Class 7 Social Science Chapter 21 | শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য– সমাধান in Assamese Medium | All Question Answer
শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য
Class 7 Social Science Chapter 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য – Complete Question Answer in Assamese Medium
শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য
অনুশীলনী
পাঠঃ ২১
১। চমু উত্তৰ লিখা:
(ক) শ্ৰমৰ সমমর্যাদা মানে কি?
উত্তৰঃ পুৰুষ – মহিলাৰ বৈষম্য নাৰাখি উভয়ৰে কামক স্বীকৃতি প্রদান কৰাকে সাধাৰণ অৰ্থত শ্ৰমৰ সমমর্যাদা বুলি কোৱা হয়।
(খ) শ্ৰমৰ সমমূল্যই কি সূচায়?
উত্তৰঃ পুৰুষ-মহিলাৰ বৈষম্য নাৰাখি কামৰ সময় আৰু শ্ৰম অনুসৰি সমান কামৰ বাবে সমান মজুৰি আদি প্ৰদান কৰাকেই শ্ৰমৰ সমমূল্য বোলে।
(গ) প্রতিভা দেৱীসিং পাটিলৰ কৰ্মজীৱন কেনেকৈ আৰম্ভ হৈছিল?
উত্তৰঃ প্রতিভা দেৱীসিং পাটিলৰ কৰ্মজীৱন আৰম্ভ হয় এগৰাকী উকীল হিচাপে।
(ঘ) মামণি ৰয়ছম গোস্বামীয়ে কিমান বয়সৰপৰা সাহিত্য সাধনাত ব্রতী হয়?
উত্তৰঃ মামণি ৰয়ছম গোস্বামীয়ে ১৩ বছৰ বয়সৰপৰা সাহিত্য সাধনাত ব্রতী হয়।
(ঙ) কল্পনা চাওলাই কোন বিষয়ত ডিগ্রী লাভ কৰিছিল?
উত্তৰঃ কল্পনা চাওলাই বৈমানিক অভিযন্তা বিষয়ত ডিগ্রী লাভ কৰিছিল।
(চ) কলেজীয়া জীৱনত কি খেলত বাচেন্দ্রীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল?
উত্তৰঃ কলেজীয়া জীৱনত ৰাইফল শূটিংত বাচেন্দ্রীয়ে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল।
২। উত্তৰ লিখাঃ
ক) পুৰুষ মহিলাৰ পাৰস্পৰিক সমমৰ্যদা আৰু সহযোগিতাই সমাজ এখনৰ উন্নতিত কেনেদৰে অৰিহণা যোগায়?
উত্তৰঃ সমতা হৈছে গণতন্ত্রৰ এক গুৰত্বপূৰ্ণ বৈশিষ্ট্য। ভাৰতৰ সংবিধানে সমতাৰ অধিকাৰক মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। সমতা শব্দটোৱে জাতি, ধর্ম, বর্ণ, লিংগভেদে সকলো মানুহৰে সকলো বিষয়তে সমান অধিকাৰৰ কথাকে সূচাইছে। কিন্তু বাস্তৱত আমি দেখিবলৈ পাওঁ যে আমাৰ দেশত পুৰুষ আৰু মহিলাৰ মাজত সমতাৰ কথাটোৱে বেছি গুৰুত্ব পােৱা নাই। লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কিন্তু সমাজ বা দেশ এখন প্রগতিৰ পথত আগুৱাই যাবলৈ হ’লে এনে বৈষম্যৰ অৱসান ঘটিবই লাগিব। যদি সমাজৰ আটাইবোৰ ছোৱালী আৰু মহিলাই পুৰুষৰ সমানে নিজ দক্ষতাক প্রকাশ কৰাৰ সুযোগ পায়, তেতিয়াহ’লে সমাজ বা দেশৰ উন্নতি হ’ব। আজিৰ দিনত মহিলাসকলে দেশক ৰাজনৈতিক, সামৰিক, বিজ্ঞান, কলা-শিক্ষা আৰু সংস্কৃতি তথা খেলা ধূলা সকলো দিশতে নেতৃত্ব দি নিজৰ যোগ্যতা সাব্যস্ত কৰিবলৈ সক্ষম হৈছে। নাৰী শক্তিক আওকান কৰি কোনো সমাজব্যৱস্থা স্বাৱলম্বী হৈ উঠিব নোৱাৰে। পুৰুষ-মহিলাৰ সমমর্যাদা আৰু পাৰস্পৰিক সহযোগিতাইহে উন্নতিৰ পথ মসৃণ কৰে।
(খ) লিংগ বৈষম্যৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত। কেনেকৈ?
উত্তৰঃ লিংগ বৈষ্যমৰ কৱলত আমাৰ সমাজৰ অধিকাংশ এতিয়াও নিমজ্জিত, কথাষাৰ সত্য।ভাৰতৰ সংবিধানত ‘সমতাৰ অধিকাৰ’ মৌলিক অধিকাৰ হিচাপে স্বীকৃতি দিছে। সমতা শব্দটোৱে জাতি, বর্ণ, লিংগ ভেদে সকলাে মানুহৰে সকলাে ক্ষেত্ৰতে সমান অধিকাৰৰ কথাকে সূচায়। কিন্তু বাস্তৱত আমি দেখিবলৈ পাওঁ পুৰুষ মহিলাৰ মাজত সমতাৰ কথাটো বেছি গুৰুত্ব পোৱা নাই। এতিয়াও ঘৰ এখনত কন্যা শিশুৰ পঢ়া-শুনা আৰু খেলা-ধূলাৰ ক্ষেত্ৰত যিবোৰ বাধ্য-বাধকতা আৰোপ কৰা হয়, সন্তানটো ল’ৰা হ’লে সেইখিনিত বহু শিথিলতা থকা দেখা যায়। এতিয়াও মহিলাক পুৰুষতকৈ দুর্বল বুলিয়েই ভবা হয়। এতিয়াও দেশৰ মহিলা সকলক বহুক্ষেত্ৰত নিজৰ দক্ষতা বিকাশৰ সুবিধা দিয়া হােৱা নাই লগতে তেওঁলোকৰ কামৰ মর্যাদা বহু ক্ষেত্ৰত দিয়া নহয়। চৰকাৰী চাকৰি, ৰাজনীতি আদি ক্ষেত্ৰত এতিয়াও মহিলাই ভালদৰে অংশ গ্রহণ কৰিব পৰা নাই।
(গ) সমাজৰ উন্নতিত মহিলাৰ ভূমিকা কিয় অপৰিহাৰ্য?
উত্তৰঃ সমাজৰ উন্নতিৰ প্রতি পুৰুষৰ সমানে মহিলাসকলাে দূৰদৰ্শী আৰু দায়িত্বশীল।সমাজৰ উন্নতিত মহিলাৰ সকলক সমাজ কল্যাণৰ কামৰ আঁতৰাই ৰাখিলে সমাজৰ প্রগতি কেতিয়াও সম্ভৱ নহয়। সবলী মহিলাই সমাজৰ প্রতিটো ক্ষেত্ৰতেই উল্লেখযােগ্য বৰঙণি যােগাই আহিছে। সেয়েহে সমাজৰ উন্নতিত মহিলাৰ ভূমিকা অপৰিহাৰ্য ।
৩। খালী ঠাই পূৰ কৰা–
(ক) নাৰী আৰু পুৰুষৰ শ্ৰমৰ ________________ অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
উত্তৰঃ নাৰী আৰু পুৰুষৰ শ্ৰমৰ সমমর্যাদা অবিহনে সমাজৰ উন্নতি সম্ভৱ নহয়।
(খ) সমাজৰ _______________ পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
উত্তৰঃ সমাজৰ উন্নতিত পুৰুষৰ সমানেই মহিলাৰ অৱদানো অনস্বীকার্য।
(গ) _________________ গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য।
উত্তৰঃ সমতা গণতন্ত্ৰৰ এক অন্যতম বৈশিষ্ট্য।
(ঘ) মহিলাসকলো পুৰুষৰ সমানে __________________ আৰু দায়িত্বশীল।
উত্তৰঃ মহিলাসকলো পুৰুষৰ সমানে দূৰদৰ্শী আৰু দায়িত্বশীল।
(ঙ) আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু ____________________।
উত্তৰঃ আমাৰ সমাজৰ ছোৱালীসকল ল’ৰাৰ সমানেই পৰিশ্ৰমী আৰু বুদ্ধিদীপ্ত।
Social Science All Question Answer- Click Here
Class 7 Social Science Chapter 21 শ্ৰমৰ সমমর্যাদা আৰু সমমূল্য– Complete Question Answer in Assamese Medium
For More details check our Youtube Channel Assam Board Exam