Class 7 Social Science Chapter 19 | পৰিকল্পনা বাজেট আৰু উন্নয়ন– সমাধান in Assamese Medium | All Question Answer
পৰিকল্পনা বাজেট আৰু উন্নয়ন
Class 7 Social Science Chapter 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন – Complete Question Answer in Assamese Medium
পৰিকল্পনা বাজেট আৰু উন্নয়ন
অনুশীলনী
পাঠঃ ১৯
১। চমু উত্তৰ লিখা:
(ক) সঞ্চয়ৰ অৰ্থ কি?
উত্তৰঃ মাহটোৰ বাবে প্ৰয়োজনীয় খৰচ কৰি ৰাহি হোৱা ধনখিনিক সঞ্চয় বুলি কোৱা হয়।
খ) পৰিকল্পনা কাক বোলে ?
উত্তৰঃ কোনো এটা কাম কৰিবলৈ যিখিনি কামৰ চিন্তা আগতিয়াকৈ কৰা হয় তাকে পৰিকল্পনা বোলে।
(গ) বাজেট মানে কি?
উত্তৰঃ পৰিকল্পনামতে কোনো কাম ৰূপায়ন কৰিবলৈ কিমান অৰ্থ বা টকা-পইচাৰ প্ৰয়োজন হ’ব, সেই অৰ্থ ক’ৰ পৰা পাব, কেনেকৈ খৰচ কৰিব আদিৰ হিচাপ যিদৰে কৰা হয় সেয়াই হৈছে বাজেট।
(ঘ) কল্যাণমূলক কাম কাক বোলে?
উত্তৰঃ যিবোৰ কাম কৰিলে দেশৰ জনসাধাৰণৰ সুবিধা হয় আৰু ৰাইজৰ মংগল হয়। সেইবোৰ কামক কল্যাণমূলক কাম বোলে।
(ঙ) নিতি আয়োগ কোন চনত গঠন কৰা হয়?
উত্তৰঃ নিতি আয়োগ ২০১৫ চনত গঠন কৰা হয়।
২। উত্তৰ লিখা–
(ক) কোনো এখন দেশৰ পৰিকল্পনাত কোনবোৰ কামক গুৰুত্ব দিয়া হয়? কামবোৰ কৰিবলৈ চৰকাৰে কেনেদৰে অর্থ আহৰণ কৰে?
উত্তৰঃ এখন দেশৰ পৰিকল্পনাত দেশখনৰ আর্থিক উন্নতিৰ কামত গুৰুত্ব দিয়া হয়। লগতে দেশ খনৰ জনসাধাৰণৰ জীৱন-ধাৰণৰ মান উন্নত কৰিব পৰা কামবোৰকো পৰিকল্পনাত গুৰুত্ব দিয়া হয়।
চৰকাৰী পৰিকল্পনাত দেশ খনৰ উন্নয়নমূলক কামকাজবোৰ ৰূপায়ণৰ বাবে চৰকাৰে কৃষি, উদ্যোগ আৰু সেৱা খণ্ডৰ পৰা বুজন পৰিমাণৰ আয় বা উপাৰ্জন আহৰণ কৰে। কৰ কাটলৰ যোগেদিও চৰকাৰে ৰাজহ সংগ্রহ কৰে। তদুপৰি চৰকাৰে ৰাহি ধনৰ সুদৰ পৰাও অর্থ সংগ্রহ কৰে।
(খ) ভাৰতত পঞ্চবার্ষিক পৰিকল্পনা কাৰ্যসূচীৰ জৰিয়তে কি কি লক্ষ্যত উপনীত হ’ব বিচৰা হৈছে?
উত্তৰঃ ভাৰতত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ জৰিয়তে উপনীত হ’ব বিচৰা লক্ষসমূহ হ’ল–
১। উচ্চ হাৰৰ অৰ্থনৈতিক বৃদ্ধি আহৰণ কৰা।
২। অর্থনীতিৰ বিভিন্ন খণ্ডত আধুনিকীকৰণ সুনিশ্চিত কৰা।
৩। সামাজিক ন্যায় স্থাপন আৰু অর্থনৈতিক অসমতা দূৰীকৰণৰ লক্ষ্যত উপনীত হোৱা।
৪। আত্মনির্ভৰশীলতা অর্জন।
৫। অর্থনীতিত অব্যৱহৃত বা অর্ধ ব্যৱহৃত হৈ থকা সম্পদৰাজিৰ পূর্ণ নিয়োগ নিশ্চিত কৰা।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা–
(ক) নিতি আয়োগৰ অধ্যক্ষ–
(i) ৰাষ্ট্রপতি।
(ii) বিত্তমন্ত্রী
(iii) প্রধানমন্ত্রী।
(iv) গৃহমন্ত্রী।
উত্তৰঃ (iii) প্রধানমন্ত্রী।
(খ) পঞ্চবার্ষিক পৰিকল্পনাৰ কাৰ্যকাল–
(i) ৪ বছৰ।
(ii) ৬ বছৰ।
(iii) ৮ বছৰ।
(iv) ৫ বছৰ।
উত্তৰঃ (iv) ৫ বছৰ।
(গ) পৰিকল্পনাৰ কাম-কাজ ৰূপায়ণৰ বাবে চৰকাৰক প্ৰয়োজন হয়–
(i) কৃষি।
(ii) উদ্যোগ।
(iii) অর্থ।
(iv) বাণিজ্য।
উত্তৰঃ (iii) অর্থ।
(ঘ) তলৰ কোনটো অনাকৰ ৰাজহৰ উদাহৰণ–
(i) আয়কৰ।
(ii) নিগম কৰ।
(iii) দ্রব্য আৰু সেৱা কৰ।
(iv) জৰিমনা।
উত্তৰঃ (iv) জৰিমনা।
(ঙ) দ্বাদশ পথঞ্চবার্ষিক পৰিকল্পনা সর্বাধিক গুৰুত্ব তলৰ কোনটো খণ্ডৰ ওপৰত আৰোপ কৰা হৈছিল–
(i) সমূহীয়া অন্তর্ভুক্তিকৃত বৃদ্ধি।
(ii) কৃষি।
(iii) উদ্যোগীকৰণ।
(iv) পথ পৰিবহন।
উত্তৰঃ (i) সমূহীয়া অন্তর্ভুক্তিকৃত বৃদ্ধি।
8 খালী ঠাই পূৰ কৰা–
(ক) পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক ____________________ দিব লাগে।
উত্তৰঃ পৰিয়ালটো সুখে-সন্তোষে থাকিবলৈ হ’লে পৰিয়ালৰ আটাইৰে সদিচ্ছাবোৰক গুৰুত্ব দিব লাগে।
(খ) অৰুণিমা এগৰাকী ___________________ মহিলা।
উত্তৰঃ অৰুণিমা এগৰাকী মিতব্যয়ী মহিলা।
(গ) প্রতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট __________________ থাকে।
উত্তৰঃ প্রতিটো পৰিয়ালৰে মাহিলী কৰিবলগীয়া কামৰ এক নির্দিষ্ট পৰিকল্পনা থাকে।
(ঘ) চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ ___________________ প্রস্তুত কৰি লোৱা হয়।
উত্তৰঃ চৰকাৰী পৰিকল্পনামতে কাম কৰিবলৈ বাজেট প্রস্তুত কৰি লোৱা হয়।
(ঙ) কোনো প্রত্যক্ষ প্রতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে _____________________।
উত্তৰঃ কোনো প্রত্যক্ষ প্রতিদান আশা নকৰাকৈ চৰকাৰক বাধ্যতামূলকভাৱে দিবলগীয়া ধনেই হৈছে কৰ।
Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 19 পৰিকল্পনা বাজেট আৰু উন্নয়ন– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam