোৰে পাইকাৰী বিক্রেতাৰপৰা কম দামত বস্তু ক্রয় কৰে আৰু গ্ৰাহকৰ ওচৰত বেছি দামত বিক্ৰী কৰি লাভ অর্জন কৰে।
(ঘ) বজাৰ শৃংখল মানে কি?
উত্তৰঃ সামগ্ৰীবোৰ উৎপাদকৰ পৰা উপভোক্তালৈ গৈ পাঁওতে যি শৃংখলৰ সৃষ্টি কৰে তাকে বজাৰ শৃংখল বোলে। তলত বজাৰ শৃংখলৰ এটি চিত্ৰ অংকন কৰা হল
উৎপাদনকাৰী ———à পাইকাৰী ব্যৱসায়ী——-à খুচুৰা ব্যৱসায় ——-à গ্ৰাহক।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা–
(ক) গ্রাহকে বস্তু ক্রয় কৰে–
(i) পাইকাৰী বিক্রেতাৰপৰা।
(ii) খুচুৰা বিক্রেতাৰপৰা।
(iii) উৎপাদনকাৰীৰ পৰা।
উত্তৰঃ (ii) খুচুৰা বিক্রেতাৰপৰা।
(খ) বস্তু এটাৰ কিনা দামতকৈ বিক্রী দাম বেছি হ’লে ব্যৱসায়ীজনৰ–
(i) লাভ হয়।
(ii) লোকচান হয়।
(iii) একো নহয়।
উত্তৰঃ (i) লাভ হয়।
(গ) ঘৰে ঘৰে গৈ বস্তু বিক্ৰী কৰা বিক্রেতাসকলক–
(i) পাইকাৰী বিক্রেতা।
(ii) খুচুৰা বিক্রেতা।
(iii) হকাৰ বা ফেৰীৱালা বোলে।
উত্তৰঃ (iii) হকাৰ বা ফেৰীৱালা বোলে।
(ঘ) সকলো ব্যবসায়ীয়ে বস্তু ক্রয়-বিক্রয় কৰাৰ মূল লক্ষ্য হৈছে–
(i) বিক্রী বৃদ্ধি কৰা।
(ii) লাভ অৰ্জন কৰা।
(iii) লোকচান কৰা।
উত্তৰঃ (ii) লাভ অৰ্জন কৰা।
8.খালী ঠাই পূৰ কৰা–
(ক) __________________ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো।
উত্তৰঃ মুদ্ৰাৰ সহায়ত আমি আমাৰ জীৱনৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ বজাৰৰ পৰাই কিনো।
(খ) বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম __________________ হয়।
উত্তৰঃ বস্তুৰ পাইকাৰী দামতকৈ খুচুৰা দাম বেছি হয়।
(গ) ___________________ বজাৰৰ পুৰণি ব্যৱস্থা।
উত্তৰঃ বিনিময় প্ৰথা বজাৰৰ পুৰণি ব্যৱস্থা।
(ঘ) উৎপাদনকাৰীৰপৰা ____________________ বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্রয় কৰে।
উত্তৰঃ উৎপাদনকাৰীৰপৰা পাইকাৰী বিক্রেতাই সৰহ পৰিমাণৰ বস্তু ক্রয় কৰে।
(ঙ) __________________ হৈছে বস্তু কিনা-বেচাৰ মাধ্যম।
উত্তৰঃ মুদ্ৰা হৈছে বস্তু কিনা-বেচাৰ মাধ্যম।
(চ) ক্রয় দামতকৈ বিক্রী দাম কম হ’লে ___________________ হয়।
উত্তৰঃ ক্রয় দামতকৈ বিক্রী দাম কম হ’লে লোকচান হয়।
Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 18 আমাৰ চৌপাশৰ বজাৰ– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam