Assam Board Exam

Class 7 Social Science Chapter 20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

Class 7 Social Science Chapter 20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা– সমাধান in Assamese Medium | All Question Answer

WhatsApp Group Join Now
Telegram Group Join Now
Instagram Group Join Now

Class 7 Social Science Chapter 20 অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা – Complete Question Answer in Assamese Medium


অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা

অনুশীলনী

পাঠঃ ২০

১। চমু উত্তৰ লিখা:

(ক) স্বাস্থ্যৱান ব্যক্তি বুলিলে কাক বুজায়?

উত্তৰঃ নিৰোগী আৰু কাৰ্যক্ষম ব্যক্তিক স্বাস্থ্যৱান ব্যক্তি বোলা হয়।

(খ) আশাকর্মী নিয়োগৰ উদ্যেশ্য কি?

উত্তৰঃ আশাকর্মী নিয়োগৰ উদ্যেশ্য হ’ল– গৰ্ভৱতী মহিলাসকলক চিকিৎসাজনিত সু-পৰামৰ্শ  দিয়া।

(গ) ছোৱালী শিক্ষাৰ বাবে চৰকাৰে লোৱা এক ব্যৱস্থাৰ নাম লিখা।

উত্তৰঃ ভাৰত চৰকাৰে ছোৱালী শিক্ষাৰ বাবে ২০০৪ চনত কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (KGVB) নামে আবাসিক বিদ্যালয় স্থাপন কৰিছিল।

(ঘ) কিষান কলচেন্টাৰৰপৰা কি সেৱা উপলব্ধ হয়?

উত্তৰঃ কিষান কল চেণ্টাৰৰ সহায়ত আমাৰ দেশৰ কৃষকসকলে ২৪ ঘন্টাই কৃষি সম্পর্কীয় দিহা-পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয়।


২। উত্তৰ লিখা–

(ক) আন্তঃগাঁথনিমূলক কাম-কাজ মানে কি? আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে কি কি আঁচনি গ্রহণ কৰিছে?

উত্তৰঃ অর্থনৈতিক উন্নয়নৰ মৌলিক উপাদানসমূহৰ ভিতৰত ৰাস্তা-ঘাট, দলং, গৃহ, যাতায়াত ব্যৱস্থা, যোগাযোগ ব্যৱস্থা, জলসিঞ্চন, খোৱা পানী, চিকিৎসালয়, বিদ্যালয়, বিজুলী যোগান, টেলিফোন সেৱা আদি প্রধান। এইবোৰকে আমি আন্তঃগাঁথনিমূলক কাম-কাজ বুলি কওঁ।

            আমাৰ দেশৰ চৰকাৰে দেশৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে বিভিন্ন আঁচনি যেনে প্রধানমন্ত্রীৰ গ্রাম্য-চড়ক যোজনা, ৰাষ্ট্ৰীয় গ্রাম্য নিয়োগ নিশ্চিতকৰণ আঁচনি, ৰাষ্ট্ৰীয় গ্ৰাম্য স্বাস্থ্য অভিযান আঁচনি, জননী সুৰক্ষা যোজনা, মুখ্যমন্ত্ৰীৰ অসম বিকাশ যোজনা, ৰাজীৱ গান্ধী গ্রাম্য বৈদ্যুতিকৰণ আঁচনি আদি হাতত লৈছে। ইয়াৰ উপৰিও দেশৰ আৰ্থ-সামাজিক বিকাশৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহ হৈছে- বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা আবাস যোজনা, জৱাহৰ ৰোজগাৰ যোজনা, অন্ত্যোদয়া অন্ন যোজনা, সুলভ মূল্যৰ চাউল আৰু অন্যান্য লাগতিয়াল সামগ্ৰীৰ যোগান, অটল অমূত অভিযান , কল্পতক আঁচনি আদি।


(খ) যাতায়াত আৰু যোগাযোগ ব্যৱস্থাই দেশৰ উন্নয়নত কেনেদৰে অৰিহণা যোগায়?

উত্তৰঃ এখন দেশৰ উন্নতিৰ মূলতে হৈছে  উন্নত যাতায়াত ব্যৱস্থা ।  কৃষি, উদ্যোগ, সেৱা সকলো খণ্ডৰ উৎপাদনশীল কাম-কাজসমূহ মূলতঃ নিৰ্ভৰ কৰে উন্নত যাতায়াত ব্যৱস্থাৰ ওপৰত। উন্নত যাতায়াত ব্যৱস্থা থাকিলে উদ্যোগ প্রতিষ্ঠা কৰিবলৈ মানুহ আগ্রহী হয়। মেচিন, কেঁচামাল আদি অতি সহজে ইঠাইৰ পৰা সিঠাইলৈ সৰবৰাহ কৰিব পাৰে। বস্তুৰ আমদানি-ৰপ্তানি খৰতকীয়া হয় যাৰ ফলত দেশ এখনৰ উন্নয়নত সহায় হয়।

দেশ এখন উন্নতিত যোগাযোগ ব্যৱস্থাৰ অৱদান অতুলনীয়। উন্নত যোগাযোগ ব্যৱস্থাৰ ফলত আমি ঘৰতে বহি পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰৰ বা-বাতৰি নিমিষতে লাভ কৰিবলৈ সক্ষম হৈছোঁ। যাৰ ফলত আমাৰ হাতত অনেক তথ্য আহি পৰিছে। ইয়াৰ ফলত আমি মানুহে বহুতো কাম সহজে সম্পন্ন কৰিব পাৰিছো। সেয়েহে চৰকাৰে দেশৰ আৰু জনসাধাৰণৰ উন্নতিৰ গতি ক্ষিপ্ৰ কৰিবলৈ যোগাযোগৰ মাধ্যমসমূহক শক্তিশালী কৰাত যথেষ্ট গুৰুত্ব প্রদান কৰিছে।


(গ) প্রযুক্তি বিদ্যাৰ সহায়ত বর্তমান কি কি সুবিধা উপলব্ধ হৈছে?

উত্তৰঃ বর্তমান প্রযুক্তি বিদ্যাৰ সহায়ত একেবাৰে ন্যূনতম ব্যয়ত আমি কম্পিউটাৰ বা ম’বাইল ফোনৰ জৰিয়তে বহুতো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছো। সুলভ ইন্টাৰনেট সেৱাৰ জৰিয়তে ব্যৱসায় আৰু বিত্তীয় অনুষ্ঠান-প্রতিষ্ঠানবোৰে কম সময়তে ব্যাপক পৰিসৰত কাৰ্য সম্পাদন কৰিব পৰা হৈছে। ইণ্টাৰনেট সুবিধা প্ৰয়োগ কৰি ছাত্ৰ-ছাত্ৰীসকলে বিভিন্ন উৎসৰ জৰিয়তে ঘৰৰপৰা শিক্ষা লাভ কৰিব পৰা হৈছে।


৩। খালী ঠাই পূৰ কৰা–

(ক) __________________ মানে কোনো কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে ___________________ উন্নয়ন সম্ভৱ হ’ব নোৱাৰে।

উত্তৰঃ আন্তঃগাঁথনি মানে কোনো কার্য কৰিবৰ বাবে বুনিয়াদী আৰু অত্যন্ত আৱশ্যকীয় আগতীয়া কাৰিকৰী সা-সুবিধা যিবিলাকৰ অবিহনে অৰ্থনৈতিক উন্নয়ন সম্ভৱ হ’ব নোৱাৰে।

(খ) দেশৰ মুঠ ___________________ উৎপাদন তথা চৰকাৰৰ __________________ সংগ্ৰহত ৰে’ল সেৱাৰ অৱদান অন্যতম।

উত্তৰঃ দেশৰ মুঠ ঘৰুৱা উৎপাদন তথা চৰকাৰৰ ৰাজহ সংগ্ৰহত ৰে’ল সেৱাৰ অৱদান অন্যতম।

(গ) সংবিধানে ___________________ শিক্ষাক শিশুৰ ________________ অধিকাৰ হিচাপে স্বীকৃতি দিছে।

উত্তৰঃ সংবিধানে প্ৰাথমিক শিক্ষাক শিশুৰ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে।

(ঘ) উন্নত _______________ ব্যৱস্থাই কম সময়তেই আমাক অধিক ____________________ যোগান ধৰে।

উত্তৰঃ উন্নত যোগাযোগ ব্যৱস্থাই কম সময়তেই আমাক অধিক তথ্যৰ যোগান ধৰে।

(ঙ) _________________ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট ____________________ আৰু উন্নয়নমুখী কৰি তুলিছে।

উত্তৰঃ বিদ্যুতৰ ব্যৱহাৰে আমাৰ জীৱনবোৰক যথেষ্ট সুচল আৰু উন্নয়নমুখী কৰি তুলিছে।

Social Science All Question Answer- Click Here


Class 7 Social Science Chapter 20 | অর্থনৈতিক উন্নয়নত চৰকাৰৰ ভূমিকা – Complete Question Answer in Assamese Medium

For More details check our Youtube Channel Assam Board Exam

  • Ritumoni Gayan

    Hi, I'm Ritu Moni Gayan, Founder & CEO of Assam Board Exam, holding an MA, BEd, and having years of teaching experience. I’m passionate about providing top-quality resources like SCERT Assam notes, APSC materials, and Assam government exam guides to support students in their academic success.

    View all posts

Leave a Comment